অনিমা গুহ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ড° অনিমা গুহ (ইংৰাজী: Dr Anima Guha; ২৬ মাৰ্চ ১৯৩২ -২৯ জুলাই ২০২১) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। নাৰীৰ অধিকাৰৰ বাবে গঠিত নিৰ্যাতন বিৰোধী মঞ্চৰ সভাপতি ৰূপে তেওঁৰ কাম-কাজ সমূহে যথেষ্ট চৰ্চা লাভ কৰিছিল। দুই দশকতকৈও অধিক কাল তেওঁ অসমত মহিলাৰ সম-অধিকাৰৰ আন্দোলনৰ নেতৃত্ব দি আহিছে। কোনো শিক্ষাসদী অনুষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত নহ'লেও তেওঁ ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছে। ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ অনিমা গুহ কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- কেৱল ঘৰ-গৃহস্থালি লৈ ব্যস্ত হৈ থকা হতাশ মহিলাসকলক সদায় কওঁ হতাশাত নুভুগিবলৈ। কাৰণ চাকৰি-বাকৰি নকৰা গৃহিণীসকলৰ জীৱন আৰম্ভ হয় পঞ্চাশ বছৰ বয়সৰ পাছত।[১]
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ অনিমা গুহ (২০১২)। বাকীছোৱা জীৱন, পৃষ্ঠা:২৯।