সমললৈ যাওক

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী অসমৰ এজন অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ৷

  • প্ৰতিগৰাকী নাৰীয়েই জীৱনত এজন পুৰুষৰ মাজতেই দুজন মানুহ বিচাৰে, এজনৰ পৰা বিচাৰে আশ্ৰয় আনজনৰ পৰা প্ৰেম।[]
  • প্ৰেমৰ উত্তাপ আৰু প্ৰেৰণাই এজন মানুহৰ সৃষ্টি-ক্ষমতাক বিকশিত কৰি তুলিব পাৰে।[]
  • প্ৰেম পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভাষা।[]
  • অনুভৱ গতিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰেম, দয়া, কৰুণা আদি কোমল অনুভৱসমূহ জীয়াই ৰখাৰ বাবে আমি জীৱনটো তেনে অনুভৱৰ গতিৰ লগত synchronise কৰিব লাগে।[]
  • মই সেইজন ব্যক্তিকে পৃথিৱীৰ অন্যতম দৰিদ্ৰ, হতভগা ব্যক্তি বুলি গণ্য কৰো, যাৰ জীৱনলৈ কেতিয়াও প্ৰেম অহা নাই।
  • মাত্ৰ কেইটামান বছৰৰ পাছত আজিৰ উৎকৃষ্টতম চিকিৎসাক আমাৰ ল'ৰা-ছোৱালীয়ে 'অন্ধবিশ্বাসেৰে ভৰা বেজালি' বুলি ৰগৰ কৰিব। (পঞ্চাশত পঁচিশৰ প্ৰেম গ্ৰন্থৰ উদ্ধৃতি)[]
  • ভৱিষ্যতক বিজ্ঞানেও নিৰ্মাণ কৰিব নোৱাৰে, কলায়ো নিৰ্মাণ কৰিব নোৱাৰে যদিহে সেই বিজ্ঞানী অথবা কলাকাৰৰ আঁৰত/ মাজত এটা সৃজনশীল মন নাথাকে।[]
  • 'মানুহ' হিচাপে জীয়াই থকাৰ পথ প্ৰতিটো মুহূৰ্ততে সন্ধান কৰা প্ৰক্ৰিয়াটোৰ নামেই হ'ল সভ্যতা।[]
  • মই সমস্ত জীৱনত এটা কথাই শিকিলো- পোহৰ যিদৰে স্থায়ী নহয়, স্থায়ী নহয় অন্ধকাৰো। পোহৰে ইংগিত দিয়ে অন্ধকাৰ আহিব, সাৱধান হৈ থাকিব আৰু অন্ধকাৰে আহি ফুচফুচাই কয়- মই ক্ষন্তেকৰ অতিথি, মোৰ পিছে পিছে পোহৰ আহি আছে। পোহৰ আৰু আন্ধাৰৰ অহা-যোৱাই জীৱন। কাৰোবাৰ যদি এতিয়া আন্ধাৰ, কাৰোবাৰ পোহৰ, কাৰোবাৰ যদি পোহৰ, কাৰোবাৰ আন্ধাৰ; সেয়াইতো আমাৰ সকলোৰে জীৱন। (‘আন্তৰিক’ গ্ৰন্থৰ পৰা)[]
  • শিক্ষাৰ এক অন্যতম লক্ষণ হ'ল এক নিজস্ব মতামতৰ অধিকাৰী হেমা। সেই মতামতক ব্যক্তিগত অহংকাৰৰ সলনি এক সুস্থ-সবল সামাজিক শক্তিলৈ ৰূপান্তৰিত কৰিব পৰাটোহে শিক্ষিত সমাজ এখনৰ বাবে প্ৰয়োজনীয়। শিক্ষিত মানুহেৰে ভৰা এখন ৰাজহুৱা মেলত ব্যক্তিগত চিন্তাৰ উৎকৰ্ষই তেতিয়াহে সামাজিক শক্তিলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা থাকে, বন্দিহে মেলত ভাবৰ আদান-প্ৰদানৰ সময়ত প্ৰকাশ পায় অইনৰ মতামতৰ প্ৰতি সম্মান।[]
  • কিতাপেনো মানুহক প্ৰকৃততে কি প্ৰদান কৰে? কিতাপ মনৰ ভিতৰখন ভূমি চোৱা এক যন্ত্ৰ। দূৰবীণেৰে যিদৰে আমি সুদূৰৰ আকাশৰ গ্ৰহ-নক্ষত্ৰৰ সন্ধান কৰিব পাৰোঁ, অণুবীক্ষণ যন্ত্ৰৰে চকুৰে মণিব নোৱাৰা জৈৱিক জগত এখন স্পষ্ট ৰূপত চাব পাৰোঁ; সেইদৰে কিতাপ নামৰ এই যন্ত্ৰৰ জৰিয়তেও আমি হৃদয়ৰ ভিতৰখন চাব পাৰোঁ। সকলো মহৎ গ্ৰন্থই প্ৰকৃততে আমাক নিজকে চাবলৈ, আৱিষ্কাৰ কৰিবলৈ শিকায়। (‘কিতাপ ঘৰ’ গ্ৰন্থৰপৰা)[]
  1. ১.০ ১.১ অসমীয়া উদ্ধৃতি-অভিধান 2003.
  2. অসমীয়া উদ্ধৃতি-অভিধান 2003, পৃষ্ঠা. 200.
  3. অসমীয়া উদ্ধৃতি-অভিধান 2003, পৃষ্ঠা. 205.
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী (২০২১)। হৃদয় কথা। ডিব্ৰুগড়। বনলতা, পৃষ্ঠা:৩০০-৪৩৯।