ৱিকিউদ্ধৃতি:ৱিকিউদ্ধৃতিৰ ইতিহাস
অৱয়ব
ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ আৰম্ভণি হৈছিল ২০০৩ চনৰ ২৭ জুনত। ইয়াক মূলতঃ ৱোল্ফ ৱিকিত অস্থায়ীভাৱে স্থাপিত কৰা হৈছিল, কিন্তু ১০ জুলাইত ইয়াক ৱিকিপিডিয়া ছাৰ্ভাৰলৈ স্থানান্তৰিত কৰা হয়।
মাহটোৰ শেষলৈ অৰ্থাৎ ২০০৩ চনৰ ৩১ জুলাইত ৱিকিউদ্ধৃতিত থকা প্ৰৱিষ্টিৰ সংখ্যা আছিল ১৭২ টা, স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল ১০ গৰাকী আৰু পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছিল ৪৮ জন।
এমাহৰ পিছত, ২০০৩ চনৰ ৩১ আগষ্টত ইয়াৰ সংখ্যা বাঢ়ি যথাক্ৰমে ৩৩৯ টা পৃষ্ঠা, ১৮ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আৰু ১০৫ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হয়গৈ। ২০০৪ চনৰ ১ আগষ্টত ইয়াত ৩০০-ৰো অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হোৱাৰ লগতে ২৭ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল।
অসমীয়া ৱিকিউদ্ধৃতিয়ে ২০২৩ চনৰ ৪ জানুৱাৰীত নিজাকৈ ড'মেইন লাভ কৰে।
ইতিহাস
[উৎস সম্পাদনা]- ২৭ জুন, ২০০৩ - ৱোল্ফ ৱিকিত অস্থায়ীভাৱে স্থাপন: wo.wikipedia.com
- ১০ জুলাই, ২০০৩ - ৱিকিউদ্ধৃতিৰ নিজা উপডমেইন লাভ: quote.wikipedia.org
- ২৫ আগষ্ট, ২০০৩ - নিজা ডমেইন লাভ: wikiquote.org
- ১৯ মে’, ২০০৪ - ১০০০ পৃষ্ঠা সম্পূৰ্ণ
- ১৭ জুলাই, ২০০৪ - নতুন ভাষা সংযোগ
- ১৩ নৱেম্বৰ, ২০০৪ - ইংৰাজী ভাষাত ২০০০ পৃষ্ঠা সম্পূৰ্ণ
- নৱেম্বৰ, ২০০৪ - ২৪ টা ভাষা
- ২৪ মাৰ্চ, ২০০৫ - ২৬ টা ভাষা
- মাৰ্চ ২০০৫ - ৱিকিউদ্ধৃতিত মুঠ ১০,০০০ পৃষ্ঠা সম্পূৰ্ণ। ইংৰাজী ভাষাত ৩০০০ পৃষ্ঠা সম্পূৰ্ণ
- জুন ২০০৫ - ৩৪ টা ভাষা
- ৪ নৱেম্বৰ, ২০০৫ - ইংৰাজী ভাষাত ৫০০০ পৃষ্ঠা সম্পূৰ্ণ
- এপ্ৰিল, ২০০৬ - আইনী সমস্যাৰ বাবে ফৰাছী ৱিকিউদ্ধৃতি বন্ধ কৰা হয়
- অক্টোবৰ, ২০০৬ - ৱিকিউদ্ধৃতিত মুঠ ৫০,০০০ পৃষ্ঠা সম্পূৰ্ণ
- ডিচেম্বৰ, ২০০৬ - ফৰাছী ৱিকিউদ্ধৃতি পুনৰ মুকলি কৰা হয়।
- জানুৱাৰী, ২০২৩ - অসমীয়া ৱিকিউদ্ধৃতিৰ নিজা ডমেইন লাভ।