সমললৈ যাওক

মহেন্দ্ৰ বৰা

ৱিকিউদ্ধৃতিৰ পৰা

মহেন্দ্ৰ বৰা (ইংৰাজী: Mahendra Bora) এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। ১৯৮৭ চনত তেখেতে অসম সাহিত্য সভাপাঠশালা অধিবেশনৰ সভাপতিৰ আসন অলঙ্কৃত কৰিছিল[১]তেওঁৰ জন্ম ১৯২৯ চনৰ ২২ আগষ্টত তিনিচুকীয়াৰ টিংখঙত৷ মহেন্দ্ৰ বৰাই প্ৰাথমিক শিক্ষা চৈখোৱা, মাকুম আৰু লাহোৱালত গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিউটৰ পৰা তেওঁ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত ১৯৪৭ চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৯ চনত কটন মহাবিদ্যালয়ৰ পৰা তৃতীয় স্থানত আই এ উত্তীৰ্ণ হয়। ১৯৫১ চনত তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰৰ পৰা ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ উচ্চস্থান লাভ কৰি স্নাতকোত্তৰ সন্মান লাভ কৰে। ইয়াৰ পিছত তেওঁ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৮৩ চনত বঙাইগাঁওত বহা অসম সাহিত্য সভাৰ কবি সন্মিলনীৰ সভাপতি আছিল।

  1. বিভিন্ন সাহিত্যৰ ৰূপত সমাজৰ সামগ্ৰিক চৰিত্ৰ তথা সংশ্লিষ্ট দেশ আৰু সময়ৰ গোটেইখন ছবিয়েই গৰুৰ খোজত আকাশ দেখিবলৈ পোৱাৰ দৰে নিৰ্ভুলধৰণে উজলি উঠে৷[২]
  2. সত্য আৰু সুন্দৰৰ বোলসনা জীৱন অভিজ্ঞতাৰ প্ৰকাশেই সাহিত্য৷[২]
  3. পৃথিৱীৰ কোনো সমালোচকেই কোনো সাহিত্যৰ বিষয়ে শেষ কথাষাৰ ক’ব নোৱাৰে৷ দৰাচলতে সকলো সমালোচকেই আপোন আপোন ধ্যান-ধাৰণাৰ চাকনিখনেৰে সৰকি অহা সৃষ্টিধৰ্মী লেখাৰ লেখক বিশেষক ঢুকি পায়৷ এই ধ্যান-ধাৰণাসমূহক লৈয়েই একোজন সমালোচকৰ দৃষ্টিকোণটো গঢ় লৈ উঠে৷ এই দৃষ্টিকোণটোৰ ওপৰতেই সাহিত্যিক মূল্যবোধৰ ৰূপ নিৰ্ভৰ কৰে৷[২]
  4. কবিয়ে যেতিয়া কবিতা লিখে, তেতিয়া তেওঁৰ মনত মাথোঁ এটা বৃত্তিয়েই কাম কৰে, সেয়া হ’ল,- কবিয়ে আপোন হৃদয়ত অনুভৱ কৰা আনন্দ উপলব্ধিক মাঠক-মানসলৈ সংক্ৰমিত কৰি দিব৷[২]
  5. কেৱল মগজুৰে নহয়, হৃদয়ৰে উপলব্ধি কৰিব পৰা সত্যৰ এক নিজস্ব সৌন্দৰ্য আছে৷ কবিয়ে ভাষাৰ মাধ্যমেৰে সেই সৌন্দৰ্যকেই বহুজনৰ মনলৈ সংক্ৰমিত কৰি তোলে৷ তাতেই কবিৰ সাৰ্থকতা৷[২]
  6. চুটিগল্পৰ কাহিনীত এনে এক সন্মোহনৰ মায়াজাল থাকিব লাগে যেন পাঠকে কাহিনীৰ লগত এক সম্পূৰ্ণ একাত্মীয়তা গঢ়ি তুলিবলৈ বাধ্য হয়৷[২]
  7. জীৱনত ঘটি থকা ঘটনাৰ ঘটনাময় ৰূপায়ণেই নাটক৷[২]
  8. প্ৰতীক সৃষ্টি কবিতাৰ প্ৰাণৰ প্ৰয়োজনত হয়৷ কবি মানসক কবিতাৰ মাজেদি প্ৰকাশিতব্য অভিজ্ঞতা ক’ব নোৱাৰাকৈয়ে হঠাৎ এটা স্ফুলিঙ্গৰ দৰে উজলি উঠে আৰু সেই উজলি উঠা অভিজ্ঞতাক হাতৰ মুঠিত পাবৰ কাৰণেই শব্দময় ৰূপৰ প্ৰয়োজন হৈ পৰে৷ সেই শব্দ উপলব্ধিহীন আভিধানিক অৰ্থযুক্ত শব্দ নহয়, সেই ভাষা ব্যৱহাৰিক জীৱনৰ ভাষা নহয়, সেই শব্দ বৰ্ণগন্ধৰূপময় ব্যঞ্জনাবিশিষ্ট শব্দ, সেই ভাষা অন্তৰৰ বেদনাবিদ্ধ ধ্বনিময় ভাষা৷ অনুভৱবেদ্য অভিজ্ঞতাৰ প্ৰকাশ ক্ষমতাবিশিষ্ট সেইবোৰ শব্দই কবিতাৰ প্ৰতীক৷[২]
  9. সমালোচনা মানে শিল্পবস্তুৰ নৱজন্ম, সেইবাবেই সমালোচনাও সৃষ্টিধৰ্মী সাহিত্যকৰ্মৰ সমান্তৰাল শিল্পবস্তু৷[২]
  10. নাটকেই হ’ল সকলোবোৰ সাহিত্যকৰ্মৰ ভিতৰত সৰ্বাধিক বাধানিৰ্দিষ্ট আৰু উপন্যাসেই হ’ল শিথিলতম বিধিনিয়ন্ত্ৰিত৷[৩]
  11. বেয়া পুথিও সমালোচনাৰ যোগ্য হয়, যেতিয়া তাত সাহিত্যৰ ভাল গুণবোৰৰো দুই এটা চিটিকনি নপৰাকৈ নাথাকে৷[৩]
  12. অসমীয়া সংস্কৃতিৰ চা-চিনাকি নিৰহ-নিপানী অসমীয়া ভাষাৰে দিব পাৰি৷[৪]
  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ ২.৭ ২.৮ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৪১,৩,৩৬৯,৬৬,৬৯,৯৯,১৬১,১৯৩,৩৬৮,।
  3. ৩.০ ৩.১ মহেন্দ্ৰ বৰা (১৯৯০)। সাহিত্য উপক্ৰমণিকা,। ষ্টুডেণ্টছ্ ষ্টোৰচ্, পৃষ্ঠা:১৩১।
  4. আইৰ প্ৰাণৰ ভাষা, কলংপাৰ, অসমীয়া সাপ্তাহিক, ২২ ফেবৰুৱাৰী, ২০২৩