সমললৈ যাওক

হেম বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

হেম বৰুৱা (ইংৰাজী: Hem Barua; ১৯১৫ - ১৯৭৭) অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি ৰচনা কৰিছে।

  1. পৃথিৱীত আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম হৈছে নিজক সংশোধন কৰা।[১]
  2. ৰাজনীতি মোৰ ইহকালৰ বাবে, সাহিত্য চৰ্চা মোৰ পৰকালৰ বাবে[২]
  3. কেৱল প্ৰতিভাই এজন মানুহক মহৎ কৰিব নোৱাৰে৷ মানুহ একোজন প্ৰকৃততে সংস্কৃতি সম্পন্ন হয় অন্তৰৰ ভাবৰাশি জগাই তুলি শুদ্ধ আৰু নিৰ্মল হ’ব পৰা ক্ষমতাৰ কাৰণে৷ নহ’লে মানুহ আৰু ইতৰ জন্তুৰ মাজত পাৰ্থক্য কি?[৩]
  4. যদিহে মাৰ্ক্স আৰু গান্ধীৰ তুলনা কৰা হয়; তেন্তে গান্ধী এখন ফটফটীয়া আইনাৰ দৰে জিলিকি থাকিব।[৩]
  5. সভ্যতাৰ অৰ্থ হৈছে সংস্কৃতিয়ে নিৰলে পোখা মেলিব পৰা সু-শৃঙ্খল সমাজ৷[২]
  6. বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত একো কৰিব নোৱাৰে।[উৎসৰ প্ৰয়োজন]
  7. ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰে ক্ষন্তেকীয়া৷[৪]
  8. সংগ্ৰামে সফলতাৰ অনুভৱ অধিক মধুৰ কৰে৷[৫]
  9. জীৱনটোৰ সৈতে চিনাকি হ’বলৈ মানুহ এবাৰৰ বাবে হ’লেও জেললৈ যোৱা উচিত৷[উৎসৰ প্ৰয়োজন]
  10. প্ৰাণহীন সমাজৰ সংস্কৃতি মৰিশালীৰ দৰে নিষ্প্ৰাণ।[১]
  11. অসৎখিনিৰ পৰা সৎখিনি বাছি ল’ব পৰাটোৱেই মানুহৰ কৃতিত্ব৷[৬]
  12. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়।[৭]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
  1. ১.০ ১.১ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  2. ২.০ ২.১ ৰক্তাভ জ্যোতি বৰা। অসমীয়া উদ্ধৃতি অভিধান।
  3. ৩.০ ৩.১ সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী
  4. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
  5. উক্তি সঞ্চয়ন, শ্ৰী ৰাম চন্দ্ৰ ভূঞা, পৃ: নং, ২৯, প্ৰকাশিকাম বীণা বৰা ভূঞা
  6. মহৎ লোকৰ বাণী, কলংপাৰ, পৃ:নং; ৮, ১৪ ছেপ্তেম্বৰ, ২০২২
  7. হেম বৰুৱা. "দিনটোৰ বাণী", ১২ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১৩ মাৰ্চ ২০২৩.