বিহু
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

বিহু (ইংৰাজী: Bihu) অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ’ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। কৃষি উৎসৱ ঘাইকৈ তিনিটা— খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত। অসমত পালন কৰা তিনি বিহু হ’ল ক্ৰমে ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিহুনামত ঐতিহাসিক চৰিত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

- কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম
কেনেকৈ ধৰিলে তোক৷
ইফালে যোৰহাট সিফালে গোলাঘাট
চিঠি লেখি ধৰিলে মোক
ঐ ৰহেমতী ৰহেদৈ
নগাটেঙা কৰেদৈ
তত নাই তোমাৰে গাত৷[১] - সোণৰ ধোঁৱাখোৱাত
খালি ঐ মণিৰাম
ৰূপৰ ধোঁৱাখোৱাত খালি৷
দেৱান হ’বৰে
বেছিদিনে নহ’ল
ডিঙিত চিপেজৰী ল’লি৷[১] - আগনিশা কান্দিলে
ঘুৰঘুৰি কপৌহাল
পাছনিশা কান্দিলে ফেঁচা৷
মণিৰাম দেৱানক
যোৰহাটত মাৰিলে
ৰংপুৰ নগৰ হ’ল চেঁচা৷[১] - চৰায়ে ধান খালে চিটিকি পৰিলে
উফৰি পৰিলে কাণ৷
কিনো চাই আছ গগৈ ৰাজখোৱা
মানতৰাই জিনিলে ৰণ৷[১] - ৰূপচিং চুবেদাৰ কাষতে দিলদাৰ
নহ’বা অখনি খোৰা৷
শানত দি ল’বা কঁকালৰ হেংদাং
শালত বাছি ল’বা ঘোঁৰা৷[১] - গছৰে ডালতে কুলিটি কান্দিলে
বিহুটি পালেহি বুলি৷
পাহাৰত কান্দিলে লাঙী গদাপাণি
জয়মতীক মাৰিলে বুলি৷[১] - নাহৰ চেনামুৱা ওলাই ৰাতিপুৱা
ছকুৰি কুকুৰাৰ ভাৰ৷
দিহিং নৈৰ পানী কৰে তলবল
ঘাটৈয়ে নকৰে পাৰ৷[১] - গংগাধৰ তিলকে পিৰীতি কৰিলে
গান্ধীয়েও কৰিছিল প্ৰেম৷
মুখলৈ চাওঁতে তলেমূৰ কৰিলা
তোমাৰহে ইমানটি ভেম৷[১] - স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দুলীয়াই পাতিছে দোলা৷
কাণত জিলিকিছে নৰাৰে জাংফাই
গাতে গোমচেঙৰে চোলা৷[২] - কাউৰী কাউৰী অজাতি কাউৰী
কি খাই বোলালি ঠোঁট৷
বৰদুৱাৰৰ মুখতে নাহৰক কাটিলে
তাকে খাই বোলালি ঠোঁট৷[২] - আঠীয়া কলৰে পাতে সৰু সৰু
জাতি কলৰে পাত৷
গা ধুই উঠি বাখৰৰ টেমেকাই
খাবলৈ নেপালে ভাত৷[২] - ৰূপাই দা ধৰাই উকিটি মাৰিলে
টুপাই বুৰ মাৰিলে ধনে,
হয়নে বগীতৰা নাহোঁ আজিৰ পৰা
জামিনত ৰাখিব কোনে৷[১] - থলে কি অথলে গ’ল,
সেই কথা শুনি ৰমায়ে সতায়ে
ৰজাক লগাবলৈ গ’ল৷[১] - সম্ৰাট ছাহজাহানে তাজমহল বনালে
যমুনা নদীৰে পাৰত৷
প্ৰেমৰ তাজমহল বনাম বুলি ভাবিছোঁ
তোৰে মোৰে যৌৱনৰ কালত৷[১] - ৰংঘৰৰ মুখতে আহোমৰ দিনতে
ৰঙৰে পাতিছিল মেলা৷
ম’হো যুঁজাইছিল কণুৱা মেলিছিল
পাতিছিল শেনৰে মেলা৷[১]
বিহুনামত হাঁচতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

- হাঁচতি ঐ চ’ত, বিচাত ঐ চ’ত
বুধে বৃহস্পতি মঙলে উৰুকা
বিহু গৈ আছিলি ক’ত? [৩] - হাঁচতি ব’লোঁ মই শৰাইত থলোঁ মই
উৰি গ’ল বগলীৰ লগত৷
হাঁচতি ঐ লুইতৰ শিহু
আজিয়েই যাবগৈ ব’হাগৰ বিহু৷[৩] - ৰাইজে বখানে নবৌ বৰে কাজী
দিনে দহখন বয়৷
শৰাইতে হাঁচতি দেখিলেহে নাম ল’ম,
নবৌ আচল কাজী হয়৷[৩] - উলিকৈ তামোলৰ পুলি সমনীয়া
উলিকৈ তামোলৰ পুলি৷
শৱদত শুনিছোঁ আইদেউ শিপিনী
হাঁচতি দিবহি বুলি৷[৩] - হয়ে কি অহয়ে হয়ে ঐ পৰুৱা
হয়ে কি অহয়ে হয়৷
হাঁচতি এখনি খুজিব আহিছোঁ
দিয়া কি নিদিয়া বৈ৷[৩] - ই বোলে শিপিনী সি বোলে শিপিনী
শিপিনী কিমানৰ কাজী৷
বাবৰি থুপীয়া হাঁচতি নেপালে
শিপিনীক থেকেচিম আজি৷[৩] - আৰু বেলি কৈছিলা হাঁচতি দিম বুলি
এইবেলি কাটিছা পাঁজি৷
তোমাৰ হাঁচতি আমাক ঐ নালাগে
ছোৱালী আনি ল’ম কাজি৷[৪] - বাগানৰ চৰ্দাৰে লাইনত চিঞৰে
কামজাৰি কামজাৰি বুলি৷
আমি ডেকাহঁতে চোতালত চিঞৰোঁ
হাঁচতি হাঁচতি বুলি৷[৫]
বিহুনামত নদ-নদী[সম্পাদনা কৰক | উৎস সম্পাদনা]
- নৈলৈ হালিলে নদালি ভলুকা
পথাৰলৈ হালিলে কাক৷
বুকুৰ হাড় ওলালে ডালি ডালি কৰি
কালৈ চিন্তা কৰি থাক৷[৪] - ধনশিৰী ভেটিলে জেঙে ঐ জাবৰে
সোঁৱণশিৰী ভেটিলে কিহে৷
ভঙা খোলাকটি কুমাৰে গঢ়িলে
যৌৱন গঢ়ি দিলে কিহে৷[৪] - দিখৌ নৈৰ পাৰৰে থোৰালি ঢেঁকীয়া
নিতৌ চাৰি আঙুল বাঢ়ে৷
তোলৈ লাহৰী মনত ঐ পৰিলে
ৰাতিও টোপনি নাহে৷[৪] - ৰঙা নৈ শুকালে মাছৰে বেজাৰত
লুইতখন শুকালে কিয়?
মই চেনাই শুকালোঁ তোমাৰে বেজাৰত
তুমি চেনাই শুকালা কিয়৷[৪] - দিখৌ নৈ এৰিব পাৰোঁ মই লাহৰী
জাঁজী নৈ এৰিব পাৰোঁ৷
তোমাৰে পিৰীতি এৰিব নোৱাৰোঁ
নেখায়ো মৰিব পাৰোঁ৷[৪] - দিখৌ নৈ ইপাৰে দিখৌ নৈ সিপাৰে
কোনে দিয়ে যাব সাঁকো৷
কোনে দিয়ে যাব কাঠৰ দোৰেপতি
কোনে দিয়ে যাব মাকো৷[৪] - চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চাই৷
চিৰি লুইততে কিৰিলি পাৰিয়ে
চেনাই নাৱে মেলি যায়৷[৪] - ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই৷
ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা
তামোল দি মাতোতা নাই৷[৪] - লুইতৰে বালি বগী চকেচকী
কাছই কণী পাৰে লেখি৷
গাত জুই জ্বলিছে সৰিয়হ ফুটিছে
ধনক পানীঘাটত দেখি৷[৪] - ব্ৰহ্মপুত্ৰে আহিলে কোম্পানী জাহাজ ঐ
পৃথিৱী তলেবলাই
চপাই চপাই দে কোম্পানীৰ জাহাজ ঐ
বাতৰি আছেনে নাই৷[৫] - নদীয়ে খহালে আমাৰ ভেটি মাটি
বানে উটুৱালে ঘৰ৷
তুমি সোণ খহালা হৃদয়ৰ গৰাবোৰ
আপোন হৈ হ’লা যে পৰ৷[৫] - দিখৌত গুমগুমালে
কোম্পানীৰ জাহাজ ঐ
ঢেঁকীত গুমগুমালে থোৰা৷
দেহৰ চিতচিতনি মনৰ পিৰপিৰণি
গাভৰু হ’বৰে পৰা৷[৫] - দিচাঙত বাঢ়িলে পানী সমনীয়া
দিচাঙত বাঢ়িলে পানী৷
ফিৰিঙি আহিলে ৰে’লগাড়ী চলালে
ডবাতে আনিলে কানি৷[৫] - ধনশিৰী দলংখন ভেটিলে চেনাই ঐ
লোহাৰে শলখা মাৰি,
তোমাকে আমাকে সমাজে ভেটিলে
দুটি দেহা দুফালে কৰি৷[উৎসৰ প্ৰয়োজন] - দিখৌ নৈৰ পাৰতে কলপাত কাটিলো
আগলি আগলি চাই।
বিহুৰ তলীতে তোমাক বাচি লৈছিলোঁ
ককাল-খামুচীয়া চাই॥৭৯।[উৎসৰ প্ৰয়োজন]
বিহুনামত চৰাই[সম্পাদনা কৰক | উৎস সম্পাদনা]
কুলি চৰাই
কপৌ চৰাই
দহিকতৰা
- কপৌ কুৰুলিয়ায় ৰাতি ঐ নুপুয়ায়
ফেঁচাই কুৰুলিয়ায় ডালত৷[৬] - কুহু কুহু কৰি কপৌৱে কান্দিলে
ডাউকী কান্দিলে ৰৈ৷[৬] - চ’ততে মাতিলে চতীয়া চৰাই ঐ
ব’হাগত মাতিলে কুলি৷[৬] - কুলি-কেতেকীয়ে জাননী দিলেহি
ব’হাগেনো পালেহি বুলি৷ [৬] - বিহুৱা চৰায়ে কৰে বিহু বিহু
বীণৰে নলা যেন মাত৷
গছতে লতায়ে হালিছে-জালিছে
ধৰি সেউজীয়া পাত৷[৬] - দহিকতৰা চৰায়ে পিৰীতি কৰিলে
তৰাৰে গছতে পৰি৷
ডেকাকৈ গাভৰু পিৰীতি কৰিলে
যৌৱনৰ ভমকত পৰি৷[৭] - ওপৰে উৰিলে মলয়াত ঘূৰিলে
কাৰে যুৰীয়া পাৰ৷
ধুনীয়া পিলিঙা মোকে নিব খোজ
কিমান ধন ভাঙিব পাৰ৷[৭] - পুখুৰী থাকোঁতে পুখুৰী খনালে
ৰাজহাঁহ চৰিবৰ মন৷
এজনী থাকোঁতে এজনী আনিলে
খৰিয়াল শুনিবৰে মন৷[৭] - উৰি গৈ পৰ্ঘুমা ঘূৰিয়ে পৰিলে
গুজৰি বৰষে দেও৷
মুঠি-ধন ভাঙোতে তোমাৰ মন ভাগিলে
বুজাওতা নোলালে কেও৷[৭] - শালিকী চৰায়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলৈ পাই,
গাঁৱৰ বিহুতলীত কিৰিলি পাৰিলে
ব’হাগৰ বিহুটি পাই৷[৭] - নলনিত কান্দিলে হেটুলুকা চৰাইটি
হেটুলুক কৰিলে বনত,
হাতৰ বন সৰি চিতনি ধৰেহি
ধনৰ কথা পৰিলে মনত৷[৭] - হাবিতে কান্দিলে হঁয়কলি চৰায়ে
চিটিকাৰ মুখলৈ চাই,
গাঁৱতে কান্দিলে জীয়ৰী ছোৱালী
ডেকা ল’ৰাৰ মুখলৈ চাই৷[৭] - চৰাই কপটীয়া শেন ঐ লাহৰী
চৰাই কপটীয়া শেন,
আগতকৈ দুগুণে জেউতি চৰিলে
চান্দে সূৰুযে যেন৷[৭] - ওপৰে উৰিলে মটীয়া চিলনী
পাখীয়ে নল’লে ঘোৰ,
লগৰ সমনীয়ালৈ তামোল-পাণ কাটোঁতে
আঙুলি কাটিলে মোৰ৷[৭] - কুকুৰা কুকুৰা অজাতি কুকুৰা
ভুকুৱাই মাৰিমে তোক,
ৰাতি নৌপুৱাওতেই কেলৈ ডাক দিলি
ধনে এৰি যায় মোক৷[৭] - উৰিলে বগলী লেখোঁ মই চেনাইটি
পৰিলে বগলী লেখোঁ,
নৈৰ পানী তুলি খাওঁ যদি চেনাইটি
তাতো তোমাৰ ছবিটি দেখোঁ৷[৭] - কাউৰী শতৰু মুগা চোমনীয়া
পৰিবলৈ নিদিয়ে ডালত,
তোমাৰ-মোৰ শতৰু তোমাৰ মা-দেউতাৰা
ফুৰিবলৈ নিদিয়ে লগত৷[৭] - বাৰীৰে ঢাপৰে পকা জলকীয়া
ৰাঙলী ভাটৌৱে খায়,
খৰকৈ যোৱাগৈ লাহৰীক কোৱাগৈ
এদিনে এবছৰ যায়৷[৭] - গধূলি পৰতে বহি মই আছিলোঁ
বাদুলীয়ে পকা কল খায়,
তোমালৈ মনত পৰে ঘনে ঘনে
তোমাৰহে মনতে নাই৷[৭] - এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব
আমাৰ বিহুত আমনি নাই,
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়ায়
আমাৰ বিহু ভাঙোতা নাই৷[৭] - ব্ৰহ্মপুত্ৰৰ বালিতে দলপুঙা চৰাই
ঘূৰি ঘূৰি ঐ বালিতে পৰে
নেভাবোঁ বুলিলে তোৰে ঐ কথাটি
ঘূৰি ঘূৰি মনতে পৰে৷[৭] - বাঁহৰে আগৰে কপৌ চৰাই হালি
ধেনু নেমাৰিবা টানি,
শতৰু ছোৱালীত চকু ঐ নিদিবা
দেহাক নকৰিবা পানী৷[৭] - ৰৈনো ৰৈ কান্দিলে চাকৈ-চকোৱা
ৰৈনো ৰৈ কান্দিলে জিলি,
এনেয়ে মৰিছোঁ তোৰে ঐ সন্তাপত
আকৌ গা দেখা দি গ’লি৷[৭] - সজা ভাঙি মোকলাওঁ সজাৰে মইনা
শালে কাটি মোকলাওঁ হাতী,
ডিঙিৰ মণি বেচি চেনাইকে মোকলাওঁ
টোপনি অহা নাই ৰাতি৷[৭] - বগাকৈ বগলী অ' দেহি উৰেনো যোৰে পাতি
আমাৰ নো যোৰ পাতোতা নাই
কিনো দুখ লিখিলে অ' দেহি কণা দাতা বিধাতাই
নিদিলে তোৰ অন্তৰত ঠাই৷[১] - হাবিতে কান্দিলে হয়কলি চৰায়ে
চিতিকাৰ মুখলৈ চাই৷
জেৰেঙা পথাৰত কান্দে জয়মতী
চাওদাঙৰ মুখলৈ চাই৷[১] - ছাঁ পাই বগলী চৰে সমনীয়া
বগলী পানী পাই নাচে,
কোন শতৰুৱে কৈ পঠিয়ালে
মৈদামত কেঁচাসোণ আছে৷[উৎসৰ প্ৰয়োজন] - চৰাই চিকুণ তেলীয়া সাৰেং
মাছৰ চিকুণ মালি,
স্বৰ্গদেওৰ চিকুণ কেঁকোৰা দোলাখন
শুৱায় গজেপুৰৰ আলি৷[উৎসৰ প্ৰয়োজন] - হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত৷
ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত
মাখি হৈ চুমা দিম গালত৷[উৎসৰ প্ৰয়োজন] - পখিলা উৰাদি উৰ ঐ নাচনী
পখিলা উৰাদি উৰ
ৰজাৰো আগৰ ফাটবিহুখনিৰ
নেপাবি পিৰিতিৰ ওৰ।[৮] - শালিকী চৰায়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলৈ পায়।
আমি সমনীয়াই কিৰিলি পাৰিছোঁ
বিহু মাৰিবলৈ পায়। [৯]
বিহুনামত মাছ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- কিনো মাছ মাৰিবৰ তুৰা সমনীয়া
কিনো মাছ মাৰিবৰ তুৰা
ৰংপুৰ নগৰত কাৰেংঘৰ সাজিলে
মাৰলি নাখালে জোৰা৷[৭] - কিনো মাছ মাৰিবৰ এলেং ঐ পৰুৱা
কিনো মাছ মাৰিবৰ এলেং
পৰুৱা শিপিনীৰ টোলোঠা কাটোঁতে
ফাটিল সৰু সূতাৰ চেলেং৷[৭] - তোমাৰ গাল দুখনি পাভ মাছৰ নিচিনা
ঘোঁৰা ফানৰ নিচিনা চুলি
ল’ম ল’ম বুলি এদিনো নল’লা
দুখনি হাতেৰে তুলি৷[৭] - কাৱৈ মাছ বাছিবৰ ডবুৱা কটাৰী
পিছলি পিছলি যায়৷
দিনৰে দিনটো এনেয়ে কটালোঁ
ডেকা ল’ৰাৰ মুখলৈ চাই৷[৭] - লুইতত উজালে শিহুকৈ ঘঁৰিয়াল
দিখৌ নৈত উজালে নাৰ৷
আমাৰে বিলৈ দেখি হাঁহে শতৰুৱে
তই জানো সহিব পাৰ৷ [৭] - চেঙেলি মাৰিবৰ চিপত ঐ বান্ধৈ
চেঙেলি মাৰিবৰ চিপত,
হাত বাউল দিলে আটায়ে জানিব
আহিবি চকুৰে টিপত৷[৭] - কাকডোঙাৰ বৰালি ডেৰছোৱাৰ বৰালি
কেনেকৈ মিহলি হ’ল,
আমি নেঘেৰিয়াল তুমি যোৰহতীয়া
কেনেকৈ চিনাকি হ’ল৷[৭] - আবেলি বেলিকা জিকাফুল ফুলিছে
মাৰে মোৱা মাছে জাকি,
গধূলি বেলিকা আইটী ওলাইছে
আনন্দে নধৰে আজি৷[৭] - অ তোৰা বতিয়া, বিহু আহে যেতিয়া
নাহৰ ফুলে তেতিয়া,
তগৰ ফুলে যেতিয়া
পখিলা হৈ পখিলা হৈ উৰিবৰ মন৷[৫] - ঐ কলঙত উঠিলে গেলাকৈ বৰালি
তাকে চাই শুকুতা বাচোঁ৷
ৰঙা টিপে পনীয়া তামোলখনি
নেখাই মই ধনাই তোক যাচোঁ৷[১] - তোমাৰ মুখখনি মালি মাছৰ নিচিনা
বামী মাছৰ নিচিনা চুলি৷
লম লম বুলি এদিনো নল’লা
দুখনি হাতেৰে তুলি৷[উৎসৰ প্ৰয়োজন]
বিহুনামত তাঁতশাল[সম্পাদনা কৰক | উৎস সম্পাদনা]

- ৰাতি দুপৰলৈ কাটি সূতালাহী
ধনলৈ বিহুৱান ব’লোঁ
ৰঙাকৈ আঁচুৰে বাছি পাণেকটা
টিপতে লুকুৱাই থ’লোঁ৷[উৎসৰ প্ৰয়োজন] - বহোঁ তাঁতৰ পাটত চকু আলিবাটত
মাকোঁ সৰি সৰি পৰে৷
ধনলৈয়ে বুলি বিহুৱান বৈছোঁ
ঘনে ঘনে মনতে পৰে৷[উৎসৰ প্ৰয়োজন] - এ লীলা, বহোঁ তাঁতৰ পাটত, লীলা চকু আলিবাটত
লীলা সৰি সৰি পৰে মাকোঁ
এ লীলা যাকে চাঁৱে বোলে, লীলা তাকেহে নেদেখে
লীলা কিনো জুয়ে লগা চকু৷[উৎসৰ প্ৰয়োজন] - অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো৷
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ৷[উৎসৰ প্ৰয়োজন] - আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ৷
কেতেকী চৰায়ে কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ৷[উৎসৰ প্ৰয়োজন]
বিহুনামত বাদ্যযন্ত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- সুতুলি সুতুলি মাটিৰে সুতুলি
সুতুলি কিহেৰে বাওঁ;
কঁকালৰ খোচনিত সুতুলি আনিছোঁ
আঙুলি বোলায়ে যাওঁ।[১০] - ম'হৰ শিঙৰ পেঁপাটি নবজাবা ককাইটি
মনে মোৰ উৰুঙা কৰে;
পেঁপাৰ মাতে শুনি ৰব মই নোৱাৰোঁ
হাতৰ বনে সৰি পৰে।[১১] - ধনে সাজি দিয়া লাহৰী গগণা
বহি বৰৰ তলত বাওঁ৷
ধনো নাহিলে গগণা ফাটিলে
খৰিকাত মঙলখন চাওঁ৷[১২] - পাৰ যোৰে যোৰে উৰে অ’ কলিজা
পাৰ যোৰে যোৰে উৰে৷
ঢোল বায় ঢুলীয়া নাচনী বলিয়া
টাকুৰী ঘূৰাদি ঘূৰে৷[উৎসৰ প্ৰয়োজন] - আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাতত বাওঁ৷
আহে কি নাহে ঐ মোৰে ধন চেনাইটি
চিৰি পাতি মঙলখন চাওঁ৷[উৎসৰ প্ৰয়োজন] - টকাৰ সৰু সৰু মাতে সমনীয়া
টকাৰ সৰু সৰু মাত৷
টকাৰ মাতে শুনি ৰ’বকে নোৱাৰো
এৰি যাওঁ পেটৰে ভাত৷[উৎসৰ প্ৰয়োজন] - ঔৰে গছতে মৌৱে বাহে ল’লে
ককাই পাৰি দিয়া খাওঁ৷
বাঁহৰে টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ৷[উৎসৰ প্ৰয়োজন] - ঢোল বায় ঢুলীয়া খোল বায় খুলীয়া
কাৰ ঘৰৰ নাচনী নাচে৷
ওচৰ চাপি চাপি নাহিবা নাচনী
তোমাৰ গাত মোহিনী আছে৷[উৎসৰ প্ৰয়োজন] - এই বেলি আহুধান পানীয়ে মাৰিলে
অহা বেলি আহুধান পাম৷
ম’হৰ শিঙৰ পেঁপাটি বনকিয়াই আনাগৈ
বিহু মাৰিবলৈ যাম৷[উৎসৰ প্ৰয়োজন] - ঢোলৰে বৰটি ঢিলা ঐ ঢুলীয়া
ঢোলৰে বৰটি ঢিলা;
কালিৰে পৰা ভাতে নাইকীয়া
কঁকালৰ কাছুটি ঢিলা।[১৩] - পঢ়ি ভালে পালো নামৰে বহীটি
বজাই ভালে পালো বাঁহী।
ছোৱালীৰ ভিতৰত তোমাক ভালে পালো
মুখত মিচিকীয়া হাঁহি।[১৪] - বাঁহৰ তলে তলে বাঁহীটি বজালো
শাহু আয়ে শুনকহি বুলি
শাহু আয়ে শুনিলে মিচিকাই হাঁহিলে
জোঁৱাই ধেমেলীয়া বুলি।[১৫]
বিহুনামত ঢেঁকী[সম্পাদনা কৰক | উৎস সম্পাদনা]
- সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী
চিৰা খুন্দি দিয়া খাওঁ৷
ৰাতিৰে ভিতৰত কাপোৰ বৈয়ে দিয়া
বঙাল মাৰিবলৈ যাওঁ৷[উৎসৰ প্ৰয়োজন] - ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে
বঢ়নী হাতত লৈ কান্দো৷
আয়ে নেদেখাকৈ ঢেঁকীশালত বহি
তোৰেনো কথাকে ভাবোঁ৷[উৎসৰ প্ৰয়োজন] - নৈত গুমেগুমায় কোম্পানীৰ জাহাজ ঐ
ঢেঁকীত গুমেগুমায় থোৰা৷
বুকু চমেচমায় মনে কুৰুলিয়ায়
গাভৰু হ’বৰে পৰা৷[উৎসৰ প্ৰয়োজন] - (ঢেক) ঢেঁকী দে ঢেঁকী দে
ঢেঁকী দে ঐ আইজনী
ঢেঁকী দি থাকোঁতে পলাই নাযাবি
ভৰিব লাগিব ধন৷[উৎসৰ প্ৰয়োজন] - চাউল চালিবৰে সুৱৰ্ণ চালনী
বহি জাৰিবৰে কুলা৷
আমাৰ জীৱনলৈ আশা নকৰিবা
উৰি যাম শিমলু তুলা৷[উৎসৰ প্ৰয়োজন]
অন্যান্য[সম্পাদনা কৰক | উৎস সম্পাদনা]
- অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো৷
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ৷[১৬] - বিহুৰে বিৰিণা পাতে সমনীয়া,
বিহুৰে বিৰিণা পাত৷
বিহু থাকেমানে বিহুকে বিনাবি,
বিহু গ’লে বিনাবি কাক[১৭] - এটা বাটিত নহৰু, এটা বাটিত পনৰু
এটা বাটিত খুতৰা শাক;
গৰু বিহুৰ দিনা আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক।[উৎসৰ প্ৰয়োজন] - আলিয়ে আলিয়ে ম'হে লানি ল'লে
গোৱাল বা কেনিনো গ'ল
নাকীজৰী বান্ধোতে গলজৰী ছিগিলে
ম'হে বনৰীয়া হ'ল[উৎসৰ প্ৰয়োজন] - মানদেশত আছিলে মানতৰা এজুপি
আছিলে নৰিয়াত পৰি
যেতিয়া শুনিলে বিহুৰে বাতৰি
আহিলে লাখুটি ধৰি[উৎসৰ প্ৰয়োজন] - হুঁচৰি এ চ'ত
আমি বিহু মাৰোঁ য'ত
দূবৰি নগজে তʼত[উৎসৰ প্ৰয়োজন] - ৰৈ ৰৈ ৰতি মইনামতী তোমালোকৰ ঘৰলৈ
ৰৈ ৰৈ ৰতি মইনামতী সদায় যাব পাৰোঁ মই
ৰৈ ৰৈ ৰতি মইনামতী যদি দিয়া মৰমৰ মাত[উৎসৰ প্ৰয়োজন] - দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম।[উৎসৰ প্ৰয়োজন] - প্রথমে ঈশ্বৰে সৃষ্টি সৰজিলে তাৰ পাচত স্ৰজিলে ঐ জীৱ
সেইনোজন ঈশ্বৰে পিৰীতি কৰিলে ঐ আমিনো নকৰিম কিয়?[উৎসৰ প্ৰয়োজন] - ঘৰতো নবহে মন সমনীয়া
পথাৰতো নবহে মন,
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।[১৮] - হাততো জেতুকা ভৰিতো জেতুকা
কোনে দিলে জেতুকা তোক,
ম'হঘুলি চাপৰিৰ নাচনি কেইজনী
সিয়ে দিলে জেতুকা মোক।[১৯] - ব'লা যাওঁ ভাটিলৈ লুইতৰ দাঁতিলৈ
আনোগৈ কঁপাহৰ জোলা,
তুমি বৈয়ে ল'বা ৰিহাকৈ মেখেলা
মোকো বৈয়ে দিবা চোলা।[২০] - চ'তত চকৰী ব'হাগত বগৰী
জেঠত আমনা ধান,
গৰু বিহুৰ দিনাখন ল'বি আশীৰ্বাদ
তেহে পাবি বৈকুণ্ঠত থান।[২১] - বিহুলৈ বুলি সাজিকাচি আহিলা
খোপাতে কপৌফুল গুজি
মাৰক ফাঁকি দি বিহুলৈ আহিলা
চেৰেকী আনোগৈ বুলি [২২] - চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি-লতা,
কৈ থাকো মানে ওৰকে নপৰে
আমাৰ বিহুটিৰ কথা।[২৩] - সেউতী নিপিন্ধোঁ মালতী নিপিন্ধোঁ
নিপিন্ধোঁ খৰিকাজাঁই
তুমি আনি দিয়া কপৌফুল এপাহি
দেহা-মন জুৰায়।[২৪] - ন জোনটি ওলালে বৰণটি সলালে
আঁহতে সলালে পাত,
আমাৰ লাহৰীয়ে বৰণটি সলালে
মুগা ৰিহা মেৰালে গাত।[২৫] - এইবেলি বিহুটি ৰমকে-জমকে
নাহৰফুল ফুলিবৰ বতৰ,
নাহৰফুলৰ গোন্ধ পাই নাচনী ততে নাই
গছকত ভাঙি যাওঁ যঁতৰ।[২৬] - আগবাৰী শুৱনি কাকিনি তামোলে
পাছবাৰী শুৱনি পাণ,
বৰঘৰ শুৱনি জীয়ৰী ছোৱালী
উলিয়াই দিবলৈ টান।[২৭] - ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লোৰা ঠাই
ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা
তামোল দি মাতোতা নাই।[২৮] - আজি বিহু বিহু কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ;
ফুলপানী ছিগাত ঐ ঢোলৰ মাতে শুনি
গৰকি ভাঙি যাওঁ যঁতৰ। [২৯] - ঔৰে গছতে মৌৱে বাঁহে ললে
ককাই পাৰি দিয়া খাওঁ
জাতিবাঁহৰ টকাটি সাজি দিয়া ককাইটি
বিহু মাৰিবলৈ যাওঁ।[৩০] - হাতে মেলি হালধি নল'বি তই মালতী
চুলি মেলি নল'বি তেল
পানী অনা ঘাটলৈ অকলে তই নাযাবি
ডেকা ল'ৰাই পাতিছে মেল। [৩১] - আলিয়ে নাযাবি বালিয়ে কাটিব
পথাৰে নাযাবি বোকা
পথাৰৰ মাজতে আছে ম'হৰ গোৱাল
ছোৱালী জোকোৱাত চোকা।[৩২] - আমি অসমীয়া বিহুতে বলীয়া
মুগা ৰিহা মেখেলা গাত
বনৰে দেৱতা দায় নধৰিবা
ধৰি যাওঁ নামৰে আঁত।[৩৩]
বিহু সম্পৰ্কে বিভিন্ন মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

- জীয়ৰী বৰা বা ডেকা বৰাৰ নিৰ্দেশমতে বিহু কৰিবলগীয়া ডেকা-গাভৰুসকল নিৰ্ধাৰিত সময়ত বিহুতলীলৈ আহে৷ ডেকা-গাভৰুসকলৰ বিহুতলী সুকীয়া সুকীয়াকৈ লোৱা হয়৷ কিন্তু এখন তলীৰ পৰা আনখন তলীলৈ দূৰত্ব তেনেই কম, ঠিক যেন বেৰ এখনৰ ইপাৰ সিপাৰ৷
- হেম বুঢ়াগোহাঞি[৩৪]
- মনৰ আবেগক আদিম মানৱে প্ৰকৃতিৰ কাৰ্যকলাপসমূহক অনুকৰণ কৰি প্ৰকাশ কৰিছিল৷ বতাহত গছ-গছনিৰ ডাল-পাতৰ হেন্দোলনি, বানপানীৰ সময়ত উঠা পানীৰ ঢৌৰ খলকনি, বোঁৱতী নদীৰ সোঁতৰ খিলখিলনি, ন-পানী বঢ়াৰ সময়ত উঠা উজান মাছৰ নাচোনৰ ভংগিমা আদি চাই আনন্দ উপভোগ কৰিছিল আৰু সেইবোৰ হাঁহি আনন্দৰ মাজেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছিল৷ সেয়েহে, আমাৰ পুৰণি বিহু নাচবোৰৰ ভংগিমাবোৰত বতাহত গছ-গছনিৰ ডাল-পাতৰ কম্পন, বাঢ়নী পানীৰ ঢৌৰ খলকনি, উজানৰ মাছৰ নাচোনৰ ভংগিমা আদি সকলোবোৰ পৰিলক্ষিত হয়৷ ঠিক সেইদৰে, মেঘৰ গাজনিৰ অনুকৰণ কৰি ঢোলৰ চেঁৱবোৰ আৱিষ্কাৰ হৈছিল বুলি ধৰি ল’ব পাৰোঁহক৷[৩৫]
- সাধাৰণ লোকেৰা ও লম্পট পুৰুষসকল একত্ৰ হইয়া অত্যন্ত জুগুপ্সিত নৃত্য গীত কৰিয়া থাকে৷ পল্লীগ্ৰামে সৰ্বাপেক্ষা এই পৰ্ব অধিক, কিন্তু এই কুৰীতি কামৰূপে নাই, সৌমাৰে সৰ্বাধিক৷
- হলিৰাম ঢেকিয়াল ফুকন[৩৬]
- চৈত্ৰৰ বিহুত সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইৰ ইতৰ লোকসকলে স্ত্ৰী-পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গই নৃত্য গীত কৰে৷ সি সময়ত অবাচ্য অশ্লীল গীত আৰু নিৰ্লজ্জ ভাব-ভঙ্গী দেখুৱা হয়৷ এই নিয়ম দেশৰ পৰা গুছিলে বড় উপকাৰ আৰু সুনীতি স্থাপন হয়৷
- গুণাভিৰাম বৰুৱা[৩৬]
- বিহুক নিলাজ কাম আৰু এক নিৰ্দোষ আমোদ বুলি গণ্য কৰা যায়৷
- বিহু অসমীয়াৰ প্ৰাণৰ ভিতৰেদি বৈ যোৱা ফল্গু নদী৷ অসমীয়াই যুগ-যুগান্তৰেও যেন এই বিহুৰ উৎসৱ আৰু বিহুৰ মাধুৰী নাপাহৰে৷ এই বিহুৰ দিনাখনেই প্ৰেমৰ মাজেদিয়েই আধ্যাত্মিকতাই অসমীয়া মানুহৰ অন্তৰ অভিভূত কৰে৷
- কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ[৩৬]
- ব’হাগ যেন এটি মধুময় কবিতা৷
- আনন্দ চন্দ্ৰ আগৰৱালা[৩৬]
- অসমীয়া বিহু উৎসৱ আচলতে এখন অসমীয়াৰ সাংস্কৃতিক মেলা৷ য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়৷ সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ৷ বিহুৰ মাজেদি আমি প্ৰকৃতিৰ ৰূপান্তৰ বাণীকেই উপলব্ধি কৰিবলৈ বিচাৰিব লাগিব৷
- ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ৷ অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ৷
- হুঁচৰিৰ ঢোলৰ ছেও-চাপৰবোৰ কিছু ধীৰ-স্থিৰ আৰু বিচিত্ৰ, ইফালে মুকলি বিহুৰ ঢোলৰ ছেওবোৰ প্ৰায় একেধৰণৰ আৰু কিছু অস্থিৰ উদ্দাম লয়ৰ৷ হুঁচৰিত কছাৰী ছেও, ডুমুনী ছেও, খৰা ছেও, মিছিং ছেও৷ ধেমেলীয়া ছেও আদি বিভিন্ন ছেও বজাই নাচনী নচুওৱা দেখা যায়৷
- জয়কান্ত গন্ধীয়া[৩৭]
- যি নাই বিহুগীতত, সি নাই অসমত৷ যি নাই অসমত, সি নাই বিহুগীতত৷ অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু৷ অসমৰ পৰ্বত-পাহাৰ, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰমা ভাৰতৰ লোকসংগীতত বিৰল৷ বিহু গীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ৷
- হেমাংগ বিশ্বাস[৩৮]
- বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেই দেখি বিহুক লোকে হাঁহে, বেয়া পায়।
- লক্ষ্মীনাথ বেজবৰুৱা, বাঁহী (১৯১৭ চন)
- আমি আজি কিছুমান বছৰৰ পৰা বৰ দুখেৰে মন কৰিছোঁ, ইতৰ সমাজত লুকাই চুৰকৈ গছতলে বাঁহতলে হোৱা বনৰীয়া নাচ-গানে দেখাদেখিকৈয়ে নগৰবোৰত খুটি পুতিছে আৰু তথাকথিত শিক্ষিত সমাজৰ বহুতে তাক সদৌ অসমীয়া ’সংস্কৃতি’ বুলি আনকো দেখুৱাবৰ অপচেষ্টা চলাইছে৷
- সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত, প্ৰকৃতিৰ অনন্ত শোভাৰ পটভূমিত, বিশাল আকাশৰ তলত বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনত এদিন বিহুৰ জন্ম হৈছিল৷ স্বভাৱ কবিৰ অলিখিত গীত আৰু লোকবাদ্যৰ মাধ্যমেৰে প্ৰকৃতিৰ আহ্বানত যুৱক-যুৱতীয়ে নিজৰ হৃদয়ৰ কাহিনী এদিন ইজনে-সিজনক নিবেদন কৰিছিল৷ আধুনিক সভ্যতাৰ পৰিণামত গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটিল আৰু তেওঁলোকেই লগত লৈ আহিলে সেই বিহু সংস্কৃতি৷ নগৰীয়া জীৱনৰ সংস্পৰ্শত বিহু নৃত্য-গীতৰ সামান্য বিকৃতি ঘটিব পাৰে, অথবা বহু সংখ্যক লোকে তাক যথাযোগ্যভাবে তাক গ্ৰহণ নকৰিবও পাৰে, কিন্তু পৃথিৱীৰ সকলো দেশৰ লোকনৃত্য-গীতৰ দৰেই বিহুও চিৰদিন তাৰ সেই আদিম প্ৰতিভাৰ সম্পদেৰেই বাচি থাকিব৷
- চন্দ্ৰপ্ৰসাদ শইকীয়া৷[৩৯]
- বিহুতলীৰ নাচনীজনী ব’হাগমহীয়া গাভৰু পৃথিৱী৷ বিহুবলীয়া ডেকাটো হৈছে পৃথিৱীৰ সৈতে মিলনাকাংখী মৌচুমীৰ মেঘ৷ উভয়ৰে মিলনৰ চিনস্বৰূপে বৰ্ষা নামে, পৃথিৱীৰ গৰ্ভত নতুন শস্যৰ সৃষ্টি হয়৷ উৎপাদন বাঢ়ে৷ পথাৰত উৎসৱমুখৰ ডেকা-গাভৰুৱে প্ৰকৃতিৰ এই সৃষ্টিৰ ছবিখনকেই প্ৰতীক আৰু নৃত্য-গীতৰ লহৰেৰে ৰূপায়িত কৰে৷ বিহুনৃত্যৰ স্বাভাৱিক ভংগীমাই বিশেষকৈ ডেকাৰ কঁকাল ভঙা ছেঁৱে যৌন জীৱনৰ ইংগিত দিয়ে৷
- হেম বৰুৱা৷[৪০]
- ডেকা-গাভৰুৱে জুম পাতি কৰা বিহু নৃত্য এহাতে প্ৰেমৰ নৃত্য, আনহাতে প্ৰজনন নৃত্য৷ কাৰণ ইয়াৰ যোগেৰে পথাৰত লহপহকৈ শস্য গজি উঠিবৰ কাৰণে আৰু ধ্বংসকাৰী কু-শক্তিবোৰক হৰুৱাই দিবৰ কাৰণে আই বসুমতীক প্ৰাৰ্থনা কৰা হয়৷
- ড° বিৰিঞ্চি কুমাৰ বৰুৱা৷[৪০]
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ ১.১৩ ১.১৪ ড° উপেন ৰাভা হাকাচাম (২০১৭)। সমকালীন অসমীয়া লোকসাহিত্য। অলিম্পিয়া প্ৰকাশন, পৃষ্ঠা:১৪৫-১৮৫।
- ↑ ২.০ ২.১ ২.২ চাও লোকেশ্বৰ গগৈ (২০১৫)। অসমৰ লোক সংস্কৃতি। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৪১২,৪১৩,৪১৪।
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ চাও লোকেশ্বৰ গগৈ (২০১১)। অসমৰ লোক সংস্কৃতি। ক্ৰান্তিকাল প্ৰকাশন।
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ৪.৭ ৪.৮ ৪.৯ লীলা গগৈ (২০১০)। বিহু-এটি সমীক্ষা। বনলতা।
- ↑ ৫.০ ৫.১ ৫.২ ৫.৩ ৫.৪ ৫.৫ ড° উপেন ৰাভা হাকাচম (২০১৭)। সমকালীন অসমীয়া লোকসাহিত্য। অলিম্পিয়া প্ৰকাশন।
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। অসমৰ লোক সংস্কৃতি। বীণা লাইব্ৰেৰী, পৃষ্ঠা:৪১২,৪১৩,৪১৪।
- ↑ ৭.০০ ৭.০১ ৭.০২ ৭.০৩ ৭.০৪ ৭.০৫ ৭.০৬ ৭.০৭ ৭.০৮ ৭.০৯ ৭.১০ ৭.১১ ৭.১২ ৭.১৩ ৭.১৪ ৭.১৫ ৭.১৬ ৭.১৭ ৭.১৮ ৭.১৯ ৭.২০ ৭.২১ ৭.২২ ৭.২৩ ৭.২৪ ৭.২৫ ৭.২৬ ৰঞ্জিত গগৈ (২০১৭)। বিহু সংস্কৃতিৰ ইতিবৃত্ত। ষ্টুডেণ্টচ্ ষ্টোৰচ্।
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্যা, ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১০৩
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬৯
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং৫৫
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্যা, ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং৫১
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্যা, ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং৫১
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্যা, ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ৪৯
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্যা, ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ৫৪
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্যা, ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ৪৯
- ↑ নৈ বৈ যায়, ড° লীলা গগৈ, বনলতা; পৃ, নং, ৭৭
- ↑ নৈ বৈ যায়, ড° লীলা গগৈ, বনলতা; পৃ, নং, ৭৭
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং২
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং১৫
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং৩৬
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৪২
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৪৩
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬০
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬১
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬১
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬১
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬২
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬২
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬২
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬৩
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬৫
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬৫
- ↑ বিহুৱান,দ্বাত্ৰিংশ সংখ্য়াঃ২০২৩ ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ,পৃ,নং ১৬৯
- ↑ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ১২
- ↑ সোণোৱাল কছাৰী সংস্কৃতি, লভিত কুমাৰ শইকীয়া, পৃ, নং, ৫০
- ↑ ৩৬.০ ৩৬.১ ৩৬.২ ৩৬.৩ ৩৬.৪ ৩৬.৫ ৩৬.৬ গোলাপ বৰা। পুলকানন্দ কৌশিক বিহুৰ বতৰা কোনে কি ক’লে। জাতীয় সাহিত্য মন্দিৰ, পৃষ্ঠা:১০১,১০২।
- ↑ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ১৪
- ↑ গণশিল্পী হেমাংগ বিশ্বাসৰ অসম-প্ৰীতি, প্ৰফুল্ল গগৈ, গৰীয়সী, আগষ্ট, ২০১২
- ↑ ৩৯.০ ৩৯.১ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৫০।
- ↑ ৪০.০ ৪০.১ অঞ্জন শৰ্মা (17 April 2023). বিহু কাৰো খেলাৰ সামগ্ৰী নহয়. mahabahu.com.