ৰজনীকান্ত বৰদলৈ

ৱিকিউদ্ধৃতিৰ পৰা
ৰজনীকান্ত বৰদলৈৰ আলোকচিত্ৰ

ৰজনীকান্ত বৰদলৈ (ইংৰাজী: Rajanikanta Bordoloi; ১৮৬৭–১৯৪০) ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতা উপন্যাস-সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অতীতৰ অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লোমহৰ্ষক কাহিনী উপন্যাসৰ মাজেৰে পোহৰলৈ অনা ৰজনীকান্ত বৰদলৈক অসমীয়া সহিত্যত উপন্যাস-সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছে। উপন্যাসৰ বাহিৰেও তেখেতে কেইবাখনো নাটক, এখন কবিতা পুথি, কেইখনমান জীৱনী আৰু কেইবাটিও প্ৰবন্ধ লিখে৷ বৰদলৈয়ে ’জ্ঞান-সোপান’ নামৰ এখন পাঠ্যপুথিও ৰচনা কৰিছিল৷ তেখেতৰ জন্ম হৈছিল ১৮৬৭ চনত, গুৱাহাটীত আৰু মৃত্যু হৈছিল ১৯৩৯ চনত৷ পিতৃৰ নাম আছিল নৰকান্ত বৰদলৈ৷ [১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • যেতিয়া কোনো এটা জাতিৰ নাশন কাল উপস্থিত হয়, অৰ্থাৎ যেতিয়া কোনো এটা জাতি পৰিবলগীয়া হয়, তেতিয়া সেই জাতিৰ মানুহবিলাক হীনবীৰ্য্য হয়৷[উৎসৰ প্ৰয়োজন]
  • হাঁয় মোৰ অসম জননী, তুমি কেনে প্ৰকৃতিৰ কাম্যমানন৷ তোমাৰ কোলাত স্কটলেণ্ডৰ দৰে High land, Low land, Dales, Lake সকলোবিলাক আছে৷ তোমাৰ অতীত কালৰ বুৰঞ্জী নানান ঘটনাৰে পৰিপূৰ্ণ৷ কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দৰ্য্য বৰ্ণাবলৈ, অতীতৰ বুৰঞ্জীৰ উপন্যাস লিখিবলৈ ছাৰ ৱাল্টাৰ স্কটৰ নিচিনা বা বঙ্কিম চেটাৰ্জীৰ দৰে উপন্যাসকাৰ সাহিত্যিক ক’ত?[২]
  • সমাজৰ পৰা কানি, মদ, ভাং – এই তিনিটা বৰবিহ একেবাৰে আঁতৰাবলৈ হ’লে মতা-মাইকী উভয়ে শিক্ষিত হ’ব লাগিব। বিশেষকৈ তিৰোতা জাতিটো। তিৰোতা জাতিটো শিক্ষিত হ’লে আগলৈ জন্ম লোৱা সন্তানবিলাকো শিক্ষিত হ’ব। কিয়নো সন্তানে পোন প্ৰথমে মাকৰ পৰাহে শিক্ষা পায়৷[৩]
  • কামৰূপীয়া সাধাৰণ প্ৰজাবৰ্গ ভীৰু আৰু কাপুৰুষ নাছিল। কামৰূপীয়া মানুহৰ গাত যথেষ্ট তেজ আৰু বীৰত্ব আছিল, কিন্তু কামৰূপীয়া বিষয়াসকলৰ গাত স্বদেশৰ হিত চিন্তা, স্বদেশক ৰক্ষা কৰা গুণ ফাকি নাছিল। ইজন বিষয়াই সিজনক, সিজনে ইজনক হিংসা কৰা স্বভাৱৰ নিমিত্তেই কামৰূপীয়া মানুহেও মানৰ হাতত থেকেচা খাইছিল।
  • আত্মকলহেই ভাৰতবৰ্ষৰ সকলো ঠাইতে ভাৰতবাসীক পৰপদসেৱী কৰিলে। আমাৰ এই অসমতো ৰজাঘৰীয়া বিষয়াসকলৰ আত্মকলহেই অসমৰ সাধাৰণ প্ৰজাবৰ্গকো মান-মৰাণৰ হাতত থেকেচা খুৱাই জুৰুলা কৰালে।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সাহিত্যৰত্ন: এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া; প্ৰকাশক: নৱ কলিতা, কিৰণ প্ৰকাশন
  2. সাহিত্যৰত্ন: এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া; প্ৰকাশক: নৱ কলিতা, কিৰণ প্ৰকাশন
  3. https://muktosinta.org/chandra-brapbha-saikiyani/

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: