আৰম্ভণি বাক্য

ৱিকিউদ্ধৃতিৰ পৰা

যিকোনো গ্ৰন্থ বা অন্যান্য সংবাদ মাধ্যমৰ কামৰ সংলাপ বা পাঠ্যৰ প্ৰাৰম্ভিক অংশ প্ৰায়ে অন্ততঃ প্ৰথম বাক্য বা তাৰ এটা খণ্ডৰে গঠিত হয়। সকলো ভাল লেখাতে আৰম্ভণি বাক্যটো আকৰ্ষণীয় বা অৰ্থপূৰ্ণ হোৱাটো বাঞ্ছনীয় বুলি গণ্য কৰা হয়।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • অৱশেষত আইতাক কথাটো ক’বলৈ ময়েই ওলালোঁ।আমাৰ শ্ৰীমতীৰ মনেৰে হেমন্তহঁত ইতিমধ্যে বহুত আগবাঢ়িছে।নমিতাক দেখিলে তেওঁৰ হেনো জা-ক যেন লগা হলেই। সিহঁত দুটা বেচ মিলিব বুলিয়ে মোৰো ধাৰণা। পিচে খোজা-বঢ়াকৈ ছোৱালি অনাটোৱেই আমাৰ পৰিয়ালত এতিয়াও চলি আছে আৰু আইতাই আমাৰ ঘৰৰ ঘাই ধৰণী।আইতাৰ সন্মতি নোহোৱাকৈ কোনো কাম কৰাটো আমাৰ পৰিয়ালত হোৱা নাই........।গতিকে আইতাৰ অনুমতি অনাৰ অৰ্থাৎ কথাতো আইতাক জনোৱাৰ উদ্দেশ্যেৰে নগাঁৱলৈ গ’লো।-নৱকান্ত বৰুৱা,‘ককা দেউতাৰ হাড়।
  • পঞ্চদশ শতিকাৰ পৰা বিংশ শতিকালৈকে পাঁচশ বছৰৰ অসমৰ জাতীয় জীৱনৰ পৰিশীলিত জীৱনবোধ,জীৱনদৃষ্টিভংগী,চিন্তা আৰু কৰ্মৰ মাজেদি প্ৰকাশ লাভ কৰা সংস্কৃতিক চেতনা, প্ৰতিভাৰ প্ৰতিনিধিত্বমূলক পৰিচয় প্ৰকাশিত হৈছে আৰু ভবিষ্য দৃষ্টিৰে অসমৰ জাতীয় জীৱনক আগবাঢ়ি যাবলৈ প্ৰেৰণা আৰু শক্তি দিছে সেই কেইগৰাকী হ’ল মধ্যযুগৰ শ্ৰীশংকৰদেৱ,আধুনিকযুগৰ সাহিত্যৰথী বেজবৰুৱা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।প্ৰতিগৰাকীৰ মাজতেই ঞ্জান আৰু প্ৰতিভাৰে পথ প্ৰদৰ্শনৰ পোহৰ বিচ্ছুৰিত হৈ আছে। এই তিনিগৰাকীকে ধৰি সহযোগী সতীৰ্থসকলৰ অৱদানে আমাৰ জাতীয় সামাজিক আৰু সংস্কৃতিক জীৱন গঢ়ি তুলিছে।প্ৰত্যেকগৰাকীৰ মাজতে ঐতিহ্য আৰু সমসাময়িক আধুনিকতাৰ সমাহাৰ ঘটিছে।এই সকলক বাদ দি জাতীয় জীৱনৰ ইতিহাস লিখা সম্ভৱ নহয়। তিনিওগৰাকীৰে সাহিত্য সমগ্ৰ গ্ৰণ্ঠকাৰে প্ৰকাশিত হৈছে।তথাপি নিজৰ নিজৰ দৃষ্টিৰে হয়তো অনেকেই এই সকলৰ ৰচনা পঢ়িবলৈ যত্ন কৰি আহিছে আৰু কৰি থাকিব।-সম্পাদক নগেন শইকীয়া, ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ ৰচনাৱলী
  • সৰু কালটোৱেই মোৰ জীৱনৰ আটাইতকৈ অনুপম প্ৰহৰ৷ সেয়ে সৰুকালিৰ কথাৰেই আৰম্ভ কৰিছোঁ৷ মোৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২০ জুনৰ দিনা৷ মোৰ জন্মৰ আগৰ বা জন্মৰ সময়ৰ সমসাময়িক সমাজৰ কথাবোৰ মই জনাৰ উপায় নাই৷ কেৱল মা, বৰমা,উচৰ-চুবুৰীয়াৰ মুখৰ পৰাহে পাছত শুনিছিলো৷ তেওঁবিলাকে মোৰ মূৰত হাত ফুৰাই কোলাত তুলি লৈ হেনো মৰম কৰি কৈছিল,—“তই কত যে সেৱা-পূজাৰ মূৰত জন্ম হৈছ৷ ভালে থাক আই৷ বংশৰ মুখ উজ্জ্বল কৰ৷“-ড° নিৰ্মলপ্ৰভা বৰদলৈ 'জীৱন জীৱন বৰ অনুপম'

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • আতঙ্কৰ শেষতঃ-বিখ্যাত ধনী, কোটিপতি, অমৰেন্দ্ৰ চলিহাৰ তিনি মহলীয়া প্ৰসাদটো আন্ধাৰত ডুব গৈ এটা প্ৰকাণ্ড দৈত্যৰ দৰে থিয় হৈ আছিল। এই মাত্ৰ ৰাতি দুটা বাজি গৈছে। ক’ৰবাত এটা-দুটা পোহনীয়া কুকুৰৰ ভেউ-ভেউ শব্দৰ বাহিৰে আন একো শব্দ কানত নপৰিছিল। প্ৰসাদৰ ওপৰ তলাৰ পূব চুকৰ ৰাজআলিৰ ওপৰৰে কোঠাত চলিহা গভীৰ নিদ্ৰাত অভিভূত হৈ আছিল। বাগিচাৰ ঘৰত চলিহা মাজে সময়েহে থাকে, অধিকাংশ দিন চহৰৰ এই প্ৰকাণ্ড প্ৰসাদতেই কটায়।…....চলিহা শোৱা কোঠালীৰ কাষৰ কোঠালীটোৱেই তেখেতৰ প্ৰাইভেট ছেক্ৰেটাৰীৰ শয়নকক্ষ..........টোপনিত লালকাল। ড. ভবেন্দ্ৰ নাথ শইকীয়া, ‘ আতঙ্কৰ শেষত ’।
  • ৰম্যভূমিঃ-বহুত দিনৰ আগতে এই ঠাই ডোখৰত এখন হাবি আছিল। চহৰৰ আশে-পাশে থকা য়েনেকুৱা পুৰণি হাবিৰ কথা উলালেই বুঢ়াসকলে-তাত দিনতে বাঘ ওলাইছিল, অমুকে তাত কেটেলা পহু ধৰি কলিকতালৈ চালান দিছিল,-ইত্যাদি কাহিনী কয়, এই খিনিত থকা হাবিখনো তেনেকুৱা আছিল। আচলতে হাবিখনত কি কি আছিল কোনেও আজি সঠিককৈ কব নোৱাৰে ।কেৱল হাবিখনৰ কাষেদি ৰেলৰ আলি বহুৱাবৰ সময়ত সুকুমাৰ মণ্ডল নামৰ বনুৱাৰ মহৰী এজনে প্ৰকাণ্ড অজগৰ সাপ দেখা বুলি হিউবাৰ্ট নামৰ ইঞ্জিনিয়াৰ এজনে গুলী কৰি সাপডাল মৰা বুলি, আৰু সাপডালৰ ছালখল বাৰ্মিংহামত থকা তেঁওৰ মাক-দেউতাকলৈ পঠিয়াই দিয়া বুলি ৰেল বিভাগত আজীৱন চাকৰি কৰা এজন মানুহৰ হাতে-লিখা আত্মজীৱনীৰ পৰা জনা যায়। ড. ভবেন্দ্ৰ নাথ শইকীয়া,‘ৰম্যভূমি’।
  • ঘৰবোৰৰ মূধৰ ওপৰৰ সোণাৰু, বেল, তামোল গছ কেই জোপাৰ মাজেদি ওলাই থকা আকাশকণৰ তৰাবোৰ মনিব নোৱাৰা হৈ আহিল। সেইকণ আকাশত মাত্ৰ এটা শক্তিশালী তৰা আছিল। সেই তৰাটোৰ তিৰবিৰণিটো তাৰ বাচি থাকিবলৈ চেষ্টা কৰাৰ ছটফটনি যেন লাগিল। পাতল বতাহত লৰি থকা তামোল পাত এটাই তৰাটোক বিচি থকা যেন দেখা গ’ল ।ওচৰতে ক’ৰবাত চৰাই এটাই চেক-চেক চেক-চেককৈ চিঞৰিলে ।পাচ মুহূৰ্ত্ততে কোনোবা এঘৰত কেঁছুৱা এটাই দীঘল দীঘল শব্দেৰে কান্দিবলৈ আৰম্ভ কৰিলে । মেনকাৰ এনেকুৱা লাগিল যেন চৰাইটোৰ মাতটো শুনিহে কেছুঁৱাটোৱে কান্দিলে ; কেইঘন্টামানৰ আগতে দূৰত শিয়ালৰ হোৱা শুনি এই চুবুৰিটোৰ কুকুৰ কেইটাই যেনেকৈ ভুকিছিল ,তেনেকৈ।-ড.ভবেন্দ্ৰ নাথ শইকীয়া , ‘ অন্তৰীপ’।
  • “A genius does what he must A talent does what he can.”

অৰ্থাত অকল গুণ থকা মানুহে যি পাৰে সেইকণহে কৰে। অতি প্ৰসৰ বুদ্ধিৰ সৃজনী প্ৰতিভা থকা লোকে যি কৰিব লাগে, সেইখিনি কৰিবই। সন্দেহ নাই, জ্যোতিপ্ৰসাদ আছিল মহাপ্ৰতিভাসম্পন্ন লোক। এই গৰাকী মহান শিল্পীৰ লগত মোৰ সান্নিধ্যৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথমে মোৰ শৈশৱৰ বিষয়ে ক'ব লাগিব।-ড.ভূপেন হাজৰিকা,‘জ্যোতি ককাইদেউ’।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ৰামেশ্বৰম্ পূৰ্বৰ মাদ্ৰাজ,বৰ্তমান তামিলনাডু ৰাজ্যৰ এখন দ্বীপ নগৰী। ইয়াতেই এটি মধ্যবিত্ত পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ পিতৃ দেৱতা জয়নালআবেদীনৰ কোনো আনুষ্ঠানিক শিক্ষা-দিক্ষা নাছিল-আঢ্যৱন্ত ব্যক্তিও নাছিল তেওঁ। তেওঁ অৱশ্যে বুদ্ধিমান আৰু প্ৰকৃতাৰ্থত,এজন উদাৰমনা লোক আছিল। মোৰ মা আচিয়াম্মা,তেওঁ এগৰাকী আদৰ্শ ধৰ্মপত্নী আছিল। তেওঁ নিতৌ কিমান যে মানুহক আপ্যায়িত কৰিছিল মোৰ এতিয়া মনত নাই।কিন্তু এটা কথা মোৰ জল্জল্ পট্পট্কৈ মনত আছে যে আমাৰ যৌথ পৰিয়ালটোত যিমান বোৰ মানুহ আছিল,তাতকৈ বহু-বেছি সংখ্যক মানুহে আমাৰ ঘৰত খোৱাবোৱা কৰিছিল।.....।দেখাই-দৰকানে ওখ-ডাঙৰ আৰু সুশ্ৰী মা-দেউতাৰ কেবাটাও লৰা-ছোৱালীৰ মাজত মই দেখাত তেনেই চুটি-চাপৰ আৰু সাধাৰণ চেহেৰাৰ আছিলো।...। অনুবাদঃসুৰেশ শৰ্মা।সহযোগী লেখকঃঅৰুণ তেৱাৰী। ৰামেশ্বৰমৰ পৰা ৰাষ্ট্ৰপতি ভৱন-এক সফল পৰিক্ৰমা অগ্নিৰ ডেউকা ড. এ পি জে আব্দুল কালামৰ আত্মকথা।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ‘বাপুকণ !অ’ বাপুকণ !’

গৰমৰ বন্ধৰ দুপৰীয়া।ভাত-পানী খায়উঠি ঘৰৰ দাঙৰ মানুহ সকলোৱে জিৰণি লৈছে। বাপুকণৰ দেউতাকে এহাতে বিচনী আৰু আনহাতে এখন কিতাপলৈ চৰাঘৰৰ বিচনাত দীঘল দিছে।মাকে পিৰালিতে তামোলৰ বটাখন আগতলৈ তামোলৰ সেলেঙি লগাই ওচৰৰে কণপোনাৰ মাকৰ লগত বিয়নী-মেল পাতিছে আৰু দুবছৰীয়া পেট-মোচা জীয়েকজনীৰ ঘামচি ভাঙিছে।বাপুকণৰ বায়েকে খুব গৰম বুলি বিছনাত নুশুই এখন ডাঙৰ কল পাত কাটি আনি মাটিতে পাৰিলৈ শুই আছে।.......।--হোমেন বৰ গোহাঞি, ‘সাউদৰ পুতেকে নাও মেলি যায়।

  • বতৰ বহুত দিন খৰাং থাকি শাওনৰ তৃতিয় দিনৰ পৰা বৰষুণ দিবলৈ আৰম্ভ কৰিলে।যোৱা দুমাহ ধৰি আকাশখনো অবিৰাম জুই বৰষিছিল।পথাৰবোৰ চিৰাল-ফটা দি শিল যেন টান হৈ পৰিছিল,খাল-বিলৰ পানী শুকাই গৰম বোকাত গৰৈ,খলিহা মাছবোৰ মৰি গেলিবলৈ আৰম্ভ কৰিছিল,খেতিয়কবোৰৰ চকুত ভয় আৰু দুৰ্ভাৱনা পুঞ্জীভুত হৈ পৰিছিল। অৱশেষত শাওনৰ তৃতীয় দিনা মাজ-ৰাতিৰ পৰাই বৰষুণ দিবলৈ আৰম্ভ কৰিলে।মেঘৰ এটা ডাঙৰ ঢেৰেকনি শুনি ৰসেশ্বৰ খক্ মক্ কৈ সাৰ পাই উঠিল।......।-হোমেন বৰ গোহাঞি,‘হালধীয়া চৰায়ে বাও ধান খায়।
  • দিলীপে কলেজলৈ যাবলৈ বুলি পোছাক পান্ধিবলৈ আৰম্ভ কৰিছিল মাত্ৰ,ঠিক তেনে সময়তে কলিং বেলটো বাজি উঠিল।এই সময়ত কোননো আহিল বুলি ভাবি তেওঁ মনে মনে খুব বিৰক্ত হ’ল।পদে পদে ঘড়িৰ কাঁটাৰ নিৰ্দেশ মানি চলা তেওঁৰ অভ্যাস।এতিয়া যদি মাত্ৰ পাচঁ মিনিত সময়ো তেওঁ দৰ্শনাৰ্থীৰ কাৰনে খৰচ কৰিব লগা হয়,তেন্তে কলেজৰ দহ বজাৰ ক্লাছটোৰ কাৰণে তেওঁ কোনোমতেই থিক সময়ত উপস্থিত হবগৈ নোৱাৰিব।-হোমেন বৰ গোহাঞি।‘অস্তৰাগ
  • ম’হঘুলি গাঁৱত বাতৰি-কাকত লোৱা মানুহ এজনো নাছিল।গাঁওখনত লিখা-পঢ়া জনা মানুহ যে একেবাৰে নাছিল এনে নহয়; কিন্তু আটাইবোৰেই হালোৱা-চহোৱা মানুহ,বাতৰি কাকত পঢ়িবলৈ কাৰোৱেই সময় নাই।অৱশ্যে শিৱনাথ ফুকনৰ কথা সুকীয়া। তেওঁ এজন সৰু-সুৰা জমিদাৰ। গাওঁ খনত খেতিৰ উপযোগী যিমানখিনি ভাল ৰুপিত মাটি আছে-সেই গোটেইখিনিৰে গৰাকী তেঁৱেই।-হোমেন বৰ গোহাঞি।‘পিতাপুত্ৰ
  • স্বাস্থ্যৰ বিষয়ে লিখিবলৈ বা আনক উপদেশ দিবলৈ মোৰ কোনো যোগ্যতা আৰু অধিকাৰ নাই।কিন্তু অলিভাৰ ছেক্ছ নামৰ এজন পণ্ডিতৰ এষাৰ কথাই স্বাস্থ্যৰ বিষয়ে লিখিবলৈ মোক সাহস দিছে।তেওঁ কৈছে-kinship is healing;we are physician to each other।'মানুহৰ পৰস্পৰৰ প্ৰতি আত্মীয়তাৰ অনুভুতি এটা নিৰাময়কাৰী শক্তি; আমি সকলো মানুহেই ইজনে সিজনৰ চিকিতসক হব পাৰোঁ'।আমি কিবা সমস্যাৰ সন্মুখীন হলে আত্মীয় স্বজনৰ লগত কথা পাতি নিজৰ চিন্তাৰ ভাৰ পাতলাওঁ।অনেক সময়ত তেনেকৈ কথা পাতিয়েই আমি সমস্য়াৰ সমাধানো বিচাৰি পাওঁ।-হোমেন বৰ গোহাঞি। ‘জীয়াই থকাৰ আনন্দৰ প্ৰধান উতস স্বাস্থ্য
  • জালুকবাৰী যৌৱন নগৰী।যৌৱনৰ উচ্ছল তৰঙ্গ চিৰপ্ৰবাহমান এই নগৰীত। যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে জালুকবাৰীত অৱস্থিত গুৱাহাটী বিশ্ববিদ্য়ালয়ত প্ৰতি বছৰে আহি নাম ভৰ্ত্তি কৰি হোষ্টেলবোৰত বাস কৰে। তদুপৰি এই অঞ্চলৰ শদিলাপুৰ,গাড়ীগাওঁ,ধাৰাপুৰ,সুন্দৰবড়ী,মালিগাওঁ,আদাবাৰী,উত্তৰ জালুকবাৰী,লঙ্কেশ্বৰ,খানামুখ আদি গাওঁত ঘৰ ভাৰা কৰি ছাত্ৰ-ছাত্ৰীসকল থাকে। সেই সকল ডেকা বয়সৰ ছাত্ৰ-ছাত্ৰীৰে সমগ্ৰ জালুকবাৰী অঞ্চল যৌৱনমুখৰ হৈ থাকে। ডেকা-ডেকেৰী য’ত যৌৱন ত’ত। যৌৱনৰ উত্তাল তৰঙ্গত মুখৰিত হৈ থাকে জালুকবাৰীৰ বাট-ঘাট,দোকান -পোহাৰ। সেই কাৰণে জালুকবাৰীক চিৰযৌৱনা বুলি কোৱা হৈছে।-হিতেশ ডেকা।গাঁৱৰ মানুহ

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ক'ত আৰম্ভ কৰোঁ? প্ৰথমতে কাৰ কথা কওঁ? কলম তুলি লোৱাৰ লগে লগেই মোৰ চৌপাশে ভিৰ কৰিছেহি এমুঠি মানুহৰ মুখ। স্মৃতিৰ ছবি হৈ যোৱা সেই মানুহবোৰ - যিবোৰ মানুহৰ মাজত এদিন ময়ো আছিলোঁ বৰ্তমান হৈ, সেই মানুহবোৰৰ কথা ক'বলৈকে তুলি লৈছো কলম। মই জানো, সেই মানুহবোৰৰ কথা নোকোৱাকৈ মই পৃথিৱীৰ পৰা গুচি যাব নোৱাৰোঁ। - অভিজিত শৰ্মা বৰুৱা, 'যাত্ৰিকৰ ডায়েৰি'
  • উনৈছশ পয়ত্ৰিছ চনৰ জুলাই মাহৰ মাজনিশা। ব্ৰক্ষপুত্ৰৰ বুকুত ‘মিচিমি’ জাহাজ। মনচুৰ আলী ভৰ টোপনিত। হঠাৎ জাহাজখনে ভোঁট ভোঁট কৈ দীঘলীয়া-চুটি বিভিন্ন ধৰনে ঘনঘনকৈ উকি দিবলৈ ধৰিলে।মনচুৰ খক্ মক্ কৈ সাৰ পায় গল।সৰু কেবিন এটাৰ ভিতৰত কাঠৰ বাংকত সতৰঞ্চি এখন পাৰি মনচুৰ আলী শুই আহিছিল।-অৰুণ শৰ্মা,‘ আৰ্শীবাদৰ ৰং।
  • ডিব্ৰু বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰা চিঠিখন পাই ভাস্বতীৰ অস্বস্তি আৰম্ভ হৈ গৈছিল। ক’ত জানো তাই পঢ়িছিল-স্মৃতি এনে এক প্ৰেম,যি বিচ্ছেদৰ পিচতো লগ এৰা নিদিয়ে।আজি তাইৰো একেই হৈছে।ভাস্বতীৰ চকুত ভাহি উঠিল শাৰী শাৰী নাহৰ গছৰ মন্দিৰ সদৃশ চূৰাবোৰ। বৰ্ণময় সেউজ,কেঁচাপতীয়া,ফিকা চাহৰ ৰঙৰ কোমল পাতবোৰ আকৌ এবাৰ ৰদৰ সোঁণালী সানি,কুমাৰী ভয় লৈ বতাহত ৰিব্ ৰিব্কৈ কঁপি উঠিল তাইৰ চকুৰ মণিত।-অনুৰাধা শৰ্মা পূজাৰী,‘নাহৰৰ নিৰিবিলি ছাঁ।
  • বন্ধ লিফটৰ ভিতৰত অকলশৰে সদায় অস্বস্তি হয় ভাস্বতীৰ।আজিও হৈছে।সো-সোৱাই লিফটখন ওপৰলৈ উঠি গৈছে।তাইৰ চকুৰ আগত ‘কম্পিউটাৰাইজড’ৰঙা আখৰ বোৰ জ্বলিছে নুমাইছে-তিনি,চাৰি,পাঁচ,...ছয় নম্বৰত লিফটখন সামান্য থমকি ৰল।....।অনুৰাধা শৰ্মা পূজাৰী,‘ হৃদয় এক বিজ্ঞাপন।
  • মেৰেং দুপ-দাপ কৈ হাত ভৰি মাৰি প্ৰায় দৌৰি আহিল।বেণুৱে ঘৰৰ চোতালত বান্ধি থোৱা গাভিনী গৰু জনীৰ ওহাৰত হাত থৈ তাইৰ প্ৰসৱৰ ক্ষণ হিচাপ কৰিছিল মনে মনে। মুখ ফুলাই জপনা খুলি সোমাই অহা মেৰেংক দেখি বেণুৱে মাত দিলে ‘আইজনী ঔ,কাইলৈ ৰাতিপুৱা ফেহুঁ খাবলৈ পাবি যেন লাগিছে।’ পিছে মেৰেঙে বেনুলৈ উভতিয়েই নাচালে।বেচেৰীৰ মাক নোহোৱাৰ বেথা কেচাঁ হৈ আছে,দুমাহ পূৰা হোৱাই নাই।- -অনুৰাধা শৰ্মা পূজাৰী, মেৰেং।
  • কেৱল মোৰ ক্ষেত্ৰতেই এনেকুৱা হয়। ভাগ্যই লগ নিদিয়ে। লগ নিদিয়ে বুলি ক’লেও সঠিক কথাটো কোৱা নহয়। প্ৰকৃততে ভাগ্যই মোক ভেঙুচালি কৰি গুচি যায়। -অতনু ভট্টাচাৰ্য, 'ওভতনি যাত্ৰা আৰু অন্যান্য'
  • মিচেছ খান্না নামৰ মানুহগৰাকী এই চুবুৰীটোত নতুন যদিও মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে তেওঁৰ প্ৰসংগই যি খলকনি তুলিলে সেয়া এই চুবুৰিত নতুন স্বাদ। -অনুৰাধা শৰ্মা পূজাৰী, ব'ৰাগী নদীৰ ঘাট।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • আজি কিমান দিন আকাশ দেখা নাই!পক্ষৰ ধাৰনা নাই।এতিয়া আকাশত অমাৱস্যাৰ ঘনঘোৰ আন্ধাৰ নে পূৰ্নিমাৰ ভৰপূৰ জোনাক-কব নোৱাৰোঁ।আজি কিমান দিন হল,আকাশলৈ মূৰ তুলি চোৱা নাই,ইমান নিৰাৱেগ,ত্বৰিত প্ৰত্যহিকতা যে আমাৰ,জীৱনযাত্ৰাৰ সৈতে আকাশৰ কোনো সংযোগ অনুভৱ কৰাৰ অৱকাশ নাথাকে;সৰ্বত্ৰ নিয়ন লাইটৰ উজ্জল আলোক,জোনাক সৰি পৰাৰ যেন কোনো সুযোগ নাই।তাতে দৈত্যৰ দৰে চৌদিশে মূৰ দাঙি আছে বৰ বৰ অট্টালিকা,খিৰিকিৰে দেখা যায় খণ্ডিত,ক্ষত বিক্ষত আকাশ; আজি কিমান দিন হল,খিৰিকিৰ কাঁচ ভাঙি কোঠালৈ সোমাই আহা নাই ৰূপালী জোন!-[খনীন্দ কুমাৰ ডেকা । এই মহা নগৰ। প্ৰথম প্ৰকাশঃডিচেম্বৰ ২০০৬।]
  • পৃথিবীৰ প্ৰাচীন শাস্ত্ৰবোৰৰ ভিতৰত বেদ সবাতোকৈ পুৰণি বুলিব পাৰি।অৱশ্যে বেদৰ সূক্তবোৰৰ প্ৰথমতে মুখে মুখেই ৰচনা হৈছিল সম্ভৱতঃ খ্ৰীঃ পূ ৪২০০ অব্দৰ পৰাই আৰু সূক্তৰ ৰচনা আঢ়ৈ হেজাৰ মান বছৰ ধৰি চলিছিল। খ্ৰীষ্টপূৰ্বাব্দ ১৪০০ ৰপৰা ১০০০ খ্ৰীষ্টপূৰ্বাব্দৰ ভিতৰতে বেদে লিখিত ৰূপ লৈছিল। আনকি লিখিত ৰূপ লোৱা বেদ,বিশেষকৈ ঋক বেদক সবাতোকৈ পুৰণি শাস্ত্ৰৰ অন্যতম বুলিব পাৰি। বেদৰ ৰছনা কাল সম্পৰ্কে অধিক আলোচনাৰ থল আছে। -ড.খৰ্গেশ্বৰ ভূঞা। s:চাৰিবেদৰ পৰিচয়। চাৰিবেদৰ পৰিচয় ।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • সীতাৰ অভ্যাস দুপৰনিশা টোপনিৰ জালতো মাজে মাজে হাত মেলি খেপিয়াই চায়,কাষৰ গভীৰ টোপনিত অচেতন চাৰিটা কুমলীয়া শিশুৰ গাৰ ওপৰত থকা কম্বলখন উচিত ঠাইত আছে নে নাই!-কাঞ্চন বৰুৱা,‘পুৱতি তৰা।
  • ...দহ ছেকেণ্ড আগলৈকে ঠিক কৰা নাছিলো,সমুখৰ পদক্ষেপ মোৰ কি হব ? কোন ফালে হব? কিন্তু হঠাত একো নভবাকৈয়ে 'ফুটপাথৰ' এদাঁতিয়ে বিৰাজ কৰা আইনাৰ ডাঙৰ দুৱাৰখন ঠেলামাৰি কোঠাৰ ভিতৰলৈ সোমাই গলো।-কাঞ্চন বৰুৱা,‘ মৃত বিহংগ ।
  • এখন কপি থকা ৰামধেনু। হয়তো কোঠাটোৰ কোনোবা দাঁতিত থকা বিশেষ আকৃতিৰ পানী গিলাচৰ ওপৰত,দুৱাৰেদি চুৰি কৰি সোমোৱা ৰ'দ চেৰেঙা পৰিছেহি, তাৰ প্ৰতিবিম্বটো ৰামধেনুৰ সাতোটা ৰং গাত লৈ পৰিছেগৈ ওচৰৰ বেৰখনত,তাতে গঢ়ি তুলিছে এখন কঁপি থকা ৰামধেনু। -কাঞ্চন বৰুৱা, ‘ অসীমত যাৰ হেৰাল সীমা ।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ৰাতি পুৱাইছে। বন্দুকৰ শব্দত নহয়। এজাক চৰাইৰ কিচিৰ-মিচিৰ কোৰ্হালত। -গীতালি বৰা, 'ডৰিয়লি'
  • জুলাই মাহৰ ভৰ দুপৰ।প্ৰচন্দ গৰম আৰু বতাহৰ নামত বলি থকা গৰম সোঁতৰ চাদৰ এখনে যেন জপটিয়াই ধৰিছে সমগ্ৰ গুৱাহাটী মহানগৰীক।আকাশখনলৈ কোনোবাই যেন জ্বলি থকা মেজি এটাৰ ৰঙা জুইকুৰাহে ছাটি মাৰি পঠিয়াইছে।পদপথৰ কোনোবা এটা চুকত এইহেন গৰমকো আওকান কৰি গভীৰ নিদ্ৰাত পৰি ৰৈছে কোনোবাজন।গছৰ পাত এখিলাও কঁপি নুঠা গৰমৰ এইকেইটা দিন বৰ অসহ্য়কৰ হৈ উঠে।-গায়ত্ৰী প্ৰান্তিক শৰ্মা,'সূৰ্যফুলৰ দেশলৈ'।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • সময় সন্ধিয়া। আন্ধাৰে প্ৰকৃতিৰ ৰেহ-ৰূপ অষ্পষ্ট কৰি তুলিছে, কিন্তু একেবাৰেই লুকুৱাব পৰা নাই। আকাশত দুই-এটা তৰাই মাথোন ভুমুকি মাৰিছে। জুৰ বতাহে ধীৰ গতিৰে নতুনকৈ ফুলা ফুলৰ ৰেণু ছটিয়াই ফুৰিছে।- দণ্ডিনাথ কলিতা, অদৃষ্ট

য়[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মানুহজনৰ আচল নাম হ’ল দ্যাৰগে নৰবু। জন্মৰ সময়তে তাৰ দেউতাকে গাঁৱৰ লামাৰ হতুৱাই কোষ্ঠী চাই দিয়া তাৰ আচল নাম। কিন্তু তাৰ বৰ্তমান গাঁও দিৰাংজঙৰ মানুহে সেই নামেৰে নেজানে। আনকি নিজৰো তাৰ এই নামটো আচহুৱা আচহুৱা যেন লগা হ’ল।কেতিয়াবা কাচিৎ তাৰ ঘৰত পূজা-পাতল কৰিবলগা হ’লে অথবা বেমাৰ-আজাৰৰ সময়ত বা অন্য কাৰনত মংগল চাবলগা হ’লে তাৰ নামটো আৰু ৰাশিটো লাগে কাৰণে নিজৰ নামটো সি মনত ৰাখিব লগা হৈছে।-য়েছে দৰজে ঠংচি,‘শৱ কটা মানুহ ।
  • পশ্চিম আকাশত সূৰয ডুব যাব খুজিছে। শৰত কালৰ সন্ধিয়া সময়ত দিগবলয়ৰ ওপৰত শেঁতা হৈ পৰা সূৰুযটো দেখিলে এনে লাগে যেন লাজত ৰঙচুৱা হৈ পৰা এজনী ধুনীয়া গাভৰু পাহাৰৰ আঁৰত লুকাব খুজিছে। সেই ৰঙচুৱা সূৰযটোৰ জোনালী আভাত চাকু পৰ্বত উদ্ভাসিত হৈ পৰিছে।-য়েছে দৰজে ঠংচি,‘s: মৌন ওঁঠ নুখৰ হৃদয় ।মৌন ওঁঠ নুখৰ হৃদয় ।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মই যেতিয়া এডিনোৱলচৰ(Eddie knowles ) সৈতে মালানিত চিকাৰ কৰিছিলোঁ,তেতিয়া মই বাঘটোৰ বিষয়ে শুনিছিলোঁ। পিছত ইয়েই ‘চম্পাৱতৰ আতংক’ ৰূপে বিখ্যাত হৈ পৰে। জিমকৰবেট,কুমায়ূনৰ মানুহ খোৱা বাঘ।
  • বোলা গৃহস্থৰ কুশলাৰ্থে...বোলা জয়...

লগে লগে পদূলিমুখত "তাওঁ ঘ্ৰেন ধিন দাওঁ,খিত তাকি ধিন দাওঁ,ঘ্ৰেন ঘ্ৰেন ঘ্ৰেন দাওঁ ঘেন" বুলি ঢুলীয়াই ঢোলত ৰগৰ দি ছেও আৰম্ভ কৰিলেই।ঢোলৰ ছেও শেষ হ'ল কি নহ'ল ৰজাবাহৰৰ ৰমাকান্তই হুঁচৰিৰ পদ জুৰিলেই- "গোবিন কৃষ্ণ ৰাম নাৰায়ন হৰি এ জয়--।"-জয়ন্ত মাধৱ বৰা, দেউল'

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • গঙ্গাদেৱীয়ে নিজেই এগৰাকী দিপলিপ মানৱী কণ্য়াৰ ৰূপ ধৰি দেখা দিলে কুৰুৰাজ শান্তনুৰ সন্মুখত।ৰজা দেখিয়েই মুগ্ধ হ’ল।সেই মোহিনী মূৰ্তিৰ অপৰূপ সৌন্দযৰ্ই তেওঁক সম্পূৰ্ণভাৱে মোহাচ্ছন্ন কৰিলে।ৰজাই আকুলভাৱে প্ৰেম নিবেদন কৰিলে, “হে সুন্দৰী,তুমি কোন মই নেজানো-কিন্তু দেৱীয়েই হোৱা বা মানৱীয়েই হোৱা তুমি মোৰ পত্নী হোৱা-মই মোৰ এই ৰাজ্য,মোৰ বিপুল ঐশ্বৰ্য আনকি মোৰ জীৱনো দিবলৈ সাজু আছো তোমাৰ বাবে।”-অনুবাদ প্ৰদীপ শইকীয়া,‘কথা-মহাভাৰত
  • দীঘলীয়া হুইছেলৰ শব্দত ডিগন্তই সাৰ পালে।ৰাতিপুৱা কে আই এৰ ট্ৰেইনিং আৰম্ভ হোৱাৰ সংকেত ধ্বনি।চকু-মুখ মোহাৰি সি বিছনাতে উঠি বহিল।বিছনাখন কেৰমেৰাই শব্দ কৰি উঠিল।বাঁহেৰে সজা চাং বিছনা।ওপৰত এটুকুৰা সৰু প্লাষ্টিক।গাত ল’বলৈ এখন নগা চাদৰ।তেনেকৈয়ে শুই আহিছে সিহঁতে যোৱা দুটা বছৰ।কেম্পত যেনিবা অলপ ভালেই। সিহঁতে যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ এমাহ-ডেৰমাহ ধৰি দুৰ্গম অঞ্চলৰ মাজেৰে মাৰ্চ কৰে,তেতিয়া নিশাবোৰ হৈ পৰে আৰু কষ্টকৰ।পাহাৰ-পৰ্বত বগাই খোজকাঢ়ি যাওঁতে য’তেই সন্ধিয়া হয়,তাতেই নিশাটোৰ বাবে কেম্প বহুৱাই।ওচৰে-পাজৰে শুকান গছপাত যি পায়,তাকে গোটাই লৈ বিছনা পাতে।তাৰ ওপৰত এখন প্লাষ্টিক পাৰি লৈ সিহঁতে পাল পাতি শোৱে।কাচিনৰ মাটি বোৰ খুউব জেকা। বহু বছৰ ধৰি অব্যৱহিত হোৱা হেতুকে মাটিত হালধীয়া ৰঙৰ চামনি এটা পৰে।সুদা মাটিত শুলে নানান অচিন বেমাৰ হয়।তেনেকৈয়ে বাটত সংগঠনৰ বহু লৰা মৰিছে।আজিকালি সেইকাৰণে সিহঁত খুউব সাৱধান।অলপ কষ্ট কৰি হ’লেও শুকান গছপাত গোটাই বিছনা পাতি লয়।-পৰাগ কুমাৰ দাস,‘ ছাংলট ফেনলা
  • ছবিয়ে কথা কয় নে নকয়? যদি কয় সেই ছবিয়ে বুকুত বিহৰ ঢল আনে নে? তেনে ছবিয়ে কলিজাত দুখৰ শিলনি সাজে নে? -পৰী পাৰবীণ, বাৰাংগনাৰ জুপুৰি

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ৰায়বেৰেলী। ১৯৭৯ চনৰ আহিন মাহ। ইউনিয়নৰ নতুন লীডাৰ যশোৱন্তই চাটাৰিং প্লেটৰ দম এটিৰ ওপৰত বহি আছিল। তাৰ সন্মুখত সৌৱা সাই নাদী। এইখিনিতে এই নদীৰ দুয়োটা পাৰৰ বৰ বেছি শোভা নাই।নৈৰ গৰাই শুকান মাংসৰ বৰণ লৈছে। কিছু আঁতৰত সৌৱা বেহটা গাওঁ। এজোপা প্ৰাচীন বট গছৰ তলত বেহটা গাঁৱে নিশ্চিন্ত হৈ এয়া যেন শুইহে আছে।-সেই জোপা যেন বট গছ নহয়,সেইয়া এখন ধ্বজা। ধ্বজাৰ তলত বেহটা গাঁৱে যেন শান্তিৰে সদায়ে বাস কৰি আহিছে। শান্তিৰে ? দূৰৈৰ পৰা সিহঁতক শান্তিৰেই বাস কৰা যেন দেখা গৈছে।-মামণি ৰয়ছম গোস্বামী,'মামৰে ধৰা তৰোৱাল'।
  • ডিব্ৰুগড় চহৰ খন ভালেমান দিনৰ।কেতিয়াৰ মই সঠিক কৈ নাজানো। ডিব্ৰুগড়ৰ ইতিবৃত্ত নাইবা বুৰঞ্জী মই ক'তো পঢ়া নাই। অৱশ্যে পঢ়িবৰ চেষ্ঠাও কৰা নাই। সৰুৰে পৰা চহৰ খন দেখি আহিছোঁ- এতিয়াও দেখিছোঁ। গঢ়াখহনীয়াৰ বাহিৰে ডিব্ৰুগড়ত উল্লেখযোগ্য় অন্য় কিবা হৈছে বুলি মোৰ মনে নধৰে। গড়াখহনীয়াও বাৰিষাৰ ভৰ ব্ৰক্ষপুত্ৰৰ সৈজন্যতহে।-ড.মুক্তি প্ৰসাদ গগৈ,' ব্ৰনমাই'।
  • দুহাত মেলি অহা এটা বিশাল মিকি মাউছৰ সপোন দেখি সৰ্বানন্দ খপ্‌জপাই সাৰ পাই উঠিল। বিছনাতে বহি কাষৰ টেবুলত থকা পানী এগিলাছ খালে। আহ, এটা দৈত্যকাৰ মিকি মাউছ তেওঁৰ ওচৰত আহি ৰৈছিল, তাৰ আকাৰৰ তুলনাত সৰ্বানন্দৰ নিজকে বাওনাৰ দৰে লাগিছিল, সি দুহাত মেলি তেওঁৰ শৰীৰ চেপি ধৰিব খুজিছিল, তাৰ উষ্ণ শ্বাস-প্ৰশ্বাস ৰে'ল ইঞ্জিনৰ ভাপৰ দৰে তেওঁৰ মুখত আহি পৰিছিল, চকু দুটা আঙঠাৰ দৰে জ্বলিছিল, বিৰবিৰাই বিৰবিৰাই মিকি মাউছটোৱে কৈ উঠিছিল, তুমিও সৰ্বানন্দ, তুমিও! - মনোজ কুমাৰ গোস্বামী, 'ভুলসত্য'।
  • অসীমৰ মনটো দুখেৰে ভৰি পৰিল। সি স্কুলৰ গে'টৰ কাষৰ বকুল গছজোপাৰ ছাঁত বহি আছে। অকলে। তাৰ কাষেৰেই লগৰ ল'ৰা-ছোৱালীবিলাক অহা-যোৱা কৰি আছে। কোনেও তাক মাত লগোৱাৰো প্ৰয়োজন অনুভৱ কৰা নাই। অৱশ্যে সিও কাকো মাতিবলৈ উৎসাহ অনুভৱ কৰা নাই। -মৃণাল কলিতা, বকুল ফুলৰ দৰে।
  • সন্ধ্য়াই বাৰাণ্ডালৈ চকীখন চোঁচোৰাই উলিয়াই আনিলে।কোঠাটোৰ একমাত্ৰ চকী সেইখন।কোনোবা কাহানিতে হস্পিতাল কৰ্তৃপক্ষই কোঠাৰ আচবাবৰ নামত দান কৰা চকী। ভোলাকাঠৰ শক্তিশালী হাতল।সেই হাতলতে ধৰি চোঁচোৰাই আনি তাই সেইখন বাৰাণ্ডাত পাতি ল'লেহি।-মণিকুন্তলা ভট্টাচাৰ্য,'সন্ধ্য়া'।
  • পৰ্টিকৰ লাইটটো নুমুৱাই নিৰ্মলা বাৰাণ্ডাৰলৈ ওলাল। এতিয়া নিশা এঘাৰ বাজি গৈছে। আৰু মাত্ৰ এঘণ্টাৰ পাছতে এই বছৰটোৱে মেলানি মাগিব। চাৰিওফালে নাচ-গানৰ আনন্দময় পৰিবেশ।আতচবাজী ফুটাবলৈ সাজু হৈ আছে গোটেই মহানগৰ। -মণিকুন্তলা ভট্টাচাৰ্য,'বন্ধ ঘৰৰ খিৰিকি'।
  • তেওঁ নিজকে বৰ সাধাৰণ মানুহ বুলিয়েই ধৰি লৈছিল। কিন্তু যেতিয়া খোলা খিৰিকীৰ কাষৰ মেজত বহি পাঠ্য়পুথিৰ পাঠ আওৰাইছিল,চুবুৰীৰ বাপেক-মাকবোৰে নিজৰ নিজৰ ল'ৰাহঁতক ধিক্কাৰ দিছিল। কৈছিল-ঃ চাই আহগৈ যা,দাসৰ ল'ৰাই কেনেকৈ পঢ়ি আছে। ডাঙৰ মানুহ হ'বগৈ এদিন সি...-মণিকুন্তলা ভট্টাচাৰ্য,'অনুৰোধ'।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মই এই কাহিনীৰ স্ৰষ্টা নহওঁ। নিৰুপায় হেজাৰ মানুহৰ বুকুৱে বুকুৱে লুকাই থকা এক বিষাদৰ মহাকাব্যৰ মই এজন অক্ষম ৰূপকাৰ মাত্ৰ। মেৰ নাম অৰুনাভ বৰা। মই এজন লেখক।মোৰ ঘৰ গুৱাহাটিত।-ৰীতা চৌধুৰী,‘মাকাম।
  • বহুত সময় ধৰি চেলফোন টো বাজি থকা দেখি নিজৰ টেবুলৰ পৰা উঠি আহিল প্ৰবক্তা জয়শ্ৰী বৰা। সহকৰ্মী অদিতি চৌধুৰীৰ চেলফোন। নিজৰ টেবুলত এৰি থৈ গৈছে। অদিতি চৌধুৰিৰ টেবুলৰ ওচৰত এখন্তেক দ্বিধাগ্ৰস্ত হৈ থিয়হৈ থাকি কৌতহল সামৰিব নোৱাৰি জয়শ্ৰীয়ে ফোন টো তুলি ল’লে।-ৰীতা চৌধুৰী। এই সময় সেই সময়
  • তলত মেঘৰ সমুদ্ৰ। ওপৰত আকাশৰ অগাধ শূন্যতা। এই শূন্যতাৰ মাজেৰে উৰি গৈ থকা এটা ষ্টিলৰ চৰাইৰ বুকুৰ ভিতৰত মই বহি আছোঁ।-ৰীতা চৌধুৰী,‘মায়াবৃত্ত।
  • ডিব্ৰু বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰা চিঠিখন পাই ভাস্বতীৰ অস্বস্তি আৰম্ভ হৈ গৈছিল। ক’ত জানো তাই পঢ়িছিল-স্মৃতি এনে এক প্ৰেম,যি বিচ্ছেদৰ পিচতো লগ এৰা নিদিয়ে।আজি তাইৰো একেই হৈছে।ভাস্বতীৰ চকুত ভাহি উঠিল শাৰী শাৰী নাহৰ গছৰ মন্দিৰ সদৃশ চূৰাবোৰ। বৰ্ণময় সেউজ,কেঁচাপতীয়া,ফিকা চাহৰ ৰঙৰ কোমল পাতবোৰ আকৌ এবাৰ ৰদৰ সোঁণালী সানি,কুমাৰী ভয় লৈ বতাহত ৰিব্ ৰিব্কৈ কঁপি উঠিল তাইৰ চকুৰ মণিত।
  • ব্যৰ্থ। ব্যৰ্থ বুলিয়েই ক’ব লাগিব। উজ্জল জীৱনৰ সম্ভাৱনা লৈ ওলাই অহা এজনী প্ৰাণচঞ্চল ছোৱালীৰ এই পৰিসমাপ্তিক ব্যৰ্থতা বুলি নকৈ কি কোৱা যায়। তাইতো.....। থাওক সেই সমাপ্তিৰ কথা।-ৰীতা চৌধুৰী,‘পপীয়া তৰাৰ সাধু
  • বহল চাংখনৰ কাষতে দীঘল টেবুলখন।চাৰিটা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই।টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ,বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্ৰ,বহী।কণ আৰু মুন তেতিয়াও স্কুল যাবৰ হোৱাই নাই।সন্ধিয়া হলেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্ৰৰ্থনা জুৰোঁ।....আমি কিমান মনঃপুত প্ৰৰ্থনা গাইছোঁ,সেইয়া পৰ্যবেক্ষন কৰি থাকে ডেউতাই কেতিয়াবা মায়ো।...।ঘৰলৈ সেই সময়ত কোনোবা মানুহৰ আগমন ঘতিলে চোতালতে বহে মানুহ।-ড.ৰুবুল মাউত,‘মোৰো এটা সপোন আছে।
  • এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে।এই নৈখন অখমৰ উত্তৰত থকা মিৰি ডফলাৰ পৰ্বত লানিৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়।ব্ৰক্ষপুত্ৰৰ ঠাল এটা মাথোন।ঘাই ব্ৰক্ষপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে।আজিকালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰক্ষপুত্ৰ বাবাই আগবাঢ়ি আহি,তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰা আদৰি নিছে।যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে,সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পছিম মুখে ব্ৰক্ষপুত্ৰত পৰিছে।-ৰজনীকান্ত বৰদলৈ, ‘মিৰি জীয়ৰী।
  • ফাগুন মাহ৷ ভৰ দুপৰীয়া ৷ আকাশ ধুৱঁলি-কুৱঁলি ৷ পচিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে ৷ বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে ৷ এজোপা জৰি গছৰ আগৰ পৰা একো একোবাৰ উৰামাৰি এহাল ফেঁহুচৰায়ে এই ছাইবিলাক ওপৰতে ধৰি ধৰি খাইছে ৷ - ৰজনীকান্ত বৰদলৈ, ‘মনোমতী।
  • হাৰ কপোৱা শীত। ঘড়ীৰ কাঁটা আগ বাঢ়িছে নতুন এটা দিন আৰম্ভ কৰিবৰ বাবে। মহা নগৰীৰ আটাইয়ে বোধ হয় টোপনিত অচেতন। চতুৰ্দিশে অদ্ভুত এক নৈঃশব্দ।-ৰন্জু হাজৰিকা,‘নৰকৰ ফুল।
  • গধূলি। গোভা ৰাজ্যৰ ৰাজ-হাউলী। আনকালে কৰ্মব্যস্ত মানুহৰ আহা-যোৱা,কথা-বতৰাই গম্গমীয়া কৰি ৰখা গোভাৰ ৰাজানঃ আজি শব্দহীন। শোকস্তব্ধ। গোভাৰ ৰাজপুত্ৰ,কুমৈ বঘৰাৰ ৰজা মৃগাঙ্কৰ মুণ্ডহীন শৱদেহ দাহ কৰি অলপ আগেয়ে উভতি আহিছে গোভাৰজা সাধুকুমাৰ আৰু কুলৰ লোক সকল। উভতি আহিছে চুবুৰীয়া ৰাজ্য সমুহৰ পৰা অহা ৰজা আৰু ৰাজপ্ৰতিনিদিসকল।উভতি আহিছে সংখ্যাহীন প্ৰজা।-ৰীতা চৌধুৰী,‘দেও লাংখুই।
  • মহানগৰৰ কোলাহলে আহি যি অংশত তীব্ৰতা হেৰুৱাই পেলাই,ঠিক তেনে এডোখৰ ঠাইত বূহৎ চৌহদৰ ভিতৰত আধুনিকতাৰ গৌৰৱ বিচ্ছুৰিত কৰি থিয় হৈ আছে চিকিৎসা মহাবিদ্য়ালয়ৰ বূহৎ বিল্ডিংটো। জীৱন বিচাৰি অহা মানুহ আৰু জীৱন বিচাৰি অহা মানুহৰ প্ৰয়োজনক কেন্দ্ৰ কৰি গোট খোৱা ভিন্ন ভিন্ন বূত্তিৰ মানুহৰ সমাগমে অহোৰাত্ৰি মুখৰ কৰি ৰাখে বিল্ডিংটোৰ চৌপাশ।-ৰীতা চৌধুৰী,‘হূদয় নিৰুপায়।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ৰাতি দুপৰ হৈছে। জগত নিমাত, নিস্তব্ধ। সৰু বেজি এটি হাতৰ পৰা মাটিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰৰ 'ভুক্' 'ভুক্', হুদুৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিশাৰ নিফুট ভয়-লগা ৰাতিক আৰু ভয়-লগা কৰি তুলিছে। - লক্ষ্মীনাথ বেজবৰুৱা, পদুম কুঁৱৰী
  • বিশ্ববিখ্যাত বহুৰাষ্ট্ৰীয় প্ৰতিস্থান 'ভিভিয়ান ইন্টাৰনেচনেল'ৰ আণৱিক জীৱ বিদ্যা শাখাৰ মুৰব্বী ড. অনুজ কৃপালনিয়ে তিনিতা ই মেইলৰ বাৰ্তা গ্ৰহন কৰি প্ৰিণ্ট আউট তিনিটা আছুতীয়াকৈ থৈ ইন্টানেটৰ যোগেদি তথ্য় পাবৰ বাবে ডেক্সটপত আখৰ কেইটা টিপাৰ লগে লগে পৰ্দাত কথা বোৰ জিলিকি উঠিলঃ -লক্ষ্মীনন্দন বৰা, কায়কল্প

[সম্পাদনা কৰক | উৎস সম্পাদনা]

তোৰ লক্ষ্য কিন্তু পাহৰি নাজাবি। মই তোক ডাক্তৰ হ'বলৈ হে গুৱাহাটীলৈ পঠিয়াইছো,মুকলিপক্ষী হৈ আকাশত উৰিবলৈ নহয়। হায়াৰছেকেণ্ডাৰীৰ দুটা বছৰ মন দি পঢ় নহ'লে একো লাভ নহব।-শিখা শৰ্মা।চিনৰিটা

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • নৈ খনে কথা কয়।

বহুত পুৰনি কথা। কথাবোৰ দুয়োপাৰৰ গৰাত লাগি লাগি ৰয়।বিৰিণাৰ পাতত বহুত দিনলৈ লাগি থাকে।বতাহজাক আহি পুৰণি কথাবোৰ বিৰিণাৰ পাতৰ পৰা ক’ৰবালৈ লৈ যায়। তথাপি কথাৰ শেষ নাই।-চৈয়দ আব্দুল মালিক, ‘সূৰুযমুখীৰ স্বপ্ন।’

  • ৰ’দ জাক টান আছিল।নৈ-পৰীয়া বতাহ জাক কোমলকৈ বৈ আছিল।হাবিৰ গছ-গছনিবোৰৰ পাতবোৰে সামান্য জিৰ্ জিৰনি শব্দ তুলি নাচি আছিল। বিয়াগোম বৰগছজোপাৰ গধুৰ পাতবোৰো অলপ অলপকৈ কঁপিছিল।-চৈয়দ আব্দুল মালিক,য‘ধন্য নৰ তনু ভাল।’
  • মহাযুদ্ধৰ সাময়িকভাৱে,মাত্ৰ এৰাতিৰ বাবে,অৱসান ঘটিছে। এতিয়া আৰম্ভ হৈছে মোৰ মনৰ এক সৰ্বাত্মক যুদ্ধ। এই যুদ্ধত উত্তীৰ্ণ হ'লেই মই আচল যুদ্ধত উত্তীৰ্ণ হ'ব পাৰিম।-চন্দ্ৰপ্ৰসাদ শইকীয়া, ‘মহাৰথী।’