ৰুবুল মাউত

ৱিকিউদ্ধৃতিৰ পৰা

ৰুবুল মাউত (ইংৰাজী: Rubul Mout) হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। তেওঁ‌ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল, আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ 'ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন'ভেছন ফেলো' অছিল। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক। মাউতে তেওঁৰ আত্মজীৱনী মোৰো এটা সপোন আছে গ্ৰন্থত নিজৰ শৈশৱ-যৌৱনৰ সংঘাত অতিক্ৰম কৰি মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ গৱেষক হোৱাৰ কাহিনী লিপিবদ্ধ কৰিছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বিজ্ঞানৰ ক্ষেত্ৰখনত, উচ্চ মানৰ গৱেষণা কৰিবলৈ হ’লে ওপৰৰ পৰ্যায়লৈ যোৱাটো খুব প্ৰয়োজনীয়৷ কাৰণ জ্ঞান-কৌশল-সম্পদ এই আটাইবোৰ পুঞ্জীভূত হৈ থাকে কিছুমান ওপৰৰ স্তৰৰ অনুষ্ঠানত, বিবেক থাকিলেও তলৰ অনুষ্ঠানবোৰত উচিত সুবিধা-সম্পদ নথকাৰ বাবে উচ্চমানৰ কাম কৰিব নোৱাৰি৷[১]
  2. প্ৰশ্ন নকৰাকৈ গ্ৰহণ কৰা সত্য খুব ক্ষতিকাৰক হ’ব পাৰে যিটো হৈ আছে আমাৰ ধৰ্মীয় গোড়ামীৰ ক্ষেত্ৰত৷ ৰাজনীতিৰ কথাটোৱেই বেলেগ– আমাৰ ভাৰতীয় ৰাজনীতি ইমান অদূৰদৰ্শী যেন লাগে যে ৰাজনীতি কৰা সকলে যেন মাত্ৰ পাঁচবছৰৰ কাৰণেহে নিজৰ পেটটোৰ কথা ভাবে৷ দূৰ ভৱিষ্যতে আমাৰ উত্তৰ পুৰুষক যে এই ধৰ্মীয় গোড়ামীবোৰে বিস্তৰ ক্ষতি কৰিব পাৰে সেই কথা কোনো দিনে ভাবিব নোৱাৰা যেন লাগে৷[২]
  3. মোৰ বোধেৰে এটা সময়ত ধৰ্ম এটা পৌৰাণিক প্ৰথালৈ ৰূপান্তৰিত হ’ব আৰু মানুহে নিজকে ধৰ্ম মানি চলোঁ বুলি ক’বলৈ লাজ কৰা হ’ব৷[৩]
  4. যি ল'ৰা-ছোৱালীয়ে হাজাৰ প্ৰতিকূলতাকো নেওচি দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য কৰি গৈছে, তেওঁলোকেই মানৱ সমাজৰ আচল সম্পদ। তেওঁলোকৰ উন্নতি নোহোৱাৰ মানে নাই। জীৱনৰ দুৰ্যোগৰ মুহূৰ্তবোৰত এই গভীৰ সত্যফাঁকিকে মই বাৰে বাৰে আওৰাবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম বুলি স্থিৰ কৰিছোঁ।[৪]
  5. বিজ্ঞানৰ দৰে গভীৰ বিষয় এটা স্ব-পঠনৰ যোগেদি আয়ত্ত কৰাৰ বাবে মোৰ দূৰ-ভৱিষ্যতত বেচ সহায় হৈছিল। স্ব-পঠনৰ মহিমাক এনেদৰে গুৰুত্ব দিওঁ- আনে পঢ়ালে, আনে দেখুওৱা বাটেৰে গ'লে কেৱল আনে দেখা ঠাইহে চাব পাৰি; নতুন ঠাই, নতুন উদ্‌ঘাটন-আৱিষ্কাৰ কৰিব নোৱাৰি। কিন্তু বিজ্ঞানৰ উদ্দেশ্যই হ'ল নতুন আৱিষ্কাৰ, নতুন উদ্‌ঘাটন।[৪]
  6. কিতাপবোৰে হঠাৎ মোক সংগ্ৰামৰ পৃথিৱীৰ পৰা আঁতৰাই অণু-পৰমাণুৰ এখন ৰহস্যময় পৃথিৱীলৈ লৈ গৈছিল। য'ত লিপিবদ্ধ হৈ আছিল মানুহৰ জীৱনৰ কাহিনীৰ দৰে অজস্ৰ অণু-পৰমাণুৰ উত্তেজনাপূৰ্ণ অথচ নিতান্তই সৰল কাহিনী। এই কিতাপকেইখনৰ জ্ঞানকে ভেটি হিচাপে লৈ মই বিজ্ঞানৰ বহল পৃথিৱীত ভৰি দিছিলোঁ।[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. https://muktosinta.org/rubul-maut/
  2. https://muktosinta.org/rubul-maut/
  3. https://muktosinta.org/rubul-maut/
  4. ৪.০ ৪.১ 'মোৰো এটা সপোন আছে', পৃষ্ঠা ৩১, ড° ৰুবুল মাউত, পূৰ্বায়ণ প্ৰকাশন
  5. 'মোৰো এটা সপোন আছে', পৃষ্ঠা ৫২, ড° ৰুবুল মাউত, পূৰ্বায়ণ প্ৰকাশন