ৱিকিউদ্ধৃতি

ৱিকিউদ্ধৃতিৰ পৰা

ৱিকিউদ্ধৃতি হৈছে সকলোৱে সম্পাদনা কৰিব পৰা বিভিন্ন ব্যক্তি, গ্ৰন্থ, চলচ্চিত্ৰ, নাটক, লেখা, মৌখিক সাহিত্য আদিৰ উদ্ধৃতিৰ অনলাইন সংকলন। পৃথিৱীৰ বিভিন্ন ভাষাত উপলব্ধ এই প্ৰকল্প আন্তৰ্জাতিক অলাভকাৰী সংস্থা ৱিকিমিডিয়া ফাউণ্ডেছনে পৰিচালনা কৰে। ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ আৰম্ভণি হৈছিল ২০০৩ চনৰ ২৭ জুনত। ইয়াক মূলতঃ ৱোলফ ৱিকিত অস্থায়ীভাৱে স্থাপিত কৰা হৈছিল, কিন্তু ১০ জুলাইত ইয়াক ৱিকিপিডিয়া চাৰ্ভাৰলৈ স্থানান্তৰিত কৰা হয়। অসমীয়া ৱিকিউদ্ধৃতিত অসমীয়া ভাষাৰ বিশেষ অলংকাৰস্বৰূপ ফকৰা যোজনা, জতুৱা ঠাঁচ আদিৰ লগতে অসমৰ খ্যাতনামা ব্যক্তিৰ উপৰি আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিভিন্ন ব্যক্তিৰ উক্তি তথা তেওঁলোকৰ অমূল্য সৃষ্টিৰাজিৰ অন্তৰ্গত নিৰ্বাচিত উদ্ধৃতি সন্নিৱিষ্ট কৰা হৈছে। ২০২১ চনৰ মধ্যভাগৰ পৰা ৱিকিউদ্ধৃতিৰ কাম পূৰ্ণ ৰূপত চলি আহিছিল। পৰৱৰ্তী সময়ত প্ৰকল্পটোত যথেষ্টসংখ্যক সমল হোৱাত ৱিকিমিডিয়া ফাউণ্ডেছনৰ ভাষা সমিতিৰ ওচৰত অসমীয়া ভাষাৰ বাবে সুকীয়া ডমেইনৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে দাখিল কৰা হয়। প্ৰকল্পটোৰ সমল আৰু সক্ৰিয়তাৰ ভিত্তিত সমিতিয়ে ২০২২ চনৰ শেষৰ ভাগত প্ৰস্তাৱটোক মান্যতা প্ৰদান কৰে আৰু সেইসূত্ৰে ২০২৩ চনৰ ৪ জানুৱাৰী তাৰিখে অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজাকৈ ডমেইন লাভ কৰে।