থমাছ হাৰ্ডি
অৱয়ব

থমাছ হাৰ্ডি (ইংৰাজী: Thomas Hardy; ২ জুন ১৮৪০ – ১১ জানুৱাৰী ১৯২৮) আছিল এগৰাকী ইংৰাজ ঔপন্যাসিক তথা কবি।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সহজে পোৱা কোনো বস্তুৰে তৃপ্তি নাথাকে৷ তৃপ্তি কঢ়িয়াই কষ্ট সাধ্য বস্তুৱেহে৷
- দুটা শক্তিয়ে সকলো ঠাইতে কাম কৰি থাকে৷ এটা হ’ল জীৱনটো উপভোগ কৰিবলৈ মানুহৰ সহজাত ইচ্ছা, আনটো হ’ল উপভোগত বাধা দিবলৈ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ইচ্ছা৷[১]
- জীৱন সংগ্ৰামৰ পদে পদে বাধা নাথাকিলে সংগ্ৰামৰ অৰ্থ কি হ’ল? সহজতে পোৱা কোনো বস্তুৰে কোনো তৃপ্তি নাথাকে৷ তৃপ্তি কষ্টসাধ্য বস্তু এটাৰ ওপৰতহে পোৱা যায়৷[১]
- পুৰুষে ওচৰৰ পৰা দেখা নোপোৱা বস্তুটো নাৰীয়ে দূৰৰ পৰাই চাব পাৰে কিয়? [১]
- মূলতঃ পুৰুষে নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ বনোৱা ভাষাৰে নাৰীৰ বাবে নিজৰ অনুভৱৰ সংজ্ঞা দিয়াটো কঠিন। [২]
- প্ৰকৃত দুৰ্বলতাত প্ৰেম এটা সম্ভাৱ্য শক্তি। [৩]
