কল্পনা লাজমী
অৱয়ব

কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ড॰ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধৱী আছিল। [১][২][৩] [৪]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ছবি নিৰ্মাণৰ ক্ষেত্ৰখনত পুনৰ সোমাবলৈ মোৰ বৰ উচপিচনি হৈছে৷ শেষৰখন চিনেমা পৰিচালনা কৰাৰ পাছৰে পৰা উদ্যোগটো বহুত সলনি হৈ গৈছে৷ মোৰ “এক পল’’ আৰু “ৰুদালী’’ৰ দৰে চিনেমাৰ ইমান শলাগ পোৱা দিনবোৰ এতিয়া আঁতৰি যোৱা যেন লাগিছে৷ আমি মহেশ ভাটৰ যুগৰ পৰা আলিয়া ভাটৰ যুগলৈ আগবাঢ়িছোঁ৷ আৰু দুয়োকে আচৰিত মানুহ হিচাপে চিনি পাই গৌৰৱ অনুভৱ কৰিছোঁ৷ এক সুন্দৰ যাত্ৰা, ইয়াৰ প্ৰতিটো মিনিট উপভোগ কৰিছোঁ৷ মোৰ কাম এতিয়াও শেষহোৱা নাই৷ (কিডনীৰ কৰ্কট ৰোগত আক্ৰান্ত লাজমীৰ পুনৰ ঘূৰি অহাৰ আশা৷)[৫]
- ১৯৭২ চনত মোৰ চকুৰ সন্মুখতে হৰকিছনদাস চিকিৎসালয়(বৰ্তমান মুকেশ আম্বানী চিকিৎসালয়)ত গীতা মামীয়ে হাঁচিয়াই তেজেৰে বেৰ ৰাঙলী কৰি চৰম মৃত্যুত আকোঁৱালি লৈছিল।[৬]
- ল'ৰালি কালত মোৰ কেইবাটাও বস্তুৰ প্ৰতি প্ৰবল আসক্তি আছিল, বিশেষকৈ গ্ৰন্থ , চিনেমা আৰু থিয়েটাৰৰ প্ৰতি যেতিয়া মই ডাঙৰ হ'বলৈ ধৰিছিলোঁ তেতিয়া মোৰ বাবে আইতাই মুখ্য ব্যক্তি আছিল।মহাভাৰত, ৰামায়ণ আৰু পঞ্চতন্ত্ৰৰ সাধুবোৰৰ মাজেৰে আইতাই মোক নৈতিকতা আৰু আধ্যাত্মিকতাৰ জ্ঞান দিছিল।[৬]
- মই ল'ৰাই খেলা খেলবোৰ খেলিবলৈ ভালপোৱা টমবয় সদৃশ এগৰাকী ছোৱালী আছিলো।[৬]
- জাহ্নু বৰুৱাই ভূপেনক তেওঁৰ দ্ৰোণাচাৰ্য্য আৰু নিজকে ভূপেনৰ একলব্য বুলি সম্বোধন কৰাত অভ্যস্ত আছিল।[৬]
- ১৯৯১ চনত বংগৰ বিখ্যাত থিয়েটাৰৰ লগত জড়িত ব্যক্তি ঊষা গাংগুলি নামৰ এগৰাকী প্ৰিয় বান্ধৱীয়ে মহাশ্বেতা দেৱীৰ দ্বাৰা ৰচিত "ৰুদালি" নামৰ এটা চুটিগল্প বঙালীত পঢ়ি শুনাইছিল। মই এই কাহিনীটোৰ প্ৰেমত পৰিছিলোঁ আৰু চিনেমা নিৰ্মানৰ বাবে স্বত্ম ক্ৰয় কৰি লৈছিলোঁ।[৬]
ভূপেন হাজৰিকা সম্বন্ধে
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ভূপেনদাৰ প্ৰতি মোৰ অনুভৱৰ কথা কওঁতে মোৰ মা-দেউতা স্তম্ভিত হৈ পৰিছিল৷ মোৰ দেউতা এজন বৰ উদাৰ মনৰ মানুহ আৰু কথাটো হজম কৰাৰ আগতেই তেওঁ হাঁহিমুখে কথা কৈছিল; কিন্তু মোৰ মা তেতিয়াও একমত হোৱা নাছিল৷ কিন্তু মই নিজৰ চৰ্তত জীৱনটো জীয়াই থাকিম৷[৭]
- মই কেতিয়াও সন্তান জন্ম দিব বিচৰা নাছিলোঁ৷ সৌভাগ্যক্ৰমে ভূপেনেও মোৰ পৰা সন্তান বিচৰা নাছিল৷ সন্তান জন্ম হ’লে মই নিজে গৃহিণী হৈ নিজৰ বৰ্তমানটো ত্যাগ কৰিব লাগিব, যিটো মই কেতিয়াও বিচৰা নাছিলোঁ৷[৭]
- মই ভূপেনদাৰ ৰক্ষিতা নাছিলোঁ৷ আমি দুয়ো বিয়া নোহোৱাৰ সিদ্ধান্ত লৈছিলোঁ৷ আমোদজনক কথাটো হ’ল, মই তেওঁৰ জীৱনত প্ৰৱেশ কৰাৰ পিছতহে প্ৰিয়ম্বদা আৰু ভূপেনে ইজনে সিজনৰ লগত কথা হ’বলৈ আৰম্ভ কৰিছিল৷[৭]
- ভূপেন অতি গৰম মেজাজৰ মানুহ আছিল৷ আমাৰ দুয়োৰে ব্যক্তিত্ব আক্তিশালী৷ ই নিশ্চয় বৰ কঠিন আছিল, সেয়ে আছিল প্ৰেম, ঘৃণা, কাজিয়া আৰু অস্থিৰতা৷[৭]
- ভূপেনৰ আগত থকা মোৰ চল্লিছটা বছৰে মই প্ৰত্যক্ষ কৰিছিলোঁ যে ভূপেন কমিউনিজম, লেফ্টইজম আৰু ছ'চিয়েলিজমৰ প্ৰতি জনতাক উত্তেজিত কৰাৰ অভিপ্ৰায়যুক্ত এগৰাকী ব্যক্তি নাছিল।[৬]
- ভূপেনে অসমৰ প্ৰতি থকা আসক্তি আৰু বংগৰ প্ৰতি থকা আসক্তিৰ মাজত কেতিয়াও ভেদাভেদ কৰা নাছিল। তেওঁ সদায় খৈছিল, "অসম মোৰ মাতৃভূমি,বংগ মোৰ পিতৃভূমি।" তেওঁৰ বঙালী ভাষা,সাহিত্য, ব্যাকৰণ আৰু সংস্কৃতিৰ প্ৰতি যিমান অনুৰাগ আছিল সিমানেই অসমীয়া শিল্প আৰু সংস্কৃতিৰ প্ৰতিও তেওঁ অনুৰাঘী আছিল।[৬]
- অমৰীশ পুৰীয়ে আমাৰ প্ৰস্তাৱটোক কেৱল অস্বীকাৰেই কৰা নাছিল, তেওঁ দৃঢ়তাৰে কৈছিল যে তেওঁ অৰ্থপূৰ্ণ চলচ্ছিত্ৰ কেৱল গোবিন্দ নিহলানী আৰু শ্যাম বেনেগালৰ লগতহে কৰিব, অন্য কাৰো লগত নকৰে। কাৰণ তেওঁৰ মতে কোনো অন্য চলচ্চিত্ৰ নিৰ্মাতা তেওঁলোকৰ সমকক্ষৰ নহয়। ভূপেনে তেওঁৰ অস্বীকাৰ সৌম্যতাৰে গ্ৰহণ কৰিছিল, খিন্তু খঙত জ্বলি পকি উঠিছিল আৰু তেওঁৰ সন্মুখতে পুৰীয়ে এনেদৰে কোৱাৰ বাবে লজ্জিত অনুভৱ কৰিছিল।[৬]
- পৰম্পৰাগত শাস্ত্ৰীয় সঃগীতৰ শিক্ষকসকলে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰাৰ নেতৃত্ব বহন কৰিছিল আৰু তেওঁলোকে বিশ্বাস কৰিছিল যে ভূপেনৰ সৃজনষীল সংগীত আৰু লোকাৰ্থবোৰ এক অপসংস্কৃতি আছিল। ইয়াৰ একেবাৰে বিপৰীত ৰূপত পঞ্চাছ বছৰ পিছত ভূপেনে তেওঁৰ নামেৰে এটা নিজস্ব ৰীতি সৃষ্টি কৰাৰ সন্মান আদায় কৰিছিল, যি 'ভূপেন্দ্ৰ সংগীত' ৰূপে জনাজাত হৈ পৰে।২০০৯ চনৰ জানুৱাৰী মাহত তেওঁক সংগীতৰ সৰ্বশ্ৰেষ্ঠ বঁটা 'সংগীত ৰত্ন'ৰে সন্মানিত কৰা হয়। কিন্তু গোটেই জীৱন জুৰি অসমৰ ব্ৰাক্ষ্মণ সমাজে তেওঁক গ্ৰহণ নকৰা বাবে তেওঁ হতাশাগ্ৰস্ত হৈ পৰিছিল আৰু চৰম আঘাত অনুভৱ কৰিছিল।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Rituparna Chatterjee's Blog : Kalpana Lajmi-Bhupen Hazarika: A 40-year-old love story. প্ৰকাশক: Ibnlive.in.com (2011-11-05). Archived from the original on 2011-11-07. আহৰণ কৰা হৈছে: 2012-12-25.
- ↑ আৰ্কাইভ কপি. Archived from the original on 2011-11-12.
- ↑ Kalpana Lajmi inconsolable after Bhupen Hazarika's death. প্ৰকাশক: Movies.ndtv.com (2011-11-06). Archived from the original on 2011-12-14. আহৰণ কৰা হৈছে: 2012-12-25.
- ↑ Blog Archive » I don’t need ‘wife’ tag to prove my love for Bhupen: Kalpana. প্ৰকাশক: Bhupen Hazarika (2009-02-20). Archived from the original on 2011-06-10. আহৰণ কৰা হৈছে: 2012-12-25.
- ↑ হস্পিতালত কল্পনা লাজমী. আহৰণ কৰা হৈছে: 12 মে' 2024.
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ৬.৫ ৬.৬ ৬.৭ ৬.৮ ভূপেন হাজৰিকা এজ আই নিউ হিম, কল্পনা লাজমী
- ↑ ৭.০ ৭.১ ৭.২ ৭.৩ কল্পনা লাজমীৰ সাক্ষাৎকাৰ. আহৰণ কৰা হৈছে: 12 মে' 2024.
