সাঁথৰ

সাঁথৰ (ইংৰাজী: Riddle)ৰ হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰবোৰ ছন্দোৱদ্ধভাৱে ৰচনা কৰা৷ ইয়াৰ মাজেৰে ৰচকৰ কবিত্ব শক্তিৰো উমান পোৱা যায়৷ অসমীয়া সাঁথৰবোৰৰ মাজত অসমীয়া লোক-সংস্কৃতিৰ আভাস পাব পৰি৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা হয় আৰু প্ৰশ্নবোধক সামৰণিৰে প্ৰশ্নটো এৰি দিয়া হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক। অসমীয়া অভিধানত সাঁথৰ শব্দৰ ব্যুৎপত্তিগত অৰ্থ দিবলৈ গৈ কৈছে, “প্ৰশ্ন শুনি য’ত সাঁতুৰি অৰ্থ বিচাৰিব লাগে, সেয়ে সাঁথৰ৷’’ [১]সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় যদিও শিশু বা প্ৰাপ্তবয়স্ক সকলোৰে মানসিক চিন্তাশক্তিৰ বিকাশত সহায়ক হয়৷ সাঁথৰসমূহৰ বৈশিষ্টলৈ চাই বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি৷ বৰ্ণনাত্মক, টেটকুঁটিমূলক, জ্ঞানমূলক, সমস্যা প্ৰধান, ছল সাঁথৰ আদি৷
বৰ্ণানুক্ৰম অনুসৰি অসমীয়া সাঁথৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]
অ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- অকণমান পানীত বগলীটো চৰে,
পানীখিনি শুকাই গ’লে বগলীটো মৰে (চাকি)[২] - অ’ প্ৰভু, ৰঙাচৰণ,
তুমি ওলালেই মোৰ মৰণ (কলডিল) - অহাযোৱা চাৰি,
দেখাশুনা চাৰি,
অমতে চাৰি,
লিংলিঙীয়া দুই,
লৰ বৰুৱা গোট,
পোন্ধৰ কথা বুজাই দিয়া মোক৷ (গাইজনী)[৩] - অসু অসু অসু
গটে(গোটেই) গাতে চকু৷ (আনাৰস)[৪] - অৰু অৰু অৰু
গটেৰে(সকলোৰে) একেটা চৰু৷ (সূৰ্য)[৫] - অৰুণং তৰুণং হিয়া মাজে মেৰুণং
তাৰ মাজে ব্ৰহ্ম বিন্ধা৷
অকাই-পকাই সুমুৱাই দিয়া
মৰি যাওক পোকৰৰ বিন্ধা৷ (বৰতাল, সৰুতাল) - অলনিৰ কুকুৰা দলনিত চৰে
নেজত ধৰিলেই কোঁচ খাই পৰে। (কেৰেলুৱা) - অসম দেশৰ বিষম কথা
কি গছৰ পাত গোটা৷ (পিঁয়াজৰ পাত)
আ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- আগ তিতা গুৰি মৌ,
কি কৰিছা ভাবলী বৌ (কুহিঁয়াৰ)[১] - আমাৰ ঘৰত এজনী বুঢ়ী আছে,
যাওঁতে এগোৰ, আহোঁতে এগোৰ৷ (দুৱাৰডলি) - আহিছ আহ, যাৱ কেলেই,
গৈছ যা, আহ কেলেই (কেচুঁৱাৰ দাঁত) - আই বুলিলে নালাগে,
বোপাই বুলিলে লাগে,
মনুষ্যৰ শৰীৰতে থাকে৷ (ওঁঠ)[৬] - আমলতা চামলতা
সাতখন কুঠাৰেৰে কাটিব নোৱাৰি
সিনো কি বড়গছৰ লতা৷ (ছাঁ)[১] - আছে গুটি দেশত নাই,
খায় কিন্তু বাকলি নাই৷ (বৰষুণৰ শিলগুটি)[৭] - আই ঐ দেহী জহৰ-মহৰ
কোন ভকতৰ টিকাত পোহৰ? (জোনাকী পৰুৱা) - আহোঁতে খুলিহে তৃপ্তি পায়
যাওঁতে মাৰি বাৰে বাৰে চায়৷ (তলা) - আটিম লাটিম
মানহু আইহলি কাটিম৷(তামোল) - আগত কটি পাছোত কটি
আঁঠুত কটি, মাটিত কটি৷
(গাই খীৰোৱা কাৰ্য৷ ডামুৰীৰ টিকা গাইৰ আগফালে, গাইৰ টিকা পিছফালে, কৰীয়াৰ তলিখন দুই আঁঠুত লৈ খীৰাওঁতাই মটিত টিকা পাৰি বহে৷) - আলিয়ে আলিয়ে যায় মূৰ ডাঙি চায়৷(বেজী)
ই[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ইয়াতে খালোঁ ভাত,
গড়গাৱঁত দিলোঁ পাত,
ছকুৰি ছয়গণ্ডা দাঁত। (ৰাচখন)[৮] - ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,
সাগৰ দেখিলে পাংখা মেলে (জাল) - ইয়াতে মাৰিলোঁ টিপা,
গড়গাঁও পালেগৈ শিপা (ভূঁইকপ/ অনাতাঁৰ) - নৈ-বিল শুকাই গ’ল,
গছৰ আগত পানী ৰ’ল৷ উ: নাৰিকল৷ - ইহে সিহে, পিঠিৰে দৌৰে কিহে? (নাও)
ঈ[সম্পাদনা কৰক | উৎস সম্পাদনা]
উ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- উপি উপি উপি
বাটত আছে চুপি (জোক) [৯] - উলুৱনিৰ বাম,
তাৰে চাৰিজুপি আম,
পকিলেও নসৰে৷৷(ওহাৰ) - উৰি যায় কুৰুৱা, ৰাখি যায় চিন
সোণৰ ছত্ৰ, ৰূপৰ ডিল। (কলডিল)
ঋ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ঋষিও নহয় কিন্তু বাকলি বসন
সদাশিৱ নহয় কিন্তু তিনিটি নয়ন
বৰুণ পুত্ৰ নহয় কিন্তু জল থাকে ভৰি
পক্ষীও নহয় কিন্তু বৃক্ষে থাকে চৰি৷ ( নাৰিকল)[৩]
এ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- একে মাতৃৰ গৰ্ভে বহু পুত্ৰগণ,
তেজো নাই, মাংসও নাই, শিৰে হুতাশন। (জুইশলাৰ বাহ) - এজনী কলী গাই
ঘাটে ঘাটে পানী খায়? (বৰশী)[১০] - এনেয়ে দীঘল,
টানি দিলে চুটি৷ খালে ওলায় ধোঁৱা৷
এইটোনো কি কোৱা (চুৰট)[৬] - এদিন খালেই পেট ভৰে
নিতৌ মানুহে সেৱা কৰে৷ (গাৰু)[৬] - একেখনি বস্ত্ৰ ঘন ঘন গাঁঠি৷
বহল পানীত পৰি আছে যেন ম’ৰাৰ পাখি৷ (জাল)[৬] - এক মাৰলী দুই ছাল
নাচে বাপু জয় নাল। (কলপাত)[১১] - এইজন কোন ৰজা
পেটত পানী মূৰত মূৰা। (হোকা বা ধঁপাত)[১১] - এটা নিগনি এশ ধান কুটে,
নেগুৰত ধৰিলে জাপমাৰি উঠে। (ঢেঁকী)[১১] - এটোপা পানীত বগলীটো চৰে৷
পানীটোপা শুকালেই বগলীটো মৰে৷ (চাকি-বন্তি)[৩] - এঠেঙীয়া বগলী,
নিতৌ নাচে গধূলি৷ (বিচনী)[৩] - এটা আছিল বোগলা(বগলী)
নিতে নাচে গোধলা(গধুলি), (বিচনী)[১২] - একদেল খেৰে ঘৰটু বেৰে৷ (দিয়াচলাইৰ কাঠি)[১৩]
- এঙ্গেনাতে বেঙ্গেনা;
একেজোপা গছতে মাহ, কপাহ, বেঙ্গেনা৷ (শিমলু গছ)[১] - এফালে ন-ঘৰ,
এফালে ছঘৰ৷ পহু মাৰে সাতোটা,
গাইপতি একোটা৷ ( ন-ঘৰ মানে নতুন ঘৰ৷ ছয়ঘৰ আৰু এঘৰ নতুন=মুঠ সাত)[৩] - এডাল মাৰলি দুখন চাল
নবন্ধা নকৰাকৈ থাকে সৰ্বতিকাল৷ (কলপাত)[৩] - এপাততে তিনিপাত গাত আছে জোং, তাৰ পৰা ধুমসৰে, পিঠিখনত শুং৷ (বেল)[১৪]
- এঙনিতে জেঙনি,
তাইৰ নাম ৰতি।
গধূলিতে একুৰি এটা লৰা ফুকায়,
পুৱা হলে গৰ্ভাৱতী। (যঁতৰ) - এদঁতীয়া হাতী
ধান খায় পাচি পাচি৷( ঢেঁকী) - এটা ফল দিনত পকে এটা পকে ৰাতি
কোৱাচোন কি ফল অলপ ভাবিচিতি৷ (বেলি আৰু জোন) - এক মন(মোণ) চুপাৰি
গণবা নৰা বেপাৰী৷ (তৰা) - এল এল ডুম্বৰু বেল বেল পাত
মাণিক ডুম্বৰু সতৰ(সোতৰ) হাত৷ (নাদ বা কুঁৱা) - একডেল হাড়া
শডেল নাৰা৷ (খেৰৰ পুঁজি)
ঐ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ঐ ভাই ভোলা,
উপজিয়ে কোনে পিন্ধে চোলা৷ ( বাঁহৰ গজালি) - ঐ দেহী জহৰ-মহৰ
কোন ভকতৰ টিকা পোহৰ? (জোনাকী পৰুৱা)
ও[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ওপৰৰ পৰা পৰিল লাটিম৷
পালেই তাৰ টিকা কাটিম৷ (তামোল)[৩] - ওপৰৰ পৰা পৰিল টেকেলী
টেকেলীৰ পেটত এশ ভেকুলী (কঠাল)[৩] - ওপৰত জুই তলত পানী
বুঢ়াই থাকে টানি টানি৷ (হোকা-চিলিম) - ওপৰত ছাতি, তলত গুটি
তাকে খায় আহিন কাতি৷ (কচু) - ওপৰৰ পৰা পৰিল চিলা
গোটে গোটে মানুহ গিলা। (চোলা) - ওপৰত দিয়ে তললৈ যায়
তাকে উলিয়াই মানুহে খায়৷ (পানীৰ ফিল্টাৰ) - ওপৰে হাঁড় তলে হাঁড়
মাজত কোমল পাখি
খাব নোৱাৰি, থৈছোঁ ৰাখি৷ (জাপি) - ওপৰেদি উৰি যায়, নহয় শৰালি
থাপ মাৰি মাছ নহয় বগলী৷ (খেৱালি জাল) - ওপৰত ঘৰ তলেদি দুৱাৰ
জুমি সোমায় ৰজাৰ কুমাৰ৷( টোকোৰা চৰাইৰ বাহ)
ঔ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ঔফুল ফুলি আছে পিন্ধোতা নাই৷
সু-বিছনা পৰা আছে শোওতা নাই৷ (তৰা, নদী)[৯] - ঔৰ তললৈ গৈছিলোঁ,
ঔ ফুল খাইছিলোঁ,
কেঁচা পাতত বান্ধিলোঁ লোণ,
কাণেৰে বাট বুলে কোন? উ: কাৱৈ মাছ৷
ক[সম্পাদনা কৰক | উৎস সম্পাদনা]
- কেঁচাতে লুথুপথুপ পকিলে টান,
দিকচৌ দূৰলৈ তোক লৈ যাম। (পকী বাট) - কেঁচাতে লুপথুপ পকিলে টান,
আউনীআটীৰ ভকতে বোলে আৰু এটা আন (মিঠৈ) - ক’লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)
- ক আইটী তপৰাই
কাটি নিলে বাঢ়ি যায়৷ (সূতা)[১] - কিঙ্কৰৰ কেশ,
হুল যেন চকু দুটা,
নাঙলৰ বেশ। (মিছা মাছ) - কলিংগৰ লিংগ কাটি
পাঠাৰ কাটি পা
লবংগৰ বংগ কাটি
মজা কৰি খা৷ (কঁঠাল) - কোনে বাৰু নাকত বহি,
তিলিকতে কাণত ধৰেহি? (বিতচকু) - কৈ মৰিল জটায়ু,
নকৈ মৰিল কোন? (জয়মতী) - কন্ধাৰ ওপৰে কন্ধা,
যি ক’ব নোৱাৰে,
তাৰ বাপেক বুঢ়া বন্ধা৷ (কেঁচু মটা) - কাচাতে নৰম, পোক্লি গৰম
যাএ কবা নৰা, দুগালত চৰম(চৰিয়াম)৷ (কুমাৰৰ মাটি) - কলোৰ জাহি(জাবৰ) জহৰ-মহৰ
কুন ভকতোৰ কতি(টিকা) পোহৰ৷ (জোনাকী পৰুৱা) - কেঁচাতে ঢিলা পকিলে টান,
বছৰি বছৰি কাটে কাণ৷ (পথাৰৰ আলি) - কমাৰৰ ঘৰৰ ভাটি
বতাহ খায় উজান ভাটি৷ (নাক) - কাটিলেও নাকাটে, খেদিলেও নাযায়
যেনি যাওঁ তেনি যায়
আন্ধাৰ নামিলে থিতাতে লুকায়৷ (ছাঁ)
খ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- খাল বিল শুকাই গ’ল,
গছৰ আগত পানী ৰ’ল (নাৰিকল) - খায় গুটি, বাকলি নাই৷
আছে গুটি, দেশত নাই৷
এইটোনো কি বস্তু, কোৱাচোন ভাই৷(শিলাবৃষ্টিৰ শিল)[১৫] - খায় মূঢ়া মূঢ়ি,
হাগে চূণ গুড়ি। (জুই) - খালে থাকে থিয় হৈ
খালী পেটে থাকে শুই৷ (বস্তা)
গ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়,
লগুণ আছে কিন্তু বামুণ নহয়? (যঁতৰ) - গৰু নহয় ঘাঁহ খায়৷
পখী নহয় উৰি যায়৷ (ফৰিং)[৯] - গোপিনীয়ে গৰু চৰায়
মুখে বাঁহী বায়
ৰঙা গাই চৰি যায়
ক’লী গাই বহি যায় (জুহাল)[১৬] - গছৰ ওপৰত গুটি
গুটিৰ ওপৰত গছ
ইনো কি নিলাজৰ সঁচ? (আনাৰস) - গাছৰ পৰা পৰিল লাটিম
লাটিমে বলে কিয়ো ফাটিম৷ (সৰিয়হ) - গৰজি গৰজি আহাৰ খায়
পেটত হ’লে একো নাই (ঢেঁকী) - গছত লাগে, আনোতাই আনে
ৰান্ধোঁতাই ৰান্ধে
খাওঁতাই পেলাই দিয়ে৷ (তেজপাত) - গোটেই ঘৰ ভৰি থাকে
ৰ’বলৈ অকণো ঠাই নালাগে৷( আন্ধাৰ বা পোহৰ)
ঘ[সম্পাদনা কৰক | উৎস সম্পাদনা]
চ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- চৰাই নহয় কিন্তু আকাশত থাকে,
ডাৱৰ নহয় কিন্ত পানী ধৰি ৰাখে
ওপৰলৈ চোৱা যদি কাঠৰ আকাৰ
ভিতৰলৈ চোৱা যদি ৰূপৰ ভাণ্ডাৰ৷ (নাৰিকল)[৯] - চূণ চাধা তামোল পাণ
কোন পতি-পত্নীৰ বাইছখন কাণ৷ (ৰাৱণ, মন্দোদৰী)[৯] - চাৰি ভাইৰ কাণ কটা
দুই ভাইৰ পেটো কটা৷ (তাঁতশালৰ খুটা) - চুই চা চুই চা,
চুই দিলে পইছা। (কেৰেলুৱা) - চকু মুদিলে দেখা পায়, মেলিলে নেদেখে
কোৱা এনে কি বস্তু আছে ভূমণ্ডলে? (সপোন)
ছ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ছালখন শুদ্ধ বগা, পেটটো ক’লা
এইটোনো কি মোহনভোগ খাবলৈ দিলা৷ (তিলপিঠা)[৯] - ছিৰলা-ছিৰলী পাত,
তাতো নাখায় ভাত
সূৰুয মুখে যাব লাগে
ডেৰ পৰৰ বাট৷ (তামোল গছ)[৯] - ছয়াময়া ঘনঘোৰ-দলদোপ হেন্দোলদোপ
গগণ পকাই তোলে আন্দোলদোপ৷
অতৰ্কিতে প্ৰাণ হৰে, জীৱই বেঢ়িকুৰি কান্দে৷ (বজ্ৰপাত)[৯] - ছয় চৰণ, কৃষ্ণ বৰণ,
আধা চিঙিলেও নাই মৰণ। (পৰুৱা) - ছয়খন মুখ কিন্তু প্ৰসাধন নাই
একৈশটি চকু কিন্তু দেখা নাপায়৷ (লুডুৰ গুটি)
জ[সম্পাদনা কৰক | উৎস সম্পাদনা]
ট[সম্পাদনা কৰক | উৎস সম্পাদনা]
ড[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ডিঙি আছে মূৰ নাই,
পেট আছে ভুৰু নাই,
সেইটোনো কি বস্তু কোৱাচোন ভাই৷ (কলহ) [৯] - ডেকাত বেঁকা, বুঢ়াত পোন,
তাক নাখাই আছে কোন? (ঢেঁকীয়া)[৯] - ডিঙি আছে মূৰ নাই,
হাত আছে ভৰি নাই৷ (কামিজ)[৯] - ডুবিয়াই ডুবিয়াই যায়,
বগা নাৰী ওলাই যায়৷[১৭] (বেজী-সূতা) - ডিঙি নাই মূৰ নাই
জলচৰ বাই
এবাহ পোৱালি দি
নিজে মৰি যায়৷ (কেঁকোৰা) - ডেকাকালত আকাশ চোৱা
বুঢ়াকালত তলমুৱা৷ (বাঁহগছ)
ঢ[সম্পাদনা কৰক | উৎস সম্পাদনা]
ত[সম্পাদনা কৰক | উৎস সম্পাদনা]
- তিনিফালে তিনিজন,
মাজত মেধিজন,
মেধিজনে কথা কয়
শুনাহে পণ্ডিতজন।
(উধান তিনিতা আৰু ভাত চৰুৰ ভাত উতলা শব্দ)।[১৮] - তিনি চৰাইৰ তিনি ৰং
বাহত সোমালে একে হয় ৰং৷ (তামোল, পাণ, চূণ)[১৯] - তই ক’লে নালাগে,
মই ক’লে লাগে৷ (ওঁঠ)[৯] - তাক্ ধিনা ধিন্ তাও,
দোষ নকৰাকৈ মাৰ খাওঁ৷ (তবলা)[৯] - তিনি আখৰত মোৰ নাম
প্ৰশ্ন সোধাই প্ৰথমৰ কাম
দ্বিতীয় তৃতীয়ই বুজাওঁ গৰম
পাৰিবানে ক’ব মোৰ নাম৷(কিতাপ) - তাইৰো গল, মোৰো হাতে
লাগি গেল পেটক পেটে
তপ্ তপ্ কে পৰে পানী
ভিজি গেল মেখলাখানি৷
(কঁকালত অনা পানীভৰা কলহ) - তিনিকোণীয়া, মাজত খাল
গলত ধৰি মাৰিবলৈ ভাল৷(জাকৈ) - তোৰো আছে মোৰো আছে,
তোৰো নাই মোৰো নাই৷ (নাভি)
থ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- থুপুক থাপাক চাৰি,
অমৃত বৰষে চাৰি,
দুই ভাই বিচনী,
দুই ভাই টাঙোন ধৰ,
এক ভাই নাচনী৷( গাইগৰু )[৯]
দ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- দুগুটি আখৰে নাম, জন্ম আকাশত
ডেৰকুৰি ৰূপ লওঁ, প্ৰকৃতিৰ বলত
আধাখিনি ৰূপ মোৰ ভাল নাপায় কেও;
চোৰে কিন্তু বোলে মোৰ ভাই হয় এওঁ
নাথাকোঁ মুহূৰ্ত মই একেনামে ৰৈ,
সকলোকে দেখা দিওঁ ভ্ৰমি ভ্ৰমি গৈ৷(জোনবাই)[২০] - দুয়োফালে ধাপ, মাজেদি যায় কাৰ্শলা সাপ৷ (মাকোঁ)[২১]
- দেশ আছে মানুহ নাই,
নদী আছে পানী নাই৷ (মানচিত্ৰ) - দাঁত আছে মুখ নাই
কেঁচাই পকাই ফৰফৰাই খায়৷ (জুই)
ধ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ধোঁৱাৰ নিচিনা গাৰ বৰণ,
অহা-যোৱা চোৰৰ ধৰণ,
খচ্খচকৈ আহে যায়,
পৰৰ আৰ্জন পৰে খায়। (এন্দুৰ) - ধপলাধপল পাত তাতো নাখায় ভাত,
লোমা-লোমে গুটি তাকো নাখায় উঠি। (অমিতা)
ন[সম্পাদনা কৰক | উৎস সম্পাদনা]
- নমৰা নিজীয়া দুই ভাই৷
জীৱ নহয় চলি যায়৷
ঘোঁৰা নহয় ঘটক ঘটক৷
থাকে ভকতৰ পদৰ তলত৷ (খৰম)[২২] - নাখালেও নোৱাৰোঁ লৰিব
খালেও নোৱাৰোঁ কৰিব
শুলেও নজগাবা মোক
ছমাহলৈ শুবলৈ দিলে
বাব পাৰিবা মোক৷ (এলেহুৱা লোক) - নমতাকৈ বিয়া ঘৰৰ ৰভাতল ভৰিল,
বিয়াৰ পিছত কইনাজনী পানীত পৰি মৰিল। (পূজাৰ প্ৰতিমা) - নদী আছে পানী নাই,
চহৰ আছে মানুহ নাই। (মানচিত্ৰ) - নদ-নদী শুকাই গ’ল,
গছৰ আগত পানী ৰ’ল। (নাৰিকল) - নভবা নিচিন্তাকৈ গ’লো, বস্তু এটা পালোঁ
নোচোবাই নিগিলি, মুখত নিদিয়াকৈ খালোঁ। (উজুটি)
প[সম্পাদনা কৰক | উৎস সম্পাদনা]
- পাঁচোটা আখৰেৰে পৃথিৱী বিখ্যাত নাম৷
আমাৰ দেশ ভাৰততহে বিচাৰিলে পাম৷
প্ৰথমে তৃতীয়ই মিলি নাম হয় ধাতুৰ৷
দ্বিতীয় চতুৰ্থই মিলি নাম হয় ঋতুৰ৷
দ্বিতীয়ই পঞ্চমে মিলি পানীৰ নাম লয়৷
প্ৰথম আৰু পঞ্চম মিলি বৃক্ষ হেনো হয়৷
তৃতীয় চতুৰ্থই মিলি এবিধ প্ৰাণীৰ নাম৷
কৰাচোন পণ্ডিত লোক ইয়াৰ প্ৰমাণ৷ (তাজমহল)[২৩] - পাখি নাই জখলা নাই
আকাশলৈ কোন যায়৷ (ধোঁৱা)[৯] - পোহৰেই পিতৃ যাৰ এন্ধাৰেই যম
ভাবি-চিন্তি কোৱাচোন
তেওঁ বাৰু কোন? (ছাঁ)[৯] - পাৱ পৃষ্ঠ মাথাটো
দুহাত কুৰি আঙুল নাকটো
চকু কাণ মুখ নাই
সেই বস্তু বিচাৰিলে ক’ত পায় (মানুহ)[১] - পাৱ, পিঠি, চকু, কাণ, নাক, নাই
এইটো আকৌ কি কোৱাচোন ভাই (মানুহ) - পেট আছে পেটু নাই
মুখ আছে জিভা নাই৷ (কলহ) - পাত দীঘল দীঘল
গুটি শাৰী শাৰী
যি ক’ব নোৱাৰে সি মেখেলা-ভাৰী৷ উ: মাকৈ ধান৷ - পাত আছে ডাল নাই
কথা আছে মাত নাই৷ (কিতাপ) - পানীতেই জনম
পানীতেই মৰণ৷ (নিমখ) - পানী থাকিলেই বগলী জীয়ে
পানী শেষ হ’লেই বগলীটো মৰে৷ (চাকি) - পাণ্ডৱ নহয় পঞ্চ ভাই,
তাক কিন্তু মনুষ্যই খায়। (ঔটেঙা) - পৰ্বতৰ টিঙত ক’লী গাই চৰে
দুই পৰ্বতে হেঁচা মাৰি ধৰে (ওকনি) - পেট ডাঙৰ মুখ সৰু
গিলি খাই মানুহ গৰু (ঘৰ) - পিটিকিলেই ভাঙে,
আফালিয়ালেও নাভাঙে (ভাত) - পক্ষী নহয় কিন্তু পাখি মেলি উৰে
শোওঁতে আকৌ মূৰ তল কৰে৷ (বাদুলী) - পাঁচোটা আঙুলি, তলুৱা, পিঠি সকলো আছে৷
নাই মাত্ৰ তেজ আৰু মাংস৷
মই কোন ক’ব নোৱাৰিলে
হৈ যা ধ্বংস৷ (হাতমোজা)
ফ[সম্পাদনা কৰক | উৎস সম্পাদনা]
ব[সম্পাদনা কৰক | উৎস সম্পাদনা]
- বৰসাপ যায়, চিন চাব নাই৷ (নাও)[৯]
- বাৰজন মন্ত্ৰী তিনিজন ভীম
তাকে ক’ব পাৰিলে হাজাৰ টকা দিম৷ (বছৰৰ তিনিটা বিহু)[৯] - বাঘ নহয় জঁপিয়াই
কুকুৰ নহয় বহে
পুঙা নহয় ওপঙে
মাছ নহয় ডুবে৷ (ভেকুলী)[৯] - বিল খাল শুকাই গ’ল,
গছৰ আগত পানী ৰ’ল৷ (নাৰিকল)[২৪] - বাঁহ খায়, কাঠ খায়
পানী পালে মৰি যায়৷(জুই) [২৫] - বৈশ্বম্পায়ন বদতি শুনা জন্মেজয়
একগোট জন্তু আছে মনুষ্য ভুঞ্জয়
চৈধ্যখান ঠেং তাৰ কটিত নেগুৰ
মাথাত আছে তাৰ এডাল ত্ৰিশূল৷ উ: মিছামাছ - বাটে বাটে যাওঁ, মুখত নলগোৱাকৈ খাওঁ৷ উ: উজুটি৷
- বাঁহৰ আগলি ভাপৰ ধোঁৱা
তাকে ক’ব নোৱাৰিলে মাইকীমুৱা৷ (হোকা) - বাৰটা মাহত তেৰটা মাত
থমথমকৈ বহি থাকে
চকু টেলেকাৰ জাত৷(ফেঁচা)
ভ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ভোমোৰা নহয় সিটো কৰে গুণ গুণ,
বামুণ নহয় কিন্তু আছে লগুণ। (যঁতৰ) [২৬] - ভাবিচিন্তি মইনাহঁত উত্তৰ দিয়াচোন
মূৰত টিকনী লৈ পুৰি মৰে কোন? (মমবাতি)[৯] - ভৰিয়ে কৰে লটংপটং হাতে কৰে পোন
টপৰাই কোৱাচোন সেইটোনো কোন? (চাইকেল)[৯] - ভৰি আছে চাৰিখন হাত আছে দুখন
মানুহক লওঁ কোলাত নহওক যিমান ওজন৷ (চকী) - ভোঁ ভোঁ কৰে ভোমোৰা নহয়,
ডিঙিত লগুণ পিন্ধে বামুণ নহয়। (যঁতৰ)
ম[সম্পাদনা কৰক | উৎস সম্পাদনা]
- মনে মনে চুকত বহে,
পৃথিৱীখন ভ্ৰমি ফুৰে৷ (ডাকটিকট)[৯] - মনে মনে বহি থাকে
হেঁচি দিলেই বমি কৰে৷ (দমকল) - মোৰ নামত ৰান্ধনী মৰে,
যিয়ে মোক ডোখৰ ডোখৰ কৰে,
সিয়েই আকৌ চকুপানী টোকে৷(পিয়াঁজ) [২৭] - মাকে বৰশী বায়
পুতেকে সৰগ চায়৷ (বাঁহ)[১] - মাক জুতুলী-পুতুলী
পুতেক চোকা টেকেলা৷ (জলকীয়া) - মাটি ফুটি ওলাল হাতী
কুলা হেন কাণ
মুখেৰে পোৱালি জগায়
হে ভগৱান৷ (কলগছ) - মনে মনে চুকত বহোঁ
পৃথিৱীখন ঘূৰি ফুৰোঁ৷(ডাকটিকট) - মামাথেৰ ক’লী গাই
ঘাটে ঘাটে পানী খাই৷ (বৰশী) - মাটিৰ তলৰ বগী বুঢ়ী
সাজ পিন্ধে কুৰি কুৰি৷ (নহৰু) - মাত আছে মানুহ নাই
ঘৰ আছে দুৱাৰ নাই৷ (ৰেডিঅ’) - মানুহে মোক যেতিয়া নিয়ে, তেতিয়া মই ক’লা,
মোক ব্যৱহাৰ কৰিলে মই হওঁ ৰঙা
পেলাই দিয়াৰ পৰত হওঁ ধূসৰ গুড়া
মোৰ নাম ক’ব নোৱাৰাই তলমূৰ কৰা৷ (কয়লা) - মূৰত ছাতি, মুখত লাৰু
গোটেই গাতে গাম খাৰু। (তামোল গছ)
য[সম্পাদনা কৰক | উৎস সম্পাদনা]
ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]
ল[সম্পাদনা কৰক | উৎস সম্পাদনা]
- লেং লেং কৈ দীঘলী বাই,
ঔ টেঙা যেন খোপা,
এই ফালে গৈছিল, দেখিছিলানে বোপা।(বহনি মাৰি)[২৯] - লাটুমটো খাপকটা
জিভাখন ফটা
বগা চাদৰত খচখচ হানে
কলাপানী বতিয়াই
মুখে হৰিনাম টানে৷ (কলম) - লিকি লিকি ডিমৰু চিকি চিকি পাত,
সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট। (তামোল গছ)[৩০] - লোৰ দামুৰী কাঠৰ গাই
যিমান দিবা সিমান খায়৷ (খুন্দনা) - লাগিলে পেলাই দিয়ে
নালাগিলে উঠাই থয়৷ (চাইকেলৰ ষ্টেণ্ড) - লগত থাকে দিনত সদায়
কেতিয়াও নকৰে কামত সহায়
বিপদত পৰিলেও উভতি নাচায়
কোৱাচোন তেওঁ কোনজন ভাই?(ছাঁ) - লংকাৰ ৰাৱণ নহয়, দহ তাৰ শিৰ
দীঘল শৰীৰ তাৰ, নহয় কিন্তু বীৰ
মাছো নহয় মগৰো নহয়, সকলোৱে খায়
আহিন কাতিৰ পিছত পাবলৈ নাই৷ (জিকা)
শ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- শ শ তাৰ ঘৰ
ৰস তৃপ্তিকৰ
সেৱাতো লাগে দৰৱতো লাগে
নাম তাৰ মৰমৰ৷ (মৌ)[৯] - শদিয়ালৈ নাযাবা শতফুল নাখাবা
কেঁচা পাতত নাবান্ধিবা লোণ
উপজিয়েই বগা হয় কোন? (গাখীৰ)[৯] - শিল যেন ডুব যায়,
তুলা হেন ভাঁহে৷
বাঘ যেন জঁপিয়ায়
কুকুৰ যেন বহে৷ (ভেকুলী)[৩] - শুকান তেনে তাৰ শৰীৰ গোট
চৰাই নহয় কিন্তু আছে দীঘল ঠোঁট
সৰ্প নহয় তাৰ আছে ফঁটা জিভা
সেইটোনো কি বস্তু কোৱাচোন বোপা৷ (চিয়াঁহী-কলম) [৩১] - শাৰী শাৰী গুটি
জোঙা জোঙা পাত
থাকোঁনো কেনেকৈ
নোখোৱাকৈ তাক৷ (গোমধান)
স[সম্পাদনা কৰক | উৎস সম্পাদনা]
- সৰুৰে পৰা ডাঙৰ হ’লোঁ
ঘৰৰ পিছফাল নেদেখিলোঁ
হেৰা ভকত ৰৈ যোৱা
উত্তৰটো কি কৈ যোৱা৷ (পিঠিফাল)[৯] - সাহটো পেলাই বাকলিটো খায়,
সেইটোনো কি ফল কোৱাচোন ভাই। (ঔ টেঙা) - সত্য যুগত মূৰত টুপী
কৃষ্ণ অৱতাৰত মুহিলা গোপী
ৰাৱণ মৰিল ৰামৰ শৰত
সেইখন আঞ্জা আমাৰ হাতত৷ (বাঁহৰ গাজ) - সোণৰ গুটি, ৰূপৰ পাত
আগবঢ়ালে মাৰ্জ্জনা হয়, শত অপৰাধ। (তামোল-পাণ) - সৃষ্টি কালৰে পৰা আছোঁ মই
থাকিম সদায় নিশ্চয়
সময়ে সময়ে চুটি-দীঘল হয়
এপিঠি বগা এপিঠি ক’লা
কোনেনো পায় তলানলা? (দিন-ৰাতি) - সোৰু সোৰু গাছ, জাপ্ৰা জাপ্ৰি ধৰে
সপাসপি খাবা নৰি, সেম্না সেম্নি কৰে৷ (জলকীয়া)
হ[সম্পাদনা কৰক | উৎস সম্পাদনা]
ক্ষ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ক্ষয় নাই লয় নাই আৰু নাই যতি
ইনো কি মহাধন দিলেও নাযায় টুটি৷ (বিদ্যাধন)
টেটকুঁটিমূলক সাঁথৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- কি হাতীৰ শুঁৰ নাই? উ: গুৱাহাটীৰ[৩৩]
- শ ফুল ফুলিছে পিন্ধোতা নাই
কোৱাচোন এইবোৰ কি ফুল ভাই? উ: তৰাফুল[৩৩] - সু পাটী পাৰিছে ঘুমাওতা নাই
এইটোনো কি পাটী কোৱাচোন বাই? উ: বানপানী [৩৩] - কি মোল পূজাত লাগে? উ: তামোল৷[৩৩]
- কি দৈ খাব নোৱাৰি? উ: মঙলদৈ [৩৩]
- ফু দি কি উৰুৱাব নোৱাৰি? উ: ডিফু[৩৩]
- কি লং খাব নোৱাৰি? উ: হাফলং [৩৩]
- কি গড়ৰ খৰ্গ নাই? উ: ৰাজগড়ৰ [৩৩]
- চিত পখিলা, তিনিমূৰ দহ ঠেং ক’ত দেখিলা? উ: হালৰ গৰু আৰু হালোৱা৷
- কি ফুল নুফুলে? উ: কলাফুল।
- কি টেঙাৰ তলেৰে যাব নোৱাৰি? উ: চেঙেৰী টেঙা৷
- উপজিয়েই বুঢ়া হয় কোন? (বুঢ়া আঙুলি)
- নিকিনিলেও কিা হয় কি? (কিনা আঙুলি)
- কি বস্তু টানিলে চুটি হয়? (বিড়ি বা চিগাৰেট)
- কি পানীত মাছ নাই? (চকুপানীত)
- আহিলা গ’লা, গ’লা আহিলা
এইবাৰ গৈ উভতি নাহিলা,
ক’ব নোৱাৰিলে দিম কাণমলা৷ (দাঁত) - তিনিটা আখৰৰ বস্তু সকলোৱে পঢ়ে
প্ৰথমটো এৰি দিলে দেই-পুৰি মৰে৷ (কিতাপ) - কি বস্তু চফা হ’লে ক’লা আৰু লেতেৰাৰ বগা? (ফলি বা ব্লেকবোৰ্ড)
- কি পাতৰ আগ নাই? (টিনপাত)
- সেইটো কি, যি মাহত এবাৰ আহে আৰু ২৪ ঘণ্টা থাকি গুচি যায়? (তাৰিখ)
- কি ড্ৰাইভাৰে গাড়ী নচলায়? (স্ক্ৰু ড্ৰাইভাৰ)
- কি খালে পেট নভৰে? (উজুটি)
- কি বল খেলিব নোৱাৰি? (মনোবল)
- শাহটো পেলাই বাকলিটো খায়, সেইটোনো কি বস্তু কোৱাচোন ভাই? (ঔটেঙা)
- সেইটোনো কি, বাঢ়ি গৈ থাকে, কমাব নোৱাৰি? (বয়স)
- অ’ চিত পখিলা, জন্মিয়ে বুঢ়া হোৱা ক’ত দেখিলা? (বুঢ়া আঙুলি)
- উপজিয়েই ৰঙা হয় কোন? (বেলি)
- কোন বিজ্ঞানীয়ে নামৰ মাজত উট লৈ ফুৰে? (নিউটন)
- ঠাণ্ডাৰ গৰম, গৰমতো গৰম, নামেই তাৰ ধৰম৷ (গৰম মচলা)
- কি বেংক জেপত লৈ ফুৰিব পাৰি কিন্তু টকা-কড়ি উলিয়াব নোৱাৰি? (পাৱাৰ বেংক)
- সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি আৰু ৰবি বা দেওবাৰৰ উল্লেখ নকৰাকৈ তিনিটা দিনৰ নাম কোৱা৷ (কালি, আজি, কাইলৈ)
- নিজে তিতি আনক শুকুৱায় কিহে? (টাৱেল)
- কোনটো শব্দ সদায় ভুল বুলি কোৱা হয়? (ভুল)
- কি বস্তু নাভাঙিলে খাব নোৱাৰি? (কণী)
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ড° লীলা গগৈ (২০০৭)। অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা। বনলতা।
- ↑ সাঁথৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ. আহৰণ কৰা হৈছে: 18 মাৰ্চ 2022.
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ ৩.৮ ৩.৯ চাও লোকেশ্বৰ গগৈ। অসমৰ লোকসংস্কৃতি।
- ↑ লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
- ↑ লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ (ফেব্ৰুৱাৰী, ২০১৮) মৌচাক। মৌচাক প্ৰকাশন।
- ↑ প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
- ↑ দৈনিক অসম।দেওবৰীয়া চৰা।দেওবাৰ।৯জুলাই।২০২৩
- ↑ ৯.০০ ৯.০১ ৯.০২ ৯.০৩ ৯.০৪ ৯.০৫ ৯.০৬ ৯.০৭ ৯.০৮ ৯.০৯ ৯.১০ ৯.১১ ৯.১২ ৯.১৩ ৯.১৪ ৯.১৫ ৯.১৬ ৯.১৭ ৯.১৮ ৯.১৯ ৯.২০ ৯.২১ ৯.২২ ৯.২৩ ৯.২৪ ৯.২৫ ৯.২৬ ৯.২৭ ৯.২৮ ৯.২৯ ৯.৩০ ৯.৩১ ৯.৩২ ৯.৩৩ ৯.৩৪ ৯.৩৫ ৯.৩৬ ৯.৩৭ ৯.৩৮ ৯.৩৯ ৯.৪০ দুগ্ধচন্দ্ৰ গোস্বামী। সাঁথৰৰ বৰপেৰা।
- ↑ সংগ্ৰাহক, সম্পাদক: দুগ্ধচন্দ্ৰ গোস্বামী (২০ ডিচেম্বৰ ২০১৩)। সাঁথৰৰ বৰপেৰা। পৰাগ-প্ৰতীম গ্ৰন্থ যাত্ৰা।
- ↑ ১১.০ ১১.১ ১১.২ অসমীয়া সাঁথৰ. প্ৰকাশক: অসম বাৰ্তা. আহৰণ কৰা হৈছে: 18 মাৰ্চ 2022.
- ↑ লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
- ↑ লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
- ↑ সাদিন, সাদিনৰ চোতাল, ১৯ জানুৱাৰী, ২০২৩
- ↑ সাদিনৰ চোতাল, সাদিন, ১৩ মাৰ্চ, দেওবাৰ
- ↑ সাদিনৰ চোতাল, সাদিন, ৫জুন, ২০২২
- ↑ অসমৰ লোক-সংস্কৃতি, চাও লোকেশ্বৰ গগৈ
- ↑ দৈনিক অসম।দেওবৰীয়া চৰা।দেওবাৰ।৯জুলাই।২০২৩
- ↑ সাদিনৰ চোতাল, সাদিন
- ↑ সাদিনৰ চোতাল, সাদিন, ৮ মে’ দেওবাৰ ২০২২
- ↑ প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
- ↑ সাদিনৰ চোতাল, সাদিন, দেওবাৰ ১৫ মে’ ২০২২
- ↑ সাদিনৰ চোতাল, সাদিন, দেওবাৰ ১৫ মে’ ২০২২
- ↑ প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
- ↑ প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
- ↑ দৈনিক অসম। দেওবৰীয়া চৰা। ৯জুলাই,দেওবাৰ।২০২৩
- ↑ সাদিনৰ চোতাল, সাদিন, ২৬ জুন, দেওবাৰ, ২০২২
- ↑ সাদিনৰ চোতাল, সাদিন, ২৪ এপ্ৰিল, ২০২২
- ↑ দৈনিক অসম।দেওবৰীয়া চৰা। দেওবাৰ। ৯জুলাই ২০২৩।
- ↑ তামোল-পাণ সংবাদ. প্ৰকাশক: janambhumi.in (৩ আগষ্ট ২০১৭). আহৰণ কৰা হৈছে: ৮ জুন ২০২২.
- ↑ সাদিনৰ চোতাল৷ সাদিন, ২৬ জুন, ২০২২, দেওবাৰ
- ↑ প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
- ↑ ৩৩.০ ৩৩.১ ৩৩.২ ৩৩.৩ ৩৩.৪ ৩৩.৫ ৩৩.৬ ৩৩.৭ ড° নবীন চন্দ্ৰ শৰ্মা (২০২২)। লোক সংস্কৃতি। চন্দ্ৰ প্ৰকাশ।