জৱাহৰলাল নেহৰু

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জৱাহৰলাল নেহৰুৰ আলোকচিত্ৰ

জৱাহৰলাল নেহৰু (১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নাৰীক দিয়া মৰ্য্যদাই এটা জাতিৰ ছবি প্ৰতিফলন কৰে।
  2. জীৱনটো তাচ খেলৰ লগত তুলনা কৰিব পাৰি। তোমাৰ ভাগত যিকেইখন তাচ পৰে সি হ'ল নিশ্চয়তাবাদ। তাচপাতখিনি তুমি কেনেকৈ খেলা সেইটো হ'ল তোমাৰ মুক্ত ইচ্ছা।[১]
  3. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে।[২]
  4. অসমৰ ৰাইজৰ কাৰণে মোৰ প্ৰাণ কান্দি উঠিছে৷ (১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণৰ সময়ত ৰেডিঅ’যোগে কোৱা)[৩]
  5. অসন্তুষ্টিয়ে উদাসীনতাৰ সৃষ্টি কৰে - যাৰ পৰা অক্ষমতা প্ৰকাশ পায়৷ [৪]
  6. অভাৱ, দাৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহ কাল তিষ্ঠিব নোৱাৰে।[৫]
  7. বেৰৰ ফালে প্ৰতিচ্ছবিখন ঘূৰাই থৈ ইতিহাসৰ গতি সলনি কৰিব নোৱাৰি৷[৪]
  8. যিসকলে চিন্তা আৰু কাম কৰিবলৈ সাহস গোটাইছে তেওঁলোকেই কৃতকাৰ্যতাৰ সম্মুখীন হৈছে৷ ভয়াতুৰৰ কোনো কৃতকাৰ্যতা নাই৷[৪]
  9. ধৰ্ম কি? সম্ভৱতঃ ব্যক্তিৰ আন্তৰিক উন্নতি আৰু চেতনাৰ বিকাশেই ধৰ্ম৷ এই বিকাশ কোনদিশে হ’ব? মই যিমানখিনি বুজি পাইছোঁ, ধৰ্মই ব্যক্তিৰ আন্তৰিক পৰিৱৰ্তনক গুৰুত্ব দিয়ে৷ লগতে বাহ্যিক পৰিৱৰ্তনকো আন্তৰিক পৰিৱৰ্তনৰে নামান্তৰ বুলি ভাবে৷ আন্তৰিক আৰু বাহ্যিক দুয়োটাৰে পাৰস্পৰিক বিক্ৰিয়া ঘটে৷ পশ্চিমৰ ঔদ্যোগিক জগতখনত বাহ্যিক উন্নতিয়ে আন্তৰিক উন্নতিক অতিক্ৰম কৰি যোৱাটো তেনেই স্বাভাৱিক৷ সেইবুলি পূবৰ মানুহে যদি ভাবে যে আমাৰ যিহেতু বাহ্যিক উন্নতি মন্থৰ সেইবাবে আমাৰ আন্তৰিক উন্নতি বেছি, তেন্তে সেয়া ভুল কৰা হ’ব৷ তেনেকৈ ভবাটো আত্মপ্ৰতাৰণামূলক, নিজকে প্ৰবোধ দিয়াৰ, নিজৰ হীনমন্যতাক জয় কৰাৰ প্ৰয়াস মাথোন৷[৪]
  10. আদৰ্শ যদি ম্লান নহয়, আশা যদি ভয়হীন হৈ থাকে তেন্তে ব্যৰ্থতা আহিব নোৱাৰে৷[৪]
  11. আমি এনে এখন শ্ৰেণীহীন সমাজৰ লক্ষ্য গ্ৰহণ কৰা উচিত, যিখন সমাজে সমূহীয়া প্ৰচেষ্টাৰ ওপৰত ভিত্তি কৰি সকলোৰে বাবে সা-সুবিধা আগবঢ়াব পাৰিব৷[৪]
  12. মানৱ সভ্যতাৰ মূল কথা হৈছে প্ৰত্যেক মানুহেই কিছুমান অধিকাৰ উপভোগ কৰা৷ কাৰণ, তেওঁলোকৰ প্ৰত্যেকৰে কিছুমান দায়িত্ব আছে৷ এই অধিকাৰবিলাক নাথাকিলে জীৱনৰ ওপৰত নিৰাপত্তাহীনতা আৰু ভীতিভাবৰ উৎপীড়ন চলে, জীৱন সংঘৰ্ষময় হৈ উঠে৷[৪]
  13. ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে৷
  14. এলাহ আৰু খং ত্যাগ কৰিলে প্ৰতিজন মানুহেই উন্নতিৰ পথ সুগম কৰিব পাৰে। [৬]
  15. এগৰাকী সুগৃহিণী নিৰান্নব্বৈজন শিক্ষকতকৈ শ্ৰেষ্ঠ৷[৭]
  16. মই নিজে হিন্দুস্থানী ভাষাত ইংৰাজী আৰু আন আন বিদেশী ভাষাৰ পৰা শব্দ গ্ৰহণ কৰাৰ পক্ষে৷ ইয়াৰ আৱশ্যকতা আছে৷ কাৰণ আধুনিক বহু নাম আৰু শব্দৰ প্ৰতিশব্দ আমাৰ ভাষাত নাই৷ সংস্কৃত, আৰবী বা ফাৰ্চীৰ পৰা টান টান শব্দ ৰচনা নকৰি সকলোৰে চিনাকি শব্দ ব্যৱহাৰ কৰাই ভাল৷[৮]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ, ২০২১
  2. মহৎ লোকৰ অমৰ বাণী. প্ৰকাশক: as.vikaspedia.in.
  3. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৫১
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  5. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  6. মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ২
  7. ধনদা বৰা বৰদলৈ (২০১৭)। চুপহি (আলোচনী)। সদৌ অসম মইনা পাৰিজাত, কলিয়াবৰ অধিৱেশন, পৃষ্ঠা:১১৪।
  8. প্ৰদীপ শইকীয়া (৮ মাৰ্চ, ২০২৩)। কলংপাৰ (সাপ্তাহিক কাকত)। কলংপাৰ প্ৰকাশন, পৃষ্ঠা:৩।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: