ৱিকিউদ্ধৃতি:বানান

ৱিকিউদ্ধৃতিৰ পৰা

অসমীয়া ৱিকিউদ্ধৃতিত বানান সম্পৰ্কীয় তলৰ নিয়মসমূহ মানি চলা হয়:

  • লিখিত উৎসৰ পৰা দিয়া কোনো উদ্ধৃতিত উৎসৰ উল্লেখ কৰাৰ লগতে উৎসত লিখাৰ দৰেই প্ৰতিলিপি কৰি লিখিব লাগে।
    • যদি উদ্ধৃতিৰ উৎস লিখনিত থকা বানান (বা ব্যাকৰণ) ভুল হৈ থাকে তেতিয়া ভুল শব্দৰ পিছত {{sic}} সন্নিবিষ্ট কৰক। যদি শব্দটোৰ বিকল্প বানান ব্যৱহাৰ কৰা হৈছে নাইবা যদি পুৰণি গ্ৰন্থত ব্যৱহৃত বানান হয় তেনেহ’লে একো কৰিব নালাগে। কোনো শব্দৰ বানান ভুল নেকি নিশ্চিত কৰিবলৈ প্ৰথমে এখন উপযুক্ত অভিধানত পৰীক্ষা কৰা উচিত।
  • কথিত উৎসৰ উদ্ধৃতিত, ব্যক্তিজনে ব্যৱহাৰ কৰা বানান ব্যৱহাৰ কৰিব লাগে। (ইংগিত হিচাপে উচ্চাৰণৰ সহায় ল’ব পাৰে।)
  • মন্তব্য, টোকা আৰু অনুবাদত গোটেই পৃষ্ঠাটোত সামঞ্জস্যপূৰ্ণ বানান ব্যৱহাৰ কৰক।