চন্দ্ৰপ্ৰসাদ শইকীয়া
অৱয়ব
চন্দ্ৰপ্ৰসাদ শইকীয়া (৮ জুলাই, ১৯২৭-৮ আগষ্ট, ২০০৬) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ১৯২৭ চনৰ ৮ জুলাইত শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰি অঞ্চলৰ জালুক গাওঁত মৌজাদাৰৰ পৰিয়ালত তেখেতৰ জন্ম হয়। তেখেতৰ পিতৃ-মাতৃৰ নাম যথাক্ৰমে দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম দুৰ্গেশ্বৰী শইকীয়া। শিক্ষা সাং হোৱাৰ পিছত কিছু দিনৰ বাবে তেওঁ শিক্ষকতা কৰিছিল৷ ১৯৫৪ চনত কলিকতা ইউনিভাৰচিটিৰ পৰা ইংৰাজী বিষয়ত MA পাচ কৰাৰ পাচত ১৯৫৬ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত The Assam Tribune কাকতৰ Sub-Editor হিচাবে কৰ্মৰত হয়। তাৰ পিছৰে পৰা তেওঁ নিৰৱচ্ছিন্নভাবে সাহিত্যৰ সাধনাত লাগে৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]মহাৰথী:-
- কোনো এক বিষয়ে উদ্গীৰিত ক্ৰোধ যি চিৰদিন নিজৰ মনত সজাগ কৰি ৰাখে, তেওঁৰ সমান হতভাগ্য বিৰল।
- সত্য অত্যন্ত কঠিন।সত্য হঠাতে প্ৰকাশিত নহয়। অজস্ৰ প্ৰহেলিকা,অন্ধকাৰ,অসত্যৰ আৱৰণ খুলি সত্য প্ৰকৃত ৰূপত প্ৰকাশ পাবলৈ সুদীৰ্ঘ কালৰ প্ৰয়োজন হয়। সেই সত্য উদ্ঘাটনৰ পথত যি নিৰৱচ্ছিন্নভাৱে,নিৰন্তৰ,অজস্ৰ বিপদ-বিঘিনি অতিক্ৰমি ব্ৰতী হ’ব পাৰে,সেইজনেই হ’ল মহাৰথী।
- যিবিলাক সাধাৰণ সেই বিলাকহে চিৰদিন ক্ৰোধৰ বশৱৰ্তী হৈ থাকে।
- পৃথিৱীৰ সকলো বিচক্ষণ ব্যক্তিয়েই যুক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকেঃ কোনটো ভাল কোনটো বেয়া-তেওঁলোকে বিবেচনা কৰি ল’ব পাৰে।
- এটা বয়সত মানুহে ভুল কৰে,কিন্তু সেই ভুল সংশোধিত কৰি সি ঊৰ্ধ্বলৈ গমন কৰে। সি পুনৰ ভুল কৰে,সেই ভুলো সংশোধন কৰি কৰি এবাৰ ওপৰলৈ উঠি এবাৰ তললৈ নামি শেষত সি এনে এক স্থানত আসন পাতি বহেগৈ যাৰ পৰা সি আৰু কোনো দিন তললৈ নামিব লগা নহয়। তাকেই আমি মানৱৰ দেৱত্ব অথবা ঋষিত্ব লাভ কৰা বুলি কওঁ।
- যুদ্ধত,ৰণত,কোনো এক পৰীক্ষাত পৰাজিত হোৱাটো একো আচৰিত অথবা নতুন কথা নহয়।পৰাজিত হৈয়ো এজন অপমানিত নোহোৱাকৈ থাকিব পাৰে।
- অপমানৰ ৰক্ত আৰু ক্ষমাৰ ৰক্ত একে নহয়ঃঅপমানৰ ৰক্ত দ্ৰবীয়,কিন্তু ক্ষমাৰ ৰক্ত প্ৰগাড়। অপমান মানুহৰ ছাঁৰ দৰে,তোমাৰ সঙ্গ সি পৰিত্যাগ নকৰে,অহৰহ তোমাক সেই কথা সোঁৱৰাই থাকে।
- উদ্দেশ্য যদি অপাৰ্থিৱ হয়, মন যদি শিলৰ ৰেখাৰ দৰে দৃঢ় হয়, তেনে হলে শৰীৰৰ ওপৰত কৰা হাজাৰ আঘাতেও আত্মা আৰু মনক স্পৰ্শ নকৰে। শৰীৰৰ ওপৰত অত্যাচাৰ যিমানে বেছি হব, সিমানে মনৰ শক্তিয়ে উত্তৰণৰ পথত গতি কৰিব। পৃষ্ঠা-৫০
- কথিত আছে যে- কীট আৰু পতঙ্গই কাৰো বাধা নামানি তাৰ নিৰ্দিষ্ট বিন্দুত হাজিৰ হবগৈয়েই, আন কাৰো বাধা নেপালে, তাৰ নিজস্ব বাসনা চৰিতাৰ্থ নকৰাকৈ কেতিয়াও নেথাকে। পৃষ্ঠা-৫০
- কোনো এক বন্য পশুক দুদিন মান কাষৰ পৰা নিৰীক্ষণ কৰি, তাৰ নিজস্ব চৰিত্ৰক পৰম সহানুভূতিৰে আয়ত্ব কৰাৰ পিছতহে তুমি তাক হত্যা কৰিব পাৰিবা। নহ’লে তুমি যিকোনো এক সাধাৰণ ব্যাধত পৰিণত হ’বা । তুমি চিকাৰী হিচাপে আনক চমক খুৱাব পাৰিলেও, নিষাদ হিচাপে তোমাৰ খ্যাতি সৰ্বত্ৰ বিয়পি নপৰিব। পৃষ্ঠা-২১
- এই আকাশ, এই সূৰ্য, এই ঝৰণাৰ সূঁতি, এই পৰ্ব্বত, এই বতাহ- এই আটাই বোৰেই সৃষ্টি কৰিছে এক অপাৰ্থিৱ সমন্বয়ৰ, যি মৃত্যুহীন, মানুহৰ সীমাবদ্ধতাই যাক স্পৰ্শ নকৰে। এই অনন্ত সনাতন অসীমতাৰ তুলনাত মানুহ যে কিমান তুচ্ছ! অথচ সেই মানুহৰে কি অহঙ্কাৰ, কি স্বাৰ্থপৰতা! মানুহে মানুহক মানুহ হিচাপে জ্ঞান নকৰি কৰে জাতি হিচাপে, কুল হিচাপে, বৰ্ণ, গোত্ৰৰূপে। পৃষ্ঠা-৩২
- মানুহে যেতিয়া এটা ডাঙৰ দোষ কৰে, তাৰ বাবে সি শাস্তি পাবৰ বাবে, অপমানিত হ’বৰ বাবে, অথবা অনুতপ্ত হ’বৰ বাবে মনে মনে গোপনে প্ৰতি মুহূৰ্ততে সাজু হৈ থাকে বুলি মোৰ এক বদ্ধমূল ধাৰণা অছে। পৃষ্ঠা-৫৫
- যৌৱনত অস্ত্ৰ শিক্ষা, শাৰীৰিক ব্যায়াম আদিৰ লগতে নাৰীক মোহন কৰিব পৰাও হ’ল অটুট স্বাস্থ্যৰ এক ডাঙৰ উদ্দেশ্য। পৃষ্ঠা-৬০
- অন্যৰ পৰম দুখৰ সমব্যথী হোৱাই হ’ল অন্যৰ মনত সান্তনা দিয়াৰ উৎকৃষ্ট উপায়। পৃষ্ঠা-৮৯
- এক মহৎ আদৰ্শ অথবা উদ্দেশ্যৰ লগত মনৰ যদি একান্ত বোধ নিবিড় হয়, তেতিয়া শৰীৰৰ ওপৰত বৰ্ষিত অবিৰত শাস্তি সম্পূৰ্ণ ভাবে অতিক্ৰমি মানুহে মনৰ শান্তিত স্বৰ্গৰাজ্যত বাস কৰিব পাৰে। পৃষ্ঠা-১০৬
চন্দ্ৰ প্ৰসাদ:-
- নাৰী বিপথগামী হ'ব পাৰে,নাৰীয়ে বিশ্বাসঘাতকতা কৰিব পাৰে,কিন্তু নাৰী কেতিয়াও বীভৎস হ'ব নোৱাৰে।এই বিশ্বাস মোৰ চিৰকলীয়া। নাৰীয়ে মানুহক জন্ম দিব পাৰে,নাৰীয়ে শঙ্কৰদেৱৰ দৰে,শ্বেইক্সপীয়েৰৰ দৰে, টলষ্টয়ৰ দৰে,মহাত্মা গান্ধীৰ দৰে লোকক জন্ম দিব পাৰে,সেই চিন্তাৰ পৰা আঁতৰি আহিব নোৱাৰি। তাৰ উপৰি এক নাৰীপ্ৰধান পৰিয়ালত মোৰ জন্ম। মোৰ ভাৰ্য্যাৰ প্ৰভাবো মোৰ ওপৰত সামান্য নহয়। সেই ৰামায়ণ-মহাভাৰতৰ দিনৰ পৰা নাৰীৰ মহিমামণ্ডিত চৰিত্ৰবোৰ অঙ্কন কৰিছে সদায় পুৰুষে। নাৰীৰ প্ৰেমৰ জ্যোতিত পুৰুষ যুগে যুগে উদ্ভাসিত হৈছে। স্বাধীনতা আন্দোলনৰ সময়ত জননী আৰু জন্মভূমী দুয়োকে আমি স্বৰ্গতকৈও গৰীয়সী জ্ঞান কৰিছিলো।নাৰীৰ ৰুদ্ৰমূৰ্তি মই দেখিছোঁ। কিন্তু নাৰী কোতিয়াও সৰ্বনাশী নহয়।
- কবিতা মানৱ-ভাগ্যৰ শ্ৰেষ্ঠতম সম্পদ।কবিতা সাহিত্যৰ নিৰ্যাসঃ কবিতাৰ বাবে বিখ্যাত কবিয়ে জীৱন বিসৰ্জনো দিব পাৰে। আমি সকলোৱেই কবিতাৰ সন্তান। কিন্তু কবিতা লিখিবলৈ কাব্যিক প্ৰতিভা অপৰিহাৰ্য। মোৰ এই প্ৰতিভা নাই। কিন্তু জীৱনৰ অনেক সময় মই কবিতা পঢ়ি,কবিতা আবৃতি কৰি অতিবাহিত কৰিছোঁ।
- তুমি হাজাৰ চেষ্ঠা কৰা যৌৱনত নাৰীৰ মোহৰ পৰা,নাৰীৰ প্ৰভাৱৰ পৰা আঁতৰি আহিব নোৱাৰা। সেই প্ৰভাৱে তোমাক জীৱনৰ-জগতৰ যিখিনি মনোৰম,যিখিনি জীৱনৰ স্পৰ্শৰে অপূৰ্ব সেইখিনি সোঁৱৰাই দিব পাৰে।
মহাভাৰত বিশ্বাস আৰু বিস্ময়:-
- মহাভাৰতৰ সকলো বিখ্যাত চৰিত্ৰৰ ভিতৰত কৰ্ণৰ উত্তৰণ আৰু কৃচ্ছ্ৰসাধনাই আমাক মুগ্ধ কৰে। জন্ম-মুহুৰ্ত্ততে মাতৃৰ দ্বাৰা বিসৰ্জিত, কেৱল মাতৃৰ দ্বাৰাই নহয় পিতৃৰ দ্বাৰাও নিদাৰুনভাবে পৰিত্যক্ত হৈয়ো, কি নিৰৱচ্ছিন্ন সাধনা, অসীম পৰাক্ৰম, দেৱদুৰ্লভ উদাৰতা আৰু যুদ্ধ বিচক্ষণতাৰে কৰ্ণই মহাভাৰতৰ এক চিৰস্মৰণীয় পৰ্যায়লৈ নিজৰ উত্তৰণ ঘটাইছিল, সেয়া এক আলোকসন্ধানী অধ্যায়।
- শত্ৰুৰ অন্নভোজ নকৰিবা, শত্ৰুকো অন্ন ভোজন নকৰাবা।
- নিজৰ উন্নতি, মিত্ৰৰ উন্নতি আৰু মিত্ৰৰ মিত্ৰৰ উন্নতি আৰু শত্ৰুৰ ক্ষয়, শত্ৰুৰ মিত্ৰৰ ক্ষয় আৰু শত্ৰুৰ মিত্ৰৰ মিত্ৰৰ ক্ষয়, এই ছয় প্ৰকাৰ হল নিজৰ উন্নতি।
- মানুহ কেতিয়াও মানৱাতীত নহয়। মানুহৰ সীমাবদ্ধতা আশ্চৰ্যজনক। মানুহে ভুল কৰে, বাৰে বাৰে কৰে, কিন্তু যিজন বিবেকৱান, তেওঁ একেটা ভুলৰে পুনৰাবৃত্তি নকৰে।