সমললৈ যাওক

নীলিম কুমাৰ

ৱিকিউদ্ধৃতিৰ পৰা

নীলিম কুমাৰ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেওঁ অন্যতম জনপ্ৰিয় কবি।[১] তেওঁৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"। ১৯৬১ চনৰ ৯ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ পাঠশালাত তেওঁৰ জন্ম হয়। পাঠশালাতেই তেওঁৰ শৈশৱকাল অতিবাহিত হয়। তেওঁ কৰ্মসূত্ৰে এজন চৰকাৰী চিকিৎসক। ১৯৮৪ চনৰ পৰা তেওঁৰ কবি জীৱন আৰম্ভ হয়। ১৯৯১ চনত পুষ্পাঞ্জলি গোস্বামী (ৰিজু)ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

  1. নিজৰ কাব্যিক চেতনা বা অনুভৱখিনিক লৈ এজন কবি কাহানিও অকলশৰে কেৱল নিজৰ জগতখনতেই বিচৰণ কৰি থাকিব নোৱাৰে, ইচ্ছাকৃত ভাবেই হওক বা অনিচ্ছাকৃত ভাবেই হওক, সমাজখনৰ সৈতে তেওঁ সম্পৰ্কিত হোৱাটো অৱধাৰিত।[২]
  2. কবিতা কেৱল এককভাৱে হৃদয়ৰ বা মস্তিষ্কৰ হ'ব নোৱাৰে। কবিতা নিশ্চয়কৈ হৃদয়তেই অংকুৰিত হয়, কিন্তু তাৰ নিৰ্মাণকাৰ্য হয় মস্তিষ্কত। মই এইটো কথা সদায় কৈ আহিছোঁ যে হৃদয়ৰ আৱেগ- অনুভূতিৰ কেৱল লিখিত ৰূপেই কবিতা নহয়, তাক নিৰ্মাণ কৰিব লাগিব, সি এক 'শিল্প' হৈ ফুটি উঠিব লাগিব। হৃদয়ৰ আৱেগ- অনুভূতিখিনিতো কেঁচা- মালহে (raw material), তাক আমি নিৰ্মাণ কৰিলেহে ই কবিতা ৰূপত শিল্প হৈ পৰিব।[২]
  3. প্ৰত্যেকজন সৃষ্টিশীল ব্যক্তি বা লেখকৰ ভিৰৰ মাজত থাকিও এককভাবেই বা ব্যক্তিগতভাবেই (individually) বিকাশ হয়। বিকাশ হয়তো তেওঁ বিভিন্ন উৎস বা সমলৰপৰা আহৰণ কৰে, কিন্তু তেওঁ নিজৰ বিকাশটো এককভাবে/ ব্যক্তিগতভাৱে (individually) লাগিব৷ আৰু বিকাশৰ এই প্ৰক্ৰিয়াটো মস্তিষ্কৰ প্ৰক্ৰিয়া। সমগ্ৰ চিন্তন প্ৰক্ৰিয়াটো মস্তিষ্কতেই হয়।[২]
  4. মোৰ কাৰণে কবিতা এটা লিখিবৰ বাবে নিজান পৰিবেশ এটা লাগিবই বুলি কথা নাই। ৰোগীৰ চিকিৎসা কৰি থাকোঁতেও যদি মোৰ মনলৈ ভাৱ আহে তথাপিও কিন্তু মোক নিজান বা অকলশৰীয়া পৰিবেশ লাগিব বুলি কথা নাই। মই ভিৰৰ মাজতো শিল্প নিৰ্মাণ কৰিব পাৰো।[২]
  5. কবিতাৰ একেবাৰে শেহতীয়া বা লেটেষ্ট ট্ৰেণ্ডক মানুহে টান পায়। কিন্তু আমি আমাৰ ট্ৰেণ্ডক গ্ৰহণ নকৰোঁ, টান বুলি ধৰি লওঁ। পছন্দ কৰোঁ। জীৱনত একেবাৰে শেহতীয়া বা লেটেষ্ট বস্তুবোৰ হে গ্ৰহণ কৰোঁচোন। কবিতাৰ ক্ষেত্ৰত কিন্তু এই লেটেষ্ট অথচ নিজৰ জীৱনত গাড়ী, মোবাইল ইত্যাদি অন্য উপাদানবোৰৰ একেবাৰে লেটেষ্ট মডেলটোহে পছন্দ কৰোঁ৷[২]
  1. http://pratilipi.in/nilim-kumar/ সাঁচ:Webarchive, আহৰণ ৬.১০.২০১১
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ [+https://xahitya.org/নীলিম-কুমাৰৰ-সৈতে-সাহিত্/ নীলিম কুমাৰৰ সৈতে ‘সাহিত্য ডট অৰ্গ’ সাক্ষাৎকাৰ]. আহৰণ কৰা হৈছে: 30 মে' 2024.