সমললৈ যাওক

কল্পনা লাজমী

ৱিকিউদ্ধৃতিৰ পৰা
ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কল্পনা লাজমী

কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ড॰ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধবী আছিল। [১][২][৩] [৪]

  1. ছবি নিৰ্মাণৰ ক্ষেত্ৰখনত পুনৰ সোমাবলৈ মোৰ বৰ উচপিচনি হৈছে৷ শেষৰখন চিনেমা পৰিচালনা কৰাৰ পিছৰে পৰা উদ্যোগটো বহুত সলনি হৈ গৈছে৷ মোৰ “এক পল’’ আৰু “ৰুদালী’’ৰ দৰে চিনেমাৰ ইমান শলাগ পোৱা দিনবোৰ এতিয়া আঁতৰি যোৱা যেন লাগিছে৷ আমি মহেশ ভাটৰ যুগৰ পৰা আলিয়া ভাটৰ যুগলৈ আগবাঢ়িছোঁ৷ আৰু দুয়োকে আচৰিত মানুহ হিচাপে চিনি পাই গৌৰৱ অনুভৱ কৰিছোঁ৷ এক সুন্দৰ যাত্ৰা, ইয়াৰ প্ৰতিটো মিনিট উপভোগ কৰিছোঁ৷ মোৰ কাম এতিয়াও শেষহোৱা নাই৷ (কিডনীৰ কৰ্কট ৰোগত আক্ৰান্ত লাজমীৰ পুনৰ ঘূৰি অহাৰ আশা৷)[৫]

ভূপেন হাজৰিকা সম্বন্ধে

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. ভূপেনদাৰ প্ৰতি মোৰ অনুভৱৰ কথা কওঁতে মোৰ মা-দেউতা স্তম্ভিত হৈ পৰিছিল৷ মোৰ দেউতা এজন বৰ উদাৰ মনৰ মানুহ আৰু কথাটো হজম কৰাৰ আগতেই তেওঁ হাঁহিমুখে কথা কৈছিল; কিন্তু মোৰ মা তেতিয়াও একমত হোৱা নাছিল৷ কিন্তু মই নিজৰ চৰ্তত জীৱনটো জীয়াই থাকিম৷[৬]
  2. মই কেতিয়াও সন্তান জন্ম দিব বিচৰা নাছিলোঁ৷ সৌভাগ্যক্ৰমে ভূপেনেও মোৰ পৰা সন্তান বিচৰা নাছিল৷ সন্তান জন্ম হ’লে মই নিজে গৃহিণী হৈ নিজৰ বৰ্তমানটো ত্যাগ কৰিব লাগিব, যিটো মই কেতিয়াও বিচৰা নাছিলোঁ৷[৬]
  3. মই ভূপেনদাৰ ৰক্ষিতা নাছিলোঁ৷ আমি দুয়ো বিয়া নোহোৱাৰ সিদ্ধান্ত লৈছিলোঁ৷ আমোদজনক কথাটো হ’ল, মই তেওঁৰ জীৱনত প্ৰৱেশ কৰাৰ পিছতহে প্ৰিয়ম্বদা আৰু ভূপেনে ইজনে সিজনৰ লগত কথা হ’বলৈ আৰম্ভ কৰিছিল৷[৬]
  4. ভূপেন অতি গৰম মেজাজৰ মানুহ আছিল৷ আমাৰ দুয়োৰে ব্যক্তিত্ব আক্তিশালী৷ ই নিশ্চয় বৰ কঠিন আছিল, সেয়ে আছিল প্ৰেম, ঘৃণা, কাজিয়া আৰু অস্থিৰতা৷[৬]
  1. Rituparna Chatterjee's Blog : Kalpana Lajmi-Bhupen Hazarika: A 40-year-old love story. প্ৰকাশক: Ibnlive.in.com (2011-11-05). Archived from the original on 2011-11-07. আহৰণ কৰা হৈছে: 2012-12-25.
  2. আৰ্কাইভ কপি. Archived from the original on 2011-11-12.
  3. Kalpana Lajmi inconsolable after Bhupen Hazarika's death. প্ৰকাশক: Movies.ndtv.com (2011-11-06). Archived from the original on 2011-12-14. আহৰণ কৰা হৈছে: 2012-12-25.
  4. Blog Archive » I don’t need ‘wife’ tag to prove my love for Bhupen: Kalpana. প্ৰকাশক: Bhupen Hazarika (2009-02-20). Archived from the original on 2011-06-10. আহৰণ কৰা হৈছে: 2012-12-25.
  5. হস্পিতালত কল্পনা লাজমী. আহৰণ কৰা হৈছে: 12 মে' 2024.
  6. ৬.০ ৬.১ ৬.২ ৬.৩ কল্পনা লাজমীৰ সাক্ষাৎকাৰ. আহৰণ কৰা হৈছে: 12 মে' 2024.