দয়ানন্দ সৰস্বতী
অৱয়ব

দয়ানন্দ সৰস্বতী (ইংৰাজী: Dayananda Saraswati, ১২ ফেব্ৰুৱাৰী ১৮২৪ – ৩০ অক্টোবৰ ১৮৮৩) আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, সামাজিক নেতা আৰু সংস্কাৰমুখী আন্দোলন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা। ১৮৭৬ চনত লোকমান্য বাল গঙ্গাধৰ তিলকৰ নেতৃত্বত হোৱা "ভাৰতীয়ৰ বাবে ভাৰত" শীৰ্ষক আহ্বান জনোৱা তেখেত আছিল প্ৰথম ভাৰতীয়। মূৰ্তিপূজা আৰু পৰম্পৰাগত ৰীতি-নীতি পৰিহাৰ কৰি দয়ানন্দ সৰস্বতীয়ে বৈদিক বিচাৰধাৰা পুনৰুত্থান কৰিবলৈ প্ৰয়াস কৰিছিল। ভাৰতৰ দাৰ্শনিক, ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণে শ্ৰী অৰবিন্দৰ দৰে তেখেতকো "ভাৰতৰ এগৰাকী নিৰ্মাতা" আখ্যা দিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰতিটো ধৰ্মৰে অনুগামীসকলৰ মাজত তৰ্কাতীতভাৱে অনেক শিক্ষিত লোক আছে। তেওঁলোকে প্ৰচলিত বিশ্বাসৰ পৰা নিজকে পৃথক কৰিব লাগে আৰু সৰ্বজনীন সত্যক আঁকোৱালি ল'ব লাগে। যিবোৰ সত্য সকলো ধৰ্মতে বিদ্যমান আৰু যিবোৰ সত্যৰ সৰ্বজনীন প্ৰয়োগ সম্ভৱ। ধৰ্মৰ মাজত বৈসাদৃশ্য থকা বস্তুবোৰ ত্যাগ কৰিব লাগে আৰু পাৰস্পৰিক সৌহাদ্য বৰ্তাই ৰাখিব লাগিব। পৃথিৱীৰ বাবেই সেইটোৱেই সুবিধাজনক কথা হ'ব।[উৎসৰ প্ৰয়োজন]
- নিজৰ উন্নতি নিজেই কৰা, অন্য কাৰো ওপৰত নিৰ্ভৰ নকৰিবা।[১]
- সংস্কৃতিয়েই মানুহৰ প্ৰকৃত পৰিচয়।[১]
- মনোযোগ সহকাৰে শুনি যদি কোনো কথাত অসত্যৰ আভাস পোৱা, অবশ্যেই সেই কথা খণ্ডন কৰিবা, আৰু যি সত্য তাক প্ৰসন্নভাবে স্বীকাৰ কৰিবা।[১]
- যিবোৰ মানুহে এই সংসাৰত নিঃস্বাৰ্থ ভালপোৱা, ধৰ্ম, বিদ্যা, সৎসঙ্গ, বিবেক, বৈৰীভাবহীনতা, জিতেন্দ্ৰিয়তা আৰু প্ৰত্যক্ষবোধ আদি বিষয়ৰ দ্বাৰা পৰমাত্মাক আশ্ৰয় কৰে তেওঁলোকেই অত্যন্ত ভাগ্যবান। কাৰণ যথাৰ্থ জ্ঞানলাভৰ দ্বাৰা তেওঁলোকেই সকলো দুখৰ পৰা সম্পূৰ্ণ নিষ্কৃতি পায় আৰু ভৱসাগৰ অতিক্ৰম কৰি পৰমাত্মাৰ আনন্দস্বৰূপ মোক্ষসুখ লাভ কৰে। কিন্তু যিসকলৰ ভোগ্য বিষয় আৰু ইন্দ্ৰিয়ত আসক্তি, যিসকল বিবেচনাহীন, অসৎ, অধাৰ্মিক, ছল, কপট, অভিমানী, দুৰাগ্ৰহী তথা সৎসঙ্গ বৰ্জিত তেওঁলোক কেতিয়াও মোক্ষসুখ পাব নোৱাৰে, কাৰণ তেওঁলোক (সত্যস্বৰূপ) ঈশ্বৰবিমুখ।[১]
- মনুষ্যৰ ইতৰ প্ৰজাতিসমূহ বলবান প্ৰাণী, দুৰ্বলক ভয় দেখুৱাই পীড়ন কৰে, স্বাৰ্থৰ বাবে প্ৰাণ পৰ্যন্ত হৰণ কৰে। যি মানুহ এনেকুৱা পশুবৎ আচৰণ কৰে, সি মনুষ্যৰ ইতৰ জাতিৰ মাজত গণ্য কৰা হয়। কিন্তু যি দুৰ্বলৰ প্ৰতি সহানুভূতিশীল আৰু উপকাৰপ্ৰৱণ, যি পীড়নকাৰীক ভয় নকৰি তেওঁৰ হাতৰ পৰা দুৰ্বলক ৰক্ষা কৰে, তেঁৱেই প্ৰকৃত ‘মানুহ’।[১]