সমললৈ যাওক

এৰিষ্ট'টল

ৱিকিউদ্ধৃতিৰ পৰা
এৰিষ্ট'টলৰ মাৰ্বলৰ মূৰ্তি

এৰিষ্ট'টল (৩৮৪ খৃঃপূঃ- ৩২২ খৃঃপূঃ) এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ ৰচনাই পদাৰ্থবিদ্যা, অধিবিদ্যা, কবিতা, নাট্যশাস্ত্ৰ, সঙ্গীত, তৰ্কশাস্ত্ৰ, ব্যাখ্যান শাস্ত্ৰ ভাষাতত্ত্ব,ৰাজনীতি বিজ্ঞান, চৰকাৰ, ন্যায়শাস্ত্ৰ, জীৱবিদ্যা, প্ৰাণীবিদ্যা আদি বিভিন্ন বিষয় সামৰি লৈছে। তেওঁৰ ৰচনাই পোন প্ৰথমবাৰৰ বাবে ন্যায়শাস্ত্ৰ, নন্দনতত্ত্ব, তৰ্কশাস্ত্ৰ, বিজ্ঞান, ৰাজনীতি আৰু অধিবিদ্যাক সাঙুৰি পশ্চিমীয়া দৰ্শনশাস্ত্ৰৰ সৰ্বাত্মক পদ্ধতি এটাৰ সৃষ্টি কৰিছিল।

  1. আমাৰ জীৱনৰ অন্ধকাৰ মূহুৰ্তবোৰত আমি পোহৰৰ দিশে দৃষ্টি নিক্ষেপ কৰা উচিত।[]
  2. মানুহে তেওঁৰ আজৰি সময়খিনি জ্ঞান-বিজ্ঞানৰ চৰ্চাৰ কাৰণে উচৰ্গা কৰা উচিত।[]
  3. জীয়াই থকাটোৱেই একমাত্ৰ উদ্দেশ্য নহয়। ভালদৰে জীয়াই থকাটোহে জীৱনৰ সাৰ কথা।
  4. যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷[]
  5. যিসকলে আমাক মৰণশীল বুলি ভাবিবলৈ কয়, তালৈ আমি মন কৰা অনুচিত৷ আমি যিমান দূৰ পাৰোঁ নিজক অমৰ কৰিবলৈ চেষ্টা কৰা উচিত৷ আৰু তাৰবাবে আমাৰ শ্ৰেষ্ঠ নীতিৰ লগত খাপ খোৱা জীৱন নিৰ্বাহৰ বাবে সকলো কাম কৰিবলৈ যত্ন কৰা উচিত৷[]
  6. আইন অনুভূতিৰ পৰা মুক্ত আৰু যুক্তিৰ ভেটিত প্ৰতিষ্ঠিত৷[]
  7. জীৱিকা উপাৰ্জনৰ কাৰণে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কৃতকাৰ্য হ’বৰ কাৰণে মানুহে কৰা পৰিশ্ৰম খুব প্ৰয়োজনীয় হ’ব পাৰে৷ কিন্তু সেইধৰণৰ পৰিশ্ৰমে মানুহৰ জীৱনটোক সুন্দৰ আৰু মহৎ নকৰে৷ জীৱনটোক সুন্দৰ আৰু মহৎ কৰে কেৱল মানুহে আজৰি সময়ত কৰা কামবোৰেহে৷[]
  8. আজৰি সময়খিনিও একোটা ভাল কামৰহে সময়৷[]
  9. যিয়ে আদেশ পালন কৰিবলৈ শিকা নাই তেওঁ কেতিয়াও আনক নেতৃত্ব দিব নোৱাৰে৷[]
  10. উদাৰ লোক এগৰাকীয়ে সুখ-দুখ উভয় পৰিস্থতিতে মধ্যপন্থা গ্ৰহণ কৰে৷[]
  11. প্ৰশাসনীয় পদ্ধতিৰ ভিতৰত একনায়কত্বই সকলোতকৈ বেছি ঠুনুকা আৰু ক্ষণভংগুৰ৷[]
  12. কমেডী হ’ল সাধাৰণতকৈ নিকৃষ্টতৰ মানে সকলোফালৰ পৰা ত্ৰুটিযুক্ত হীনতাৰ ফল নহয়, মাথোঁ হাস্যাস্পদ, অৰ্থাৎ অসুন্দৰৰেই প্ৰকাৰভেদ৷[]
  13. কামৰ লগত একান্তবোধেই হ’ল আচল কথা -লাগিলে কামটো খেতি চপোৱা বনুৱাৰে হওক বা স্থপতি এজনৰে হওক বা ভাস্কৰ এজনৰে হওক, কবি বা গ্ৰন্থকাৰ এজনৰে হওক৷ কি কাম, কাৰ কাম সেই কথা বিচাৰ কৰিবলগীয়া নহয়৷ কিমান আন্তৰিকতাৰে কামটো কৰা হৈছে সেইটোহে বিচাৰ্য বিষয়৷[]
  14. প্ৰত্যেকে প্ৰধানকৈ নিজৰ বিষয়েহে চিন্তা কৰে, ৰাজহুৱা স্বাৰ্থৰ বিষয়ে কাচিৎহে ভাবে৷[]
  15. উপভোগ কৰিবলগীয়া বিষয় আৰু পৰিত্যাগ কৰিবলগীয়া বিষয় বাছি ল’ব জনাটোৱে চৰিত্ৰৰ উৎকৰ্ষতাৰ সূচক৷[][]
  16. মানুহে যেতিয়া দুটা পথৰ ভিতৰত যিকোনো এটাক বাছি ল’ব লগা হয় তেতিয়া সেই বাছনিৰ মাজেদি আচলতে ফুটি উঠে তেওঁৰ নিজৰ চৰিত্ৰ৷[]
  17. মানুহে নিজৰ জীৱনটোক খুব বেছি মূল্য দিয়ে, সেই কাৰণে মানুহে অনাহকত নিজৰ জীৱনটো বিপন্ন কৰিব নোখোজে। কিন্তু মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা সংকটে দেখা দিয়ে যে তেনেবোৰ মুহূৰ্তত মানুহে জীয়াই থকাৰ প্ৰয়োজন হেৰুৱাই পেলায়। তেনেবোৰ মুহূৰ্তত মানুহে জীয়াই থকাতকৈ মৰিবলৈকে বেছি ভাল পায়।[]
  18. শিক্ষাই হৈছে মূল উপায়, যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোঁ‌ৱাই আনিব পাৰে।[]
  19. সংগীতে প্ৰত্যক্ষভাৱে আত্মাৰ আবেগক প্ৰতিনিধিত্ব কৰে। ভুল ধৰণৰ সংগীত শুনিলে তেওঁ ভুল ধৰণৰ মানুহ হৈ পৰিব। []
  20. “মধ্যম পথেই উত্তম পথ।” []
  21. “বন্ধুত্ব হৈছে এটা আত্মা, যি দুটা দেহত বাস কৰে।” [১০]
  22. “জ্ঞানৰ আৰম্ভণি হৈছে আশ্চৰ্যবোধ।” [১১]
  23. শিক্ষাৰ শিপাদাল তিতা, কিন্তু ইয়াৰ ফল মিঠা।[১২]
  24. আশা এজন জাগ্ৰত মানুহৰ সপোন।[১৩]
  25. সংগীতে প্ৰত্যক্ষভাৱে আত্মাৰ আবেগক প্ৰতিনিধিত্ব কৰে। ভুল ধৰণৰ সংগীত শুনিলে তেওঁ ভুল ধৰণৰ মানুহ হৈ পৰিব।[১৪]
  1. নিয়মীয়া বাৰ্তা, ২৭ জুলাই, ২০২১
  2. আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ৩৪৪
  3. মহৎ লোকৰ অমৰ বাণী. প্ৰকাশক: as.vikaspedia.in.
  4. ৪.০০ ৪.০১ ৪.০২ ৪.০৩ ৪.০৪ ৪.০৫ ৪.০৬ ৪.০৭ ৪.০৮ ৪.০৯ ৪.১০ ৪.১১ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  5. মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ৩
  6. এৰিষ্ট'টল (২০০৩)। জীৱন-জিজ্ঞাসা। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা:৪৩। ISBN: 81-7665-183-4
  7. অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন, পৃষ্ঠা:১।
  8. Aristotle। Complete works of Aristotle, Vol. I।
  9. Nicomachean Ethics.সংকলন,প্ৰকাশ: প্ৰায় খ্ৰীষ্টপূৰ্ব ৩৫০ চন।
  10. Nicomachean Ethics.সংকলন,প্ৰকাশ: প্ৰায় খ্ৰীষ্টপূৰ্ব ৩৫০ চন।
  11. Metaphysics.সংকলন/প্ৰকাশ: প্ৰায় খ্ৰীষ্টপূৰ্ব ৩৪০ চন।
  12. https://books.google.com/books?id=9-YFAAAAQAAJ&printsec=frontcover The Lives and Opinions of Eminent Philosophers
  13. https://books.google.com/books?id=9-YFAAAAQAAJ&printsec=frontcover The Lives and Opinions of Eminent Philosophers
  14. Aristotle, Complete works of Aristotle, Vol. I
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: