সমললৈ যাওক

শচীন তেণ্ডুলকাৰ

ৱিকিউদ্ধৃতিৰ পৰা
Sachin Tendulkar

শচীন ৰমেশ তেণ্ডুলকাৰ (জন্ম ২৪ এপ্ৰিল ১৯৭৪) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁক ক্ৰিকেটৰ সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ বেটাৰ হিচাপে গণ্য কৰা হয়৷ তেওঁ টেষ্ট আৰু এদিনীয়া খেলৰ লগতে সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ কৰোঁতা৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতকো অৰ্জন কৰিছে (এশ)৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মোৰ মনত থকা একমাত্ৰ কথাটো আছিল, 'মই এদিন ভাৰতৰ বাবে খেলিম,' আৰু মোৰ বিশ্বাস আৰু প্ৰত্যয় আছিল যে এদিন খেলিমেই৷
    • যুৱ খেলুৱৈ হিচাপে ক্ৰিকেটৰ প্ৰতি থকা স্পৃহা সম্পৰ্কে তেণ্ডুলকাৰ৷[১]
  • মানুহে আপোনালৈ শিল (stone) দলিয়ালে আপুনি তাক মাইলৰ খুঁটিলৈ (milestone) সলাই পেলাব৷
    • ভাৰতক মেছ জিকোৱাত তেওঁৰ অসমৰ্থতাক লৈ মানুহে প্ৰশ্ন কৰা সম্পৰ্কে৷[২]
  • মই নিজকে কেতিয়াও আনৰ লগত তুলনা কৰা নাই৷
    • শচীনে ধোনীৰ দৰে হেলিকপ্টাৰ শ্বট খেলিব নোৱাৰে, সেৱাগৰ দৰে ছয় মাৰিব নোৱাৰে, দ্ৰাৱিদৰ দৰে ইনিংগছ খেলিব নোৱাৰে বা গাংগুলীৰ দৰে অধিনায়ক হ’ব নোৱাৰে৷ কিন্তু তেওঁ যি কৰে সেই কামত তেওঁৰ সমকক্ষ কোনো নাই৷[৩]
  • মই কেতিয়াও ক’লৈ যাম ভবা নাই, বা কেতিয়াও নিজকে লক্ষ্য ধৰি দিয়া নাই৷
    • কঠোৰ পৰিশ্ৰম, প্ৰতিশ্ৰতি আৰু অধ্যৱসায় আৰু কি নহয় [৪]
  • সপোনক খেদা বন্ধ নকৰিবা, কাৰণ সপোন সঁচা হৈ পৰে৷
    • সপোন দেখা৷ আশা কৰা৷ সঁচা কৰা৷ [৫]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]