সমললৈ যাওক

জতুৱা ঠাঁচ

ৱিকিউদ্ধৃতিৰ পৰা

জতুৱা ঠাঁচ হৈছে অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমষ্টি, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটীয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ’লে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom

· · · · · · · · · ·
· · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · ক্ষ · ড় · ঢ় · য়
  • অমাতৰ মাত : শুৱলা মাত
  • অহুকাণে পহুকাণে : উৰা বাতৰি, ইকাণ সিকাণকৈ
  • অকলশৰীয়া পহু, গায়ে মূৰে খহু : অকলশৰে কষ্টকৰ জীৱন যাপন কৰা
  • অচলা ভক্তি : স্থিৰ ভক্তি
  • অজীণ-পাতকী : কাৰো সৈতে মিলিব নোৱাৰা লোক
  • অলপতে কলপ কটা : কথমপি ৰক্ষা পৰা
  • অলপ পানীৰ মাছ : দুৰ্বল, নিমাখিত, কম বুদ্ধিৰ লোক
  • অথাই সাগৰ : ডাঙৰ বিপদ
  • অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়।
  • অকাজৰ কাজী : কাম নোহোৱা বন কৰা।
  • অচিন কাঠৰ থোৰা : অচিনাকি লোকক বিশ্বাস কৰা।
  • অৱস্থা চাই ব্যৱস্থা : চাই-চিতি উপায় কৰা।
  • অকঁৰা মৈত উঠা : মিছাতে কোনো কামত ধৰি এৰিব নোখোজা।
  • অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ।
  • অনভ্যাসে হত বিদ্যা : অভ্যাস বা পুনঃ চৰ্চাৰ অভাৱত অৰ্জন কৰা বিদ্যা-শিক্ষা পাহৰি যোৱা।
  • অময়া ভকত : মায়া-মোহবিহীন ভকত, সৰু ল’ৰা-ছোৱালীক ভকত হিচাপে মানিলে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
  • অকাল পক্ক : সময়ৰ পূৰ্বে জনা-বুজা হোৱা বুলি দেখুওৱা লোকৰ ক্ষেত্ৰত কোৱা হয়।
  • অজান্তি মূলুক : অপৰিচিত ঠাই, বহু দূৰৰ ঠাই।
  • অধিক মাছত বগলী কণা : শুদ্ধটো নিৰ্বাচন কৰিব নোৱৰা হোৱা৷
  • অল্প বিদ্যা ভয়ংকৰী : কোনো বিষয়ে অলপ জনাটো বিপদৰ কাৰণ হ’ব পাৰে৷
  • অৰণ্য-ৰোদন : কাতৰ অনুৰোধ বিফল হোৱা।
  • অতি দৰ্পে হত লংকা : অহংকাৰী ব্যক্তিৰ পতন নিশ্চিত৷
  • অজৌ গছৰ বজৌ গুটি : অতি দুষ্ট।
  • অভাৱেই আৱিষ্কাৰৰ মূল : অভাৱত পৰিলে মানুহে ন ন চিন্তাৰে নতুন বস্তু সৃষ্টি কৰে৷
  • অপটৰ পট : সুন্দৰ চিত্ৰ৷
  • অতি আশা নিৰাশা : বেছি হেঁপাহ কৰিলে নিৰাশ হোৱা যায়৷
  • অগস্ত্য যাত্ৰা কৰা : ঘূৰি নহাকৈ গুচি যোৱা৷ ( শাস্ত্ৰত বৰ্ণিতমতে, বিন্ধ্য পৰ্বতে সূৰ্যৰ পথ ৰুদ্ধ কৰাত দেৱতাৰ অনুৰোধত অগস্ত্য মুনি বিন্ধ্য পৰ্বতৰ ওচৰত থিয় হোৱাত, বিন্ধ্যই মাটিত পৰি সেৱা কৰাত মুনিয়ে ক’লে, মই উভতি নহালৈকে তুমি এইভাৱেই মাটিত পৰি থাকা৷ এই বুলি কৈ মুনি দক্ষিণ দিশলৈ গুচি গ’ল আৰু উভতি নাহিল৷ বিন্ধ্য পৰ্বতো তেনেদৰেই থাকিল)
  • আঙুলিৰ মূৰত দিন গণা : কোনো বিশেষ দিনলৈ ব্যগ্ৰ ভাৱে অপেক্ষা কৰা।
  • আগত সাগৰ থাকি পিয়াহত মৰা: প্ৰচুৰ সা-সুবিধা থকাৰ পাছতো তাৰ সহায় নোলোৱা৷
  • আঁঠু সাৱটা হ : নিৰ্বলী হৈ পৰ৷ বৃদ্ধাৱস্থা পা৷
  • আকাশী সৰগ ভাগি পৰ : মনত হঠাৎ অতি আঘাত পোৱা
  • আকাশ কুসুম : ভিত্তিহীন কল্পনা
  • আঁঠু কাঢ় : আঁঠুৰে ভৰ দি বহা।
  • আঁঠু ল : মাটিত আঁঠু লগাই সেৱা কৰ।
  • আভুৱা ভৰা : মিছা কথা কৈ দায় সৰা।
  • আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা।
  • আলাসৰ লাড়ু : অতি মৰমৰ।
  • আথে বেথে : অতি সাদৰৰ৷
  • আজল মঠ : জানিও নজনাৰ ভাও ধৰা।
  • আটোম-টোকাৰি : পৰিপাটি।
  • আকোৰ-গোঁজালি : একেটা কথাত লাগি থকা।
  • আভুৱা ভৰা : প্ৰবঞ্চনা কৰা।
  • আঁঠুত সোণ বিচৰা : কৰ্ম নকৰাকৈ ধন সম্পদ বিচৰা।
  • আশাত চেঁচা পানী ঢলা : নিৰাশ কৰা।
  • আউলী-বাউলী : কাতৰ অৱস্থা।
  • আদ্যোপান্ত : আদিৰপৰা অন্তলৈ।
  • আওবাটে যোৱা : বিপথে যোৱা।
  • আওমৰণে মৰা : অস্বাভাৱিকৰূপে মৃত্যু হোৱা।
  • আপোন-পেটীয়া : স্বাৰ্থপৰ।
  • আঞ্জাৰ মাছ ধৰিব নজনা : অজলা মানুহ৷
  • আয়ুসত চাউল থকা : জীৱনকাল বাকী থকা।
  • আঁতি-গুৰি মাৰি : আদিৰ পৰা অন্তলৈ বিচাৰ কৰি
  • আপুতৰ পুত : অতি আদৰৰ৷
  • আলৈ-আথানি : উপযুক্ত ব্যৱস্থা নোহোৱা।
  • আং বাং কথা : অদৰকাৰী কথা।
  • আঁটকাল পোৱা : উমান পোৱা, পূৰ্বে অৰ্জন কৰা অভিজ্ঞতাৰ ভিত্তিত কোনো কথাৰ উমান পোৱা।
  • আগভেটা দিয়া : আগুৱাই যোৱাত বাধা দিয়া
  • ইহলীলা সম্বৰণ কৰা : মৃত্যু হোৱা
  • ইকাণ-সিকাণকৈ : এজনৰ পৰা আনজনে শুনা
  • ইঘৰ সিঘৰ কৰা : চুবুৰীয়াৰ সৈতে অহা-যোৱা কৰা৷
  • ইতালি-সিতালি মৰা : কথাৰ ওলট-পালট কৰা৷
  • ইনাই বিনাই : বৰ দুখত চিঞৰি কন্দা৷
  • ঈশ্বৰে চকু মেলি চোৱা: শুভ দিনৰ আগমন হোৱা৷
  • উৰুলি-পুঙা : থান-থিত নোহোৱা৷
  • উৰহীৰ ওৰ : আচল কথা৷
  • উলহ-মালহ : আনন্দত উত্ৰাৱল হোৱা
  • উখল-মাখল : হুলস্থূল।
  • উলট্-পালট্ : খেলি-মেলি।
  • উভৈনদী : উপচি পৰা।
  • উখা-মুখাকৈ : গম-গতি নোহোৱাকৈ/ নাচাই-নিচিন্তি।
  • উখনা-উখনি : কথাৰ কটা-কটি, কাজিয়াৰ সূত্ৰপাত।
  • উঠিৰজা বহি ৰজা: সৰ্বে-সৰ্বা
  • উদক ভেটা ৰখীয়া পতা : চোৰ স্বভাৱৰ মানুহক দায়িত্ব দিয়া
  • উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খাওঁতে : জাতিগত অভ্যাস
  • উৰহৰ খং ভগা ঢাৰিত : আনৰ ওপৰত উঠা খং আনৰ ওচৰত প্ৰকাশ কৰা৷
  • উত্তম মধ্যম : ওপৰা-ওপৰিকৈ প্ৰহাৰ কৰা৷
  • উলামুলা: সামান্য, এলা-পেচা।
  • উলাহৰ মাদুলী : অনবৰতে আনন্দত মতলীয়া হৈ থকা লোক
  • উদুলি মুদুলি : বৰ আনন্দ লগা
  • উজান-ভাটি কৰা : আনন্দত থৌকিবাথৌ হোৱা।
  • উধা-মুধাকৈ : অবিবেচকভাৱে৷
  • উপাক-পাক লগা : জটিলকৈ পাক লগা বা সহজতে সমাধান কৰিব পৰা৷
  • উবা-জুবা কৰা : বিশৃংখল কৰা, বেমেজালি বা বিভ্ৰান্তি সৃষ্টি কৰা।
  • ঊনৈশ-বিশ : কম-বেছি।
  • ঊনৈশত বা বলাই ফুৰা :উত্ৰাৱল হৈ ফুৰা
  • ঊষা পটেশ্বৰী: অতি ৰূপৱতী নাৰী
  • ঊধৰ মৰা মুধলৈ: তলৰ পৰা ওপৰলৈ, সমূলি, সম্পূৰ্ণকৈ
  • এপাচি শাকত এটা জলকীয়া : অধিক প্ৰয়োজনত কম যোগান।
  • একেডাল নলীৰে পানী যোৱা : বৰ মিল থকা।
  • এলাই বাদু : একো কামৰ নোহোৱা
  • এলেকৰ পেলেক : সম্পৰ্ক নথকা মানুহ
  • একে ঘাটৰ পানী খোৱা : বৰ মিল থকা৷
  • এৰা-ধৰাকৈ : মনপুতি নকৰা
  • এডেও-দুডেওকৈ : সংগোপনে অলপ অলপকৈ
  • এৰাল চিঙা গৰু : নিয়ন্ত্ৰণহীন
  • একাঠি চ’ৰা : তুলনামূলকভাৱে উন্নত
  • একে গুৰুৰ শিষ্য : সতীৰ্থ, সহপাঠী, হৰিভকত
  • একেখন নাৱৰে যাত্ৰী : সতীৰ্থ বা সমধৰ্মী।
  • একে পানীৰ মাছ : মিল থকা।
  • একে গছৰ পাণ : একে চৰিত্ৰৰ।
  • এমা-ডিমা : নিচেই সৰু (কেচুৱা)
  • এফলীয়া ভাৰে কামিহাড় ভাঙ : কোনো কামত যুটীয়াভাৱে দায়িত্ব ল’লেও এজনে ভালকৈ নকৰিলে আনজনৰ গাত বেছিকৈ কামৰ বোজা পৰা৷
  • এলান্ধুকলীয়া : সময়ৰ সৈতে খাপ নোখোৱা নীতি-নিয়ম, ৰীতি-নীতি৷
  • ঐদহে-বৈদহে : লক্ষহীনভাৱে ইফালে সিফালে।
  • ঐয়া-হৈয়া কৰা: হাই-উৰুমি কৰা
  • ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক
  • ওভোত গোৰে নচা : অতপালি কৰা।
  • ওফাইডাং মাৰ : জোখতকৈ বেছি দেখুওৱা
  • ঔ কিল পৰা : জোৰকৈ ভুকু মৰা৷
  • ঔৱে গল খজুওৱা : নভবা-নিচিন্তা ধৰণৰ কথা৷
  • ঔচ বুলিলেই পোৱা : মাত দিলেই সহায়ৰ বাবে প্ৰস্তুত থকা লোক
  • ঔ কুমলীয়া ডেকা : চেঙেলীয়া ল’ৰা
  • কাগজৰ বাঘ : দেখাত ভয়ানক কিন্তু বাস্তৱত তাৰ ওলোটা।
  • কাকতালীয় : (কাকো পৰিল, তালো সৰিল) আকস্মিক সংযোগ।
  • কাল-শতৰু : ঘোৰ শত্ৰু৷
  • কলা ঘুমটীয়া : চিলমিলকৈ অহা টোপনি৷
  • কালে টনা : মৃত্যু হ’ব পাৰে জানিও আগবাঢ়ি যোৱা৷
  • কালসন্ধ্যা : শাস্ত্ৰমতে হিৰণ্যকশিপুক বধ কৰা সময়খিনি বেয়া সময় বুলি ধৰা হয়৷
  • কাউৰী-ঠেঙীয়া : দেখিবলৈ বেয়া৷
  • কপালৰ লিখন : অদৃষ্ট
  • কপাল উকা হোৱা : বিধবা হোৱা
  • কাঠ-চিতীয়া : নিৰ্দয় অন্তৰৰ লোক
  • কথা-চহকী : কামতকৈ বেছি কথা কোৱা
  • কপালৰ ঘাম মাটিত পেলা : বৰকৈ পৰিশ্ৰম কৰা
  • কুন্দত কটা : বৰ ধুনীয়া৷ নিপোটল৷
  • কপাল ফুটা : দু্ৰ্ভগীয়া।
  • কপাল ফুলা : সৌভাগ্যই লগ দিয়া।
  • কপাল ধো : আশা এৰ
  • কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ
  • কঁকাল পৰ : বুঢ়া হ
  • কঁকাল পোন কৰ : অৱস্থা ভাল কৰা
  • কাণ কটা : নিলাজ
  • কাণ-সৰালি মৰা : শুনিও নুশুনাৰ ভাও ধৰা
  • কাণ দি : মনোযোগ দি
  • কাণ চুই থ : আগলৈ মনত ৰাখ
  • কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ
  • কাণত ধৰি ক : শপত খাই ক
  • কাণ-সমনীয়া : ডেকা
  • কাণ বাগৰা : লোকৰ মুখে শুনা
  • কাণে কাণ মাৰি : কোনোমতে
  • কাণ্ডজ্ঞান : বোধশক্তি
  • কাতি হোৱা : মৃত্যু হোৱা
  • কপাল খা : নিজৰ ভৱিষ্যত নিজে নষ্ট কৰা
  • কুকুৰে মৈ টনা : বৰ দুখৰ দিন
  • কণাকণি কৰা : দলে দলে লগ হৈ ফুচফুচাই কথা পতা
  • কুকুৰে কাঁইট নোখোৱা : বৰ বেয়াকৈ গালি পাৰি দুখ দিয়া৷
  • কাঁহী পাতে গা নকটা : কোনো কথা গাত নলগা
  • কলহৰ কাণে ঢলা : ধাৰাসাৰ, অতি বেছিকৈ
  • কান্দোনত গছৰ পাত সৰা : বৰকৈ চিঞৰি চিঞৰি কন্দা
  • কাম চোৰ : কামত ফাকি দিয়া
  • কটা ঘাঁত চেঙা তেল দিয়া : দুখৰ সময়ত বেছিকৈ দুখৰ কথা কোৱা
  • কাঠি চেলেকা : লোকৰ উপাৰ্জনত খোৱা
  • কিমান পানীৰ মাছ : জ্ঞানৰ গভীৰতা সম্বন্ধে সন্দেহ কৰা বা জনা৷
  • কাকো পৰে তালো সৰে : একে সময়তে হোৱা দুটা ঘটনাৰ এটাৰ বাবে আনটো হোৱা বুলি কোৱা৷
  • কাঠ-বাঁজী : নিঃসন্তান নাৰী
  • কাক-বন্ধ্যা : এবাৰ মৃত সন্তান জন্মৰ পিছত দুনাই সন্তান নোহোৱা নাৰী
  • কণাৰ-লাখুঁটি : একমাত্ৰ সহায়
  • কণা ফৰ্মুটি : নিশ্চিত নোহোৱাকৈ কৰা কাম বা হয় যদি হওক নহয় যদি নাই বুলি কৰা কাম।
  • কাঠ সংস্কাৰ কৰা: মৰা-শ দাহ কৰা কাৰ্য
  • কাণ তাল মাৰ্ : তীব্ৰ শব্দ হোৱা
  • কাণ থিয় কৰ : শুনিবলৈ বৰকৈ মনোযোগ দিয়া
  • কপালত জুই লাগ : সৌভাগ্য নষ্ট হোৱা
  • কঁকাল ভাগ : দুৰ্বল হোৱা
  • কঁকাল বান্ধ : সাজু হোৱা
  • কঁকালত টঙালি বান্ধ : সকলো প্ৰকাৰে সাজু হোৱা
  • কোৰোণাৰে চপা : বহু বেছিকৈ আৰ্জন কৰা
  • কুম্ভকৰ্ণ নিদ্ৰা : ঘোৰ টোপনি/ কাণসাৰ নোহোৱা
  • কদো বাহত জুই দে : কাজিয়া লগোৱা
  • কথা বুলিলেই বতাহ : যিকোনো কথা কাণ বাগৰি জনাজাত হোৱা৷
  • কোঁৱাৰি চেলেকা : খাবলৈ লোভ কৰা
  • কথাৰ মালিহা মৰা : অলাগতীয়াল বিষয় এটাৰ সম্পৰ্কে কথা পাতি সময় নষ্ট কৰা। কৰিবলৈ অনিচ্ছুক কাম এটাৰ সম্পৰ্কে কথা পাতি সময় নষ্ট কৰা।
  • কেঁচা মাটিৰ গোন্ধ: গ্ৰাম্য জীৱনৰ লগত সংপৃক্ত/ ঐতিহ্যৰ সম্বন্ধ
  • খৰচি মাৰ : বিতংকৈ কোৱা
  • খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা।
  • খাই পাত ফলা : অকৃতজ্ঞ
  • খাল খান্দি ঘঁৰিয়াল চপা : নিজে নিজে বিপদ চপাই লোৱা৷
  • খামী ডাঠ চেহেৰা : শকত-আৱত পাহোৱাল মানুহ
  • খালত পৰা : এনেই নষ্ট হৈ যোৱা
  • খং নামে চণ্ডাল : খং বৰ বেয়া গুণ
  • খোৰাৰ ঠেং খালত পৰা : বিপদগ্ৰস্ত লোকৰ নতুনকৈ বিপদ হোৱা
  • খাল খান্দি ঘঁৰিয়াল মতা : নিজৰ বিপদ নিজে চপোৱা৷
  • খাজে-খোপে পৰ : সম্পূৰ্ণ মিলি যোৱা
  • খঙত টিঙিৰি তুলা হোৱা : অতিমাত্ৰা খং উঠা।
  • খৰচি মাৰি ক : সবিশেষ বৰ্ণনা কৰা। খৰচি হ’ল ঢেঁকীৰে ধান বানোতে একেবাৰে শেষত ওলোৱা চাউল আৰু ধানৰ মিশ্ৰিত অংশ। ইয়াত ধান শেষ নহয়। সেয়ে এই উক্তিৰে ধান নথকাকৈ খৰচি মৰাৰ দৰে কথাৰো একো বাকী নৰখাকৈ কোৱা।
  • খাপ পিতি থকা : অপেক্ষা কৰা৷
  • গণিতা নকৰা : গুৰুত্ব নিদিয়া৷
  • গপত গঙ্গাটোপ হোৱা : অহংকাৰত ফুলি থকা৷
  • গলৰ কাঁইট : অশান্তি আৰু বিপদ
  • গলগ্ৰহ : চপাই লোৱা বিপদ
  • গলৰ মণি : অতি মৰমৰ
  • গাৰ নোম ডাল ডাল হোৱা : অতিপাত ভয় খোৱা৷
  • গাৰ নোমেই শত্ৰু : নিচেই কাষতে থকা লোকৰ শত্ৰুতাৰ বিষয়ে কোৱা হয়৷
  • গাত সৰিয়হ ফুটা : অস্থিৰ হৈ পৰা
  • গা এৰা দিয়া : সম্পৰ্ক এৰা/দায়িত্বৰ পৰা আঁতৰি ফুৰা৷
  • গাই-বাই চা : চেষ্টা কৰি চোৱা
  • গা ধৰা : শকত হোৱা
  • গা নচুৱাই ফুৰা : কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা।
  • গা ৰাই-জাই কৰা : চাটি-ফুটি কৰা বা অস্থিৰ হোৱা।
  • গা পাতি লোৱা : দায়িত্ব লোৱা বা মান্তি হোৱা।
  • গা দাঙি কোৱা : সাহস কৰি কোৱা।
  • গা সৰা : বিপদৰ পৰা ৰক্ষা পৰা, দায়িত্বৰ পৰা অব্যাহতি লোৱা।
  • গা টঙোৱা : স্বাস্থ্য ভাললৈ অহা৷
  • গা দেখুওৱা : অনাহকত উপস্থিত থকা
  • গা সাতখন আঠখন হ : উত্ৰাৱল হোৱা
  • গা বেজবেজা : অপ্ৰস্তুত হোৱা, অনুতপ্ত হোৱা।
  • গা বচাই চলা : সাৱধানে নিজৰ সুৰক্ষিত কৰা
  • গা গধুৰ হোৱা : শকত হৈ কামত মন্থৰ হোৱা৷
  • গাত কথা নলগা : কথাৰ গভীৰতা অনুভৱ নকৰা৷
  • গাজত লগা কথা : মৰ্মান্তিক কথা, বৰ দুখ দিয়া কথা
  • গাঁতৰ এন্দুৰ : বাহিৰৰ জগতৰ আওভাও নোপোৱা
  • গোমসাপৰ কণী : বেয়াৰ অৱশিষ্ট ৰাখিব নালাগে অৰ্থৎ ফেটীসাপ বিষাক্ত, গতিকে তাৰ কণীৰ পৰাও বিষাক্ত সাপেই ওলায়৷
  • গুৰুলা-গুৰুল : অতিকৈ প্ৰহাৰ কৰা অৰ্থত
  • গগনচুম্বী : বৰ ওখ৷
  • গগন-ফলা চিঞৰ : বৰ ডাঙৰ মাত৷
  • ঘঁৰিয়ালৰ চকুপানী : মিছাতে চকুপানী টুকি দুখৰ অভিনয় কৰা।
  • ঘৰ গোনা : ঘৰতে সোমাই থকা লোক
  • ঘৰ পাত : সংসাৰ কৰা, বিয়া কৰোৱা
  • ঘৰ ভাঙ : বেলেগ হোৱা, সাংসাৰিক জীৱনৰ বিচ্ছেদ হোৱা
  • ঘৰ বিভীষণ : ঘৰৰ মানুহে অন্যায় কৰা
  • ঘৰ লগোৱা : কাৰোবাক সঘনে ঘৰলৈ অনা কৰা
  • ঘৰ-জেউতি : ঘৰ-লখিমী
  • ঘনকৈ খুটিলে শিঙৰাও মাছ : ঘনাই লগ পোৱা মানুহজন আপোন হৈ পৰা
  • ঘৰ শত্ৰু : পৰিয়ালৰ ভিতৰতে মনে মনে বিৰুদ্ধাচৰণ কৰা লোক৷
  • ঘৰ উঠা : পলুৱাই ছোৱালী নি বিয়া পতাৰ পাছত দুয়োঘৰে মিতিৰ হোৱা
  • চকুত টোপনি নোহোৱা হ : চিন্তাই আগুৰি ধৰা।
  • চং ভং দেখুওৱা : ব্যংগাত্মক আচৰণ কৰা৷
  • চিলনীৰ জীয়েক : থাওকতে কোনো বস্তু যোগাৰ দিয়া বা বন এখন কৰি উলিওৱা তিৰুতা
  • চোং সলোৱা : লুকাই থকা ঠাইৰ পৰা আন ঠাইত আত্মগোপন কৰা৷
  • চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা
  • চকুত লগা : ধুনীয়া হোৱা
  • চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ
  • চকুৰ কুটা দাঁতৰ শূল : ঘোৰ শত্ৰু।
  • চকু মুদা কুলি : দেখিও নেদেখাৰ ভাও ধৰা
  • চুক ভেকুলী : মুকলিকৈ ওলাই আহিবলৈ ভয় কৰা বা সমাযোজনৰ বাবে দ্বিধাবোধ কৰা লোক।
  • চুঙা চাই সোপা : উপযুক্ত প্ৰত্যুত্তৰ
  • চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন
  • চল চাই কঠিয়া পৰা : সুবিধা বুজি কাম কৰা
  • চকু গজা : বুজন হোৱা৷
  • চকু দিয়া : কোনো এটা বিষয়ে সচেতন হৈ থকা৷
  • চুঙাৰ বাদুলী : অনভিজ্ঞ লোক
  • চকুৰে সৰিয়হ ফুল দেখা : হঠাৎ বৰ বিপদত পৰা
  • চকু কপালত উঠা : অতিশয় আচৰিত হোৱা
  • চকু পোৰা : ঈৰ্ষা হোৱা
  • চকু পকাই ধৰ : খঙৰ ভাব দেখুওৱা
  • চকু পৰা : দৃষ্টি গোচৰ হোৱা
  • চকু থোৱা : দৃষ্টি দি থকা
  • চকু নমা : দৃষ্টি আঁতৰ কৰা
  • চকুত ধৰা : দৃষ্টিকটু হোৱা, বেছি উজ্জ্বল
  • চকু মুদা : মৃত্যু হোৱা
  • চকু মেলা : সাৰ পোৱা, সজাগ হোৱা
  • চকু ফুৰা : ওপৰে ওপৰে চাই দিয়া
  • চকুৰ আঁতৰ হোৱা : আঁৰতলৈ যোৱা, বহুদিন লগ নোপোৱা
  • চকুত ধূলি মাৰ : ফাকি দিয়া
  • চকুৰ মণি : মৰমৰ
  • চকুৰ চিনাকি : গভীৰভাৱে নজনা কিন্তু ঘনাই দেখা দেখি হৈ থকা
  • চকুৰ কূটা : দেখিব নোৱাৰা, অপ্ৰিয়
  • চকু থাকি খালত পৰ : জানি শুনি বিপদত পৰা
  • চেলাপেটি জোক লগাদি লগা : সহজে আঁতৰ কৰিব নোৱাৰা।
  1. ছাইমুঠি ধৰিলে সোণমুঠি হোৱা : মানুহৰ ভাল দিনত সকলো ভাল হয় বুলি ভবা৷
  • জয়জয় ময়ময় হোৱা : উভৈদনী হোৱা/সকলোফালে উন্নতি হোৱা
  • জয়জয়তে : আৰম্ভণিতে
  • জয়জয়কাৰ : জয়ধ্বনিৰে মুখৰিত হোৱা
  • জয়ঢোল বজোৱা : নিজৰ কীৰ্তি নিজে বখনা
  • জেঙত হাগি ঠেঙত লগোৱা : নিজে নিজৰ বিপদ চপোৱা
  • জাকত জিলিকা : অতি সুন্দৰ
  • জয়দেউ কাকূতি : বৰকৈ অনুনয় বিনয় কৰা
  • টুপাই বুৰ মাৰ : আসৈ মতা৷ মিছা কথা কৈ দায় সৰা৷
  • টং কৰা : কোনো কথা গমি চোৱা
  • টলৌ টলৌকৈ ফুৰা : বিভিন্ন ঠাইত ঘূৰি ফুৰা
  • টিঘিল-ঘিলনি : উৎপাত
  • টোঘলকী কাণ্ড : নভবা নিচিন্তা সিদ্ধান্ত
  • টোপ পৰিবলৈ নিদিয়া : অতি চেনেহেৰে ৰখা
  • টেকেলি-পেটা : বৰ শকত ডাঙৰ পেট থকা মানুহ
  • টোপা খহু : ঘৃণনীয় ব্যক্তি
  • ঠেং ডাঙি থকা : ক’ৰবালৈ যাওঁ যাওঁ কৰি থকা৷
  • ঠম ঠম মদন গোপাল : উপস্থিত থাকিও ঘটনাৰ কোনো প্ৰতিক্ৰিয়া নেদেখুওৱা
  • ঠেলাৰ নাম বাবাজী : আনৰ উৎসাহতে হোৱা কাৰ্য
  • ঠোঁট কটা কাউৰী : সদায় মাতি থকা লোকৰ হঠাৎ মাত নাইকিয়া হোৱা
  • ঠোঁট চেলেকি থকা : লোভত আশা পালি থকা৷
  • ঠোঁট মুখ চেলেকা : ইচ্ছা থকাতো খাবলৈ নোপোৱা৷
  • ঠন ধৰা : চেহেৰা ভাল হোৱা৷
  • ঠেং নচুৱাই থকা : এলাহত সময় কটোৱা
  • ঠেঙৰ ওপৰত ঠেং তোলা : আৰামত সময় পাৰ কৰা
  • ঠঙনা খোৱা : গালি খোৱা৷
  • ডলাৰ বগৰী : ঘনাই ঠাই সলোৱা মানুহ/অস্থিৰ, একে ঠাইতে থিতাপি নলগা।
  • ডবাপিটা : ডবা কোৱোবাৰ দৰে শব্দ হোৱা। (ভীষণ বৰষুণ হোৱা অৰ্থত)
  • ডাল-দৰিদ্ৰ : অতি দুখীয়া
  • ডালে ডালে পাতে পাতে : মূল বিষয়ত নালাগি অপ্ৰাসঙ্গিক কথাত ব্যস্ত থকা৷
  • ডাল পাত যোৰা দিয়া কথা : মনেসঁজা কথা
  • ডাঁৰৰ বাতৰি ডাঁৰে পোৱা : সকলো খবৰ সময়মতে পাই থকা
  • ডিঙিৰ সাতসৰী : বৰ মৰমৰ
  • ডিঙিৰ মাদলী : বৰ মৰমৰ
  • ডিঙিৰ গলগ্ৰহ : এৰাব নোৱৰা আপদ
  • ডাংকোপ মাৰ : গৰ্ব কৰ
  • ঢৌতে খৰ মাৰ : ব্যস্ততাৰ মাজতো সময় উলিওৱা৷
  • ঢৌটোকে ৰৌটো কৰা : সৰু ঘটনাকে বৰ ডাঙৰ কৰি পেলোৱা
  • ঢোলৰ লগৰ টেমেকা : খ্যাতিমন্ত মানুহৰ লগত এনেয়ে লাগি থকা লোক
  • ঢোকাতে কল ৰোৱা : বেয়া অৱস্থাতো ভাল কাম কৰিব পৰা
  • ঢোল যেন কণী পৰা : আচৰিত কথা কোৱা
  • ঢোল পিটা : সকলোকে জনাই দিয়া৷
  • ঢোলৰ কোবতকৈ ওঁঠৰ কোব চাৰ হোৱা : কামতকৈ কথা বেছি কোৱা৷
  • ঢোল পিটি শুনোৱা : সকলোৱে শুনাকৈ চিঞৰি কোৱা৷
  • ঢেলপুঙা দে : মৰা মানুহৰ দৰে পৰি থকা৷
  • ঢাক-ঢোল বজোৱা : আনন্দেৰে সকলোকে জনাই দিয়া৷
  • তলগুজীয়া: তলে তলে আনৰ ক্ষতি কৰা
  • তলে পুতল : দেখাত শান্ত, ভিতৰি দুষ্ট
  • তিলকে তালটো কৰা : সৰু কথা বা ঘটনাকে ডাঙৰ কৰি পেলোৱা
  • তই থাক মই থাক : আনন্দত উত্ৰাৱল হোৱা
  • তলা-নলা : আচল কথাৰ সম্ভেদ
  • তেজক পানী কৰ : বৰ পৰিশ্ৰম কৰা
  • ত্ৰাহি মধুসূদন: ঘোৰ বিপদত উপায় বিচৰা।
  • তুলা ধূনা দে : বৰকৈ সমালোচনা কৰা
  • তলি উদং হ : সঞ্চয় শেষ কৰ
  • তহল দে : ঘূৰি ফুৰা
  • তলৌ তলৌ কৈ ঘূৰ : অনাই বনাই ঘূৰি ফুৰা
  • তৎ হেৰা : অস্থিৰ হোৱা
  • থাউনি নোপোৱা হোৱা: অতি বেছি ব্যস্ততা
  • থৈয়া-নথৈয়া : ভয়ংকৰ
  • থৰহৰি কম্পমান : ভয়ত বিতত হোৱা
  • থিহিৰা মাৰ : নবঢ়া-নকমা হোৱা।
  • থম থম্ কৈ বহ: কোনো ভাৱ প্ৰকাশ নকৰাকৈ বহি থকা৷
  • দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা
  • দাঁতে ওঁঠে লগা : কাজিয়া লগা
  • দেশ চাইহে ভেশ: পৰিৱেশ পৰিস্থিতি অনুপাতে মিলিব পৰা
  • দলনিত পোনা মেলা : আলাই আথানি অৱস্থা কৰা
  • দলদোপ-হেন্দোলদোপ : উৎসৱমুখৰ পৰিৱেশ
  • দাংকোপ মৰা : অহংকাৰ প্ৰকাশ কৰি কথা কোৱা
  • দহো বন কাটি কৰ : সকলো কাম বাদ দি অন্য কামত লগা
  • দিখৌ মুখলৈকে দেখা : আঁৰ বেৰ নথকা বা জেলজেলীয়া পাতল কাপোৰ
  • দৈৱকীৰ গভুৰা ল’ৰা : সকলোৱে জনা কথা৷
  • ধোঁৱাখুলীয়া : অতি খৰচী লোক৷
  • ধোদৰ পছলা : এলেহুৱা
  • ধোঁৱাচাঙত তোল : ত্যাগ কৰ, জলাঞ্জলি দে
  • ধোবাং দি থকা : অলসভাবে হাত-ভৰি মেলি শুই থকা৷
  • ধোপাং পাং : মুকলি৷ মেল খাই থকা
  • ধুম-ধুপালকৈ : বৰ আড়ম্বৰতাৰে৷
  • ধানৰ মাহী : যোৰৰ নহ’লেও একেলগে থকা
  • ন-দি কোৱা : ডাঠি কোৱা, নিশ্চিতকৈ কোৱা৷
  • নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভবা মানুহ।
  • নদন-বদন : উভৈনদী।
  • নখদৰ্পণ : সকলো চকুৰ আগত থকা
  • নাদৰ/কুঁৱাৰ ভেকুলী: অসামাজিক লোক বা পৃথিৱীৰ খা-খবৰ নৰখা মানুহ।
  • নাম কৰা : সুখ্যাতি
  • নাম নুমা : খ্যাতি নোহোৱা কৰা
  • নাম কটা চিপাহী: আনে অপসাৰণ কৰা।
  • নাম জ্বলা : বিখ্যাত
  • নলে গলে লগা : বৰ মিল থকা সমবয়সীয়া
  • নাও বুৰিলেও টিঙৰ পৰা ননমা : নিজৰ ভুল বুজিও স্বীকাৰ নকৰা
  • নাৱৰ বুকুত চৰী মৰা : মৰ্মস্থলত আঘাত কৰা৷
  • না জল, না থল হ : দুৰ্গতিৰ সীমা নোহোৱা হ
  • নাক কাণ কটা : মান সন্মান নোহোৱা কৰা
  • নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গ : নিজৰ বিপদ মাতি হ’লেও আনৰ ক্ষতি কৰা৷
  • নাকত তেল দি শোৱা : নিশ্চিন্তমনে টোপনি যোৱা
  • নিজৰ ভৰিত নিজে থিয় হোৱা : স্বাৱলম্বী হোৱা।
  • নিছুৰীয়া মানুহ : ল’ৰা-ছোৱালী নথকা, নিঃসন্তান দম্পত্তি
  • নিজৰ ভৰিত নিজে কুঠাৰ মৰা : নিজে বিপদ চপাই লোৱা।
  • নিজৰ ঢোল নিজে কোবোৱা : আত্মপ্ৰচাৰ।
  • নলগা জেঙত লগা : নকৰিব লগীয়া কাম কৰি বিপদত পৰা।
  • নাকত ধৰি চাকত ঘূৰা : দুৰ্গতি কৰা
  • নাকি লগা : নিয়ন্ত্ৰণ কৰা
  • নিজৰ ভৰিত নিজে থিয় দে : উপাৰ্জনক্ষম হোৱা।
  • নিগনি মাৰিবলৈ ঘৰত জুই দিয়া : সাধাৰণ লাভৰ আশাত ডাঙৰ ক্ষতি কৰা৷
  • পৰ্বতত কাছ কণী বিচৰা: অবাস্তৱ চিন্তা কৰা।
  • পৰকিতি লৰা: স্বভাৱ-চৰিত্ৰ অৱনতি হোৱা
  • পৰমুখাপেক্ষী : লোকৰ সহায়লৈ বাট চাই থকা।
  • পহু খেদা দে : আক্ৰমণৰ বাবে উদ্যত হৈ খেদি যোৱা
  • পাবত গজা : মূল নোহোৱা
  • পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু।
  • পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা
  • পানীৰ মিঠৈ : সজা কথা
  • পানীত পেলা : নষ্ট কৰা
  • পানীত হাঁহ নচৰা : দুৰ্গতিৰ সীমা নোহোৱা
  • পাভ লুটি মৰা: সময়ত পলায়ন কৰা।
  • পাভ যোৰা: বৰ মিল থকা/সকলোফালে জোৰে জোখাৰে থকা
  • পিলাই চমকি যোৱা : ভয় খোৱা
  • পেট চলা : বেছিকৈ শৌচ কৰা
  • পেট মচা : নুমলীয়া
  • পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা
  • পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা
  • পানীত পৰা : অথলে যোৱা
  • পেটত গামোচা বন্ধা : অনাটনত পৰি কেইবাদিনো নোখোৱাকৈ থকা৷
  • পেট মাৰ : উপাৰ্জনৰ পথ বন্ধ কৰা
  • পেটৰ কথা : গুপুত কথা৷
  • পেট পোৱা : গোপন কথাৰ সম্ভেদ পোৱা৷
  • পেট হোৱা : গৰ্ভৱতী হোৱা
  • পেট কৰ : অবৈধভাৱে গৰ্ভৱতী হোৱা৷
  • পেট খালী কৰা : অবৈধ সন্তান জন্ম দিয়া
  • পেটে পেটে : মনে মনে
  • পিঠি দিয়া : আওকাণ কৰা
  • পেট কুলি : ভিতৰি টেঙৰ
  • পোহাৰি চুপতি : সৰু কথাতে য’তে ত’তে তৰ্কাতৰ্কি কৰা
  • প্ৰশংসাত পঞ্চমুখ : অতিকৈ প্ৰশংসা কৰা
  • ফুলতে বাৰী হোৱা : কম বয়সতে স্বামীহীনা হোৱা৷
  • ফেৰ মাৰ : উপযুক্ত হ
  • ফিতাহি মাৰ : নিজক লৈ গৰ্ব কৰ
  • ফুটনি মাৰ : অহংকাৰ কৰ
  • ফুটা কলহৰ পানী : অদৃশ্য কাৰণত ব্যয় হোৱা
  • ফফৌ ফৌ : অন্তঃসাৰ শূন্য
  • ফুটুকাৰ ফেন : বহুত কৰিও একো কামত নহা
  • ফৰিং চিটিকা দিয়া : পলাই পত্ৰং দিয়া
  • ফৰিং ফুটা (জোনাক) : জোনৰ উজ্জ্বল পোহৰ।
  • ফোপজহী ৰঙাই : মিছা বা অৱাস্তৱ কথাৰে লোকক ভোলাই ৰখা মানুহ
  • ফটা ঢোল কোবোৱা : মিছা যশষ্যা।
  • বাট চা : অপেক্ষা কৰা
  • বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ।
  • বুৰেপতি শেলুক : প্ৰতিবাৰেই লাভ হোৱা
  • বাটৰ জেং আঁতৰোৱা : বিপদ আঁতৰাই যোৱা
  • বাটকুৰি বাই : বহু পথ অতিক্ৰমি
  • বুঢ়াৰ হাতত চেঙেলী পৰা : কথা বা পৰিৱেশৰ ফান্দত পৰা৷
  • বুকুৰ কুটুম : অতি আপোনজন
  • বুদ্ধিত বৃহস্পতি : অতি বুদ্ধিয়ক।
  • বগলী ভকত : মিছলীয়া লোক
  • বগা হাতী : বাস্তৱত নথকা
  • বিৰ দি বাট নোপোৱা : অতিপাত ভিৰ৷ মানুহৰ মাজেৰে বাট উলিয়াব নোৱৰা অৱস্থা৷
  • বাদুলী ওলোমা দিয়া : সৰু ল’ৰাছোৱালীয়ে আপোন মানুহৰ কোলাই-বোকোচাই উঠা৷
  • বাদুলী সচাৰ: পুৰণিকলীয়া বস্তু।
  • বাটৰ কচু টিকাত ঘঁহা : অদৰকাৰী কথা গা পাতি লোৱা
  • বান্দৰ নচুওৱাদি নচুওৱা : এজনৰ দিহামতে আনজনে বিচাৰবুদ্ধি নখটুৱাই কাম কৰি থকা৷
  • ভিৰাই লৰ মাৰ : তৎক্ষণাত পলাই যোৱা
  • ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা
  • ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ
  • ভালুকৰ সাঙী : বব নোৱাৰা বোজা।
  • ভাত মাৰ : জীৱিকাৰ বাট বন্ধ কৰা
  • ভাতৰ চৰুৰ ভীম : ঘৰত সোমাই থকা লোক৷
  • ভয়ত ভগৱন্ত পলোৱা : অতি বেছি ভয়ত অত্ৰাহি হোৱা
  • ভয়ত ভজা : আন্তৰিকতা নাথাকিলেও ভয়তে ভক্তি কৰা।
  • ভয়ত পেপুৱা লগা : অতি বেছি ভয় পোৱা।
  • ভেটি উচন যোৱা : সৰ্বস্বান্ত হোৱা।
  • ভেটিত তিতা লাও গজা : দুৰ্দশাৰ অন্ত নোহোৱা।
  • ভুচুং পহু : খাপচৰা বাবে হাঁহিয়াতৰ পাত্ৰ হোৱা
  • ভঙা বিয়াত উৰুলি দিয়া : বিসংগতি, ভঙা বিয়াত উৰুলি দিলে শোভা নাপায়।
  • ভাগৰ ভাত কাঢ়ি খোৱা : আনৰ পাপ্য আনে ভোগ কৰা।
  • ভিকাচন ভাগ : সমুলঞ্চে নোহোৱা হ
  • ভেকুলীৰ পিঠিত নোম গজা : আচৰিত কাণ্ড ঘটা৷
  • মূৰৰ চুলি চিঙি আশীৰ্বাদ দিয়া : সবান্তঃকৰণেৰে আশীৰ্বাদ দিয়া৷
  • মুখৰ ছাই গুচা : মৃতকৰ শ্ৰাদ্ধ বিধি কৰা
  • মন কৰ : ইচ্ছা কৰ,মনোযোগ দে
  • মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ
  • মাটি মিঠা : কম সোৱাদ
  • মূৰ খা : মৃত্যুৰ কাৰণ হ
  • মূৰ ঘমা : বৰকৈ চিন্তা কৰা
  • মূৰ পাতি লোৱা : দায়িত্ব লোৱা
  • মূৰ পোলোকা মাৰ/দে : গা এৰা দে
  • মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা
  • মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা
  • মূৰ দাং : টনকিয়াল হোৱা, শক্তিশালী হোৱা
  • মূধা ফুটা : বিশিষ্ট ব্যক্তি
  • মাউৰত মৰা : মহামাৰীত মৰা
  • মনে মিলা : মনৰ মিল থকা লোক
  • মাউৰত মৰা : গ্ৰহণী আদি হৈ মৰা (গালি)
  • মৰণত শৰণ দি : প্ৰাণেপণ কৰি
  • মৰজাহ দি : জানি শুনিও বিপদত সোমাই পৰা
  • মৰসাহ কৰ : অতি বেছি সাহস কৰা
  • মৰ বল দে : শৰ্বশক্তি প্ৰয়োগ কৰা
  • মৰা মুগা : সতেজতা নথকা, প্ৰাণচঞ্চল নোহোৱা
  • মুখ চন্দৰি ভঙা : মিলাপ্ৰীতি বঢ়াবলৈ সংকোচৰ ভাব নোহোৱা কৰা
  • যাউতি-যুগীয়া : চিৰদিনীয়া
  • যমে নিয়া : মৃত্যু হোৱা
  • যমে মানুহে টনাটনি : বৰ টান নৰীয়া হোৱা
  • যমৰ যাতনা : অতি বেছি কষ্ট পোৱা
  • ৰৌ ৰৌ নৰকত পৰা : (শাও) বৰ কষ্টত দিন যোৱা
  • ৰচকী পখিলা : চঞ্চল স্বভাৱৰ তিৰোতা৷
  • ৰণভেৰী বজা : যুদ্ধৰ আৰম্ভণি
  • ৰৌজাল-বৌজাল কৰা : অনাহক সকলোৱে শুনাকৈ চিঞৰি কোৱা
  • ৰণচণ্ডী মূৰ্তি ধৰা : খঙত বলীয়া হোৱাদি হোৱা
  • ৰোহ ঘৰত পৰা : অভিমানত থকা৷
  • ৰসতে নাম থোৱা : কোনোমতে কাম সামৰা৷
  • ৰেহ-ৰূপ চোৱা : চাল-চলন চোৱা
  • ৰঙা চকু দেখা : খঙেৰে চোৱা
  • ৰমৰমীয়া (ব্যৱসায়) : লাভজনক
  • ৰাউচি জুৰ : চিঞৰি কন্দা কটা কৰ
  • লটিঘটি হোৱা : অনাহক হাৰাশাস্তি হোৱা
  • লেখত ল’বলগীয়া : উল্লেখযোগ্য
  • লো পুৰিলেহে তীখা হয় : কষ্ট কৰিলে সফলতা পোৱা৷
  • লংকা কাণ্ড কৰা : বৰ অত্যাচাৰ কৰি বস্তু নষ্ট কৰা৷
  • লাওপাত কচুপাত : অতিপাত মুখচোকা।
  • লেই-লেই চেই-চেই : অৱজ্ঞা কৰা।
  • লাং লাং থাং থাং : বিশৃংখল।
  • হৰি-ভকতৰ সং : একে গুৰুত শৰণ লোৱা বন্ধু
  • হাড়ত বন গজা: বহু পুৰণি হোৱা।
  • হৰ-গৌৰি বসতি হ : ভগৱান শিৱ আৰু পাৰ্বতীৰ দৰে সুখৰ সংসাৰ হোৱাৰ কামনা৷
  • হতচকিত হ : অতি আচৰিত হ।
  • হাত উজান দিয়া : কামত সহায় কৰা
  • হাতে হাত ধৰি : মিলিজুলি কৰা/একেলগে
  • হাত লৰ : চোৰ স্বভাৱৰ
  • হাত দীঘল : ক্ষমতাশালী
  • হাত সাবটি থকা : কাম নকৰাকৈ থকা
  • হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা
  • হাতে-লোটে ধৰা : প্ৰমাণসহ ধৰা পৰা
  • হাতৰ মুঠিত ৰখা : অধীনত ৰখা
  • হাতৰ কুঠাৰ ভৰিত মৰা : নিজৰ বিপদ নিজে মাতি অনা।
  • হাত টান : কৃপণ
  • হাত উদং : সাঁচতীয়া ধন নথকা
  • হাত কৰ : নিজৰ ফলীয়া কৰা
  • হাতত সাৰে ভৰিত সাৰে : গোপনে, মনে মনে
  • হাড়লৈকে চিন : ভালকৈ চিনি পোৱা
  • হাড় ভগা বন : কঠিন কাম
  • হিয়াৰ আমঠু : প্ৰিয় লোক
  • হাতে নামাৰি ভাতে মৰা : দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা
  • হাইঠা মাটিত পৰা : বহুদিন নহা আলহী হঠাৎ আহি ওলোৱা
  • হায়ৈ বিয়ৈ কৰা : চিঞৰি-বাখৰি হুলস্থূল কৰা
  • হান মাৰি কোৱা : আক্ৰমণ কৰাৰ দৰে কথা কোৱা
  • হাঁচি-কাহ নুশুনা : নিমাত-নিতাল মাৰি থকা৷
  • হেকান পৰা : সহায় কৰি কথা শুনুৱা।
  • হেতালি খেলা : আনক বিপদৰ মূখলৈ থেলি যি মন যায় তাকে কৰা।
  • হামখুৰি খা : হঠাতে সম্মুখলৈ মুখ দি পৰি যোৱা
  • হাবাথুৰি খা : অতি কষ্টেৰে বিচাৰি ফুৰা
  • হাত ধো : সম্পৰ্ক ত্যাগ কৰ
  • হাড়ে-ছালে লগা : অতি ক্ষীণ
  • হাড়ত বন গজা : বহু দিন আগতে মৰা
  • হাড়ক মাটি কৰ : অতি পৰিশ্ৰম কৰা
  • হোলোঙাৰে কাণ বিন্ধা : অবাস্তৱ কথা
  • হোলাৰ ভাই মোলা : সহজ-সৰল লোক
  • শেনৰ এজাত : দুভঁজীয়া কথা/তীক্ষ্ণ বাক্য/তীব্ৰগতিত প্ৰৱেশ
  • শেন চকুৱা : তীক্ষ্ণ দৃষ্টিধাৰী
  • শালৰ মাজৰ শিঙি : অমিল, মিলিব নোৱৰা।
  • শূন্যত গদা ঘূৰোৱা : যুক্তি বিহীন ভাৱে কৰা ব্যৰ্থ প্ৰচেষ্টা।
  • শহা কণীয়া : শ্ৰৱণশক্তি তীক্ষ্ণ
  • শিলৰ ৰেখা : লৰচৰ নোহোৱা
  • শুকান বালি তিওৱা : দুখীয়া বা অভাৱগ্ৰস্তজনক যিমান সহায় কৰিলেও শেষ নোহোৱা
  • শ’ল ঠেকত পৰা : পৰিস্থিতিত পৰি নিৰুপায় হোৱা৷
  • শালে শিঙিক হাঁহে : সমপৰ্যায়ৰ এজনে আনজনক উপলুঙা কৰা৷
  • শাল চকুৱা : ওচৰত সহজে পোৱা বস্তু এৰি দূৰৰ বস্তুলৈ আশা কৰা৷
  • শিং ভাঙি দামুৰী হোৱা : বয়সতকৈ সৰু দেখুৱাবলৈ গৈ নিজৰ ক্ষতি কৰা৷
  • ষাঁড় মেলা: কোনো মানুহৰ তত্ত্বাৱধানত নাথাকি ইচ্ছামতে ঘূৰি ফুৰিবলৈ দিয়া৷
  • ষড়ৰস পঞ্চামৃতেৰে খোৱা: উৎকৃষ্ট খাৱন
  • সু-তিৰী ফেদেলী: ফেদেলী বা কুৰূপা তিৰুতা ভাল তিৰুতা আৰু গুণৱতী হয়৷
  • সান্দহ খোৱা বালি তল যোৱা : আগৰ সা-সুবিধা আদি নোপোৱা হোৱা৷
  • সন্ধিৰ বাঁহ বুদ্ধিৰে কটা : জটিল কাম কৌশলেৰে সমাধা কৰা
  • সাত ঘাটৰ চেঙেলী : অতি টেঙৰ।
  • সাত ঘাটৰ সৈয়াকণী : অতি চতুৰ, অতি দুষ্ট
  • সাহেই সিদ্ধি : সাহস কৰি আগবাঢ়িলেহে সফলতা আহে৷
  • সাতাম পুৰুষীয়া : চিৰকলীয়া।
  • সাক্ষী গোপাল : নামতহে থকা, কামত নাই।
  • সাত ভাৰস্তৰ মেল : বিভিন্ন কথা আলোচনা
  • সাতে-সোতৰই : মুঠতে, মূল সিদ্ধান্ত
  • সাষ্টাংগে পৰা : আঠোটা অংগ যেনে মূৰ, কপাল, থুঁতৰি, বুকু, আঠু, বাহু, হাত ভৰিসহ মাটিত স্পৰ্শ কৰি জনোৱা সেৱা।
  • সাঁচন-সামৰণ : বিশেষ কামৰ বাবে আচুতীয়াকৈ ৰখা।
  • সাত খুন মাফ : সকলো দোষ খণ্ডন কৰা
  • ক্ষুদ্ৰ শৌচ কৰা: মূত্ৰত্যাগ কৰা, প্ৰস্ৰাৱ কৰা৷
  • ক্ষুৰৰ সাঁকোত বগোৱা: বিপজ্জনক কাৰ্য কৰা৷
  • ক্ষুৰে-নাকে দ্বন্দ্ব কৰা: শক্তিশালী আৰু দুৰ্বলীৰ মাজত কাঁজিয়া লগা৷
  • ক্ষেণ-ভেন দেহা: নশ্বৰ দেহ৷
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: