আনন্দ চন্দ্ৰ আগৰৱালা

ৱিকিউদ্ধৃতিৰ পৰা

আনন্দ চন্দ্ৰ আগৰৱালা (ইংৰাজী: Ananda Chandra Agarwala; ১৮৭৪-১৯৪০) এজন প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লিখক আছিল। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম। তেখেতক ‘ভাঙনি কোঁৱৰ’ নামেৰেও জনা যায়। আগৰৱালা দেৱে ১৯১৬ চনত ৰায়চাহাব উপাধি আৰু ১৯২১ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতিও আছিল। ছাত্ৰ অৱস্থাতে তেওঁ কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল। ১৯০৬ চনত তেওঁ "পুলিচ মেনুৱেল" ৰচনা কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. দেশৰ দৰিদ্ৰতা, অজ্ঞানতা গুচাবৰ বাবে প্ৰধান উপায় হ’ল শিক্ষা৷ জ্ঞানতকৈ পবিত্ৰ ক্ষমতাৱন্ত বস্তু এই জগতত একো নাই৷[উৎসৰ প্ৰয়োজন]
  2. আমাৰ চিন্তা-ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়৷[১]
  3. অসমক সকলো প্ৰকাৰে অতুলনীয় কৰি ৰাখিবলৈ হ’লে প্ৰতিজন অসমীয়াই নিজস্ব কৰ্তব্য কৰি যাব লাগিব৷ সকলো অসমীয়াই মাৰ বান্ধি সমবেত চেষ্টা কৰিলেহে আমাৰ উন্নতি হ’ব৷ জাতীয় উন্নতিৰ নিমিত্তে লাগে ঐক্য, গভীৰ স্বদেশানুৰাগ আৰু স্বজাতি প্ৰেম৷[২]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১৯, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]