সংস্কৃতি

ৱিকিউদ্ধৃতিৰ পৰা

সংস্কৃতি (ইংৰাজী: culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি৷ ই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ। জীৱনৰ বিভিন্ন কৃতিয়েই সংস্কৃতি৷ 'সংস্কৃতি' পদটো সংস্কাৰৰ লগতে বিশেষভাৱে জড়িত। যাৰ সংস্কাৰ হৈছে সিয়ে সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানা কাৰ্য নিয়মিতভাবে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়৷ গতিকে সংস্কৃতি প্ৰাকৃতিক নহয়, ই মানৱ সৃষ্ট৷ মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে৷ সেয়ে ই পৰিৱৰ্তনশীল৷ নদীৰ সোঁতৰ দৰে সংস্কৃতিৰ ৰূপ সময়ৰ লগে লগে সলনি হৈ থাকে৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

“ব্ৰহ্মপুত্ৰৰ শক্তি অসমীয়া জাতি-ভাষা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি-ভাষা আমি জীয়াই ৰাখিব লাগিব৷”বিষ্ণু প্ৰসাদ ৰাভা
  • চৰিত্ৰত জাতীয়তাবোধ নাথাকিলে সেই দেশৰ অস্তিত্বৰ লগতে ভাষা, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদিও নাথাকে৷ নিৰ্ভেজাল জাতীয়তাবোধ বা চেতনা নাথাকিলে সেই জাতিয়ে বা দেশে প্ৰগতিৰ পথত আগুৱাব নোৱাৰে৷[১]
  • যুগে যুগে আদান-প্ৰদানৰ কৰ্মস্থলীত যোগ-বিয়োগ, পূৰণ-হৰণৰ মাজেদি সংস্কৃতি হৈ শান্তি-শৃঙ্খলাৰ আনন্দক স্থায়িত্ব দি যি এটা সৌন্দৰ্যবোধৰ সামাজিকতা গঢ়ি উঠে, সেয়ে সেই ঠাইডোখৰৰ লোকসমষ্টিৰ সংস্কৃতি৷[২]
    • অম্বিকাগিৰি ৰায়চৌধুৰী
  • পূৰ্বতকৈ ভাল হৈ, পৰিশীলিত হৈ সংস্কৃত হৈ গৈ থকা মানুহৰ সামগ্ৰিক জীৱন আচৰণ খিনিৰ নামেই সংস্কৃতি৷[৩]
  • জনপ্ৰিয় হ'লেই যদি কলা সংস্কৃতি বেয়া হয়, বজৰুৱা হয়, তেনেহ'লে ভাল হৈ থাকিবলৈ কলা সংস্কৃতি দেখোন কোনো কালেই জনপ্ৰিয় হ'ব নোৱাৰিব৷[৩]
    • দেৱকান্ত সন্দিকৈ
  • মানুহে 'কি কৰিছে' সেইটো যদি সভ্যতা, 'মানুহে কেনেকৈ কিমান ভালকৈ কৰিছে' সেইটো হ'ব সংস্কৃতি৷[৩]
    • দেৱকান্ত সন্দিকৈ
  • আজিৰ অসমীয়াই নিজকে অসমীয়া বুলিবলৈ পাহৰিছে৷ নাপাহৰিলেও পাহৰিব পাৰিলে ভাল বুলি ভাবে৷ সেয়ে, কৃষ্টি সংস্কৃতিলৈ তেওঁলোকে পিঠি দিছে৷ পাহৰি গৈছে যে, এটা জাতিক জীয়াই ৰাখে তাৰ ভাষা-কৃষ্টি-সংস্কৃতি আৰু সভ্যতাই৷ নিজকে পাহৰিছে, দেশক পাহৰিছে, সমাজক পাহৰিছে, সমাজৰ আজি ভাঙোন ধৰিছে৷ মোৰ তেওঁলোকলৈ আহ্বান, তেওঁলোকে যেন এই কৃষ্টি-সংস্কৃতি-সভ্যতা নাপাহৰি ইয়াৰ প্ৰসাৰৰ যত্ন কৰে৷[৪]
  • কেৱল প্ৰতিভাই এজন মানুহক মহৎ কৰিব নোৱাৰে৷ মানুহ একোজন প্ৰকৃততে সংস্কৃতি সম্পন্ন হয় অন্তৰৰ ভাবৰাশি জগাই তুলি শুদ্ধ আৰু নিৰ্মল হ’ব পৰা ক্ষমতাৰ কাৰণে৷ নহ’লে মানুহ আৰু ইতৰ জন্তুৰ মাজত পাৰ্থক্য কি?[৫]
  • সভ্যতাৰ অৰ্থ হৈছে সংস্কৃতিয়ে নিৰলে পোখা মেলিব পৰা সু-শৃঙ্খল সমাজ৷[৬]
    • হেম বৰুৱা
  • প্ৰাণহীন সমাজৰ সংস্কৃতি মৰিশালীৰ দৰে নিষ্প্ৰাণ৷[৭]
    • হেম বৰুৱা
  • পূৰ্ণ সংস্কৃতিৰ প্ৰতীক শঙ্কৰদেৱৰ নব্য আৱিষ্কাৰৰ মাজেদি অসমৰ সাংস্কৃতিক নৱ-জাগৰণ সম্ভৱ৷[৮]
  • দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত সংস্কৃতিৰ বিকাশৰ সম্বন্ধ ঘন৷ শুদাপেটীয়া সংস্কৃতি হয় মুমূৰ্ষু, নহয় নিশকতীয়া৷[৯]
    • মহেশ্বৰ নেওগ
  • ব্ৰহ্মপুত্ৰৰ শক্তি অসমীয়া জাতি-ভাষা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি-ভাষা আমি জীয়াই ৰাখিব লাগিব৷[১০]
  • যি অৰ্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায় সেই অৰ্থনীতি অনুপযোগী, সংস্কৃতিক অৰ্থনীতি নহয়, যি দুষ্কৃতিমূলক অৰ্থনীতি৷[১১]
  • কালচাৰেল ফাংছনৰ সত্ৰীয়া নৃত্যৰ অনুষ্ঠানে আপোনাৰ মন কিমান মুহিলে বা নুমুহিলে সেইটো যিমান ডাঙৰ কথা, আপোনাৰ বোৱাৰী-জীয়াৰীয়ে সন্ধিয়াৰ পাছত কিমান শান্তি আৰু আনন্দেৰে ৰভাতলীলৈকে এই বাটছোৱা অহা-যোৱা কৰিব পাৰিলে, সেইটোও সিমানে ডাঙৰ কথা ৷ এগৰাকী শিল্পীয়ে গভীৰ সাধনাৰে সংস্কৃতিৰ এটা উপাদান (ধৰি লওক লোকগীত) কিছু পৰিমাণে আয়ত্ত কৰি, গভীৰ নিষ্ঠাৰে শ্ৰোতাৰ সমুখত পৰিৱেশন কৰাটো যিমান ডাঙৰ কথা, কিমান কম শ্ৰোতাই “সেইবোৰ বাদ দিয়ক, জিলেলে গাওক” বুলি চিঞৰে, সেইটোও ডাঙৰ কথা৷
  • সঠিক সংস্কৃতি চৰ্চাই এক শক্তিশালী মূল্যবোধৰ জন্ম দিয়ে৷[১২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১২২, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৪৪, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  3. ৩.০ ৩.১ ৩.২ সোণসেৰীয়া কথা; পঞ্চম পৰিৱৰ্ধিত প্ৰকাশ: নৱেম্বৰ, ২০১২, দেৱেন শইকীয়া
  4. ইন্দিৰা মিৰি- এক বিদুষীৰ নাম, সংগীতা ৰাজখোৱা বৰ্ণিল যাত্ৰা, দ্বি-ভাষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, পৃ: নং,৬১
  5. সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী
  6. ৰক্তাভ জ্যোতি বৰা। অসমীয়া উদ্ধৃতি অভিধান।
  7. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  8. আধুনিক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি, বিপুল চন্দ্ৰ ভট্টাচাৰ্য্য, পৃ:নং; ৩৮, কামধেনু প্ৰকাশন, ২০২১
  9. উদ্ধৃতি অভিধান৷ ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৩৪৫, বাণী মন্দিৰ, ২০০৩
  10. আইৰ প্ৰাণৰ ভাষা, কলংপাৰ, অসমীয়া সাপ্তাহিক, ২২ ফেবৰুৱাৰী, ২০২৩
  11. গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা।
  12. মইনা গোস্বামী (২০১৩)। মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ। আঁক-বাক, পৃষ্ঠা:৯,১১,১২,১৩,১৪,১৬,১৭,২০,২১,২২,২৩,২৫,২৭,৩২,৩৫,৪৫,৪৭,৫১,৬৩,৭১,৮৮,৯২।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: