সমললৈ যাওক

সত্য

ৱিকিউদ্ধৃতিৰ পৰা

সত্য (ইংৰাজী: Truth) হৈছে তথ্য বা বাস্তৱৰ লগত মিল থকা এক বৈশিষ্ট্য। সত্যক সাধাৰণতে মিছাৰ বিপৰীত বুলি ধৰা হয়। ব্যৱহাৰিক ভাষাত সত্যক সাধাৰণতে বাস্তৱক প্ৰতিনিধিত্ব কৰাৰ লক্ষ্যৰে বা অন্যথা ইয়াৰ সৈতে মিল থকা বস্তু যেনে বিশ্বাস, প্ৰস্তাৱনা আৰু ঘোষণামূলক বাক্যৰ সৈতে জড়িত কৰা হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्।
    • সত্য কথা কোৱাজনে এই জগতত সৰ্বোচ্চ স্থান লাভ কৰে।
      • ২য় কাণ্ড, অধ্যায় ১০৫, শ্লোক ১১ — ৰামায়ণ
  • সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে। কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। — মহাত্মা গান্ধী
  • সত্য আৰু শুদ্ধ ধৰ্মৰহে গতি আছে, ভুল ধাৰণাৰ গতি নাই৷ —মহাত্মা গান্ধী
  • সত্যৰ মুখামুখি হ’বলৈ ভয় নকৰিবা, সত্য সদায় ভয়ংকৰ৷ যি কাপুৰুষ তেওঁহে কেতিয়াও সত্যৰ মুখামুখি হ’বলৈ নোৱাৰে৷ —মহাত্মা গান্ধী
  • * এই বিশ্বব্যাপী সৰ্বত্ৰ বিৰাজমান সত্যক উপলব্ধি কৰিবলৈ হ’লে এই সৃষ্টিৰ সকলো জীৱনলৈকে এটা প্ৰেমৰ ভাব পাব লাগিব৷ যি এনে এটা আকাঙ্ক্ষা কৰে, তেওঁ জীৱনৰ কোনো এটা কাৰ্যক্ষেত্ৰ পৰা আঁতৰি থাকিব নোৱাৰে৷[১] —মহাত্মা গান্ধী
  • সত্যক ভাল পাব নালাগে। মাত্ৰ ক’ব লাগিব। ইয়াক কৈ পেলাওক। সত্যই হয়তো আপোনাক আঘাত দিব, কিন্তু ই আপোনাক মুক্ত কৰিব। —দ্য ছিক্ৰেট অফ দ্য নাগাজ, (অমিষ ত্ৰিপাঠী)
  • সেয়া তোমাৰ সত্য আৰু এয়া মোৰ সত্য। বিশ্বজনীন সত্যৰ কথা ক’বলৈ গ’লে; ইয়াৰ অস্তিত্ব নাই। —দ্য ছিক্ৰেট অফ দ্য নাগাজ, (অমিষ ত্ৰিপাঠী)
  • প্ৰতিটো ধৰ্মৰে অনুগামীসকলৰ মাজত তৰ্কাতীতভাৱে অনেক শিক্ষিত লোক আছে। তেওঁলোকে প্ৰচলিত বিশ্বাসৰ পৰা নিজকে পৃথক কৰিব লাগে আৰু সৰ্বজনীন সত্যক আঁকোৱালি ল'ব লাগে। যিবোৰ সত্য সকলো ধৰ্মতে বিদ্যমান আৰু যিবোৰ সত্যৰ সৰ্বজনীন প্ৰয়োগ সম্ভৱ। ধৰ্মৰ মাজত বৈসাদৃশ্য থকা বস্তুবোৰ ত্যাগ কৰিব লাগে আৰু পাৰস্পৰিক সৌহাদ্য বৰ্তাই ৰাখিব লাগিব। পৃথিৱীৰ বাবেই সেইটোৱেই সুবিধাজনক কথা হ'ব। —দয়ানন্দ সৰস্বতী
  • * বাস্তৱ সত্য, আটাইবোৰৰ পিছতো, আমাৰ দুৰ্বল বুজাবুজিয়ে সম্পূৰ্ণৰূপে বুজিব নোৱাৰাকৈ বহুত ডাঙৰ। তথাপিও আমি আমাৰ জীৱনটো সেই তত্ত্বৰ ওপৰত গঢ়ি তুলিব লাগিব য'ত সৰ্বোচ্চ “সত্য’’ আছে। আমি নিৰপেক্ষ হৈ বহি থাকিব নোৱাৰোঁ কাৰণ আমি প্ৰকৃত সত্যক জানিব নোৱাৰোঁ, বা নাজানো।[২]সুভাষ চন্দ্ৰ বসু
  • সত্য অত্যন্ত কঠিন।সত্য হঠাতে প্ৰকাশিত নহয়। অজস্ৰ প্ৰহেলিকা, অন্ধকাৰ,অসত্যৰ আৱৰণ খুলি সত্য প্ৰকৃত ৰূপত প্ৰকাশ পাবলৈ সুদীৰ্ঘ কালৰ প্ৰয়োজন হয়। সেই সত্য উদ্ঘাটনৰ পথত যি নিৰৱচ্ছিন্নভাৱে,নিৰন্তৰ,অজস্ৰ বিপদ-বিঘিনি অতিক্ৰমি ব্ৰতী হ’ব পাৰে,সেইজনেই হ’ল মহাৰথী। —মহাৰথী, (চন্দ্ৰপ্ৰসাদ শইকীয়া)
  • সন্দেহ হ'ল সত্য অন্বেষণৰ সঁজুলি আৰু প্ৰশ্নৰ প্ৰেৰণা, জ্ঞান হ'ল প্ৰশ্নৰ সফল পৰিণতি৷[৩]দেৱকান্ত সন্দিকৈ
  • আমাৰ পাৰহৈ যোৱা দিনবোৰে আমাৰ সন্মুখত বহু অপুৰণীয় বস্তু উপস্থাপন কৰে; এয়া সত্য যে আমি এনে কিছুমান সুযোগ হেৰুৱাই পেলাইছোঁ যিবোৰ কেতিয়াও ঘূৰি নাহে, কিন্তু ঈশ্বৰে এই ধ্বংসাত্মক উদ্বেগক ভৱিষ্যতৰ বাবে গঠনমূলক চিন্তাশীলতালৈ ৰূপান্তৰিত কৰিব পাৰে। অতীতক শুবলৈ দিয়ক, কিন্তু খ্ৰীষ্টৰ কোলাত শুবলৈ দিয়ক। অপূৰণীয় অতীতক তেওঁৰ হাতত এৰি দিয়ক, আৰু তেওঁৰ সৈতে অপ্ৰতিৰোধ্য ভৱিষ্যতলৈ আগবাঢ়ি যাওক।
  • বেছিভাগ তৰ্ক কৰা মানুহে সত্যতকৈ আত্মাভিমানক বেছি মূল্য দিয়ে আৰু নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন নকৰালৈকে ক্ষান্ত হব নোখোজে।[৪]আত্মানুসন্ধান, (হোমেন বৰগোহাঞি)
  • গৰ্ভৱতী তিৰোতাৰ যেতিয়া প্ৰসৱৰ সময় হয় তেতিয়া তেওঁ যন্ত্ৰণাৰ ভয়ত সন্তানৰ জন্মক বাধা দি ৰাখিব নোৱাৰে। সকলো লেখকৰে শ্ৰম-কষ্ট গৰ্ভিনীৰ জন্ম-যন্ত্ৰণাৰ লগতে তুলনীয়। কিন্তু এই সত্য প্ৰযোজ্য কেৱল সেইসকল লেখকৰ ক্ষেত্ৰতহে— যিসকলৰ প্ৰকৃত সৃষ্টিৰ শক্তি আছে।[৪] —আত্মানুসন্ধান, (হোমেন বৰগোহাঞি)
  • প্ৰশ্ন নকৰাকৈ গ্ৰহণ কৰা সত্য খুব ক্ষতিকাৰক হ’ব পাৰে যিটো হৈ আছে আমাৰ ধৰ্মীয় গোড়ামীৰ ক্ষেত্ৰত৷ ৰাজনীতিৰ কথাটোৱেই বেলেগ– আমাৰ ভাৰতীয় ৰাজনীতি ইমান অদূৰদৰ্শী যেন লাগে যে ৰাজনীতি কৰা সকলে যেন মাত্ৰ পাঁচবছৰৰ কাৰণেহে নিজৰ পেটটোৰ কথা ভাবে৷ দূৰ ভৱিষ্যতে আমাৰ উত্তৰ পুৰুষক যে এই ধৰ্মীয় গোড়ামীবোৰে বিস্তৰ ক্ষতি কৰিব পাৰে সেই কথা কোনো দিনে ভাবিব নোৱাৰা যেন লাগে৷[৫]ৰুবুল মাউত
  • প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা নাইবা আমোদ নিবিচাৰে৷ তেওঁ বিচাৰে কেৱল জ্ঞান আৰু সত্য৷ সত্য আৱিষ্কাৰ কৰিবৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু৷[৬]জগদীশ চন্দ্ৰ বসু
  • ক্ৰোধক প্ৰেমেৰে, বেয়াক ভালেৰে, নীচতাক উদাৰতাৰে আৰু মিথ্যাক সত্যৰে জয় কৰক।[৭]গৌতম বুদ্ধ
  • কোনোবাই তোমাক তিৰস্কাৰ কৰিলেও ক্ৰোধিত নহ'বা। ধৈৰ্য সহকাৰে শুনি যাবা। কাৰণ তিৰস্কাৰ কৰা জনৰ কথাৰ মাজত সত্যতাও থাকিব পাৰে। ক্ৰোধিত হ’লে সেই সত্য জনাৰ পৰা বঞ্চিত হ’বা।[৮] —গৌতম বুদ্ধ
  • সত্যক যেতিয়া আমন্ত্ৰণ জনোৱা হয়, তাক গ্ৰহণ কৰিবই লাগিব। এয়াই সত্যৰ নিয়ম। সত্যক কোনেও জয় কৰিব নোৱাৰে, কেৱল আমন্ত্ৰণ জনাবহে পাৰে। সত্যৰ সন্মুখীনহে হ’ব লাগিব।[৮] —গৌতম বুদ্ধ
  • সত্য কি - তাক অজ্ঞানীয়েহে বুজি নাপায়। —গৌতম বুদ্ধ
  • অৰ্থ নথকা হেজাৰ শব্দৰ বাক্যতকৈ অৰ্থপূৰ্ণ এটি বাক্যও ভাল।[৯] —গৌতম বুদ্ধ
  • জীৱনক উদ্ভাসিত কৰে কেৱল সত্য আৰু প্ৰেমে। বাকী সকলো পোহৰ আৰু উজ্জ্বলতা কেৱল ছলনাহে। প্ৰকৃত পোহৰ নহয়। —গৌতম বুদ্ধ
  • মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । [১০] —গৌতম বুদ্ধ

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অনু- অমিয় কুমাৰ দাস (১৯৯৮)। মোৰ সত্য-অন্বেষণৰ কাহিনী। নৱজীৱন পাব্লিচিং হাউচ, পৃষ্ঠা:৪৮৫।
  2. “এজন ভাৰতীয় তীৰ্থযাত্ৰী: এখন আধৰুৱা আত্মজীৱনী’’ (১৯৯৭)ত উদ্ধৃত কৰা অনুসৰি নিজে শিশিৰ কুমাৰ বসু আৰু সুগতা বসু, পৃষ্ঠা ৩৬
  3. সোণসেৰীয়া কথা, সংকলক-দেৱেন শইকীয়া, মিছিছিপি প্ৰকাশন, এপ্ৰিল ২০০৩
  4. ৪.০ ৪.১ আত্মানুসন্ধান; প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী, ১৯৮৮
  5. https://muktosinta.org/rubul-maut/
  6. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১১৪, বাণী মন্দিৰ, ২০০৩
  7. খুদক নিকায় (ধমপদ), অধ্যায় ১৭, শ্লোক ২২৩
  8. ৮.০ ৮.১ (অক্টোবৰ, ২০২০) গৌতম বুদ্ধ এক অমৃতময় জীৱন। গুৱাহাটী। JS Books, পৃষ্ঠা:235-240। ISBN: 978-81-929804-8-5
  9. শ্ৰীদুৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  10. মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ১

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: