সমললৈ যাওক

শচীন তেণ্ডুলকাৰ

ৱিকিউদ্ধৃতিৰ পৰা
শচীন তেণ্ডুলকাৰ

শচীন ৰমেশ তেণ্ডুলকাৰ (জন্ম ২৪ এপ্ৰিল ১৯৭৪) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁক ক্ৰিকেটৰ সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ বেটাৰ হিচাপে গণ্য কৰা হয়৷ তেওঁ টেষ্ট আৰু এদিনীয়া খেলৰ লগতে সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ কৰোঁতা৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতকো অৰ্জন কৰিছে (এশ)৷

  • মোৰ মনত থকা একমাত্ৰ কথাটো আছিল, 'মই এদিন ভাৰতৰ বাবে খেলিম,' আৰু মোৰ বিশ্বাস আৰু প্ৰত্যয় আছিল যে এদিন খেলিমেই৷
    • যুৱ খেলুৱৈ হিচাপে ক্ৰিকেটৰ প্ৰতি থকা স্পৃহা সম্পৰ্কে তেণ্ডুলকাৰ৷[১]
  • মানুহে আপোনালৈ শিল (stone) দলিয়ালে আপুনি তাক মাইলৰ খুঁটিলৈ (milestone) সলাই পেলাব৷
    • ভাৰতক মেছ জিকোৱাত তেওঁৰ অসমৰ্থতাক লৈ মানুহে প্ৰশ্ন কৰা সম্পৰ্কে৷[২]
  • মই নিজকে কেতিয়াও আনৰ লগত তুলনা কৰা নাই৷
    • শচীনে ধোনীৰ দৰে হেলিকপ্টাৰ শ্বট খেলিব নোৱাৰে, সেৱাগৰ দৰে ছয় মাৰিব নোৱাৰে, দ্ৰাৱিদৰ দৰে ইনিংগছ খেলিব নোৱাৰে বা গাংগুলীৰ দৰে অধিনায়ক হ’ব নোৱাৰে৷ কিন্তু তেওঁ যি কৰে সেই কামত তেওঁৰ সমকক্ষ কোনো নাই৷[৩]
  • মই কেতিয়াও ক’লৈ যাম ভবা নাই, বা কেতিয়াও নিজকে লক্ষ্য ধৰি দিয়া নাই৷
    • কঠোৰ পৰিশ্ৰম, প্ৰতিশ্ৰতি আৰু অধ্যৱসায় আৰু কি নহয় [৪]
  • সপোনক খেদা বন্ধ নকৰিবা, কাৰণ সপোন সঁচা হৈ পৰে৷
    • সপোন দেখা৷ আশা কৰা৷ সঁচা কৰা৷ [৫]
  • “সফলতা এটা প্ৰক্ৰিয়া—ই এটা যাত্ৰা, গন্তব্য নহয়।”[]
  • “যদি তুমি নম্ৰ হৈ থাকা, মানুহে তোমাক মৰম আৰু সন্মান দিব।”[]
  • “যেতিয়া আন কোনোৱে বিশ্বাস নকৰে, তেতিয়াও নিজে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব।”[]
  • “চাপ মুক্ত হোৱাৰ মূল চাবিকাঠি হৈছে নিজকে শান্ত ৰাখা।”[]
  1. (মেন অৱ দ্যা মেচ বঁটা গ্ৰহণৰ সময়ত) এতিয়া গ্ৰহণ কৰাটো মোৰ বাবে বহুত বেছি, মোৰ নায়ক (শচীন টেণ্ডুলকাৰ)ৰ অভিলেখৰ সমান কৰাটো মোৰ বাবে বিশেষ কিবা এটা। বেটিঙৰ ক্ষেত্ৰত তেওঁ (শচীন টেণ্ডুলকাৰ) নিখুঁত।" (বিৰাট কোহলী)[]
  2. মোৰ বাবে এইটো এটা অতি আৱেগিক মুহূৰ্ত, মই জানো মই ক’ৰ পৰা আহিছো, মই জানো সেই দিনবোৰ যেতিয়া মই তেওঁক (শচীন তেণ্ডুলকাৰ) টিভিত দেখিছিলোঁ৷ তেওঁৰ পৰা সেই প্ৰশংসা পোৱাটোৱেই মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। (বিৰাট কোহলী)[]
:w:
:w:
  1. Playing It My Way (২০১৪)
  2. Playing It My Way (২০১৪)
  3. Playing It My Way (২০১৪)
  4. Playing It My Way (২০১৪)
  5. ৫.০ ৫.১ শচীন টেণ্ডুলকাৰৰ প্ৰশংসা..... আহৰণ কৰা হৈছে: 18 ছেপ্টেম্বৰ 2024.