অঘৰী আত্মাৰ কাহিনী (গ্ৰন্থ)
অৱয়ব
(অঘৰী আত্মাৰ কাহিনীৰ পৰা পুনঃনিৰ্দেশিত)
অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক চৈয়দ আব্দুল মালিক। [১] অসমীয়া সাহিত্যত এখন সামাজিক উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৯ চনত। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ হৈছে ১৯৭২ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল লাভ কৰা দ্বিতীয়খন অসমীয়া উপন্যাস। [১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ডেকা মানুহজনে এটা খদ্দৰৰ দীঘল কুৰ্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি, আস্তিনকেটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউন্টেন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল।পুৰণি যদিও চোলাটো মলিয়ন নহয়, পৰিষ্কাৰ।[উৎসৰ প্ৰয়োজন]
- জীৱনলৈ ভয় কৰি জীয়াই থকাটো আজিৰ মানুহৰ profession। অকলে জীয়াই থাকিবলৈ ভয় কৰা কাৰণেই তুমি বিজনেচ কৰিছা, মই এটা পলিটিকেল[উৎসৰ প্ৰয়োজন]
- পাৰ্টিৰ অফিচত চাকৰি কৰিছো, অপৰাই ৰাজনীতি নে কিবা কৰি ফুৰিছে।[উৎসৰ প্ৰয়োজন]
- বহুত কথা সহজে বুজিব নোৱাৰো কাৰণেই সকলো কথা বুজো বুলি ভবা এটা কমপ্লেক্স মোৰ আছে। আজিৰ মানুহ কিয় ইমান অসুখী জানা?কোনো যুগতে মানুহে নিজকে ইমান তন্নতন্নকৈ ফঁহিয়াই চোৱা নাছিল।এনেদৰে নিজক বুজিবলৈ চেষ্টা কৰা নাছিল। হয় মানুহ আছিল দেৱতা, নাইবা পশু। মানুহৰ ভাব-অনুভূতি, চেন্টিমেন্ট, ইন্তিস্কট্, কাম, কথা এইবোৰ প্ৰতিটোকে কাহানিও এনে নিষ্ঠুৰভাৱে বিশ্লেষণ কৰিবৰ যত্ন কৰা নাছিল। নিজৰ বিষয়ে মানুহৰ জ্ঞান যিমানে বেছি হৈছে, সিমানে মানুহ অসুখী হৈছে। জ্ঞান বৃক্ষৰ গুটি খোৱাৰ পৰিণাম পেৰেডাইজ লষ্ট-স্বৰ্গচ্যুতি।[উৎসৰ প্ৰয়োজন]
- সুখী-অসুখীটো ৰাজহুৱা বা সমূহীয়া কথা নহয়, ব্যক্তিগত কথা। কোনো অঞ্চলৰ সকলো মানুহ দুখীয়া হ'ব পাৰে, কিন্তু দুখীয়া কাৰণেই সকলো মানুহ অসুখী বুলি ভাবিব নোৱাৰি।[উৎসৰ প্ৰয়োজন]
- মোৰ সমান দুৰ্ভগীয়া ছোৱালী পৃথিৱীত আৰু ক'ৰবাত আছেনে বাৰু? মোৰ আই-বোপাই কোন আছিল নেজানো, মৰিলনে ক'ৰবাত বাচি আছে তাকো ক'ব নোৱাৰো। নেজানো মোৰ জাতি কি, ধৰ্ম কি, ভাষা কি, ক'ত আছিল মোৰ ঘৰবাৰী-একোকে নেজানো। আৰু আজি ঈশ্বৰৰ বাহিৰে আন কোনেও এইবোৰ প্ৰশ্নৰ উত্তৰ নেজানে। এই পৰিচয়হীনতাৰ কি দুখ, কি গ্লানি তুমি বুজিব নোৱাৰিবা।”[উৎসৰ প্ৰয়োজন]
- সেই কাৰণেই মোৰ ভালপোৱাৰ মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণেই মই তোমাক অপমানিত হ'বলৈ দিব নোৱাৰো। তুমি ক'ৰবাত অপমানিত হোৱা মানে আমাৰ প্ৰেম অপমানিত হোৱা, আৰু সেয়ে মোৰো অপমানৰ কথা।[উৎসৰ প্ৰয়োজন]
- এজনী ভাবপ্ৰৱণ ধুনীয়া গাভৰু ছোৱালীয়ে যেতিয়া কোনো এক দূৰ দেশত, অচিন অজান হেজাৰ-বিজাৰ মানুহৰ মাজত নিজকে একেবাৰে অকলশৰীয়া আৰু অসহায় অনুভৱ কৰে, আৰু সেই নিঃসঙ্গতাৰ চেতনাই যেতিয়া তেওঁক অধীৰ, উন্মনা কৰি তোলে, তেতিয়া আত্মসম্বৰণ কৰিবলৈ কোনো উপায় নেথাকে। থিয়েটাৰ, চিনেমা, খেল-ধেমালি, আমোদ-প্ৰমোদে তেতিয়া শান্তি দিব নোৱৰা হয় আৰু অকলশৰীয়া মানুহৰ নিঃসঙ্গতাৰ উপলব্ধি কেতিয়াবা বৰ ভয়াৱহ আৰু মাৰাত্মক হ'ব পাৰে।[উৎসৰ প্ৰয়োজন]
- প্ৰত্যেকখন চিঠিতে ছায়াই লিখিছিল-চৌধুৰী, আমি এদিন নিশ্চয় নিজকে জয় কৰিব পাৰিম, সিমান দিনলৈ তুমি বাট চাব পাৰিবা নহয়? মই বাট চাম। পৃথিৱীৰ য'তেই থাকো, মই তোমাৰ কাষলৈকে ঘূৰি যাম, তোমাক মই বিচাৰি উলিয়াম। কিন্তু ছায়া আৰু ঘূৰি নাহিল।[উৎসৰ প্ৰয়োজন]
- তুমি যেতিয়া জানা যে তুমি এটা মানুহ আৰু তুমি যুঁজ কৰিবলৈ ওলাইছা এদল হিংস্ৰ পশুৰ লগত, তুমি চকু মেলি যুঁজিব নোৱাৰা-চকু মুদি যুঁজাৰ বাহিৰে আৰু উপায় নাই। কিন্তু জ্ঞান বুদ্ধি বিবেক নানা দৃষ্টি দিছে। মই অন্ধ নহয়, সেই কাৰণেই মোৰ মাজত এটা অন্ধ মানুহৰ মই সন্ধান কৰিছো।[উৎসৰ প্ৰয়োজন]
- শশাঙ্কই ক'লে, "আত্মৰক্ষা কৰাৰ কথা মনত ৰাখি যি যুদ্ধ কৰিবলৈ যায়, সি কাহানিও জিকিব নোৱাৰে। আত্মৰক্ষাৰ চিন্তা মই কৰা নাই। মই মাথোন অন্ধ হৈ যুঁজিবলৈ বিচাৰিছো। বহুত দিন মানুহ হৈ থাকিলো, অলপ অমানুহ হ'বলৈ বিচাৰিছো।" প্ৰকৃততে মই পশু হ'বলৈ বিচাৰিছো।[উৎসৰ প্ৰয়োজন]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ঈয়াৰুইংগম. ৰত্নোত্তমা দাস বিক্ৰম. প্ৰকাশক: জনমভূমি.ইন (3 December 2016). Archived from the original on 16 August 2019. আহৰণ কৰা হৈছে: 15 August 2019.