সমললৈ যাওক

ডিম্বেশ্বৰ নেওগ

ৱিকিউদ্ধৃতিৰ পৰা

ডিম্বেশ্বৰ নেওগ (জন্ম:১৮৯৯-মৃত্যু:১৯৬৬) অসমৰ এজন সাহিত্যিক। তেওঁ একাধাৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষক, কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এটা পুখুৰীত মাগুৰ,চেং,গৰৈ,পুঠি,শিঙি আদি বিভিন্নধৰণৰ মাছ থাকিলেও পুখুৰীৰ 'মাছ' বুলিয়ে কোৱা হয়। সেইদৰে অসমত থকা সকলো সম্প্ৰদায়ৰ মানুহেই মূলতঃ অসমীয়া। আজি অসমীয়া সমাজৰ প্ৰাণ আৰু আত্মা সেই শংকৰদেৱৰ প্ৰাণৰ ৰূপান্তৰ। শংকৰদেৱ অসমীয়া জাতি থাকে মানে বিলুপ্ত হ'ব নোৱাৰে।[১]
  • ভূ-ভাৰস্তৰ যেইসেই লোকেই এই ঠাইত থাকি ইয়াৰ মংগল সাধন কৰি অসমীয়া হ'ব পাৰে,তাত বাধা নাই;বাধা সেইবিলাকৰ কাৰণে যিবিলাক ভাত খুৱাওঁতে আঙুলি খাবলৈ বিচাৰে,যিবিলাকে বৱ-ছেৰাই নিজ মাতৃ হেৰুৱাই আহি অসম মাতৃৰ স্তন পান কৰোঁ বুলি তেজ শুহি খাব খোজে।[২]
  • অসমীয়া জাতিৰ ভূত-ভৱিষ্যত,সুখ-দুখৰ লগত মোৰ প্ৰাণ গঁথা আছে; অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ মোৰ হেঁপাহৰ ধন।[৩]
  • সমাজত চলিবলৈ হ'লে,আনৰ ভাল ব্যৱহাৰ পাবলৈ বিচৰিলে,আনে কি ভাল পায় তালৈ চকু দিবা আৰু সেইমতে চলিবা।মৌ খাব খুজিলে মৌ-বাহ জোকাই নলবা;নিজৰাৰ পানী পিবলৈ হ'লে তাক ঘোদালি নেপেলাবা।[৪]
  • কোনো লোকৰ ভুল দোষ তেওঁৰ মুখৰ ওপৰতে নকৈ তেওঁৰ মুখখন ৰক্ষা কৰিবলৈ ছেগ দিবা।তেওঁৰ দোষটো দোষ বুলি নকৈ তুমি সেই অৱস্থাত কি কৰিলাহেঁতেন,আৰু ভুলটোও তেওঁ যেন জনা কথাহে পাহৰিছে,এনেভাৱে কোৱা উচিত।[৫]
  • সৌভাগ্য-সম্পত্তি,মান-যশ,মিতিৰ-কুটুম,সৰহ কি নিজ স্বাস্থ্যও স্বাধীন চিতৰ শান্তিৰ বাবে ঘৰৰ মানুহ নহয়,চপনীয়াহে।সেইবোৰ বেৰৰ মাটিৰ দৰে,গোৰ মাৰিলেই ওৰ পৰে;প্ৰকৃত শান্তি আৰু সুখ নিজ মনৰ বাপতিসাহোন।[৬]


উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অসমীয়া উদ্ধৃতি-অভিধান 2003, পৃষ্ঠা. 20.
  2. জন্ম দিৱসত ডিম্বেশ্বৰ নেওগক সোঁৱৰণ. অপৰাজিতা লহকৰ. প্ৰকাশক: news asn (07 august 2022).
  3. অপৰাজিতা লহকৰ (07 august 2022). জন্ম দিৱসত ডিম্বেশ্বৰ নেওগক সোঁৱৰণ. প্ৰকাশক: news asn.
  4. ডিম্বেশ্বৰ নেওগ। শান্তি-কৱচ, পৃষ্ঠা:১৭।
  5. ডিম্বেশ্বৰ নেওগ। শান্তি-কৱচ, পৃষ্ঠা:১৮।
  6. ডিম্বেশ্বৰ নেওগ। শান্তি-কৱচ, পৃষ্ঠা:১৯।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: