সমললৈ যাওক

বিয়ানাম

ৱিকিউদ্ধৃতিৰ পৰা

বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তীসকলে গোৱা মাংগলিক গীত। বিয়ানামসমূহ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠান চলি থাকোঁতে বিভিন্ন সময়ত গোৱা হয়।

জোৰোণ পৰ্ব
  • ধূপ-ধূনা জ্বলোৱা শৰাইখনি সজোৱা
    জোৰোণ আহি ৰৈ আছে কইনা মাকক উলিওৱা।
  • দোলা আনা দুলীয়া
    জাপি আনা লগুৱা,
    জোৰণ আহি ৰৈ আছে
    আদৰোগৈ ওলোৱা।
  • জিলিকি আহিছে পাৰে ভাৰে এপাচি
    ঐ ৰাম ওপৰে জিলিকে চৈ হে
    আইদেউলৈ আনিছে ৰামৰে অলংকাৰ
    ঐ ৰাম পদূলিতে আছে ৰৈ হে৷
  • কৌশল্যা কৈকেয়ী দুইও আহিছে
    ঐ ৰাম আইদেউক বাতৰি দিয়াহে৷
    আইদেউৰ মাহী পেহী আহা আগেবাঢ়ি
    ঐ ৰাম টেকেলি আদৰি লোৱাহে৷
  • আহিছে জোৰোণ বহিছে বাজত
    আইদেউ শুই আছেগৈ আয়েকৰ খাটত৷
    লাহে লাহে কৰি আয়ে জগায়
    উঠাচোন মাজনী জোৰোণ পিন্ধায়৷
  • ওলাই আহা আইদেউ এ
    ঐ শচী, দুৱাৰদলীৰ বাজে,
    ঘৰতে পিন্ধাব লাগে
    ঐ শচী, নকৰিবা লাজে।
  • আহা আইদেউ বহাহি, আহা আইদেউ বহাহি
    জোৰোণ লৈ আহিছে, মূৰ দোঁৱাই লোৱাহি৷
  • আহা আইদেউ বহাহি আহা আইদেউ বহাহি
    ৰামে দিয়া অলংকাৰ শিৰ পাতি লোৱাহি৷
    মাৰাৰ অলংকাৰ আহা আইদেউ বহাহি
    থোৱা কাতি কৰি আহা আইদেউ বহাহি
    দেউতাৰাৰ অলংকাৰ থোৱাহে,
    আহা আইদেউ বহাহি, আহা আইদেউ বহাহি
    ৰামে দিয়া অলংকাৰ মূৰ দোঁৱাই লোৱাহি৷
  • হৰি মোৰ চাউল চাটি মাৰি
    হৰি মোৰ ফুলাম পাটী পাৰি
    হৰি মোৰ ঐ জানকীক আনোগৈ মাতিহে৷
  • আগৰখন ভাৰতে কি কি আনিছা
    ঐ ৰাম চোতালৰ মূৰতে থোৱা হে,
    পিছৰখন ভাৰতে কি কি আনিছা
    ঐ ৰাম সমাজৰ আগতে থোৱা হে।
  • আগৰখন ভাৰতে অ’ মন তৰা
    কি কি আনিছা অ’ মন তৰা
    ৰভাৰে তলতে থোৱা মন তৰা
    জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা৷
  • মাৰাৰ অলঙ্কাৰ থোৱা কাতি কৰি
    ঐ ৰাম দেউতাৰাৰ অলঙ্কাৰ থোৱা হে,
    ৰামে দি পঠাইছে সুৱৰ্ণৰ অলঙ্কাৰ
    ঐ ৰাম হাতে জোৰে কৰি লোৱা হে।
  • দালিম থিয় কৰি
    মূৰত তেল দিবা
    ঐ ৰাম! সুগন্ধ মালতীৰ হাতে হে।
     তেলে চিকে মিকাই
     চিকন ঐ আইদেও
    ঐ ৰাম! আৰু চিকে মিকাই হাতে হে।

দৈয়ন দিয়া গীত

[সম্পাদনা কৰক | উৎস সম্পাদনা]
আহোম ৰীতিৰ বিবাহৰ চকলঙৰ মৰল
  • ওলাই আহা শ্ৰীকৃষ্ণ পুৱাইল ৰজনী
    বিধিমতে দৈয়ন দিব তোমাৰ জননী৷
    আগবাঢ়ি আহা কৃষ্ণ আহা আগবাঢ়ি৷
    তোমাৰ মাতৃ দৈয়ন দিয়ে লৈয়ো আঁঠু কাঢ়ি৷(উৰুলি)[]
  • দৈয়ন দিয়া দুটি বাতিত পাণ যোৰে লৈ
    আইদেউৰ মাকে দৈয়ন দিছে
    আইদেউক দুৱাৰমুখত লৈ৷
    দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই৷
    ভাল কৰি দৈয়ন দিয়া একাবাৰে যাই৷
    দৈয়ন দিয়া দৈয়ন দিয়া আপোনাৰে আই৷
    ভাল কৰি দৈয়ন দিয়া হৃদয় জুৰাই৷ (উৰুলি)[]
  • পূবে দিলে ৰেণু উঠা শ্যাম কানু
    ঐ ৰাম কতনো শয়নে কৰা হে॥
    দৈয়ন দিব লাগে মাতূ ৰৈয়া আছে
    ঐ ৰাম ধৰমৰে বেলা হে॥
    পাণ বৰিয়ালৰ পাণকে আনাগৈ
    গোৱালৰ ঘৰৰ দৈ হে।
    আজি কৃষ্ণক মাৱে দৈয়ন দিব
    দুৱাৰৰ মুখতে থৈ হে॥[]
পানী তোলা পৰ্ব
  • জয় ওলাই দে উৰুলি
    জয় বজাই দে মুৰুলী
    জয় পানী তুলিবলৈ যাওঁ৷
    জয় ৰিণিকি ৰিনিকি
    জয় দেখিছোঁ যমুনা
    জয় পানী তুলিবলৈ যাওঁ৷
  • কাষে ঘট লোৱা ৰাধা, মাথে লোৱা মালা,
    যমুনালৈ যাব লাগে নকৰিবা হেলা।
  • ৰাম কৃষ্ণ ওলাল জাকি মাৰি
    ৰাম কৃষ্ণ আমাৰে দৈৱকী
    হৰি মোৰ ঐ কাষতে কলচী লৈ ৷
  • ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ দৈৱকী ওলাইছে,
    হৰি মোৰ ঐ কাষতে কলচী লৈ
    ৰাম কৃষ্ণ আগতে গৈছে, ৰাম কৃষ্ণ গায়নে বায়নে
    হৰি মোৰ ঐ আমি গঙ্গাজল আনোগৈ
  • ৰামকৃষ্ণ ইঘাটে দূবৰি
    ৰামকৃষ্ণ সিঘাটে দূবৰি
    হৰি মোৰ ঐ কোন ঘাটে তুলিমে পানী৷
    ৰাম কৃষ্ণ যি ঘাটে আইদেৱে
    ৰামকৃষ্ণ গা স্নান কৰিছে
    হৰি মোৰ ঐ সি ঘাটে তোলাগৈ পানী৷
  • ইপাৰৰে চাকনৈয়া সিপাৰৰে ঢৌ
    ৰূপৰে কলচী ৰাধা ভৰিলে নে নৌ
  • সৰগতে ফুলি আছে থুপি থুপি তৰা
    দৈৱকীয়ে পানী তোলে নাচে অপেশ্বৰা
  • জল ভৰি যশোদা ফুল চন্দন তুলসী
    পাছলৈ নাচাবা ফুল চন্দন তুলসী
    সাগৰো আহিব ভাগি হে
    ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী
  • গুৱাপাণ আগেবঢ়াই জললৈ নামিবা
    কটাৰীৰে পানী কাটি কলচী ভৰাবা।
    আকাশতে জ্বলি আছে থুপিথুপি তৰা
    দৈৱকীয়ে পানী তোলে নাচে অপেস্বৰা।
  • দীঘল পটুৱাৰে চৈ
    বাটচ’ৰাৰ মুখতে ৰৈ
    আহে পানী তুলি
    জনকৰ জীয়াৰী কাষতে কলচী লৈ৷
  • চালত পানী দিবা
    ভিতৰে সোমাবা
    ঐ ৰাম মড়ল চাই টেকেলি থবাহে৷
    মড়ল চাই টেকেলি
    থবা ভালে কৰি
    ঐ ৰাম যজ্ঞলৈ উলিয়াই দিবাহে৷
  • মথুৰা ঘাটক লাগি ৰাধা চলি যায়।
    বাট ভোট বিনা খেদে নন্দেৰ কানাই॥
  • নুঠিবা নাৱত ৰাধা, কানাইৰ ভগা নাওঁ।
    ক’ত থবা দধি ভাণ্ড, ক’ত থবা পাও॥
    যমুনাৰ ঢৌ দেখি, ৰাধাৰ কঁপে হিয়া।
    ঘাটে নাওঁ চপাই দিয়া অ! বিনন্দিয়া॥
    ইফালৰে চাক নৈয়া, সিফালৰে ঢৌ।
    তামৰ কলসী ৰাধা, ভৰিল নে নৌ॥
    জললৈ নেনামে টেঙ্গৰী যশোদা
     নাগে হৰি নিয়ে বুলি এ
     জল এৰি দিয়া হৰি এ
     লই যাওঁ কলসী ভৰি এ
কইনাৰ মাকে নোওৱাৰ দৃশ্য।
অসমীয়া বিয়াৰ দৰাক নোওৱা ( গা ধোৱা ) পৰ্ব
  • ওলাই আহাঁ আইদেউ এ দুৱাৰদলিৰ বাজে
    ঘৰতে নোৱাব মাৰে নকৰিবা লাজে৷
  • আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে কি ৰাম ৰাম পঞ্চ আয়তীয়ে ৰাম ৰাম
    দূৰ্বা ঘাটৰ পানী আনি আইদেউৰ মূৰত দিয়ে৷
  • মাকে পীৰা পাৰি ফুৰিছে বিচাৰি
    আইদেউ বা ক’লৈকে গ’লে ঐ ৰাম
    আইদেউ গৈ আছেগৈ ৰোহঘৰৰ ভিতৰত
    কোনোবাই উলিয়াই আনাহে ৰাম৷
  • বেই পাই ঘূৰিবা
    পীৰা পাই বহিবা
    পাত পাই মেলিবা ভৰি হে।
  • তামোল থিয় কৰি মূৰত তেলে দিবা
    ঐ ৰাম বেৰৰ নিছিঙিবা ধাৰেহে
    সোণৰে বাতিতে মাহে-হালধিয়ে
    ঐ ৰাম, ৰূপৰে বাতিতে দৈ এহে৷
    আইদেউক নোৱাবলৈ গোপিনী আহিছে
    ঐ ৰাম মুখত মিচিকিয়া হাঁহিহে৷
  • আইদেউৰে পদূলিতে হালি আছে নল
    হালি আছে নল
    কলহে কলহে ঢালে যমুনাৰে জল৷
  • গা ধুই আইদেউৱে মাকক সুধিলে
    কি সাজ সলাব পায়েহে?
    ছাঁতে শুকুৱা মুঠিতে লুকুৱা
    সেই সাজ সলাব পায়হে।
  • আগে দিয়া পাছে দিয়া আগে দিয়া পাছে দিয়া
    পঞ্চ আয়তীয়ে কি ৰাম ৰাম
    পঞ্চ আয়তীয়ে
    দূৰ্বা ঘটৰ পানী আনি দূৰ্বা ঘটৰ পানী আনি
    আইদেউৰ মূৰত দিয়ে কি ৰাম ৰাম
    আইদেউৰ মূৰত দিয়ে৷
    পুখুৰীৰে পাৰে পাৰে পুখুৰীৰে পাৰে পাৰে
    মৃগ পহু চৰে কি ৰাম ৰাম
    মৃগ পহু চৰে৷
    তাকে দেখি ৰামচন্দ্ৰই তাকে দেখি ৰামচন্দ্ৰই
    শৰধনু ধৰে কি
    ৰাম ৰাম শৰধনু ধৰে৷
  • জয়!গঙ্গাত জল মাগি,
    জয়!কি মায়া দেখিলা,
    জয়!ৰৈ বসুদেৱে শোধে,
    জয়!জল ভৰি যশোদা,
    জয়!পাছলৈ নেচাবা,
    জয়!সাগৰ আহিব ভাগি।
    জয়!সাগৰো ভাগিব,
    জয়!জগৰো লাগিব,
    জয়!লোকৰ ধৰমীয়া বিয়া।
    জয়!গঙ্গাত জল মাগি,
    জয়!আনিছোঁ আইটী,
    জয়!লোৱাহি আঁচলে পাতি।
  • অ! হৰি চম্পাৰ কলি
    মোলান পৰে গাত
    নেমাৰিবা নেমাৰিবা
    দই পানীৰ চাট॥
    আচলতে ধৰি মাৰে
    ঘূৰে পঞ্চ বাৰ
    অভিমান নকৰিবা
    বেদৰ ব্যৱহাৰ॥

মূৰত চাউল দিয়া নাম

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • আগে দিয়া পাছে দিয়া পাঞ্চো আয়তীয়ে কি ৰাম ৰাম
    পাঞ্চো আয়তীয়ে।
    দুৰ্বা ঘাটৰ পানী আনি ৰামৰ মূৰত দিয়ে কি ৰাম ৰাম
    ৰামৰ মূৰত দিয়ে।[]
  • পুখুৰীৰে চৌপাশে কলীয়া তুলসী,
    সেই ঘাটে পানী তোলে তামৰে কলসী।
    পুখুৰীতে পানী নাই পাৰকে নুবুৰে,
    আকাশতে পক্ষীগণে জাকে জাকে উৰে।[]
  • পুখুৰীৰে চৌপাশে মৃগপহু চৰে,
    তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে।
    নধৰিবা শৰধনু নোটোৱাবা কাড়,
    সত্যে সত্যে বিবাহ দিম সীতাৰে সাহিতে।
    স্নান কৰি ৰামচন্দ্ৰই মূৰত দিয়ে হাত,
    স্বৰ্গৰ পৰা দেৱগণে কৰে আশীৰ্বাদ।[]

যোৰা নাম বা খীচাগীত

[সম্পাদনা কৰক | উৎস সম্পাদনা]
অসমীয়া বিয়াৰ আখৈ দিয়া
  • অ ৰঘুপতি,
    যোৰানাম গাবলৈ দিয়া অনুমতি৷
  • নকৰিবা প্ৰতিবাদ
    নকৰিবা প্ৰতিবাদ
    আজিকালি বিয়াবোৰত
    যোৰানামে আশীৰ্বাদ৷
  • অ কইনাঘৰীয়া
    অ কইনাঘৰীয়া
    চাহ-তামোল নিদিলে
    উঠি যাম এতিয়া৷
  • ৰভাৰ খুটা হেলেকা
    ৰভাৰ খুটা হেলেকা
    দৰাঘৰৰৰ মানুহবোৰৰ
    চকুকেইটা টেলেকা
  • তামোল গছৰ ঢকুৱা
    তামোল গছৰ ঢকুৱা
    দৰাঘৰীয়া নামতীবোৰ
    কোমল চাউলৰ খকুৱা ৷
  • ক্লাছে প্ৰতি চেক্সন
    ক্লাছে প্ৰতি চেক্সন
    সদায় অহা ডেকাই আজি
    ধৰে দৰাৰ ভেশচন।
  • পাণো আনিলা মেকুৰী কণীয়া
    তামোলো আনিলা ধেনা
    কেনি পাৰে হ’লা দৰাৰে ককায়েক
    দিনতে চকুটো কণা
  • ফটো তোলা কেমেৰা
    ফটো তোলা কেমেৰা
    দৰাঘৰৰ ছোৱালীহঁতে
    দেখুৱাইছে চেহেৰা৷
  • আলু কুটু দম দম
    কচু কুটু দম দম
    কইনাঘৰৰ নামতীহঁতক
    নলাত পেলাই পুতি থম৷
  • দোকানৰে জিৰা
    দোকানৰে জিৰা
    দৰাঘৰৰ ছোৱালীকেইটা
    বাঁহৰ তলৰ বীৰা
  • হাতীৰ আগত তৰা পাত
    হাতীৰ আগত তৰাপাত
    কইনাঘৰৰ নামতীৰ মুখ
    লাউপাত নে কচুপাত৷
  • সৰু সৰু চৰাইবোৰে
    ফৰিং ধৰি খায়
    কোমল কইনা বিচাৰোঁতে
    দাড়ি পকি যায়৷
  • আহু ধানৰ মাজে মাজে
    সৰল কাঠৰ মূঢ়া
    আইদেৱে দৰা পালে
    বাপেকতকৈ বুঢ়া৷
  • টুলুঙা নাও বাবানে
    টুলুঙা নাও বাবানে
    সঁচাকৈয়ে বাইদেউ তুমি
    ভিনদেউক পচন কৰানে?
  • মই পচন কৰা নাই
    বোপাই পচন কৰা নাই
    যাচি অহা বোপাইক বিয়া
    নকৰিলে উপায় নাই৷
  • কেঁচা তামোল পনীয়া
    কইনা নহয় ধুনীয়া
    কি চাই বোপা তুমি
    আইদেউক পচন কৰিলা?
  • বাৰীৰ পিছৰ শিলিখা,
    বোপা তুমি টিলিকা
    আমাৰ আইদেউ ওখ-পাখ,
    সমাজতে জিলিকা৷
  • লাই হালে জালে,
    আমি খেলোঁ লুডু
    আবেলি বতাহে,
    আমি খেলো লুডু
    লফা হালে জালে পাতে হে
    আমি খেলোঁ লুডু
    আমি খেলোঁ লুডু
    কইনাঘৰৰ নামতীহঁত
    ডালত পৰা হুদু৷
  • অ গৰম মছলা
    অ গৰম মছলা
    দৰাঘৰৰ ছোৱালীহঁত
    মস্ত ধোদৰ পচলা৷
  • ফুল আছে ফুলি
    কদম আছে হালি
    কিয় বাইদেউ চিন্তা কৰা
    দৰা বেয়া বুলি৷
  • জয়াল বাৰিৰ চোৰাত পাত
    বুঢ়ী বোল বুলি থাক
    জোকাই মোক নলবি
    মনে মনে বহি থাক৷
  • অৰ্জুন গছৰ কুঁহি পাত
    বিনা মেঘে বজ্ৰপাত
    অহানো বহাগতে মোক
    হেৰি বুলি দিবি মাত।
  • ফুল আছে ফুলি
    কদম আছে হালি
    কিয় আইদেউ চিন্তা কৰা
    দৰা বুঢ়া বুলি৷
  • বাৰীৰ পিছৰ শিলিখা
    বাৰীৰ পিছৰ শিলিখা
    তোমাৰ দৰা দেখাই শুনাই
    সমাজতে জিলিকা৷

কইনা বিদায়ৰ গীত

[সম্পাদনা কৰক | উৎস সম্পাদনা]
অসমীয়া বিয়াৰ কন্যাদান
  • কলীয়া তুলসী জুপি কুমলীয়া পাত
    যাবৰে সময়ত আইদেউ লগাই যোৱা মাত৷
  • হাতত পাণবঁটা লৈ দেউতাৰাক মাতাগৈ
    মৰমৰ দেউতা, যাবলৈ ওলালোঁ
    যোৱাৰ সময়তে সেৱাহে জনালোঁ৷
    দেউতা ঐ, জীয়ৰী আছিলোঁ কাপোৰ ধুই দিছিলোঁ
    এতিয়া দেউতা নিজে ধুই ল’বা৷
  • দেউতা ঐ অতি যতনেৰে ফুলবাৰী সাজিলোঁ
    দেউতা ঐ সেই ফুলবাৰীৰ সুগন্ধ লৈ নাপালোঁ
    পূজনীয়া দেউতাই মৰম নুবুজিলে
    আজি দুপৰ ৰাতি উলিয়াই পঠালে৷
  • দেউতা তুমি নাকান্দিবা নাকান্দিবা বৌ
    তোমাৰ ঘৰত জিৰাইছিলোঁ, জীৰণীয়া মৌ৷
  • বাৰীত কান্দে বাৰীৰ লতা ঘৰত কান্দে আই
    মজিয়াতে বহি কান্দে মৰমৰে ভাই৷
  • হাতত পাণবঁটা লৈ মাৰাক কোৱাগৈ
    মৰমৰ মা ঐ, যাবলৈ ওলালোঁ,
    যোৱাৰ সময়তে সেৱাহে জনালোঁ৷
  • ঔ গছৰ কোমল কুহি ভাটৌ পৰি খায়,
    ভাটৌ পৰি খায়
    দেউতাকৰ চকুৰ মণি লোকে লৈয়া যায়৷
  • নীলাকৈ আকাশৰ ৰঙাকৈ বেলি
    চলাব লাগিব লোকৰ ঘৰখনি৷
    আনিব লাগিব দূৰণিৰ পানী
    ল’ব যে লাগিব ওৰণী টানি৷
    খাবযে লাগিব কৰ্কৰা ভাত
    সহিব লাগিব কেটেৰা মাত৷
  • প্ৰথম পুৱাই উঠি সখী সাৰিবা চোতাল,
    সাৰিবা চোতাল,
    যত যিমান পাৰা সখী সহিবা জঞ্জাল৷
    গা ধুই আহি সখী তুমি ধৰিবাহি জুই
    ধৰিবাহি জুই
    স্বামীক জগাই দিবা সখী
    যদি থাকে শুই৷
    সেইখনেই আপোন অতি মৰমৰে ঘৰ
    মৰমৰে ঘৰ
    যতনেৰে চলাই যাবা
    পাবা যে আদৰ৷
  • আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই,
    আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিঙি যায়।
  • দৈয়ন দিয়া দুটি বাটিত পাণেযোৰে লৈ
    আইদেউক মাকে দৈয়ন দিছে দুৱাৰ মুখত লৈ।
  • বৰঘৰত কান্দিলে মাকে বাপেকে
    মাৰলত কান্দিলে ভনী হে,
    বাৰীৰ পাছেফালে কান্দে তাঁতৰশালে
    আইদেউক বিয়া দিয়া শুনি হে ৷
  • চৰাইৰ নাম শৰালী
    মাছৰ নাম বৰালি
    সাপৰ নাম পানী মৰলি হে।
    দেউতাৰ চ'ৰাতে
    আইদেও বহি আছে
    ওপৰে সোণৰ মাৰলি হে।
    তুলিতে বহিছে
    চুলি মেলিছে
    শৰাই লৈ মেলিছে চুলি হে।
    দহো আঙুলিয়ে
    ৰত্ন জ্বলিছে
    নেপুৰে ধৰিছে তুলি হে।
    উৰে কুমলীয়া
    খাবকে নোৱাৰি
    কটাৰিৰ আগৰে লোণ হে॥
    আইদেওৰ মুখলৈ
    চাবকে নোৱাৰি
    যেনে পূৰ্ণিমাৰ জোন হে।
    কি খুৱাই তুলিলা
    ৰূপহী আইদেউক
    কি দি বঢ়ালা চুলি হে
    ঘোঁড়াৰ ফান যেনে
    আইদেউৰ চুলিটাৰ
    কচুৰ পেপাঁ যেন ককাঁল হে।
  • শিৱ গোঁসাই আহিছে
    ডম্বৰু বজাইছে
    শহুৰৰে পদূলিত ৰৈ
    কন্যা ভিক্ষা মাগিছে৷
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ভঁৰালী, শ্ৰীমতী অনু। বিয়া-নাম। বুক হোম প্ৰকাশন, পৃষ্ঠা:২৪।