অসমীয়া ভাষা

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অসমীয়া ভাষা (ইংৰাজী: Assamese language) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, ড‍° বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোকচন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত। আনহাতে, ড° নাথান ব্ৰাউনৰ মতে, “অধুনালুপ্ত কোনো এক অনা আৰ্য ভাষাৰ গাঁথনিৰ ওপৰত আৰ্য ভাষাৰ গাঁথনি জাপি দিয়াৰ ফলত অসমীয়া ভাষাৰ জন্ম হয়৷’’ চীনা পৰিব্ৰাজক হিউৱেনচাঙেও তেওঁৰ লেখাত উল্লেখ কৰিছে, “কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাৰ পৰা সামান্য বেলেগ’’৷[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

“অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ।”লক্ষ্মীনাথ বেজবৰুৱা
  • অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ।
  • অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷
  • অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে।
  • আজিৰ অসমীয়া ভাষা বিশেষত্বমূলকভাবে হেমচন্দ্ৰ বৰুৱাৰ ভাষা৷
    • ড° মহেশ্বৰ নেওগ৷[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২১৩, অসম একাডেমীক চেণ্টাৰ, ২০০০>
  2. এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া
  3. অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ
  4. গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড° উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬, পৃষ্ঠা ১-২
  5. ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২২৫, অসম একাডেমীক চেণ্টাৰ, ২০০০>