কনফুচিয়াছ
অৱয়ব

কনফুচিয়াছ (ইংৰাজী: Confucius; ৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়। কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়ানবাদ বুলি জনা যায়। এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা, সামাজিক সম্পৰ্কৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ শিক্ষা আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে।[১][২]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- খং যেতিয়া উঠে, তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব।
- জীৱনটো সঁচাকৈয়ে সৰল, কিন্তু মানুহে ইয়াক জটিল কৰি তুলিবলৈ জোৰ দিয়ে৷[৩]
- সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে৷[৪]
- জ্ঞানী মানুহ তিনিটা বিষয়ত সদা সতৰ্ক, যৌৱন কালত লালসাৰ প্ৰতি, দেহত শক্তি থকাৰ সময়ত কাজিয়া পেচালৰ প্ৰতি আৰু বুঢ়া কালত লোভৰ প্ৰতি৷[৪]
- তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা৷[৪]
- বিনা চিন্তাই কৰা অধ্যয়ন মাথোঁ পণ্ডশ্ৰম৷[৪]
- যিজনে দূৰলৈ চাই চিন্তা কৰিবলৈ অপৰাগ, সেইজনে সোনকালে দুখ ভোগ কৰিব লাগিব৷[৪]
- সুখী হোৱাৰ সহজ উপায়- ৰাস্তাৰ কাষৰ দুৰ্দশাগ্ৰস্তজনৰ লগত নিজক তুলনা কৰক৷[৪]
- মাত্ৰ এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ’ব পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ’ব পাৰে গতিকে আমি যি কথা কওঁ সেই বিষয়ে সাৱধান হোৱা উচিত৷[৪]
- মানুহেহে সত্যক মহান কৰে, সত্যই মানুহক মহান নকৰে৷[৫]
- সংসাৰত ভাল আৰু বেয়া দুয়োটাই আছে- বেয়াটো এৰি ভালটো গ্ৰহণ কৰিলেই শিক্ষাৰ পথ সুগম হয়৷[৫]
- অন্ধকাৰক অভিশাপ দিয়াতকৈ এডাল মমবাতি জ্বলাই দিয়াটোহে অতি আৱশ্যক৷
- মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা৷ এনেভাৱে তুমি কাম কৰি যোৱা যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা৷[৫]
- উন্নত পৰ্যায়ৰ মানুহে লাহে লাহে কথা কয়, কিন্তু তাৰ মাজেৰেই তেওঁলোকে নিজৰ কামত আন্তৰিকতা প্ৰদৰ্শন কৰে৷[৫]
- মানুহৰ ভুল ভ্ৰান্তিৰ পৰাহে চৰিত্ৰ জানিব পাৰি৷[৫]
- খঙৰ বশীভূত হৈ কাম কৰি নেপায়। খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।
- উৎকৃষ্টজনে নিন্দে নিজক, নিকৃষ্টজনে নিন্দে আনক। [৬]
- অজ্ঞান মুৰ্খসকলক ৰাজহুৱা দায়িত্বৰ পৰা দূৰত ৰখা আৰু আটাইতকৈ জ্ঞানীলোকসকলক শাসনৰ ভাৰ দিব পৰাটোৱেই হ'ল যি কোনো এখন সমাজৰ পক্ষে আটাইতকৈ সৌভাগ্যৰ কথা।[৬]
- এটা পৰ্বতৰ ঠাই সলনি কৰা মানুহজনে আৰম্ভণিতে সৰু সৰু শিলবোৰ কঢ়িয়াই কামটো আৰম্ভ কৰে।[৭]
- আটাইতকৈ ধেমেলীয়া মানুহবোৰেই আটাইতকৈ দুখী মানুহো।[৭]
- “যি জনে শিকে কিন্তু চিন্তা নকৰে, তেওঁ বিপথগামী হয়; আৰু যি জনে চিন্তা কৰে, শিকে কিন্তু নকৰে, তেওঁ বিপদত পৰে।”[৮]
- “ধীৰে আগবঢ়া কোনো সমস্যা নহয়, থমকি যোৱাটোৱেই সমস্যা।”[৯]
- “যি জনে নিজৰ ভুল শুধৰাব নোৱাৰে, তেওঁ পুনৰ পুনৰ একে ভুল কৰে।”[১০]
- আনৰ পৰা তুমি যেনে ব্যৱহাৰ আশা নকৰা আনকো কেতিয়াও তেনে ব্যৱহাৰ নকৰিবা। মই মোৰ লৰাৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ পিতাকো মই সেইদৰে সেৱা শুশ্ৰূষা কৰিব লাগে। মোৰ তলত কাম কৰা মন্ত্ৰীৰ পৰা মই যেনে ব্যৱহাৰ আশা কৰো, মই ৰজাকো তেনেদৰে সেৱা কৰিব লাগে। সৰু ভাইৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ ডাঙৰ ভাইৰ প্ৰতিও মই তেনে আচৰণ কৰিব লাগে। বন্ধুৰ পৰা মই যেনে ব্যৱহাৰ বিচাৰো মইও প্ৰথমে বন্ধুক তেনে ব্যৱহাৰ কৰিব লাগে।[১১]
- জ্ঞানী মানুহ তিনিটা বিষয়ত সদা সতৰ্ক, যৌৱন কালত লালসাৰ প্ৰতি, দেহত শক্তি থকাৰ সময়ত কাজিয়া পেচালৰ প্ৰতি আৰু বুঢ়া কালত লোভৰ প্ৰতি৷[৪]
- আগ্ৰহ নথকা মানুহক মই নিশিকাও আৰু বুজিবলৈ চেষ্টা নকৰা মানুহক কোনো কথা বুজাবলৈ বৃথা চেষ্টা নকৰো।[১১]
- ভাল ৰজা হোৱা টান, ভাল মন্ত্ৰী হোৱাও সহজ নহয়।[১১]
- মাৰ্জ্জিত ভাষাই কোনজন মানুহ ভাল কোনজন মানুহ বেয়া তাৰ ধাৰণা সম্পৰ্কে আমাৰ মনত আউল লগায়। সামান্য ক্ষতি আৰু সৰু-সুৰা অসুবিধা সহ্য কৰিব নোৱাৰা লোকে ডাঙৰ পৰিকল্পনা নষ্ট কৰে।[১১]
- মানুহ জন্মোতে প্ৰায় একে হৈয়েই জন্মে কিন্তু অভ্যাসৰ বাবে ইজন সিজনৰ পৰা আঁতৰি গৈ পৃথক হৈ পৰে।[১১]
- আমি মানুহকেই সেৱা কৰিবলৈ শিকা নাই, দেৱতাক কেনেদৰে সেৱা কৰিব লাগে কেনেকৈ জানিবা? এতিয়াও জীৱনকেই জনা নাই, মৃত্যুৰ কথা কেনেকৈ জানিবা?[১১]
- মানুহেহে সত্যক ডাঙৰ কৰে, সত্যই মানুহক ডাঙৰ নকৰে।[১১]
- বাকচাতুৰিৰ কোনো মূল্য নাই। তুমি যিমানেই অনৰ্গল বক্তৃতাৰে আত্মপক্ষ সমৰ্থন কৰি নিজৰ নিৰ্দ্দোষিতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিবা মানুহে তোমাক তিমানেই বেচি ঘিণ কৰিব।[১১]
- মানুহ যদি প্ৰকৃত মানুহ হব নোৱাৰে তেন্তে পূজা-পাতলৰ সাৰ্থকতা কত? প্ৰকৃত মানুহ হব নোৱাৰিলে সঙ্গীতৰো মূল্য নাই।[১১]
- উৎকৃষ্টজনে নিন্দে নিজক, নিকৃষ্টজনে নিন্দে পৰক।[১১]
- শাসকৰ চৰিত্ৰ বতাহৰ দৰে আৰু সাধাৰণ মানুহৰ চৰিত্ৰ তৃণৰ দৰে। তৃণ সদায় বতাহমুৱা হয়।[১১]
- আইনৰ বলেৰে শাসিত প্ৰজাই শাস্তিৰ ভয়ত আইন অমান্য নকৰিব পাৰে কিন্তু তেওঁলোকে নৈতিক বল হেৰুৱায়। ন্যায় আৰু চৰিত্ৰৰ বলেৰে শাসিত প্ৰজাই আত্মসংযমৰ নীতিৰে সুশৃঙ্খলিত হয়, নৈতিকতাও ৰক্ষা কৰে আৰু সৎ হয়।[১১]
- সাৱধান লোকৰ বিপদ নাই। সতৰ্ক লোকে কাচিৎহে ভুল কৰে।[১১]
- ডেকা লৰা ঘৰত সুপুত্ৰ হব লাগে, সমাজত বিনয়ী আৰু শ্ৰদ্ধাবান হব লাগে, চৰিত্ৰৰ ওপৰত নজৰ ৰখা, বিশ্বাসী, সকলোকে মৰম কৰা আৰু মৰমিয়াল লোকৰ লগত মিলামিশা কৰা হব লাগে। এই আটাইখিনি কৰিবলৈ শিকিও যদি উৎসাহ আৰু শক্তি থাকে তেন্তে কিতাপ পঢ়িব লাগে।[১১]
- আগলৈ নাচাই খোজ দিলে বিপদ ভৰিৰ তলতে পাবা।[১১]
- দাৰিদ্ৰ্যই অভিশাপ নহয়, উচ্চাকাঙ্ক্ষাবিহীন দৰিদ্ৰতাহে অভিশাপ।[১১]
- মুৰ্খপুত্ৰই ঘৰ নাভাঙে, বুধিয়ক পুত্ৰইহে ঘৰ নষ্ট কৰে।[১১]
- যুদ্ধলৈ যোৱাৰ আগতে সৈন্যসকলে অন্ততঃ সাতবছৰ সাধুলোকৰ সঙ্গত শিক্ষা লব লাগে। অশিক্ষিত জনসমুদ্ৰ যুদ্ধত নমাই দিয়া মানে সিহঁতক দলিয়াই পেলোৱা।[১১]
- ক্ষমতাৰ মোহ আৰু দাৰিদ্ৰ্যৰ ভয় ৰাষ্ট্ৰদ্ৰোহৰ উৎপাদক।[১১]
- যি মানুহে সুদা হাতেৰে বাঘ মাৰিবলৈ যায়, নাও নোহোৱাকৈ নদী পাৰ হব খোজে, কোনো চিন্তা নকৰাকৈ জীৱন বিসৰ্জ্জন দিব ওলায়, মোক তেনে মানুহ নালাগে। যি মানুহে সাবধান নোহোৱাকৈ কোনো দুৰ্য্যোগৰ সমুখীন নহয়, কামত হাত দিয়াৰ আগতে ভালকৈ চিন্তা কৰি প্ৰস্তুত হয়, তেনে মানুহহে মই বিচাৰো।[১১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ The Life and Significance of Confucius. প্ৰকাশক: www.sjsu.edu.
- ↑ China Confucianism: Life of Confucius, Influences, Development. প্ৰকাশক: www.travelchinaguide.com.
- ↑ কনফুচিয়াছ. বাণী. আহৰণ কৰা হৈছে: ৮ ছেপ্টেম্বৰ ২০২১.
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ৪.৭ গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা। আহৰণ কৰা হৈছে: ৮ ছেপ্টেম্বৰ ২০২১।
- ↑ ৫.০ ৫.১ ৫.২ ৫.৩ ৫.৪ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
- ↑ ৬.০ ৬.১ মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ৭
- ↑ ৭.০ ৭.১ https://www.goodreads.com/author/quotes/15321.Confucius
- ↑ The Analects
- ↑ The Analects
- ↑ The Analects
- ↑ ১১.০০ ১১.০১ ১১.০২ ১১.০৩ ১১.০৪ ১১.০৫ ১১.০৬ ১১.০৭ ১১.০৮ ১১.০৯ ১১.১০ ১১.১১ ১১.১২ ১১.১৩ ১১.১৪ ১১.১৫ ১১.১৬ ১১.১৭ ১১.১৮ ১১.১৯ শৰৎচন্দ্ৰ গোস্বামী (১৯৬৫)। কণফুচিয়াছ। গুৱাহাটী। লয়াৰ্ছ বুক ষ্টল।
