সমললৈ যাওক

মহেশ্বৰ নেওগ

ৱিকিউদ্ধৃতিৰ পৰা

ড° মহেশ্বৰ নেওগ (ইংৰাজী: Maheswar Neog) অসমীয়া সাহিত্যৰ বিশেষকৈ শংকৰী সাহিত্যৰ পণ্ডিত। তেওঁৰ জন্ম হয় ১৯১৫ চনৰ ৭ ছেপ্তেম্বৰত যোৰহাটৰ কমাৰদফীয়া গাঁৱত৷ পিতৃৰ নাম মানিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা দেৱী৷ কমাৰদফীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা নেওগে কটন কলেজৰ পৰাই ইংৰাজীত স্নাতক হয় আৰু পিছত কৰ্মজীৱনৰ ফাকে ফাকে পঢ়ি ১৯৪৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৫৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা Sankardeva And His Times : Early History of the Vaisnava Faith and Movement in Assam শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ডি ফিল উপাধি লাভ কৰে৷ ১৯৯০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা “প্ৰফেচৰ এমেৰিটাছ’ সন্মানেৰে সন্মানিত হয়৷ তেওঁ অসম সাহিত্য সভাৰো সভাপতি আছিল৷

  1. কিছুমান কিতাপৰ নাম গোট খালেই সাহিত্যৰ বুৰঞ্জী নহয়৷ কিতাপৰ পিছফালে লুকাই থকা মানুহজন, কিতাপৰ পিছফালে লুকাই থকা তেওঁৰ দেশ আৰু কালক অস্বীকাৰ কৰিলে কিতাপখনৰ ঠাই সাহিত্যৰ বুৰঞ্জীত নোহোৱা হয়৷[১]
  2. পূৰ্ণ সংস্কৃতিৰ প্ৰতীক শঙ্কৰদেৱৰ নব্য আৱিষ্কাৰৰ মাজেদি অসমৰ সাংস্কৃতিক নৱ-জাগৰণ সম্ভৱ৷[১]
  3. সাহিত্য বুলি বেলেগ কোনো বস্তু নাই৷ মানৱৰ সুখ-দুখ, হাঁহি-অশ্ৰু, আৱেগ-অনুভূতি য’ত সুন্দৰভাৱে মূৰ্ত হয় সেয়ে বিশ্বসাহিত্য৷[২]
  4. দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত সংস্কৃতিৰ বিকাশৰ সম্বন্ধ ঘন৷ শুদাপেটীয়া সংস্কৃতি হয় মুমূৰ্ষু, নহয় নিশকতীয়া৷[২]
  1. ১.০ ১.১ ভট্টাচাৰ্য্য, বিপুল চন্দ্ৰ (২০২১)। আধুনিক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি। কামধেনু প্ৰকাশন, পৃষ্ঠা:৩৭, ৩৮।
  2. ২.০ ২.১ বৰা, ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৩৯, ৩৪৫।