সমললৈ যাওক

হেলেন কেলাৰ

ৱিকিউদ্ধৃতিৰ পৰা
হেলেন কেলাৰৰ আলোকচিত্ৰ

হেলেন কেলাৰ (ইংৰাজী: Helen Keller; ২৭ জুন, ১৮৮০ - ১ জুন, ১৯৬৮) এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া, আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায়। কেলাৰৰ শিক্ষয়ত্ৰী আন্না ছালভিয়ানৰ তত্বাৱধানত তেওঁ যথেষ্ঠখিনি আৰোগ্য লাভ কৰে আৰু আনৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ শিকে। পিছলৈ তেওঁ কলেজলৈও যায় আৰু ১৯০৪ চনত ৰেডক্লিফ কলেজৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেৱেঁই একমাত্ৰ বাক অৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি যিয়ে প্ৰথম কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

  1. পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৰু সকলোতকৈ ধুনীয়া বস্তুবোৰ দেখা নাপায় বা স্পৰ্শ কৰিব নোৱাৰি। সেইবোৰ হৃদয়েৰে অনুভৱ কৰিব লাগিব।[]
  2. এটা সুখী জীৱন অনুপস্থিতিত নহয়, বৰঞ্চ কষ্টৰ আয়ত্ততহে গঠিত।[]
  3. আত্মকৰুণা (Self-pity) আমাৰ প্ৰধান শত্ৰু। যদি আমি আত্মকৰুণাত ব্ৰতি হওঁ, আমি পৃথিৱীত কেতিয়াও ভাল কাম কৰিব নোৱাৰোঁ।[]
  4. পৃথিৱীৰ শ্ৰেষ্ঠ আৰু ধুনীয়া বস্তুবোৰ দেখা বা স্পৰ্শও কৰিব নোৱাৰি—সেইবোৰ হৃদয়েৰে অনুভৱ কৰিব লাগিব।[]
  5. সহজ-সৰল আৰু নিস্তব্ধতাৰে চৰিত্ৰ বিকশিত কৰিব নোৱাৰি। পৰীক্ষা আৰু দুখ-কষ্টৰ অভিজ্ঞতাৰ দ্বাৰাহে আত্মাক শক্তিশালী, উচ্চাকাংক্ষা অনুপ্ৰাণিত, সফলতা লাভ কৰিব পৰা যায়।[]
  6. “সুখ নিজে নিজে নাহে; ই তোমাৰ নিজৰ কৰ্ম আৰু চিন্তাধাৰাৰ ফল।”[]
  7. “অন্ধ হোৱাতকৈ বেয়া হৈছে দৃষ্টি থাকিও লক্ষ্য নাথকা।”[]
  8. “জীৱন এটা সাহসিক অভিযান নহ’লে ই একো নহয়।”[]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: