বিহুনাম
অৱয়ব
অসমীয়া লোকসকলৰ বাপতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুনাম বুলি কোৱা হয় যদিও অজ্ঞতাবশতঃ বহুতে বিহুগীতো বোলে। সেয়ে, বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুনামত স্থান লাভ কৰিছে। মুখ্যতঃ পৰম্পৰাগত বিহু অনুষ্ঠানকেইটাৰ আধাৰতে বিহুনামবোৰ ৰচিত আৰু পৰিৱেশিত হৈ আহিছে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]বিহুনামত ঐতিহাসিক চৰিত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- উজাই ৰজা দুৱাৰ ৰাজমাও ওলালে
সজাই কিৰিঙীয়া হাতী।
নাচনী গাৰে চোলাটো ফাটিলে
কাকতিক আনাগৈ মাতি॥[১] - দেউতাৰ বৰঘৰ ফুল চতি লগোৱা
চাপৰি চাপৰি যাবা।
ৰজাই বটাদিয়া সোণালী পাগুৰি
আলান্ধু লাগিব চাবা॥[১] - ৰাজমাউ দেউলত ঢোলে গিৰগিৰালে
আহিলে মৰাণৰ দল।
উলাই স্বৰ্গদেউ দিয়াহি সমিধান
আমাৰ যাবৰ সময় হ’ল॥[১] - টেকেলি পৰিলে নাদত কি নাদৈ ঐ
টেকেলি পৰিলে নাদত।
জাপমাৰি সাৰিলে ফৌজদাৰী চিপাহী
মণিৰাম পৰিলে ফাদত॥[১] - আলিয়ে নেযাবি বালিয়ে কাটিব
পথাৰে নেযাবি বোকা।
চৰাই হালধীয়া দূৰৈকৈ নেযাবি
ৰাৱণে হৰিব সীতা॥[১] - হলইড্ চাহাবটি কাপটন বাবুটি
ৰঙাগড়া বাগিছাৰ কুলি।
নিৰ্দোষী ছোৱালী নামকাটি খেদালে
বাঁজীপাত চিঙিলে বুলি॥[১] - কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম
কেনেকৈ ধৰিলে তোক।
ইফালে যোৰহাট সিফালে গোলাঘাট
চিঠি লেখি ধৰিলে মোক
ঐ ৰহেমতী ৰহেদৈ
নগাটেঙা কৰেদৈ
তত নাই তোমাৰে গাত।[২] - সোণৰ ধোঁৱাখোৱাত
খালি ঐ মণিৰাম
ৰূপৰ ধোঁৱাখোৱাত খালি।
দেৱান হ’বৰে
বেছিদিনে নহ’ল
ডিঙিত চিপেজৰী ল’লি।[২] - আগনিশা কান্দিলে
ঘুৰঘূৰি কপৌহাল
পাছনিশা কান্দিলে ফেঁচা।
মণিৰাম দেৱানক
যোৰহাটত মাৰিলে
ৰংপুৰ নগৰ হ’ল চেঁচা।[২] - চৰায়ে ধান খালে চিটিকি পৰিলে
উফৰি পৰিলে কাণ।
কিনো চাই আছ গগৈ ৰাজখোৱা
মানতৰাই জিনিলে ৰণ।[২] - ৰূপচিং চুবেদাৰ কাষতে দিলদাৰ
নহ’বা অখনি খোৰা।
শানত দি ল’বা কঁকালৰ হেংদাং
শালত বাছি ল’বা ঘোঁৰা।[২] - গছৰে ডালতে কুলিটি কান্দিলে
বিহুটি পালেহি বুলি।
পাহাৰত কান্দিলে লাঙী গদাপাণি
জয়মতীক মাৰিলে বুলি।[২] - নাহৰ চেনামুৱা ওলাই ৰাতিপুৱা
ছকুৰি কুকুৰাৰ ভাৰ।
দিহিং নৈৰ পানী কৰে তলবল
ঘাটৈয়ে নকৰে পাৰ।[২] - গংগাধৰ তিলকে পিৰীতি কৰিলে
গান্ধীয়েও কৰিছিল প্ৰেম।
মুখলৈ চাওঁতে তলেমূৰ কৰিলা
তোমাৰহে ইমানটি ভেম।[২] - স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দুলীয়াই পাতিছে দোলা।
কাণত জিলিকিছে নৰাৰে জাংফাই
গাতে গোমচেঙৰে চোলা।[৩] - কাউৰী কাউৰী অজাতি কাউৰী
কি খাই বোলালি ঠোঁট।
বৰদুৱাৰৰ মুখতে নাহৰক কাটিলে
তাকে খাই বোলালি ঠোঁট।[৩] - আঠীয়া কলৰে পাতে সৰু সৰু
জাতি কলৰে পাত।
গা ধুই উঠি বাখৰৰ টেমেকাই
খাবলৈ নেপালে ভাত।[৩] - ৰূপাই দা ধৰাই উকিটি মাৰিলে
টুপাই বুৰ মাৰিলে ধনে,
হয়নে বগীতৰা নাহোঁ আজিৰ পৰা
জামিনত ৰাখিব কোনে।[২] - থলে কি অথলে গ’ল,
সেই কথা শুনি ৰমায়ে সতায়ে
ৰজাক লগাবলৈ গ’ল।[২] - সম্ৰাট ছাহজাহানে তাজমহল বনালে
যমুনা নদীৰে পাৰত।
প্ৰেমৰ তাজমহল বনাম বুলি ভাবিছোঁ
তোৰে মোৰে যৌৱনৰ কালত।[২] - ৰংঘৰৰ মুখতে আহোমৰ দিনতে
ৰঙৰে পাতিছিল মেলা।
ম’হো যুঁজাইছিল কণুৱা মেলিছিল
পাতিছিল শেনৰে মেলা।[২]
বিহুনামত হাঁচতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চফা নাহৰৰে পাতে বাই কিৰিঙী
চফা নাহৰৰে পাত।
বৌদেউ শিপিনী হাঁচতী নিদিলে
শৰাইলৈ নেমেলোঁ হাত॥[১] - ৰিহাতে বাছিলোঁ ফুটুকি ডবুৱা
হাঁচতিত বাছিলোঁ কেছ।
ধনক বাছি ললোঁ সৰুভাই যুৰীয়া
ভাঙিব নোৱাৰোঁ পেঁচ্॥[১] - লং ফুলৰ গামোচা বলিঐ ঘুনুচা
কেছ ফুলৰ গামোচা বলি
ছাঁতে শুকুৱাই মুঠিতে লুকুৱাই
কালৈ সামৰি থলি।
নবওঁ বুলি নবলোঁ তোমালৈ গামোচা
পাৰিত নেবাছিলোঁ ফুল।
নিদিওঁ বুলি নিদিলোঁ কেছফুলৰ বাবৰি
তুমি হলা অজাতি কুল॥[১] - ডিবুৰুত কিনিলোঁ ফুলৰে হাঁচতি
চিচি মুখত বদলি হ’ল।
তৰাদৈ গাভৰুক বিয়া কৰি আনি
খুটি মহ বিকৰে গল॥[১] - ইখনি সিখনি ধনলৈ দুখনি
বিহুৱান গামোচা বলোঁ।
আইৰে ভয়তে দিব নোৱাৰিলোঁ
মই কাজী অথলে গলোঁ॥[১] - ৰঙত জিলিকিলে ৰঙাকৈ হাঁচতি
হাঁহিত জিলিকিলে চকু।
বহোঁতে জিলিকিল ককালৰ খনীয়া
উঠোঁতে জিলিকিল বুকু॥[১] - হাঁচতি ঐ চ’ত, বিচাত ঐ চ’ত
বুধে বৃহস্পতি মঙলে উৰুকা
বিহু গৈ আছিলি ক’ত?[৪] - হাঁচতি ব’লোঁ মই শৰাইত থলোঁ মই
উৰি গ’ল বগলীৰ লগত।
হাঁচতি ঐ লুইতৰ শিহু
আজিয়েই যাবগৈ ব’হাগৰ বিহু।[৪] - ৰাইজে বখানে নবৌ বৰে কাজী
দিনে দহখন বয়।
শৰাইতে হাঁচতি দেখিলেহে নাম ল’ম,
নবৌ আচল কাজী হয়।[৪] - উলিকৈ তামোলৰ পুলি সমনীয়া
উলিকৈ তামোলৰ পুলি।
শৱদত শুনিছোঁ আইদেউ শিপিনী
হাঁচতি দিবহি বুলি।[৪] - হয়ে কি অহয়ে হয়ে ঐ পৰুৱা
হয়ে কি অহয়ে হয়।
হাঁচতি এখনি খুজিব আহিছোঁ
দিয়া কি নিদিয়া বৈ।[৪] - ই বোলে শিপিনী সি বোলে শিপিনী
শিপিনী কিমানৰ কাজী।
বাবৰি থুপীয়া হাঁচতি নেপালে
শিপিনীক থেকেচিম আজি।[৪] - আৰু বেলি কৈছিলা হাঁচতি দিম বুলি
এইবেলি কাটিছা পাঁজি।
তোমাৰ হাঁচতি আমাক ঐ নালাগে
ছোৱালী আনি ল’ম কাজি।[৫] - বাগানৰ চৰ্দাৰে লাইনত চিঞৰে
কামজাৰি কামজাৰি বুলি।
আমি ডেকাহঁতে চোতালত চিঞৰোঁ
হাঁচতি হাঁচতি বুলি।[৬] - ই বোলে শিপিনী, সি বোলে শিপিনী,
শিপিনী কিমানৰ কাজী।
ফুলামকৈ হাঁচটি উলিয়াই নিদিলে
শিপিনীক ঠেকেছিম আজি॥[৭] - আগফালে এখনি, পিছফালে এখনি,
শিপিনীৰ দুখনি শাল।
আমাৰ শিপিনীয়ে হাঁচটি যাচিছে,
লাঙিজাল বাবলৈ ভাল॥[৭]
বিহুনামত নদ-নদী
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চাই।
চিৰি লুইততে সুহুৰি মাৰিলে
চেনাই নাও মেলি যাই॥[১] - মাছৰে বেজাৰত মৰিঢল শুকালে
জীয়াঢলত শুকালে শালি।
চেনাইৰে বেজাৰত দেহাটি শুকালে
যেনে বগীনদী বালি॥[১] - বৰমপুত্ৰ মাজৰে বৰহমথুৰি আনিবা
গুৱালৰ আনিবা দৈ।
নাজিৰা হাটৰে জেতুকা আনিবা
থাকিম পদূলিতেৰৈ॥[১] - লুইতখন শুৱনী বগীদৈ চাপৰি
দিখৌখন শুৱনী গৰা।
মনতৰা শুৱনী ৰংদৈ পথাৰত
ৰূপতকৈ জেউতি চৰা॥[১] - হাতত ধৰি ধৰি কলং পাৰ হ’লোঁ
জাঁজি পাৰ হ’লো ডেই।
পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ
কওতা নহলে কেওঁ॥
ইফালে মৰি়ঢল সিফালে জীয়াঢল
মাজত বালিচৰি সুঁতি।
পথাৰে পথাৰে বিচাৰি ফুৰা নাই
দলনিত দাইছিলোঁ মুঠি॥[১] - সোৱনশিৰি নৈ খন ইমানে সিমানে
চুলিমেলি মাৰিলোঁ বুৰ।
ৰাতিয়ে ৰাতিটো ভাঙিলোঁ
পাতিলোঁ কথাৰে নপৰিল ওৰ॥[১] - কোনে দি যাব ৰাঁচ দোৰ পতি
কোনে দিব সোণালী মাকো।
কোনে দিব চেনেহী দিখৌ নৈ ওপৰে
নাচনী যাবলৈ সাঁকো॥[১] - নৈলৈ হালিলে নদালি ভলুকা
পথাৰলৈ হালিলে কাক।
বুকুৰ হাড় ওলালে ডালি ডালি কৰি
কালৈ চিন্তা কৰি থাক।[৫] - ধনশিৰী ভেটিলে জেঙে ঐ জাবৰে
সোঁৱণশিৰী ভেটিলে কিহে।
ভঙা খোলাকটি কুমাৰে গঢ়িলে
যৌৱন গঢ়ি দিলে কিহে।[৫] - দিখৌ নৈৰ পাৰৰে থোৰালি ঢেঁকীয়া
নিতৌ চাৰি আঙুল বাঢ়ে।
তোলৈ লাহৰী মনত ঐ পৰিলে
ৰাতিও টোপনি নাহে।[৫] - ৰঙা নৈ শুকালে মাছৰে বেজাৰত
লুইতখন শুকালে কিয়?
মই চেনাই শুকালোঁ তোমাৰে বেজাৰত
তুমি চেনাই শুকালা কিয়।[৫] - দিখৌ নৈ এৰিব পাৰোঁ মই লাহৰী
জাঁজী নৈ এৰিব পাৰোঁ।
তোমাৰে পিৰীতি এৰিব নোৱাৰোঁ
নেখায়ো মৰিব পাৰোঁ।[৫] - দিখৌ নৈ ইপাৰে দিখৌ নৈ সিপাৰে
কোনে দিয়ে যাব সাঁকো।
কোনে দিয়ে যাব কাঠৰ দোৰেপতি
কোনে দিয়ে যাব মাকো।[৫] - চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চাই।
চিৰি লুইততে কিৰিলি পাৰিয়ে
চেনাই নাৱে মেলি যায়।[৫] - ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই।
ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা
তামোল দি মাতোতা নাই।[৫] - লুইতৰে বালি বগী চকেচকী
কাছই কণী পাৰে লেখি।
গাত জুই জ্বলিছে সৰিয়হ ফুটিছে
ধনক পানীঘাটত দেখি।[৫] - ব্ৰহ্মপুত্ৰে আহিলে কোম্পানী জাহাজ ঐ
পৃথিৱী তলেবলাই
চপাই চপাই দে কোম্পানীৰ জাহাজ ঐ
বাতৰি আছেনে নাই।[৬] - নদীয়ে খহালে আমাৰ ভেটি মাটি
বানে উটুৱালে ঘৰ।
তুমি সোণ খহালা হৃদয়ৰ গৰাবোৰ
আপোন হৈ হ’লা যে পৰ।[৬] - দিখৌত গুমগুমালে
কোম্পানীৰ জাহাজ ঐ
ঢেঁকীত গুমগুমালে থোৰা।
দেহৰ চিতচিতনি মনৰ পিৰপিৰণি
গাভৰু হ’বৰে পৰা।[৬] - দিচাঙত বাঢ়িলে পানী সমনীয়া
দিচাঙত বাঢ়িলে পানী।
ফিৰিঙি আহিলে ৰে’লগাড়ী চলালে
ডবাতে আনিলে কানি।[৬] - ধনশিৰী দলংখন ভেটিলে চেনাই ঐ
লোহাৰে শলখা মাৰি,
তোমাকে আমাকে সমাজে ভেটিলে
দুটি দেহা দুফালে কৰি। - দিখৌ নৈৰ পাৰতে কলপাত কাটিলো
আগলি আগলি চাই।
বিহুৰ তলীতে তোমাক বাচি লৈছিলোঁ
কঁকাল-খামুচীয়া চাই॥৭৯। - দিহিঙৰ আগালি তিনি ভেঙুৰীয়া,
দিচৈতে উটুৱাওঁ ভুৰ।
তোমাৰ ঘাটতে ভুৰ চাপ মাত্ৰ,
চেনেহ বুজি লবা মোৰ॥[৮] - ন নৈ চাপৰিত,
বহাগৰ বা লাগি কহুঁৱা বন হালিছে
বিহুৰে তলিতে,
আমাৰে নাচনী উলাহতে নাচিচে॥[৯]
বিহুনামত চৰাই
[সম্পাদনা কৰক | উৎস সম্পাদনা]- নৈ ভেঙুচীয়া পাকে ঐ ঘুনুচা
নোশুনো কেতেকীৰ মাত।
এদালি দুদালি লিহিৰি গজিছে
ধনে পানীখোৱা ঘাট॥[১] - ধনৰে বাৰীতে ফেচেকা পনিয়ল
ৰঙা ফেচুলুকাই খাই।
খেদাই দে খেদাই দে অজাতি চৰাই ঐ
চেনাই হৈ মাতোতা নাই॥[১] - চকুলৈ কি চাবি তামুলী তৰাযেন
মইনা চৰাই যেন মাত।
হাতৰে লাহৰে খাৰুযোৰ পিন্ধিলি
ললি ৰঙাৰিহা গাত॥[১] - হাঁহে বাটবুলে লোদোৰে পোদোৰে
পাৰই বাটবুলে ৰৈ।
ধনে বাট বুলে চেউনি আলিয়ে
বুকুত সোমথিৰা লৈ॥[১] - চৰাইটি কান্দিব কুটুবাং কুটুবাং
কণী যোৰ পাৰিব বনত।
ব-বাটিছিলো সূটা কাটিছিলা
তোমালৈ পৰিব মনত॥[১] - ডিবৰু শুৱনী মটীয়া চিলনী
কোবাই ভাঙিলে শেনে।
গা জিনজিননি গামখাৰু বাজনি
তোকে চাই থাকিব কোনে॥[১] - নইৰে শুৱনী গঙাকৈ চিলনী
ফুলনি শুৱনী বন।
চেনেহী শুৱনী দেহৰে জুৰণি
পীৰিতি কৰিব মন॥[১] - কপৌ কুৰুলিয়ায় ৰাতি ঐ নুপুয়ায়
ফেঁচাই কুৰুলিয়ায় ডালত।[১০] - কুহু কুহু কৰি কপৌৱে কান্দিলে
ডাউকী কান্দিলে ৰৈ।[১০] - চ’ততে মাতিলে চতীয়া চৰাই ঐ
ব’হাগত মাতিলে কুলি।[১০] - কুলি-কেতেকীয়ে জাননী দিলেহি
ব’হাগেনো পালেহি বুলি। [১০] - বিহুৱা চৰায়ে কৰে বিহু বিহু
বীণৰে নলা যেন মাত।
গছতে লতায়ে হালিছে-জালিছে
ধৰি সেউজীয়া পাত।[১০] - দহিকতৰা চৰায়ে পিৰীতি কৰিলে
তৰাৰে গছতে পৰি।
ডেকাকৈ গাভৰু পিৰীতি কৰিলে
যৌৱনৰ ভমকত পৰি।[১১] - ওপৰে উৰিলে মলয়াত ঘূৰিলে
কাৰে যুৰীয়া পাৰ।
ধুনীয়া পিলিঙা মোকে নিব খোজ
কিমান ধন ভাঙিব পাৰ।[১১] - পুখুৰী থাকোঁতে পুখুৰী খনালে
ৰাজহাঁহ চৰিবৰ মন।
এজনী থাকোঁতে এজনী আনিলে
খৰিয়াল শুনিবৰে মন।[১১] - উৰি গৈ পৰ্ঘুমা ঘূৰিয়ে পৰিলে
গুজৰি বৰষে দেও।
মুঠি-ধন ভাঙোতে তোমাৰ মন ভাগিলে
বুজাওতা নোলালে কেও।[১১] - শালিকী চৰায়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলৈ পাই,
গাঁৱৰ বিহুতলীত কিৰিলি পাৰিলে
ব’হাগৰ বিহুটি পাই।[১১] - নলনিত কান্দিলে হেটুলুকা চৰাইটি
হেটুলুক কৰিলে বনত,
হাতৰ বন সৰি চিতনি ধৰেহি
ধনৰ কথা পৰিলে মনত।[১১] - হাবিতে কান্দিলে হঁয়কলি চৰায়ে
চিটিকাৰ মুখলৈ চাই,
গাঁৱতে কান্দিলে জীয়ৰী ছোৱালী
ডেকা ল’ৰাৰ মুখলৈ চাই।[১১] - চৰাই কপটীয়া শেন ঐ লাহৰী
চৰাই কপটীয়া শেন,
আগতকৈ দুগুণে জেউতি চৰিলে
চান্দে সূৰুযে যেন।[১১] - ওপৰে উৰিলে মটীয়া চিলনী
পাখীয়ে নল’লে ঘোৰ,
লগৰ সমনীয়ালৈ তামোল-পাণ কাটোঁতে
আঙুলি কাটিলে মোৰ।[১১] - কুকুৰা কুকুৰা অজাতি কুকুৰা
ভুকুৱাই মাৰিমে তোক,
ৰাতি নৌপুৱাওতেই কেলৈ ডাক দিলি
ধনে এৰি যায় মোক।[১১] - উৰিলে বগলী লেখোঁ মই চেনাইটি
পৰিলে বগলী লেখোঁ,
নৈৰ পানী তুলি খাওঁ যদি চেনাইটি
তাতো তোমাৰ ছবিটি দেখোঁ।[১১] - কাউৰী শতৰু মুগা চোমনীয়া
পৰিবলৈ নিদিয়ে ডালত,
তোমাৰ-মোৰ শতৰু তোমাৰ মা-দেউতাৰা
ফুৰিবলৈ নিদিয়ে লগত।[১১] - বাৰীৰে ঢাপৰে পকা জলকীয়া
ৰাঙলী ভাটৌৱে খায়,
খৰকৈ যোৱাগৈ লাহৰীক কোৱাগৈ
এদিনে এবছৰ যায়।[১১] - গধূলি পৰতে বহি মই আছিলোঁ
বাদুলীয়ে পকা কল খায়,
তোমালৈ মনত পৰে ঘনে ঘনে
তোমাৰহে মনতে নাই।[১১] - এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব
আমাৰ বিহুত আমনি নাই,
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়ায়
আমাৰ বিহু ভাঙোতা নাই।[১১] - ব্ৰহ্মপুত্ৰৰ বালিতে দলপুঙা চৰাই
ঘূৰি ঘূৰি ঐ বালিতে পৰে
নেভাবোঁ বুলিলে তোৰে ঐ কথাটি
ঘূৰি ঘূৰি মনতে পৰে।[১১] - বাঁহৰে আগৰে কপৌ চৰাই হালি
ধেনু নেমাৰিবা টানি,
শতৰু ছোৱালীত চকু ঐ নিদিবা
দেহাক নকৰিবা পানী।[১১] - ৰৈনো ৰৈ কান্দিলে চাকৈ-চকোৱা
ৰৈনো ৰৈ কান্দিলে জিলি,
এনেয়ে মৰিছোঁ তোৰে ঐ সন্তাপত
আকৌ গা দেখা দি গ’লি।[১১] - সজা ভাঙি মোকলাওঁ সজাৰে মইনা
শালে কাটি মোকলাওঁ হাতী,
ডিঙিৰ মণি বেচি চেনাইকে মোকলাওঁ
টোপনি অহা নাই ৰাতি।[১১] - বগাকৈ বগলী অ' দেহি উৰেনো যোৰে পাতি
আমাৰ নোযোৰ পাতোতা নাই
কিনো দুখ লিখিলে অ' দেহি কণা দাতা বিধাতাই
নিদিলে তোৰ অন্তৰত ঠাই।[২] - হাবিতে কান্দিলে হয়কলি চৰায়ে
চিতিকাৰ মুখলৈ চাই।
জেৰেঙা পথাৰত কান্দে জয়মতী
চাওদাঙৰ মুখলৈ চাই।[২] - ছাঁ পাই বগলী চৰে সমনীয়া
বগলী পানী পাই নাচে,
কোন শতৰুৱে কৈ পঠিয়ালে
মৈদামত কেঁচাসোণ আছে। - চৰাই চিকুণ তেলীয়া সাৰেং
মাছৰ চিকুণ মালি,
স্বৰ্গদেওৰ চিকুণ কেঁকোৰা দোলাখন
শুৱায় গজেপুৰৰ আলি। - হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত।
ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত
মাখি হৈ চুমা দিম গালত। - পখিলা উৰাদি উৰ ঐ নাচনী
পখিলা উৰাদি উৰ
ৰজাৰো আগৰ ফাটবিহুখনিৰ
নেপাবি পিৰিতিৰ ওৰ।[১২] - শালিকী চৰায়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলৈ পায়।
আমি সমনীয়াই কিৰিলি পাৰিছোঁ
বিহু মাৰিবলৈ পায়।[১২] - আজি বিহু বিহু কালি বিহু বিহু
কেতিয়া ফুলিব নাহৰ
কেতেকী চৰায়ে কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ। - খাবলৈ মন গ’ল বগী হাঁহ এজনী
সোধোঁতা নহলে কেওঁ।
আনিব খুজিলো বগী দৈ গাভৰু
ভুলাব নেজানো ছেঁও॥[১]
- ওপৰে উৰিলে বগাকৈ বগলী
ক'লা হৈ পৰিলে ছাঁয়া
ৰাতিৰে সপোনত ফুৰোঁ একেলগে
কোনজন বিধাতাৰ মায়া
বিহুনামত মাছ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- উজাই চৰিব শিহুকৈ ঘড়িয়াল
ভটিয়াই চৰিব মোৱা।
এখন গুণাৰ চেলেং দিয়া আগবঢ়াই
ভনিটী গাভৰু হোৱা॥[১] - ওলাই জাকিমাৰি মোৱামাছ এজাকি
উলাই জাকিমাৰি তৰা।
ওলাই জাকিমাৰি আমাৰে নাচনী
কোন সৰগৰে পৰা॥[১] - ঘাটৰে ঘটীয়া কটীয়া শিঙৰা
পথাৰৰ মটীয়া বন
নাচনী ৰহিতা কাট সৰুসুতা
পৰলৈ নিদিবি মন॥[১] - নৈ খুবুঙৰে পুঠি খলিহনা
জকাই খুবুঙৰে মোৱা।
কিনো মায়া জালত পেলালি সুৱাগী
নেদেখো গধূলি পুৱা॥[১] - কিনো মাছ মাৰিবৰ তুৰা সমনীয়া
কিনো মাছ মাৰিবৰ তুৰা
ৰংপুৰ নগৰত কাৰেংঘৰ সাজিলে
মাৰলি নাখালে জোৰা।[১১] - কিনো মাছ মাৰিবৰ এলেং ঐ পৰুৱা
কিনো মাছ মাৰিবৰ এলেং
পৰুৱা শিপিনীৰ টোলোঠা কাটোঁতে
ফাটিল সৰু সূতাৰ চেলেং।[১১] - তোমাৰ গাল দুখনি পাভ মাছৰ নিচিনা
ঘোঁৰা ফানৰ নিচিনা চুলি
ল’ম ল’ম বুলি এদিনো নল’লা
দুখনি হাতেৰে তুলি।[১১] - কাৱৈ মাছ বাছিবৰ ডবুৱা কটাৰী
পিছলি পিছলি যায়।
দিনৰে দিনটো এনেয়ে কটালোঁ
ডেকা ল’ৰাৰ মুখলৈ চাই।[১১] - লুইতত উজালে শিহুকৈ ঘঁৰিয়াল
দিখৌ নৈত উজালে নাৰ।
আমাৰে বিলৈ দেখি হাঁহে শতৰুৱে
তই জানো সহিব পাৰ। [১১] - চেঙেলি মাৰিবৰ চিপত ঐ বান্ধৈ
চেঙেলি মাৰিবৰ চিপত,
হাত বাউল দিলে আটায়ে জানিব
আহিবি চকুৰে টিপত।[১১] - কাকডোঙাৰ বৰালি ডেৰছোৱাৰ বৰালি
কেনেকৈ মিহলি হ’ল,
আমি নেঘেৰিয়াল তুমি যোৰহতীয়া
কেনেকৈ চিনাকি হ’ল।[১১] - আবেলি বেলিকা জিকাফুল ফুলিছে
মাৰে মোৱা মাছে জাকি,
গধূলি বেলিকা আইটী ওলাইছে
আনন্দে নধৰে আজি।[১১] - অ তোৰা বতিয়া, বিহু আহে যেতিয়া
নাহৰ ফুলে তেতিয়া,
তগৰ ফুলে যেতিয়া
পখিলা হৈ পখিলা হৈ উৰিবৰ মন।[৬] - ঐ কলঙত উঠিলে গেলাকৈ বৰালি
তাকে চাই শুকুতা বাচোঁ।
ৰঙা টিপে পনীয়া তামোলখনি
নেখাই মই ধনাই তোক যাচোঁ।[২] - তোমাৰ মুখখনি মালি মাছৰ নিচিনা
বামী মাছৰ নিচিনা চুলি।
লম লম বুলি এদিনো নল’লা
দুখনি হাতেৰে তুলি। - দেওঁ দি এৰালে দেও ডৰিকণা
ঐ লুটি দি এৰালে শাল
ঐ লুটি দি এৰালে শাল
জাকি মাৰি ওলালে আমাৰে নাচনী লাহি খামুচীয়া কঁকাল।
বিহুনামত তাঁতশাল
[সম্পাদনা কৰক | উৎস সম্পাদনা]- উঘাকৈ চেৰেকী ঘূৰে ঐ বাসন্তি
উঘাকৈ চেৰেকী ঘূৰে।
নাচনী নাচিছে গামখাৰু বাজিছে
মনে উৰোঁ উৰোঁ কৰে॥[১] - দুলুংনৈ পাৰহৈ হোলং গছ কাটিলো
জিৰালো কদমৰ ছাঁত।
পৰুৱা শিপিনীৰ টোলোঠা কাটোতে
আলষণী লাগিলে গাত॥[১] - তাঁতৰ দোৰপতি বাজে খিতিখিতি
বহি বৈ আছিলো তাঁত।
মাকোৰ খিতখিতনি গামখাৰু বাজনি
লগাই কোন ঈশ্বৰে মাত॥[১] - সৰুকৈ বাটিবা মুগাৰে মহুৰা
চতাইকৈ পাৰিবা পাত।
আঁহোতে যাওঁতে মোৰে তাঁত শালে
লাহেকৈ লগাবা মাত॥[১] - খিতিখিতি কৰি তাঁতে বৈ আছিলি
তোৰে তাঁতশালে বাট।
আহোঁ তিনিবেলি যাওঁ তিনিবেলি
মুখেৰে নিদিলি মাত॥[১] - ৰাতি দুপৰলৈ কাটি সূতালাহি ধনলৈ বিহুৱান ব’লোঁ
ৰঙাকৈ আঁচুৰে বাছি পাণেকটা
টিপতে লুকুৱাই থ’লোঁ।[৪] - বহোঁ তাঁতৰ পাটত চকু আলিবাটত
মাকো সৰি সৰি পৰে।
ধনলৈয়ে বুলি বিহুৱান বৈছোঁ
ঘনে ঘনে মনতে পৰে।[৪] - এ লীলা, বহোঁ তাঁতৰ পাটত, লীলা চকু আলিবাটত
লীলা সৰি সৰি পৰে মাকো
এ লীলা যাকে চাঁৱে বোলে, লীলা তাকেহে নেদেখে
লীলা কিনো জুয়ে লগা চকু। - বৰঘৰৰ মুধতে তাঁতে বৈ আছিলোঁ
ঘনাই মাৰিছিলো অ' মাকো,
আঁহতৰ তলতে টকাৰ মাত শুনিলোঁ অ'
ঘৰত মই কেনেকৈ থাকোঁ। - আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ।
কেতেকী চৰায়ে কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ। - খিতিৰ খিতিৰ কৰি কাপোৰ বৈ আছিলোঁ
দোৰেপতিৰ শুৱলা মাত।
শুৱলা মাততে ৰ’বকে নোৱাৰি,
এৰি যাওঁ পেটৰে ভাত॥[৪] - বৰঘৰৰ মূধতে চেনাইৰ তাঁতশাল,
দি যাওঁ হাতী দাঁতৰ মাকো।
দুয়ো লগ হবলৈ লাগে কত বেলি,
পাৰি দিয়া প্ৰেমৰে সাঁকো॥[১৩] - অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ।[১৪] - ব'লা যাওঁ ভাটিলৈ লুইতৰ দাঁতিলৈ
আনোগৈ কঁপাহৰ জোলা,
তুমি বৈয়ে ল'বা ৰিহাকৈ মেখেলা
মোকো বৈয়ে দিবা চোলা।[১২]
বিহুনামত বাদ্যযন্ত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ৰিঙেকৈ পহুৰে শিঙে সেউজীয়া
দুবৰি কজলা ডাল।
আমাৰে বিহুতে ঢোলে নাইকীয়া
বজাও খোলাকটি তাল॥[১] - ঢোলৰে বৰটি লৰিল সমনীয়া
ঢোলৰে বৰটি লৰিল।
কালিৰে পৰা ভাতে নাইকীয়া
কাছুটি সুলকি পৰিল॥[১] - সুতুলি সুতুলি মাটিৰে সুতুলি
সুতুলি কিহেৰে বাওঁ।
ককালৰ খোচনিত সুতুলি আনিছো
আঙুলি বোলায়ে বাওঁ॥[১] - ঢোলৰ ধম্ ধম্নি পেঁপাৰে কিৰিলি
নোশুনি পৰজাৰ মাত।
নাচনী নাচিছে গামখাৰু বাজিছে
পৃথবি মেলিছে ফাট॥[১] - ন-জোনটি ওলালে ন-পানী বাঢ়িলে
সলাই বৰগছে পাত।
গগণা বাজিছে গামখাৰু বাজিছে
বিহু বিহু লাগিছে গাত॥[১] - ইফালে নাচনী সিফালে নাচনী
তিঁহিতি পেঁপাৰে মাত।
ঢোলৰ চাপৰ শুনি ৰঙাগড়া নাচনী
দেওধনি উঠিলে গাত॥[১] - ধনে সাজিদিয়া লাহৰী গগণা
নাহৰৰ তলতে বাওঁ।
ধনো নাহিলে বাতৰি নিদিলে
ওলাই পদুলিলৈ চাওঁ॥[১] - গগণা শুৱনী গগণা পুৰণি
গগণা কিহেৰে বাওঁ।
দুফালে দুচটা মাজত লুৰিকটা
মৃগাসূতা লগায়ে বাওঁ॥[১] - আজি বিহু বিহু কালি বিহু বিহু
বিহুলৈ কেইদিন বাকী।
নাচনী অহা নাই ঢোলৰ মাত শুনা নাই
আমনি লাগিছে থাকি॥[১] - ব-চৰাই উৰিলে ডম্বৰু বাজিলে
চেহাবৰ মনতো ৰং।
গাঁৱৰ গাভৰুৱে বিহুতলি ভৰিলে
ডেকালৰা মনতো ৰং॥[১] - চৰাইটি কান্দিলে বনত অ’ নাচনী
চৰাইটি কান্দিলে বনত।
গগণা বাজিলে গামখাৰু বাজিলে
বিহুলৈ পৰিলে মনত॥[১] - নাচনী ৰহিতা কাট সৰু সুতা
বিকুলৰ নলি যেন মাত।
ৰদপাই জিলিকে ৰঙাগাল দুখনি
হাঁহোতে জিলিকে দাঁত॥[১] - আগলি বাঁহৰে পবালি গগণা
বহি তাঁত পাতত বাঁও।
মহৰ শিঙৰ পেপাটি বনকীয়াই আনাগৈ
ৰাতি বিহু চাবলৈ যাওঁ॥[১] - তোমালৈ আনিছো সৰু দৈয়া জাপিটি
আমালৈ আনিছা কি।
আনিছো গগনা ধনে বনাই দিয়া
মাজত বালিচন্দা দি॥[১] - সুতুলি সুতুলি মাটিৰে সুতুলি
সুতুলি কিহেৰে বাওঁ;
কঁকালৰ খোচনিত সুতুলি আনিছোঁ
আঙুলি বোলায়ে যাওঁ।[১২] - ম'হৰ শিঙৰ পেঁপাটি নবজাবা ককাইটি
মনে মোৰ উৰুঙা কৰে;
পেঁপাৰ মাতে শুনি ৰব মই নোৱাৰোঁ
হাতৰ বনে সৰি পৰে।[১২] - ধনে সাজি দিয়া লাহৰী গগণা
বহি বৰৰ তলত বাওঁ।
ধনো নাহিলে গগণা ফাটিলে
খৰিকাত মঙলখন চাওঁ।[১২] - পাৰ যোৰে যোৰে উৰে অ’ কলিজা
পাৰ যোৰে যোৰে উৰে।
ঢোল বায় ঢুলীয়া নাচনী বলিয়া
টাকুৰী ঘূৰাদি ঘূৰে।[৪] - আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাতত বাওঁ।
আহে কি নাহে ঐ মোৰে ধন চেনাইটি
চিৰি পাতি মঙলখন চাওঁ।[৪] - টকাৰ সৰু সৰু মাতে সমনীয়া
টকাৰ সৰু সৰু মাত।
টকাৰ মাতে শুনি ৰ’বকে নোৱাৰো
এৰি যাওঁ পেটৰে ভাত।[৪] - ঔৰে গছতে মৌৱে বাহে ল’লে
ককাই পাৰি দিয়া খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ।[৪] - ঢোল বায় ঢুলীয়া খোল বায় খুলীয়া
কাৰ ঘৰৰ নাচনী নাচে।
ওচৰ চাপি চাপি নাহিবা নাচনী
তোমাৰ গাত মোহিনী আছে।[৪] - এই বেলি আহুধান পানীয়ে মাৰিলে
অহা বেলি আহুধান পাম।
ম’হৰ শিঙৰ পেঁপাটি বনকিয়াই আনাগৈ
বিহু মাৰিবলৈ যাম।[৪] - ঢোলৰে বৰটি ঢিলা ঐ ঢুলীয়া
ঢোলৰে বৰটি ঢিলা;
কালিৰে পৰা ভাতে নাইকিয়া
কঁকালৰ কাছুটি ঢিলা।[১২] [৪] - পঢ়ি ভালে পালো নামৰে বহীটি
বজাই ভালে পালো বাঁহী।
ছোৱালীৰ ভিতৰত তোমাক ভালে পালো
মুখত মিচিকিয়া হাঁহি।[১২] - বাঁহৰ তলে তলে বাঁহীটি বজালো
শাহু আয়ে শুনকহি বুলি
শাহু আয়ে শুনিলে মিচিকাই হাঁহিলে
জোঁৱাই ধেমেলীয়া বুলি।[১২] - তোমালৈ আনিছোঁ সৰুদৈয়া জাপিটি
আমালৈ আনিছা কি।
আনিছোঁ গগণা ধনে বনাই দিয়া
মাজত বালিচন্দা দি॥[১]
বিহুনামত ঢেঁকী
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ঢেঁকীটি মৰমত ধানকে নেবানো
থোৰাটি মোহাৰি থাকো।
চেনাইটি মৰমত গাঁৱকে নোফুৰো
বুকুতে সাবতি থাকো॥ - সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী
চিৰা খুন্দি দিয়া খাওঁ।
ৰাতিৰে ভিতৰত কাপোৰ বৈয়ে দিয়া
বঙাল মাৰিবলৈ যাওঁ। - ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে
বঢ়নী হাতত লৈ কান্দো।
আয়ে নেদেখাকৈ ঢেঁকীশালত বহি
তোৰেনো কথাকে ভাবোঁ॥ - নৈত গুমেগুমায় কোম্পানীৰ জাহাজ ঐ
ঢেঁকীত গুমেগুমায় থোৰা।
বুকু চমেচমায় মনে কুৰুলিয়ায়
গাভৰু হ’বৰে পৰা। - (ঢেক) ঢেঁকী দে ঢেঁকী দে
ঢেঁকী দে ঐ আইজনী
ঢেঁকী দি থাকোঁতে পলাই নাযাবি
ভৰিব লাগিব ধন। - চাউল চালিবৰে সুৱৰ্ণ চালনী
বহি জাৰিবৰে কুলা।
আমাৰ জীৱনলৈ আশা নকৰিবা
উৰি যাম শিমলু তুলা।
অন্যান্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বিহুৰে বিৰিণা পাতে সমনীয়া,
বিহুৰে বিৰিণা পাত।
বিহু থাকেমানে বিহুকে বিনাবি,
বিহু গ’লে বিনাবি কাক[১৫] - এটা বাটিত নহৰু এটা বাটিত পনৰু
এটা বাটিত খুতুৰা শাক।
বছেৰেকৰ বিহুতে আৰ্শীবাদ কৰিছো
গৃহস্থ কুশলে থাক॥[১] - ভলুকা বাঁহৰে আখি ঐ দদাই দেউ
ভলুকা বাহৰে আখি।
তলে বোকাপানী ওপৰে বৰষুণ
আমাকো নথবা ৰাখি॥[১] - নামৰো নেজানো সুৰে অ’ বৌদেউ
পদৰো নেজানো সুৰ।
কিনো চাই আছা ভিতৰলৈ যোৱাগৈ
মেলাগৈ জপাৰে মূৰ॥[১] - বোৱালে মেলিব পোখা অ’ দেউতা
বোৱালে মেলিব পোখা।
এটকা চিকাৰূপ নেপাব লাগিলে
চোতালখন কৰি যাম বোকা॥[১] - হুৰাই ল' স্বৰগৰ তৰা
খাৰীনাকী ছোৱালী পেটুৱা দৰা
দৰাই বোলে জেতুকী ভাতখাৱ এনাও
খালৈ যেন পেটতোৰ পানী খাৱ দুনাও।[১] - গিৰিপ গিৰিপ ঐ কলীমতী কাঠৰ শৰাই
কি ফুল পিন্ধিলি খোপা ভৰাই
জাঁই পিন্ধো যূতি পিন্ধো পিন্ধো দুৱামৰি
পেঁপাটো বজাই দে নাচোঁ ঘূৰি ঘূৰি। [১] - নাহৰৰ তলতে টকাৰ মাত শুনিলোঁ
ওলাই পদূলিলৈ চাওঁ।
হাততো জেতুকা ভৰিতো জেতুকা
ফাট বিহু চাবলৈ যাওঁ॥ [১] - নৈ গুমগুমাই কোম্পানী জাহাজে
ঢৌৱে গুমগুমাই গৰা।
গা জিন্জিনাই বুকু পিৰপিৰাই
গাভৰু হবৰে পৰা॥[১] - হাততে হালধি নলবি মালতী
চুলিমেলি নলবি তেল।
নৈৰে ঘাটলৈ অকলে নেযাবি
বাটত ডেকাল’ৰা মেল॥[১] - নাচনী মুৰটো বিৰিঙা জোপাটো
এদোণ সৰিয়হৰ তেল।
এচিচা তেলেৰে জঁটকে নেভাগে
ডেকাল’ৰাৰ নেভাগে মেল॥[১] - আজি কি উৰুকা কালি কি উৰুকা
চিৰে গৰখীয়াই তৰা।
যোৰফোঁট মাৰি লৈ নাচনী আহিছে
জিলিকে আঁতৰৰ পৰা॥[১] - বিহুকৰি থাকিব মনে ঐ নাচনী
বিহুকৰি থাকিব মন।
বিহু কৰি থাকোতে পলুৱাই নিনিবা
ভৰিব লাগিব ধন॥[১] - কলগছ শুৱনী কলাডিল ৰূপহী
এবেলা আছিলোঁ চাই।
বিহুতলি পৰা উলটি আহিলো
গাঁৱৰ ডেকাল’ৰা নাই॥[১] - পথাৰৰ মাজতে আঁহতৰ তলতে
শুনিলো টকাৰে মাত।
টোপোলাৰ সেন্দূৰে থাকিল টোপোলাতে
খাবলৈ নহলে ভাত॥[১] - আজিচোন নাচনী চিনিব নোৱাৰোঁ
খোপাতে নাহৰৰ ফুল।
ক’ত পালা নাচনী ৰঙাৰিহা খনি
কোনে দিলে জেতুকাৰ বোল॥[১] - ভঁৰালৰ তলতে দীঘল জলকীয়া
তললৈ মেলিলে শিয়া।
চাইথাক চাইথাক গাঁৱৰ ডেকালৰা
বহাগত পাতি যাম বিয়া॥[১] - নালেনাই বিচনী কেলৈ বনাইছিলা
নপৰে বতাহৰ বা।
দকৈ পুখুৰী কেলৈ খনাইছিলা
চেনায়ে নোধোৱে গা॥[১] - ফুলকাটি ফুলবাৰী পাতিলি লাহৰী
থিয়কৈ বান্ধিলি চুলি।
কেলৈ সোণামুৱা উঘালি পেলালি
বাঁজী ফুল মেলিলে বুলি॥[১] - বাঁহৰে আগলৈ চাই পঠিয়ালোঁ
বাঁহে কোনদালি পোন।
জাকৰে মাজলৈ চাই পঠিয়ালোঁ
চেনাই পূৰ্ণিমাৰ জোন॥[১] - গাখীৰৰ চুঙাদৈ এৰিলোঁ খাবলৈ
বগীম’হ মৰিবৰ পৰা।
আঁহতগুৰি বিহুলৈ যাবলৈ এৰিলো
মনতৰা নহবৰ পৰা॥[১] - এটা বাটিত নহৰু, এটা বাটিত পনৰু
এটা বাটিত খুতৰা শাক;
গৰু বিহুৰ দিনা আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক। - আলিয়ে আলিয়ে ম'হে লানি ল'লে
গোৱাল বা কেনিনো গ'ল
নাকীজৰী বান্ধোতে গলজৰী ছিগিলে
ম'হে বনৰীয়া হ'ল - মানদেশত আছিলে মানতৰা এজুপি
আছিলে নৰিয়াত পৰি
যেতিয়া শুনিলে বিহুৰে বাতৰি
আহিলে লাখুটি ধৰি - হুঁচৰি এ চ'ত
আমি বিহু মাৰোঁ য'ত
দূবৰি নগজে তʼত - ৰৈ ৰৈ ৰতি মইনামতী তোমালোকৰ ঘৰলৈ
ৰৈ ৰৈ ৰতি মইনামতী সদায় যাব পাৰোঁ মই
ৰৈ ৰৈ ৰতি মইনামতী যদি দিয়া মৰমৰ মাত - দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম। - প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে তাৰ পাচত স্ৰজিলে ঐ জীৱ
সেইনোজন ঈশ্বৰে পিৰীতি কৰিলে ঐ আমিনো নকৰিম কিয়? - ঘৰতো নবহে মন সমনীয়া
পথাৰতো নবহে মন,
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।[১২] - হাততো জেতুকা ভৰিতো জেতুকা
কোনে দিলে জেতুকা তোক,
ম'হঘুলি চাপৰিৰ নাচনি কেইজনী
সিয়ে দিলে জেতুকা মোক।[১২] - চ'তত চকৰী ব'হাগত বগৰী
জেঠত আমনা ধান,
গৰু বিহুৰ দিনাখন ল'বি আশীৰ্বাদ
তেহে পাবি বৈকুণ্ঠত থান।[১২] - বিহুলৈ বুলি সাজিকাচি আহিলা
খোপাতে কপৌফুল গুজি
মাৰক ফাঁকি দি বিহুলৈ আহিলা
চেৰেকী আনোগৈ বুলি।[১২] - চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি-লতা,
কৈ থাকোঁ মানে ওৰকে নপৰে
আমাৰ বিহুটিৰ কথা।[১২] - সেউতী নিপিন্ধোঁ মালতী নিপিন্ধোঁ
নিপিন্ধোঁ খৰিকাজাঁই
তুমি আনি দিয়া কপৌফুল এপাহি
দেহা-মন জুৰায়।[১২] - ন জোনটি ওলালে বৰণটি সলালে
আঁহতে সলালে পাত,
আমাৰ লাহৰীয়ে বৰণটি সলালে
মুগা ৰিহা মেৰালে গাত।[১২] - এইবেলি বিহুটি ৰমকে-জমকে
নাহৰফুল ফুলিবৰ বতৰ,
নাহৰফুলৰ গোন্ধ পাই নাচনী ততে নাই
গছকত ভাঙি যাওঁ যঁতৰ।[১২] - আগবাৰী শুৱনি কাকিনি তামোলে
পাছবাৰী শুৱনি পাণ,
বৰঘৰ শুৱনি জীয়ৰী ছোৱালী
উলিয়াই দিবলৈ টান।[১২] - ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লোৰা ঠাই
ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা
তামোল দি মাতোতা নাই।[১২] - আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ;
ফুলপানী ছিগাত ঐ ঢোলৰ মাতে শুনি
গৰকি ভাঙি যাওঁ যঁতৰ।[১২] - ঔৰে গছতে মৌৱে বাঁহে ললে
ককাই পাৰি দিয়া খাওঁ
জাতিবাঁহৰ টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ।[১২] - হাতে মেলি হালধি নল'বি তই মালতী
চুলি মেলি নল'বি তেল
পানী অনা ঘাটলৈ অকলে তই নাযাবি
ডেকা ল'ৰাই পাতিছে মেল।[১২] - আলিয়ে নাযাবি বালিয়ে কাটিব
পথাৰে নাযাবি বোকা
পথাৰৰ মাজতে আছে ম'হৰ গোৱাল
ছোৱালী জোকোৱাত চোকা।[১২] - আমি অসমীয়া বিহুতে বলীয়া
মুগা ৰিহা মেখেলা গাত
বনৰে দেৱতা দায় নধৰিবা
ধৰি যাওঁ নামৰে আঁত।[১২] - ন-জোনটি ওলালে
বৰণটি সলালে৷
সলায় বৰে গছে, পাত এ জোনে বেলি
কিয় পোহৰ দিলি৷ কিয় পোহৰ দিলি
মোৰে মন বলিয়া কৰিলি বসন্ত
লাগে মোৰ আনন্দ
বিহুটি আহিছে, বিহুটি আহিছে বুলি৷ - দেউতা ওলালে বাটচৰাৰ মুখলৈ
দুলীয়াই যে পাতিলে দোলা ঐ লাৱৰী
দুলীয়াই পাতিলে দোলা।[১৬] - কাণতে জিলিঙিল (গ) নৰা-জাঙেপাই (ঘ)
গাতে গোমেচেঙৰ (ঙ) চোলা ঐ লাৱৰী
গাতে গামেচেঙৰ চোলা।[১৬] - চকলা যে কাটৰে মই পণি (চ) কাটিলোঁ—
লেডেঙৰ কোঁপলৈ চাই।
আজি নিকা অপনত বেয়া কৈ দেখিলোঁ
পণিকনে অৰাব পায়।[১৬] - নাচনী নৰিয়া পৰিল ঐ চেনেঙা
নাচনী নৰিয়া পৰিল
নাচনীৰ অলনি কুকুৰা কাটিল(ছ)
নাচনী উটিয়ে বয়িল।[১৬] - পাহাৰৰ নিজৰা
অ’হ’ ৰাণুমাই মৰম লগা চেহেৰা৷
চেহেৰাটি নিবলৈ
অ’হ’ ৰাণুমাই হাতত নাহিল কেমেৰা৷
গোলাপ ফুলৰ বাগিছা
অ’হ’ ৰাণুমাই সযতনে ৰাখিবা
অচিনাকি ভোমোৰা
অ’হ’ ৰাণুমাই পৰিবলৈ নিদিবা৷
অচিনাকি ভোমোৰাই
অ’হ’ ৰাণুমাই ফুলৰে মৌ চুমি খায়৷
সেইকাৰণে গোলাপ ফুল
অ’হ’ ৰাণুমাই কলিতে মৰহি যায়৷ - পকা পকা বিলাহী
অই জান কিনো মৰম দিলাহি৷
কিনো মৰম দিলাহি
অই জান বলিয়া কৰিলাহি মোক৷ - বসন্ত কালত ভনী কুলিয়ে মাতে
জিৰি জিৰি ফাগুনৰে অ’ ভনী পছোৱা বলে৷
বিৰিখৰ ডালত ভনী ওলাল কুঁহিপাত
বিহু বিহু তোমাৰ বাৰু অ’ ভনী লগা নাইনে গাত৷ - কচুপাতে খজুৱায়, পদুম পাতে হহুঁৱায়
তোমাৰেনো মৰমে, সদায়ে মোক কন্দুৱায়৷
তুমি হৈছা পদুম পাত, মইনো হ’লোঁ কচুপাত
ওচৰ চাপি নাহিবা, খজুৱাব তোমাৰ গা
হ্ৰদৰ পানী লুণীয়া, গোলাপ ফুল ঐ ধুনীয়া
তাতোকৈনো ধুনীয়া, তুমি জানো নোহোৱা৷
নিম গছৰ তিতা পাত, কৃষ্ণচূড়াৰ মিহি পাত
ওচৰ চাপি আহা চেনাই, লগাই যোৱা মিঠা মাত
কুলিৰনো মাত শুৱলা, ভণ্টি তুমি ৰমলা
ধেমালিতে জোকালোঁ, বেয়া পালা হ’বলা
ঐ নদীৰ পানী পৱিত্ৰ, তোমাৰে ভাল চৰিত্ৰ
ঐ তোমাকনো বিয়া কৰাই, নহওঁনো মই দৰিদ্ৰ৷
অৰ্জুন গছৰ কুহিপাত, মেঘে মাৰে বজ্ৰপাত
অচিনাকি ছোৱালীলৈ, কেলেই মাৰা চকুৰ পাট
অ দাদা জয়ন্ত, নকৰিবা আনন্দ
এদিন মায়ে কৈছিলে, আমাৰ আছে সমন্ধ
ঐ কচুপাতে খজুৱায়, পদুম পাতে হহুঁৱায়.... - শিৱৰ বস্ত্ৰ বাঘৰ ছাল
ভণ্টি তোমাৰ যৌৱন কাল
ডেকাৰ লগত ঘূৰি ফুৰা
তোমাৰ বাবে নহয় ভাল৷
অ’ মন শতৰু
শিৱই বজায় ডম্বৰু৷ - ঢোলৰ নো গিৰগিৰনি
তাঁতৰনো খিটখিটনি
কুলি-কেতেকীৰ বিননি
পালোঁ বিহুৰ জাননী৷
মাৰাকো সুধিবা দেউতাৰাকো জনাবা
নাযাবা বিহু এৰি নাযাবা সোণ আঁতৰি
ঘুনুক-ঘানাককৈ শুনিছোঁ
তোমাৰ বিয়াৰ বাতৰি
তোমাৰ হেনো ব’হাগত বিয়া হেৰা নাচনী
নাযাবা বিহু এৰি, নাযাবা সোণ আঁতৰি৷
মৰম লাগে তোমালৈ, লৈ যাম আমাৰ ঘৰলৈ
মায়া ডোলে বান্ধি থ’ম, আহিব নোৱাৰাকৈ৷
মাৰাকো সুধিবা দেউতাৰাকো জনাবা
নাযাবা বিহু এৰি নাযাবা সোণ আঁতৰি৷
ঢোলৰ নো গিৰ গিৰনি
তাঁতৰনো খিটখিটনি... - লাদৈ ভাদৈ চম্পা দৈ
খাৰু মনি সোলোকাই থৈ আহগৈ
ঠেকেচি নেকেচি জাকৈ বাম
পদুমনি পুখুৰিত পানী খাম্, আমুকী আহ বেটি তামুকী আহ বেটি
বিহু মাৰিবলৈ যাওঁ - চ'তে গৈয়ে গৈয়ে কে কো কে কলি
বহাগী পালেহি কে কো কে কলি
ফুলিলে ভেবেলী লতা ঐ
কে কো কে কলি
ঠুনুপাক ক’ত থলি
ঠুনুপাকত নাই ধন
নাচনি নাচিবৰ মন৷ - হয় বা অ ল্' ল'
হয় বা ত ল্' ল'
চপাই নাহৰৰে কলি অ বাই
ৰৈ বৈ যাম খাওঁতাও নাই
ৰিচি পৌ চিপৌ হ হ হেই
খাৱ যদি খা নাখাৱ যদি যা
কি কৰোঁ কি কৰোঁ বুঢ়ীমাৰে চা
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ ১.১৩ ১.১৪ ১.১৫ ১.১৬ ১.১৭ ১.১৮ ১.১৯ ১.২০ ১.২১ ১.২২ ১.২৩ ১.২৪ ১.২৫ ১.২৬ ১.২৭ ১.২৮ ১.২৯ ১.৩০ ১.৩১ ১.৩২ ১.৩৩ ১.৩৪ ১.৩৫ ১.৩৬ ১.৩৭ ১.৩৮ ১.৩৯ ১.৪০ ১.৪১ ১.৪২ ১.৪৩ ১.৪৪ ১.৪৫ ১.৪৬ ১.৪৭ ১.৪৮ ১.৪৯ ১.৫০ ১.৫১ ১.৫২ ১.৫৩ ১.৫৪ ১.৫৫ ১.৫৬ ১.৫৭ ১.৫৮ ১.৫৯ ১.৬০ ১.৬১ ১.৬২ ১.৬৩ ১.৬৪ ১.৬৫ ১.৬৬ ১.৬৭ ১.৬৮ ১.৬৯ ১.৭০ বিহুগীত. আহৰণ কৰা হৈছে: 3 জুলাই 2023.
- ↑ ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ ২.১২ ২.১৩ ২.১৪ ড° উপেন ৰাভা হাকাচাম (২০১৭)। সমকালীন অসমীয়া লোকসাহিত্য। অলিম্পিয়া প্ৰকাশন, পৃষ্ঠা:১৪৫-১৮৫।
- ↑ ৩.০ ৩.১ ৩.২ চাও লোকেশ্বৰ গগৈ (২০১৫)। অসমৰ লোক সংস্কৃতি। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৪১২,৪১৩,৪১৪।
- ↑ ৪.০০ ৪.০১ ৪.০২ ৪.০৩ ৪.০৪ ৪.০৫ ৪.০৬ ৪.০৭ ৪.০৮ ৪.০৯ ৪.১০ ৪.১১ ৪.১২ ৪.১৩ ৪.১৪ ৪.১৫ চাও লোকেশ্বৰ গগৈ (২০১১)। অসমৰ লোক সংস্কৃতি। ক্ৰান্তিকাল প্ৰকাশন।
- ↑ ৫.০০ ৫.০১ ৫.০২ ৫.০৩ ৫.০৪ ৫.০৫ ৫.০৬ ৫.০৭ ৫.০৮ ৫.০৯ লীলা গগৈ (২০১০)। বিহু-এটি সমীক্ষা। বনলতা।
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ৬.৫ ড° উপেন ৰাভা হাকাচম (২০১৭)। সমকালীন অসমীয়া লোকসাহিত্য। অলিম্পিয়া প্ৰকাশন।
- ↑ ৭.০ ৭.১ জনকাব্য. আহৰণ কৰা হৈছে: 17 ডিচেম্বৰ 2023.
- ↑ জনকাব্য. আহৰণ কৰা হৈছে: 7 জুন 2024.
- ↑ ডিম্বেশ্বৰ নেওগ. ডিম্বেশ্বৰ নেওগৰ জনকাব্য পৃষ্ঠা: ৩৭. প্ৰকাশক: ৱিকিউৎস. আহৰণ কৰা হৈছে: জুন 29, 2023.
- ↑ ১০.০ ১০.১ ১০.২ ১০.৩ ১০.৪ নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। অসমৰ লোক সংস্কৃতি। বীণা লাইব্ৰেৰী, পৃষ্ঠা:৪১২,৪১৩,৪১৪ণ।
- ↑ ১১.০০ ১১.০১ ১১.০২ ১১.০৩ ১১.০৪ ১১.০৫ ১১.০৬ ১১.০৭ ১১.০৮ ১১.০৯ ১১.১০ ১১.১১ ১১.১২ ১১.১৩ ১১.১৪ ১১.১৫ ১১.১৬ ১১.১৭ ১১.১৮ ১১.১৯ ১১.২০ ১১.২১ ১১.২২ ১১.২৩ ১১.২৪ ১১.২৫ ১১.২৬ ৰঞ্জিত গগৈ (২০১৭)। বিহু সংস্কৃতিৰ ই তিবৃত্ত। ষ্টুডেণ্টচ্ ষ্টোৰচ্।
- ↑ ১২.০০ ১২.০১ ১২.০২ ১২.০৩ ১২.০৪ ১২.০৫ ১২.০৬ ১২.০৭ ১২.০৮ ১২.০৯ ১২.১০ ১২.১১ ১২.১২ ১২.১৩ ১২.১৪ ১২.১৫ ১২.১৬ ১২.১৭ ১২.১৮ ১২.১৯ ১২.২০ ১২.২১ ১২.২২ ১২.২৩ (২০২৩) বিহুৱান,দ্বাত্ৰিংশ সংখ্যা,। ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ,, পৃষ্ঠা:১০৩, ১৫৯।
- ↑ ডিম্বেশ্বৰ নেওগ. ডিম্বেশ্বৰ নেওগৰ জনকাব্য পৃষ্ঠা: ৩৮. প্ৰকাশক: ৱিকিউৎস. আহৰণ কৰা হৈছে: জুন 29, 2023.
- ↑ নৈ বৈ যায়, ড° লীলা গগৈ, বনলতা; পৃ, নং, ৭৭
- ↑ নৈ বৈ যায়, ড° লীলা গগৈ, বনলতা; পৃ, নং, ৭৭
- ↑ ১৬.০ ১৬.১ ১৬.২ ১৬.৩ মিৰি-জীয়ৰী/দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত. ৰজনীকান্ত বৰদলৈ. প্ৰকাশক: সাহিত্য-প্ৰকাশ. আহৰণ কৰা হৈছে: 28 ছেপ্টেম্বৰ 2023.