সমললৈ যাওক

মৰ্টিমাৰ এড্‌লাৰ

ৱিকিউদ্ধৃতিৰ পৰা

মৰ্টিমাৰ জেৰমি এড্‌লাৰ (ইংৰাজী: Mortimer Jerome Adler; ২৮ ডিচেম্বৰ, ১৯০২ – ২৮ জুন, ২০০১) এজন আমেৰিকান দাৰ্শনিক, শিক্ষাবিদ, বিশ্বকোষবিদ আৰু লেখক। দাৰ্শনিক হিচাপে তেওঁ এৰিষ্ট’টেলিয়ান আৰু থমিষ্টিক পৰম্পৰাৰ ভিতৰত কাম কৰিছিল। তেওঁ দীৰ্ঘদিন ধৰি নিউয়ৰ্ক চহৰ, চিকাগো, চান ফ্ৰান্সিস্কো আৰু কেলিফৰ্ণিয়াৰ ছান মাটিওত বাস কৰিছিল। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয় আৰু চিকাগো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ইয়াৰ লগতে তেওঁ এনচাইক্লপিডিয়া ব্ৰিটানিকা সম্পাদক ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইনষ্টিটিউট ফৰ ফিল’চফিকেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল।

  • মানুহৰ মনটোৱে জীৱ আৰু জগৎ সম্পৰ্কে জ্ঞান, অন্তৰ্দৃষ্টি আৰু উপলব্ধি হ্ৰাস কৰিবলৈ অনবৰত চিন্তা কৰি থাকে। তেনেকুৱা চিন্তাৰ সৰ্বোত্তম সমলবোৰ যিবোৰ কিতাপত সন্নিৱিষ্ট হৈ থাকে সেইবোৰ কিতাপকেই মহৎ কিতাপ বুলি কোৱা হয়।[]
  • মানুহে সকলো দেশতে আৰু সকলো যুগতে জীৱনৰ যিবোৰ মৌলিক প্ৰশ্নৰ সন্মুখীন হয় আৰু যিবোৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিলেহে একোখন কিতাপ বিশ্বজনীন আৰু সৰ্বজনীন আবেদনৰ অধিকাৰী হ'ব পাৰে, তেনেবিধৰ প্ৰশ্নৰ আলোচনা সাধাৰণ ভাল কিতাপত পোৱা নাযায়।[]
  • যদিহে বিজ্ঞান আৰু দৰ্শনৰ লক্ষ্য বেলেগ বেলেগ হয়, আৰু সিহঁতে মানুহৰ বেলেগ বেলেগ প্ৰয়োজন পূৰ্ণ কৰে, তেন্তে ধৰ্ম আৰু বিজ্ঞানৰ মাজত সংঘৰ্ষ হ'বই নোৱাৰে।[]
  • যেনেকৈ শৰীৰ আৰু আত্মাৰ মাজত মাত্ৰ যিকোনো এটাক বাছি লোৱাৰ প্ৰশ্ন উঠিব নোৱাৰে, ঠিক তেনেকৈ প্ৰাৰ্থনা আৰু প্ৰযুক্তিবিদ্যাৰ মাজতো যিকোনো এটাক বাছি লোৱাৰ প্ৰশ্ন উঠিব নোৱাৰে।[]
  • এজোপা গছ সদায় গছ হয়; ঠিক তেনেকৈ এটা চৰাই বা এডোখৰ শিলো এটা চৰাই বা এডোখৰ শিলো হয়। সিহঁতে আন একো পৰিণতিৰ কথা চিন্তা নকৰে বা নিজৰ অস্তিত্বৰ উদ্দেশ্যৰ বিষয়েও প্ৰশ্ন নকৰে। একমাত্ৰ মানুহেহে অন্তহীনভাৱে নিজৰ অস্তিত্বৰ উদ্দেশ্য সম্পৰ্কে প্ৰশ্ন কৰি থাকে। এইটোৱেই হ'ল মানুহ হোৱাৰ গৌৰৱ বা যন্ত্ৰণা।[]
  • শিক্ষণৰ উদ্দেশ্য হৈছে বৃদ্ধি, আৰু আমাৰ মন আৰু শৰীৰটোৰ দৰে নহয়, যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে বৃদ্ধি পাই থাকিব পাৰে।
- জোচেফ এলেনৰ সম্পাদনাত *The Leisure Alternatives Catalog: Food for Mind and Body* (১৯৭৯) নামৰ কিতাপখনৰ ১৩৪ নং পৃষ্ঠাত উদ্ধৃত কৰা অনুসৰি।
  • মোৰ সমসাময়িক বহু লোকৰ দৰে মই কেতিয়াও মোৰ সহযোগী অধ্যাপকসকলে পঢ়িব পৰাকৈ কিতাপ লিখা নাই। শৈক্ষিক পাঠকৰ প্ৰতি মোৰ একেবাৰেই আগ্ৰহ নাই। সাধাৰণ মানুহজনৰ প্ৰতি মোৰ আগ্ৰহ আছে। যিকোনো সাধাৰণ পাঠকে মই লিখা যিকোনো কিতাপ পঢ়িব পাৰে—আৰু তেওঁলোকেও পঢ়িব পাৰে।
- (এফ.এন. ডি'এলেচনৰ প্ৰবন্ধ "দাৰ্শনিক, সংস্কাৰক মৰ্টিমাৰ এডলাৰ, 'গ্ৰেট বুকছ' কাৰ্যসূচীৰ পিতৃ, ৯৮ বছৰ বয়সত মৃত্যু," lubbockonline.com, ২৯ জুন, ২০০১ত উদ্ধৃত।)
  • ভাল কিতাপৰ ক্ষেত্ৰত আপুনি কিমান পঢ়িব পাৰে সেয়া চোৱা নহয়, কিমানখনে আপোনাৰ হৃদয় আৰু মনলৈ যায় সেয়া চাব লাগে।
- ("হাউ টু মাৰ্ক এ বুক," দ্য চেটাৰ্ডে ৰিভিউ অৱ লিটাৰেচাৰ, ৬ জুলাই, ১৯৪১; মডাৰ্ণ ইংলিছ ৰিডিংছ (১৯৪৬), পৃষ্ঠা ২৯৮-৩০১তো অন্তৰ্ভুক্ত কৰা হৈছে।)
  • একে সময়তে দাৰ্শনিক আৰু কৰ্মী হ'ব নোৱাৰি। যদি কৰে তেন্তে সম্পূৰ্ণ বিভ্ৰান্তি।
- (এফ.এন. ডি'এলেচনৰ প্ৰবন্ধ "দাৰ্শনিক, সংস্কাৰক মৰ্টিমাৰ এডলাৰ, 'গ্ৰেট বুকছ' কাৰ্যসূচীৰ পিতৃ, ৯৮ বছৰ বয়সত মৃত্যু"ত উদ্ধৃত, lubbockonline.com, ২৯ জুন, ২০০১)
  1. ১.০ ১.১ হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা, পৃষ্ঠা:৭৭-৭৯।
  2. ২.০ ২.১ হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা, পৃষ্ঠা:৬২-৬৪।
  3. হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা, পৃষ্ঠা:১-৩।
:w:
:w: