মৌচুমী কন্দলী
অৱয়ব
মৌচুমী কন্দলী (ইংৰাজী: Moushumi Kandali) এগৰাকী অসমীয়া সাহিত্যিক। ১৯৯৮ চনত প্ৰকাশিত তেওঁৰ লাম্বাদা নাচৰ শেষত নামৰ প্ৰথমখন গল্প সংকলনৰ বাবে কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল। তেওঁ গল্পৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কালচাৰেল ষ্টাডিজ বিভাগৰ সহকাৰী অধ্যাপক।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- নিভৃতৰো কিছুমান পোহৰ থাকে। আৰু বোধৰ সেই পোহৰে চেতনাৰ প্ৰিজমটোৰে সৰকি গ'লেই, অনুভৱবোৰো এক বৰ্ণচ্ছটাৰ দৰে উদ্ভাসিত হৈ পৰে। চেতনত খুন্দা মাৰি ধৰা বোধবোৰো টোপনিতে সাৰে থাকে নেকি![১]
- ডাঙৰ ডাঙৰ সপোন কিছুমানৰ ছায়াতেই সকলোৱে জীৱনটো আৰম্ভ কৰে।[১]
- নিজ সামৰ্থ্যৰ প্ৰকৃত দৈৰ্ঘ, প্ৰস্থ আৰু ওজন জুখি লোৱাৰ পিছত, অনুভূত হোৱা সীমাৱদ্ধতাৰ বোধেই হয়তো আটাইতকৈ ডাঙৰ ট্ৰেজেদি। যেন হাজাৰ বাটৰ চিকমিকনি দেখিও স্থানুৰ দৰে ৰৈ যোৱাৰ অসহ্যকৰ যন্ত্ৰণা।[১]
- নিজক ঘিণ কৰিবলৈ শিকিলে বহু ধাৰণা পোহৰলৈ আহি যায়। নিৰ্মোহ পৰিষ্কাৰ দৃষ্টিৰে আত্মাৱলোকন প্ৰক্ৰিয়াৰ বিধি মানুহে শিকি ল'ব লাগে। অন্ততঃ শান্তিৰে মৰিবৰ বাবে।[১]
- সহমৰ্মিতাৰ ভাবনাৰে বাঢ়ি অহা আমাৰ দৃষ্টিবোৰ কেতিয়ানো ধৰ্ষণকামী-মৰ্ষণকামিতালৈ ৰূপান্তৰিত হয়— আমি দেখোন গমেই নাপাওঁ— আত্মতুষ্টিৰ বাবে, নিজকে অলপ ফাঁকি দিবৰ বাবে— মনঃপৃষ্ঠাত সমবেদনাৰ আভৰণ এখন আমি মেৰিয়াই লওঁ আৰু নিৰ্বিকাৰ ভংগীমাৰে চোবাবলৈ ধৰো আমাৰ প্ৰিয় খাদ্য, উমলগা বিচনাত অলস মুদ্ৰাৰে দীঘল দি জাপ খাই অহা তৃপ্তিৰ চকুৰে উপভোগ কৰো মৃত্যু— যৌনতা— জিঘাংসা— এনেদৰেই ৰমানন্দহঁতৰ প্ৰাইভেট এডভেঞ্চাৰবোৰ হৈ পৰেহি নাঙঠভাৱে পাব্লিক![২]
- পিতামহ-প্ৰপিতামহসকলৰ পাপৰ বোজা আমি লাভ কৰোঁ উত্তৰাধিকাৰে। যেনেদৰে আদিমাতা ইভৰ পাপৰ বোজা এতিয়াও আমি কঢ়িয়াই লৈ ফুৰিছোঁ আমাৰ কান্ধত...।[৩]
- পাৰ্থেনিয়ামৰ দৰে বৰ সহজতে অতি দ্ৰুতভাৱে বাঢ়ি আহে ঘৃণাৰ সঁচ। আৰু বিহমেটেকাৰ দৰে ছানি পেলায় পানীৰ স্বচ্ছপৃষ্ঠ।[৩]
- সবাতোকৈ ডাঙৰ ভয়ৰ পোৱালিটি জগে মানুহেই নিৰ্ধাৰণ কৰা দেহজ সংৰচনাৰ পৰিসীমাত। কোনো ঔৰ্ধদৈহিক চেতনাৰ আঙ্গিনাত নহয়। তাক সাৰ-পানী-বতাহৰ যোগান ধৰে কেতবোৰ গতিহীন আওপুৰণি চিন্তাৰ সুঁতিয়ে।[৩]
- আমি বিশুদ্ধ অন্তৰেৰে হাতত তুলি লোৱা ৰুটিৰ টুকুৰাবোৰেই যীশুৰ শৰীৰ, আমাৰ পিয়াহৰ পানীয়েই হৈছে যীশুৰ পৱিত্ৰ তেজ। জীৱনৰ সকলোবোৰ পৱিত্ৰ-বিশুদ্ধ ভাবনাৰ খাদ্যৰে সৃষ্টি হোৱা এই তেজ আৰু গাখীৰেই মানুহক সিঁচি লালন কৰে, আৰু ৰক্ষা কৰে চয়তানৰ ক'লা চকুৰ পৰা—। জেনবৌদ্ধ সাধুসকলে একেলগে পান কৰা চাহৰ পাত্ৰতেই জিলিকি উঠে বোধিসত্বৰ প্ৰতিমাকল্প।[৩]
- জানো, উৰুখা ঘৰৰ জলঙাৰে গোবৰ-মাটিৰে লেপি ঢাকি থোৱাৰ দৰেই আমিও কেতিয়াবা শব্দৰে বিভ্ৰমৰ জাল গোঠো আৰু ঢাকি থওঁ বাস্তৱ সত্যৰ ৰূঢ়তাক। সৃষ্টি কৰোঁ সত্যক আভুৱাভৰা কেতবোৰ মিথ্যাৰ মন্ত্ৰ।[৩]
- কেৱল প্ৰেমাস্পদৰ প্ৰেমেই জানো প্ৰেম? প্ৰেমৰ কিমান যে সূতা! কেতিয়াবা মাটিয়ে বান্ধে— কেতিয়াবা তেজ-পানী অথবা স্বগোষ্ঠীয়ে। আৰু প্ৰেমৰ অদৃশ্য সূতা হৈ মানুহক বান্ধে পিতৃৰ বীজে— মাতৃৰ স্তনে।[৪]
কন্দলীৰ বিষয়ে বিভিন্নজনৰ মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মৌচুমী কন্দলীৰ ‘জোনাকত ঢেকীয়াবোৰ' গল্পটোৰ নামটোৱেই তেওঁৰ চিত্ৰৰূপবৰ্ণময় মনটোৰ উমান পাইছিলোঁ। দৰ্শনৰ এগৰাকী কৃতী ছাত্ৰী, কবিতাৰ বিৰল সহৃদয় পাঠক, তাতোকৈয়ো সৃজনশীল এটি সজীৱ মনৰ গৰাকী মৌচুমী আমাৰ তৰুণ প্ৰজন্মৰ নবীনতাৰ সন্ধানী এগৰাকী অতি প্ৰভাৱশালী গল্পকাৰ। — নীলমণি ফুকন[৫]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ মৌচুমী কন্দলী (১৯৯৮)। লাম্বাদা নাচৰ শেষত। মা সৰস্বতী প্ৰকাশন, পৃষ্ঠা:৩৪-৪৮।
- ↑ মৌচুমী কন্দলী (২০০৭)। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:১১-২৩। ISBN: 81-7331-138-2।
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ মৌচুমী কন্দলী (২০০৭)। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:২৪-৩৩। ISBN: 81-7331-138-2।
- ↑ মৌচুমী কন্দলী (২০০৭)। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:৪৮-৬৪। ISBN: 81-7331-138-2।
- ↑ মৌচুমী কন্দলী (২০২২)। ফ্ৰেমৰ বাহিৰৰ জোনাকী পৰুৱাবোৰ। ৰ্বান্ধৱ প্ৰকাশন, পৃষ্ঠা:প্ৰচ্ছদ।