সমললৈ যাওক

আনন্দৰাম ঢেকিয়াল ফুকন

ৱিকিউদ্ধৃতিৰ পৰা

আনন্দৰাম ঢেকিয়াল ফুকন (২২ ছেপ্টেম্বৰ, ১৮২৯ - ১৬ জুন, ১৮৫৯) আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক। গুৱাহাটীত হলিৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। মাত্ৰ ২৯ বছৰীয়া জীৱন কালত তেখেতে অসমিয়া লৰাৰ মিত্ৰকে ধৰি তিনিখন গ্ৰন্থ ৰচনা কৰিছিল। এখেতৰ আপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা বঙালী ভাষাৰ ঠাইত পুনঃ অসমীয়া ভাষা অসমত প্ৰৱৰ্তন কৰা হয়। অৱশ্যে তেখেতৰ জন্মৰ তাৰিখটোক লৈ মতভেদ আছে।

  • হে কৃপাময় জগদীশ্বৰ, এই অসম দেশৰ লোকসকলক সভ্য, গিয়ানী আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া আৰু তোমাৰ বিচিত্ৰ শক্তিৰে সিবিলাকক সভ্য কৰা। …যি সময়ত অসম হাবি গুচি ফুলবাৰী হ’ব, ঘৰ বাঁহৰ গুচি শিল-ইটাৰ হ’ব, গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালি হ’ব, গিয়ানৰ সভা, চিকিৎসালয়, দুখীয়া-দৰিদ্ৰ পৰিত্ৰাণৰ আলয় হ’ব আৰু যি কালত লোকসকলে পৰস্পৰে হিংসা-হিংসি নকৰি আটাইকে ভ্ৰাতৃবৎ চেনেহ কৰিব, … সেই সময়, হে পৰমপিতা জগদীশ্বৰ, শীঘ্ৰে ঘটোৱা।[১][২]
  • বিদ্যা সকলো সদ্গুণৰে মূল, তাৰ পৰা মনুষ্যৰ ইহ কালত আৰু পৰ কালতো অসীম উপকাৰ হয়, বিদ্যাৱন্ত মানুহ নিৰ্ধনী হলেও তেওঁক সকলোৱে মান সৎকাৰ কৰে, কিন্তু ধনৱন্ত মুৰ্খে জ্ঞানিৰ সমাজলৈ গলে তাক কেৱে নুসুধি পণ্ডিতকহে আদৰ কৰিব। [৩]
  • বিদ্যা জানিলে সময় ব্যয় কৰি বলৈ সুন্দৰ উপায় ওলায়, আৰু পণ্ডিতে সময় দিঘল হবলৈ অভিলাষ কৰে, কিন্তু মুৰ্খে সময় চুটি হয় মানে ভাল পায়; কিয়নো সি সময় যাপন কৰিবলৈ একো উপায় নাপায়। বিদ্যাৰ পৰা অৰ্থ লাভ, যশস্যা ইত্যাদি হয়, বিদ্যাক ভগন কৰিলে বাঢ়ে, আৰু একোৰে গুচাব নোৱাৰে; কিন্তু এই সকল গুণত কৈ ও বঢ়া গুণ আচে।[৩]
  • এই পৃথিবীত জীয়াই থাকি আমি যি কৰ্ম্ম কৰোঁ তাৰ ফল মৰিলে পাম, অৰ্থাৎ সুকৰ্ম্ম কৰিলে পৰ কালত পুৰস্কাৰ পাম, কিন্তু অকৰ্ম্ম কৰিলে দণ্ডনীয় হম।[৩]
  • তোমাৰ সৎকৰ্ম কামত লগোৱা, কিয়নো কাল এবেলি গ’লে আৰু উভতি নাহে।[৪]
  • অসমীয়া ভাষা আমাৰ মাতৃভাষা। মাতৃৰ নিচিনা বাবে মাতৃয়ে বেজাৰ পোৱা কাম কৰা সন্তানসকলৰ বাবে ই অতি অযুগুত।[৫]
  1. এই বছৰ ইটোৰ পিছত সিটো ভাল খবৰ আহিছে ৰাজ্যলৈ…. প্ৰকাশক: অসমীয়া প্ৰতিদিন (September 24, 2018). আহৰণ কৰা হৈছে: 27 মাৰ্চ 2022.
  2. ডিম্বেশ্বৰ নেওগ (১৯৯৩)। নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী
  3. ৩.০ ৩.১ ৩.২ আনন্দৰাম ঢেকিয়াল ফুকন. অসমিয়া ল'ৰাৰ মিত্ৰ পৃষ্ঠা: ২. প্ৰকাশক: অসমীয়া ৱিকিউৎস. আহৰণ কৰা হৈছে: 27 মাৰ্চ 2022.
  4. (সম্পা)দ্বিজেন সিং (২০১৬)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।
  5. আইৰ প্ৰাণৰ ভাষা, কলংপাৰ, অসমীয়া সাপ্তাহিক, ২২ ফেবৰুৱাৰী, ২০২৩