সমললৈ যাওক

ময়ূৰ বৰা

ৱিকিউদ্ধৃতিৰ পৰা

ময়ূৰ বৰা (জন্ম: ১৯৭০) হৈছে এজন অসমীয়া লেখক, চিন্তাবিদ আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা।[১] তেওঁ অনুভৱৰ প্ৰতিধ্বনি, মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা, পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ, অসমীয়াত্বৰ জ্যোতি, পাহৰা মাণিক বিচাৰি, চিৰদিন অসমীয়া, অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।[২]

  1. মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি প্ৰশ্নাতীত একাত্মতা অনুভৱ নকৰা কোনো ব্যক্তিয়েই জাতিটোৰ বাবে অপৰিহাৰ্য নহয় বুলি ইতিহাসে আমাক শিকাই থৈ গৈছে। [২]
  2. বৌদ্ধিক আৰু সাংস্কৃতিক দিশত খিলঞ্জীয়া মানুহক স্বাভিমানী কৰি তুলিবলৈ হ'লে এটা বৌদ্ধিক আন্দোলনৰো প্ৰয়োজন।[২]
  3. দুজন তেজ-মঙহৰ মানুহ কিমান বহুমুখী প্ৰতিভাসম্পন্ন হ'ব পাৰে তাৰ নিদৰ্শন হৈছে শঙ্কৰ-মাধৱ।[২]
  4. মিছনেৰীসকলৰ সবল ভূমিকা অবিহনে অসমত অসমীয়া ভাষাৰ পুনৰুদ্ধাৰৰ আন্দোলন আৰু বহু হেঙাৰৰ সন্মুখীন হ'লহেঁতেন।[২]
  5. অসমীয়া ভাষিক জাতীয়তাবাদৰ খুঁটাটো এইবাবেই শক্তিশালী, কিয়নো ই পোত খাই আছে আমাৰ ইতিহাসৰ সেইটো অংশত যিটো অংশই অসমীয়া মানুহক বিনয়ী, মাৰ্জিত, সংস্কৃত হোৱাৰ উপৰি দিছে প্ৰয়োজনত অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ক্ষমতা আৰু সাহস।[২]
  1. This award-winning Assam writer is unravelling history, illuminating the future (25 July, 2021). আহৰণ কৰা হৈছে: 1 August 2021.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ময়ূৰ বৰা (নৱেম্বৰ, ২০১৮)। চিৰদিন অসমীয়া। বনলতা।