জ্যোতিপ্ৰসাদ আগৰৱালা
অৱয়ব

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায় সেই অৰ্থনীতি অনুপযোগী, সংস্কৃতিক অৰ্থনীতি নহয়, যি দুষ্কৃতিমূলক অৰ্থনীতি৷[১]
- মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী৷ পৃথিৱীখন শিল্পীৰ ঘৰ৷ শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী৷ ইয়াকে শিল্পীয়ে- আজি নিখিল পৃথিৱীৰ শিল্পীয়ে- মানুহক উপলব্ধি কৰাব লাগিব৷[১]
- বন্দুকৰ গুলীৰে কোনোৱে আদৰ্শক হত্যা কৰিব নোৱাৰে।[১]
- আমাৰ কোনো পিতৃ নাই, মাতৃ নাই, ভ্ৰাতা নাই, ভগ্নী নাই, সুহৃদ নাই, নিকটাত্মীয় নাই৷ আমাৰ বৰ্তমান কোনো নাই, আমাৰ কোনো ভৱিষ্যত নাই৷ আমাৰ কেৱল আছে এগৰাকী মাতৃ, তেওঁ হ’ল আমাৰ ভাৰত মাতৃ৷ সেই জননীক পৰাধীনতাৰ নিমজ্জিত অন্ধকাৰৰ পৰা উদ্ধাৰ কৰাৰ বাহিৰে আমাৰ কোনো লক্ষ্য নাই৷ ব্ৰিটিছে মাত্ৰ এজন ভগৎ সিঙক ফাঁচি দিলে৷ আমি হেজাৰ হেজাৰ দেশভক্তই ভগৎ সিঙৰ দৰে ফাঁচিৰ মঞ্চত উঠি দেশ মাতৃকাৰ জয়ধ্বনি কৰিম৷ বন্দেমাতৰম্৷[২]
- মানুহৰ পাশৱিক প্ৰবৃত্তি তথা বৰ্বৰতাই মাতি অনা দুৰ্যোগৰ কালতো দেশৰ কিছুসংখ্যাই কৃষ্টি আৰু সভ্যতাৰ চাকিবোৰ নুনুমুৱাকৈ জ্বলাই ৰাখিব লাগে।
- মৰিলে বেমাৰতে মৰিম, তথাপি বিদেশী চৰকাৰৰ ওচৰত দয়া-ভিক্ষা নকৰোঁ।[৩]
- ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে।[৪]
- সুন্দৰে যে ফুলাৰ মন্ত্ৰ
অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে।।[৫] - কলমেই মুক্তিৰ কাৰণ।[৬]
- কামৰূপা মােৰ সুৱদী সুৰীয়া
অসমীয়া ভাষা জগৎ-সভালৈ যাব
উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হব।[৭] - সংস্কৃতি যদি এটা ত্ৰিভুজ হয়, তেনেহ’লে সি যিমান ওপৰলৈ উঠিব, সিমানে তাৰ গুৰিটো বহলাব লাগিব, তেতিয়াহে সি শক্তিশালী গাঁথনি হিচাপে টিকিব পাৰিব৷[৮]
জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ‘ৰূপান্তৰেহে মাথোঁ জগৎ ধুনীয়া কৰে’ বুলি অন্তৰৰো অন্তঃস্থলৰ পৰা বিশ্বাস কৰা জ্যোতিপ্ৰসাদে মানুহৰ ৰুচিবোধ আৰু মনোজগতৰ ৰূপান্তৰতে ক্ষান্ত হোৱা নাছিল। স্পষ্ট আৰু দ্বিধাহীন ভাষাত তেওঁ সমাজৰ ৰূপান্তৰ বিচাৰিছিল, সকলো ধৰণৰ শোষণ-দমনৰ অৱসান গভীৰ প্ৰত্যয়েৰে দাবী কৰিছিল। যিসকলে সমাজৰ ৰূপান্তৰৰ সম্ভাৱনাত ভীতিগ্ৰস্ত হৈ মানৱ-মনৰ অভ্যন্তৰীণ শোধন আৰু সংস্কাৰতে জোৰ দি থাকে, তেওঁলোকে জ্যোতিপ্ৰসাদৰ চিন্তাৰ এই ভাৰসাম্য বিকৃত কৰে।
- আজীৱন ৰূপতীৰ্থৰ যাত্ৰী’ আজীৱন ৰূপতীৰ্থৰ সাধক, আমৰণ ঝঞ্জাবিজয়ী আত্মাৰ গৰাকী, নৱ-নৱোন্মেষশালিনী আৰু বহু প্ৰতিভাৰে উদ্ভাসিত শিল্পী।
- অসমৰ সাংস্কৃিতক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ’ব৷।
- জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ মাজৰ এজন।
- কঠোৰ ব্ৰতৰ ধৰ্ম পিন্ধি লক্ষ্যৰ বাবে শত বিঘিনি উপেক্ষা কৰি, ত্যাগৰ অগ্নিত নিজকে পুৰি সাধনাৰ বন্তি হাতত লৈ জগতখনকে সম্বোধিবলৈ জ্যোতিপ্ৰসাদ প্ৰস্তুত হৈছে৷
- জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনন্য৷
- জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আৰু প্ৰতিভা আধুনিক অসমীয়া সংস্কৃতিৰ এক দুৰ্লভ শক্তি৷ বিংশ শতিকাৰ যি কেইগৰাকী মহাপ্ৰয়ান অসমীয়াই জাতীয় জীৱনক আপোন যোগ্যতাৰে মহীয়ান কৰি তুলিছিল, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ অন্যতম ৷
- জ্যোতিপ্ৰসাদৰ জীৱন এগৰাকী সংগ্ৰামী শিল্পীৰ জীৱন৷ নিজে সৃষ্টিশীল প্ৰতিভাৰ গৰাকী আছিল বাবে আনৰো শ্ৰম আৰু সৃষ্টি প্ৰতিভাৰ প্ৰতি তেওঁৰ সহানুভূতিশীল শ্ৰদ্ধা আছিল৷ তেওঁৰ জীৱনৰ আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্বল দিশটো হৈছে জনগণৰ ওপৰত আস্থা, জনগণৰ প্ৰতি দৰদ আৰু জনগণৰ মাজত তেওঁ দেখা পোৱা ইতিহাস সলনি কৰিব পৰা শক্তি৷
- জ্যোতিপ্ৰসাদ প্ৰণালীবদ্ধ চিন্তাবিদ আছিলষ নিজৰ স্বীকাৰোক্তি মতেই তেওঁ পণ্ডিত নাছিল, তেওঁ আছিল মনে-প্ৰাণে শিল্পী৷ কিন্তু শিল্প তেওঁৰ বাবে নাছিল পংকময় পাৰ্থিৱ জগতৰ বহু ওপৰৰ শুকুলা ডাৱৰৰ আঁৰে-আঁৰে উটি-বুৰি ফুৰা কল্পনাৰ বিলাস৷ ই আছিল তেওঁৰ বাবে বাস্তৱৰ নিৰ্য্যাস।
- দুষ্কৃতিৰ লগত সংস্কৃতিৰ বিৰোধ চিৰকলীয়া৷ এই দুই মহাশক্তিৰ সংৰ্ঘষত দুষ্কৃতিক পৰাভূত কৰি সংস্কৃতিৰ মৰ্যাদাপূৰ্ণ সংস্থাপনেই আছিল জ্যোতিপ্ৰসাদৰ জীৱনৰ ব্ৰত৷
- তেওঁৰ দৃষ্টিত স্বাধীনতাৰ অৰ্থ– দেশৰ শোষিত, নিষ্পেষিত জনগণৰ মুক্তি৷ ভাৰতৰ স্বাধীনতাৰ পাছত স্বদেশী সুবিধাবাদী, ঠগ, প্ৰৱঞ্চকবোৰৰ শোষণ-শাসনৰ নিত্য নতুন কৌশলে তেওঁক অত্যন্ত বিৰক্ত আৰু ব্যথিত কৰি তুলিছিল৷
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা।
- ↑ ৰুদ্ধ কাৰাগাৰত সৃষ্টিৰ মূৰ্ছনা, ড° মলয়া খাওন্দ, লেখিকা’ সদৌ অসম লেখিকা সমাৰোহৰ বাৰ্ষিক মুখপত্ৰ, পৃ, নং, ২৮৬
- ↑ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী. প্ৰকাশক: assamintro.com (January 16, 2022). আহৰণ কৰা হৈছে: 13 জুলাই 2022.
- ↑ জ্যোতিপ্ৰসাদৰ পথ পৰিক্ৰমাৰ মানচিত্ৰ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
- ↑ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰে..... আহৰণ কৰা হৈছে: 17 জানুৱাৰী 2025.
- ↑ জ্যোতিপ্ৰসাদ আগৰৱলা, কবি আৰু কবিতা. আহৰণ কৰা হৈছে: 17 জানুৱাৰী 2025.
- ↑ ৭.০ ৭.১ ৭.২ ৭.৩ ৭.৪ ৭.৫ ৭.৬ ৭.৭ ৭.৮ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী. আহৰণ কৰা হৈছে: 17 জানুৱাৰী 2025.
- ↑ ৮.০ ৮.১ ৮.২ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতি-সাহিত্য. আহৰণ কৰা হৈছে: 17 জানুৱাৰী 2025.
- ↑ জ্যোতিপ্ৰসাদৰ পথ পৰিক্ৰমাৰ মানচিত্ৰ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
- ↑ জ্যোতিপ্ৰসাদ আগৰৱালা. আহৰণ কৰা হৈছে: 17 জানুৱাৰী 2025.