ইন্দিৰা মিৰি
অৱয়ব
ইন্দিৰা মিৰি (ইংৰাজী: Indira Miri; ১৯১০-২০১৪) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা। তেওঁ এ'ডিনবৰা বিশ্ববিদ্যালয়ত উচ্চশিক্ষা লাভ কৰিছিল। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে। মেৰেং ইন্দিৰা মিৰিৰ জীৱনভিত্তিক উপন্যাস। শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৭৭ চনত ইন্দিৰা মিৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ১৯৮৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মিৰিক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আধাৰশিলাৰ পোতন যিমানে দ’ হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰে সৌধৰ উজ্জলতা আৰু দৃঢ়তা৷ [১]
- আজিৰ অসমীয়াই নিজকে অসমীয়া বুলিবলৈ পাহৰিছে৷ নাপাহৰিলেও পাহৰিব পাৰিলে ভাল বুলি ভাবে৷ সেয়ে, কৃষ্টি সংস্কৃতিলৈ তেওঁলোকে পিঠি দিছে৷ পাহৰি গৈছে যে, এটা জাতিক জীয়াই ৰাখে তাৰ ভাষা-কৃষ্টি-সংস্কৃতি আৰু সভ্যতাই৷ নিজকে পাহৰিছে, দেশক পাহৰিছে, সমাজক পাহৰিছে, সমাজৰ আজি ভাঙোন ধৰিছে৷ মোৰ তেওলোকলৈ আহ্বান, তেওঁলোকে যেন এই কৃষ্টি-সংস্কৃতি-সভ্যতা নাপাহৰি ইয়াৰ প্ৰসাৰৰ যত্ন কৰে৷ [২]
মই আৰু নেফা
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মোৰেই সৌভাগ্য এক দেৱতুল্য পিতৃ এৰি এজন মহান স্বামী লাভ কৰিছিলোঁ৷ তেখেতৰ সত্যনিষ্ঠা, কৰ্মশীলতা, জ্ঞানৰ গভীৰতা আৰু দায়িত্ববোধৰ অপূৰ্ব চৰিত্ৰই মোক বিশেষভাৱে আকৰ্ষিত কৰিছিল৷ [৩]
বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
[সম্পাদনা কৰক | উৎস সম্পাদনা]হিৰণ্ময়ী দেৱীয়ে ৰচনা কৰা বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি শীৰ্ষক গ্ৰন্থখনিত লেখিকাই ইন্দিৰা মিৰিৰ কিছু ভাষ্য হুবহু তুলি দিছে।[৪] সেইসমূহৰ মাজৰে কিছু উক্তি ইয়াত সন্নিৱিষ্ট কৰা হ'ল-
- সেইজন আছিল মোৰ পিতৃদেৱ - যি মোৰ ব্যক্তিত্ব গঠনত শ্ৰেষ্ঠ অৱদান যোগাইছিল। তেখেত আছিল মোৰ দুখত সুখ, নিৰাশাত আশা, দুৰ্ব্বলতাত বল, চকুৰ পানীত হাঁহিৰ ৰেঙনি; মোৰ জীৱন ৰথাৰ সাৰথি আছিল মোৰ পিতৃ দেৱ। [৫]
- ১৯৩২ চনত বি.এ. পাছ কৰাৰ পিছতে মোৰ বিবাহ হৈছিল। পিতৃৰ ইচ্ছামতে মোৰ বিবাহ হৈছিল মহীচন্দ্ৰ মিৰিৰ লগত। তেতিয়াৰ দিনত এনে অসবৰ্ণ বিবাহৰ সমৰ্থক নাছিল বুলিলেও অত্যুক্তি নহ'ব; মিৰি আৰু বনিয়া দুয়োকুলৰে দুৰ্ঘোৰ আপত্তি। পিছে পিতৃদেৱ আছিল সময়ৰ বহু আগতে ওপজা অতি জ্ঞানী ব্যক্তি। তেওঁৰ প্ৰগতিশীল মনক কোনেও বাধা দিব নোৱাৰিলে। এই বিবাহে অকল মিৰি আৰু বনিয়া কুলকে যে যুক্ত কৰিছিল এনে নহয়, বৃন্দাবন গোস্বামী, ডাঃ ভুবনেশ্বৰ বৰুৱা প্ৰমুখ্যে বিশিষ্ট বৰ্ণ হিন্দুসকলেও আন্তৰিকতাৰে এই বিয়াত যোগ দিছিল; ভুবনেশ্বৰ বৰুৱা স্বয়ং বৰকৰ্ত্তা। [৬]
- মোৰ নিচেই সৰুতে মা ঢুকাইছিল। দেৱতুল্য পিতৃৰ তত্ত্বাৱধানত দিন কটাবলৈ পুনৰ ঘৰলৈ উভটি আহিলোঁ। পিতৃদেৱৰ অক্লান্ত যত্নতে ভাঙি যোৰা লগাই থিয় হ'লোঁ। তিনিটি সন্তানৰ লালন পালনৰ সুব্যৱস্থা কৰিবৰ বাবে সাজু হ'লোঁ। [৭]
- নেফাৰ চাকৰি এক অপূৰ্ব্ব অভিজ্ঞতা; দুৰ্গম পাহাৰীয়া ঠাই - হাবি-বননিৰে ভৰা। আধুনিক জগতৰ কোনো সা-সুবিধাই তাত নাই। মানুহ বিলাক জনজাতি, আধুনিকতাৰ কোনো পৰশ নোপোৱা। ৰাস্তা-পদূলি, যান-বাহন একোৱেই নাই। এনে এখন ঠাইত স্কুল খুলি জনজাতিৰ ল'ৰা ছোৱালীৰ শিক্ষা আৰম্ভ কৰা এক সুকঠিন কাম।[৮]
- ক্ষিপ্ৰগতিত শিক্ষা আগবঢ়াবলৈ প্ৰথমতে অসমীয়া ভাষাকে মাধ্যম হিচাপে লৈছিলোঁ, অৱশ্যে লগতে তেওঁলোকৰ দোৱানৰ উন্নতিৰ চেষ্টাও কৰিছিলোঁ যাতে শিশুক শীঘ্ৰে মাতৃ ভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰি। কাৰণ মাতৃভাষা মাতৃদুগ্ধ সম , শিশুৰ সুস্থ, সবল মনোবিকাশৰ অত্যুত্তম মাধ্যম। চৰকাৰেও এই ক্ষেত্ৰত অনুমোদন দিছিল। [৯]
- কাম কৰিছিলোঁ তন্ময় নিষ্ঠাৰে, অসীম সাহসেৰে, ক্লান্তিহীন উদ্যমেৰে, অনন্ত আশাৰে, অপাৰ আনন্দৰে; যিমানেই কৰিছিলোঁ সিমানেই কৰাৰ আগ্ৰহ বাঢ়িছিল। [১০]
- শাৰীৰিক ক্লেশ-ক্লান্তি, মানসিক-দুশ্চিন্তা, . কাঠিন্যই মোক কোনো দিনেই কৰ্ম্ম বিৰত কৰিব পৰা নাছিল। চৰকাৰৰ ফালৰ পৰাও মই কোনো দিনেই কোনো কথাত বাধা পোৱা নাছিলোঁ। মই শুদ্ধ, সত্য, শিক্ষা দৃষ্টিকোণৰ পৰা আগবঢ়োৱা সকলো পৰামৰ্শকে চৰকাৰে যথোচিত গুৰুত্ব দি গ্ৰহণ কৰিছিল। [১১]
- চাকৰি জীৱনলৈ উভতি চালে দেখা পাওঁ প্ৰায় সকলো ঠাইতে মই বাটকটীয়াৰ দায়িত্বই বহন কৰিছিলোঁ। অনুষ্ঠান পাতি যি বিমল আনন্দ লাভ কৰিছিলোঁ সেই নিৰ্ম্মল, অক্ষয় আনন্দই মোৰ মন সদায় পৰিপূৰ্ণ কৰি ৰাখিছে। [১২]
- মোৰ কৰ্ম্মজীৱনৰ আটাইতকৈ স্মৰণীয় কথা, নেফাতো, অসমতো - মোক যেন 'অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণে' হাতত ধৰিহে আগবঢ়াই নিছিল। কোনো বাধা বিঘিনি নোহোৱাকৈ মোৰ সাধ্যানুসৰি দিব পৰা সকলোখিনি প্ৰাণ ঢালি দিছিলোঁ আৰু মোৰ বিচাৰেৰে মই সাৰ্থকো হৈছিলোঁ। [১৩]
- জ্ঞান আহৰণ আৰু জ্ঞান দান যে দুটা বেলেগ পদ্ধতি তাক মানি নোলোৱাই শিক্ষাৰ অধোগতিৰ এটা মূল কাৰণ। শিক্ষা দান-গ্ৰহণৰ বিষয়, দান কৰিব লাগে হাত মুকলি কৰি আৰু গ্ৰহণ কৰিব লাগে হাত যোৰ কৰি। [১৪]
- মই বন কৰা ল'ৰা-ছোৱালী ঘনাই সলাই নাথাকোঁ, দোষে গুণেইতো মানুহ। [১৫]
- মানুহৰ অন্তৰত দেশপ্ৰেম, ভাষাপ্ৰেম জগাই তুলিব নোৱাৰিলে এখন দেশ, এটা ভাষা জীৱন্মৃত। ভাষা নাইকিয়া হ'লে এখন দেশ, এটা জাতিৰ অস্তিত্ব বিলোপ হয়। [১৬]
- শিক্ষাৰ লক্ষ্য হ'ব লাগে শুদ্ধ, সম্পূৰ্শ মানৱ গঢ়া, অৰ্থলিপ্সা পূৰণৰ যন্ত্ৰ বনোৱা নহয়। [১৭]
- শিক্ষা-ব্যৱস্থাত আৰম্ভণিৰে পৰা নীতি-শিক্ষাৰ ব্যৱস্থা থাকিব লাগিব। ই অকল পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'লেই নহ'ব, শিক্ষাগুৰুসকলৰ আচাৰ-আচৰণেও তেনে দৃষ্টান্ত দাঙি ধৰিব পাৰিব লাগিব। তেনে শিক্ষাইহে ল'ৰা-ছোৱালীৰ মনত সাত্ত্বিক চেতনা জগাই তুলিব অৰ্থাৎ মানৱ অন্তৰত থকা সত্ত্ব গুণৰ বিকাশ সাধন কৰি ৰজঃ ও তমঃ গুণক নিয়ন্ত্ৰণ কৰি অন্ধ অৰ্থলিপ্সাৰ দৰে দোষবোৰৰ দূৰীকৰণত সহায় কৰিব। [১৮]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ইন্দিৰা মিৰি- এক বিদুষীৰ নাম, সংগীতা ৰাজখোৱা বৰ্ণিল যাত্ৰা, দ্বি-ভাষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, পৃ: নং,৬০
- ↑ ইন্দিৰা মিৰি- এক বিদুষীৰ নাম, সংগীতা ৰাজখোৱা বৰ্ণিল যাত্ৰা, দ্বি-ভাষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, পৃ: নং,৬১
- ↑ মই আৰু নেফা, ইন্দিৰা মিৰি, বৰ্ণিল যাত্ৰা, দ্বি-ভাষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, পৃ: নং,৩৬
- ↑ দেৱী, হিৰণ্ময়ী (২০০১)। বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি। হেমন্ত কুমাৰ শৰ্মা।
- ↑ পৃষ্ঠা ৭
- ↑ পৃষ্ঠা ১৫
- ↑ পৃষ্ঠা ১৮
- ↑ পৃষ্ঠা ২৯
- ↑ পৃষ্ঠা ৩১
- ↑ পৃষ্ঠা ৪২
- ↑ পৃষ্ঠা ৪২
- ↑ পৃষ্ঠা ৪৬
- ↑ পৃষ্ঠা ৪৬
- ↑ পৃষ্ঠা ৪৭
- ↑ পৃষ্ঠা ৫৫
- ↑ পৃষ্ঠা ৫৯
- ↑ পৃষ্ঠা ৬০
- ↑ পৃষ্ঠা ৬১