অসম

অসম (ইংৰাজী: Assam) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰ্গত প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ) জুৰি আছে। অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে। আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- অসম এখন সুশোভন বননিৰ দেশ। এই দেশৰ কিছুমান নদীৰ সৌন্দৰ্য ইমানেই মোহনীয় যে পৃথিৱীৰ আন কোনো সৌন্দৰ্যই ইয়াক চেৰ পেলাব নোৱাৰে। টেমছ নদীৰ মোহনীয় ৰূপ মই দেখিছোঁ। কিন্তু প্ৰকৃতিয়ে অতি বিলাস-বহুলভাৱে সজাই তোলা যি নিজৰাৰ পাৰত বহি মই এই টোকাবোৰ লিখি আছো তাতকৈ ওখ খাপৰ সৌন্দৰ্য ক’ৰবাত দেখা মোৰ মনত নপৰে।
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ ইয়ং ইণ্ডিয়া, ১৯২১