সমললৈ যাওক

কমলাকান্ত ভট্টাচাৰ্য্য

ৱিকিউদ্ধৃতিৰ পৰা

কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ এগৰাকী কবি অৰু প্ৰবন্ধকাৰ। ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত তেওঁ জন্মলাভ কৰিছিল। তেওঁক 'অগ্নিকবি' বুলি জনা যায়।[] ৰাজনৈতিক ভাৱাদৰ্শৰ দিশৰ পৰা তেওঁ জাতীয়তাবাদী আছিল। ১৮৭১ চনত বঙালী ভাষাক অসমৰ চৰকাৰী ভাষা কৰাৰ প্ৰতিবাদ কৰিছিল। ১৮৮৬ চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত তেওঁ অসমৰ হৈ অংশ লৈছিল। ১৯২৯ চনত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯২৯ চনত অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত সভাপতিত্ব কৰিছিল।[][] তেওঁ মহিলাৰ শিক্ষাৰ হকে মাত মতাৰ লগতে ১৯০৫-০৬ চনত স্বদেশী আন্দোলনত ভাগ লৈছিল।[]

  1. বিজ্ঞান, দৰ্শন, বুৰঞ্জী আৰু একেশ্বৰ-বাদ ধৰ্ম্মশাস্ত্ৰ মাতৃভাষাৰ চৰ্চ্চাৰ লগে লগে যি কোনো জাতিৰ ভিতৰত বহল হৈ পৰে সেয়ে জাতিটিৰ ভাব-ৰাজ্য গঢ়ি তোলে। (কঃ পন্থা)[]
  2. যিকোনো দেশ মাতৃভাষাৰ উন্নতিয়েইহে জ্ঞানী কৰি তোলে, দুখৰ বিষয় আমি অসমীয়া মানুহে মাতৃভাষাৰ উন্নতিৰ পিনে একো চেষ্টা নকৰোঁ৷ পৃথিৱীত যতবিলাক সভ্য দেশ আগৰ পৰা গুৰিলৈকে শক্তিশালী আৰু পৰাক্ৰমী হৈ উঠিছিল আৰু উঠিছে, সকলোবিলাক দেশেই যে মাতৃভাষাৰ উন্নতি সাধনৰ দ্বাৰাই তেনে হৈছে তাৰ ভুল নাই৷[]
  3. জাতিভেদৰ বান্ধ ছিঙি বৰ্ত্তমান যুগধৰ্ম্ম অনুসাৰে জ্ঞান-বিজ্ঞান, কৃষি-বাণিজ্য প্ৰভৃতি ধন ঘটা বিদ্যাও আমি যদি একতা সূত্ৰত-আবদ্ধ হৈ শিক্ষা কৰিবৰ চেষ্টা নকৰোঁ তেন্তে ১০|১২ বছৰৰ ভিতৰতে অসমীয়া জাতিৰ নাম নুমাব যে তাৰ ভুল নাই।[]
  4. ধৰ্মই সকলোকে এক কৰে৷ যি ধৰ্মই সকলোকে এক আৰু সমান কৰিব নোৱাৰে, সেই ধৰ্মক ধৰ্ম নোবোলে– সি উপধৰ্ম মাথোন; আৰু যি ধৰ্মই মানুহৰ মাজত হিংসা আৰু পশু ব্যৱহাৰ শিক্ষা আৰু পশু বা আসুৰিক বল বঢ়ায়, সি ধৰ্ম ইহ-পৰকাল দুইকাললৈ মানুহৰ অমংগলহে সাধন কৰে৷[]
  5. কৰ্মৰে সৈতে ধৰ্মৰ ঘনিষ্ঠ সম্বন্ধ৷ ধৰ্মৰ দ্বাৰাইহে জ্ঞানৰ উৎপত্তি হয়৷ ভগৱান শ্ৰীকৃষ্ণে নিজে খৰি লোৰাৰ পৰা গৰু ৰখা পৰ্যন্ত একো কাম বাকী ৰখা নাই৷ আমাৰ যেই-সেই কাম কৰা অপমান জ্ঞান জুই পুৰি ছাই কৰি শিক্ষিত ডেকাসকলে বাঙ্গালীৰ বাবুৱনী আদৰ্শ এৰি কৰ্মী হ’বলৈ শিক্ষা আৰু চেষ্টা কৰক৷ হাল, কোৰ, কমাৰ, কুমাৰ কোনো কামেই সৰু নহয়৷[]
  6. মানুহক জ্ঞানেই ডাঙৰ কৰে, অজ্ঞানেই সৰু কৰে।[]
  7. পৃথিবীত আন আন যত সভ্য জাতি বা দেশে উন্নতি জখলাৰ খোপে খোপে উঠিছে, তাৰ মূল কাৰণ স্ত্ৰী জাতিক সুশিক্ষা দিয়া। যি জাতিৰ মানুহে মাতৃ জাতিক সন্মান কৰিব জানে আৰু শিকে সেই জাতিৰ ভিতৰতহে মানুহ জন্মে আৰু সেই মানুহকে দেৱতা বুলি কয়।[]
  1. culture. প্ৰকাশক: Sonitpur.gov.in. Archived from the original on 2013-08-22. আহৰণ কৰা হৈছে: 2013-05-15.
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা সাঁচ:Webarchive অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. Asam Sahitya Sabha is the foremost and the most popular organization of Assam. প্ৰকাশক: Vedanti.com. Archived from the original on 2013-09-26. আহৰণ কৰা হৈছে: 2013-05-16.
  4. (2006) Brahmo Samaj and North-East India - Dipankar Banerjee - Google Books। Books.google.co.in। ISBN: 9788179751763। আহৰণ কৰা হৈছে: 2013-05-15।
  5. ৫.০ ৫.১ ৫.২ ৫.৩ কঃ পন্থা. আহৰণ কৰা হৈছে: 3 জুন 2024.
  6. ৬.০ ৬.১ ৬.২ স্বদেশানুৰাগী কমলাকান্ত. আহৰণ কৰা হৈছে: 3 জুন 2024.