শংকৰদেৱ

ৱিকিউদ্ধৃতিৰ পৰা
বিষ্ণু ৰাভাই অংকন কৰা শংকৰদেৱৰ চিত্ৰ।

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯, মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ’ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

“কুক্কুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥
................
সকল প্ৰাণীক দেখিবেক আত্মাসম।
উপায় মধ্যত ইটো আতি মুখ্যতম॥”
[উৎসৰ প্ৰয়োজন]
  1. কৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ
    নন্দগোপকুমাৰায় গোবোন্দায় নমোনমঃ
    নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে
    নমঃ পঙ্কনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘয়ে।
    বসুদেৱসুত্ং কৃষ্ণং কংস-চানুৰমৰ্দ্দনম,
    দৈৱকীপৰমানন্সং কৃষ্ণং বন্দে জগদগুৰুম্।
    ................... হৰি ৰাম ৰাম।
    মুকং কৰোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিৰিং
    যৎকৃপা তমহং বন্দে পৰমানন্দমাধৱম্।[১]
  2. যৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ।
    কীট পতঙ্গকো তথা কৰয় পৱিত্ৰ॥
    নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
    আমাত অৰ্পণা কৰৈ আপোনাৰ দেহা॥(প্ৰহ্লাদ চৰিত)
  3. কুক্কুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।
    জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥
    ................
    সকল প্ৰাণীক দেখিবেক আত্মাসম।
    উপায় মধ্যত ইটো আতি মুখ্যতম॥ (শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ)
  4. ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
    দাতাত চোৰত যাৰ দৃষ্টি একতুল॥
    নীচত সাধুত যাৰ ভৈল একজ্ঞান।
    তাহাকেসে পণ্ডিত বোলয় সৰ্ব্বজান॥ (শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ)[২]
  5. চণ্ডালে কৰিছে নাম কীৰ্ত্তন।
    বুলিয়া নিন্দে যিটো অজ্ঞজন॥
    তাক সম্ভাষণ যিজনে কৰে।
    আজন্মৰ পুণ্য তেখনে হৰে॥ (পাষণ্ড মৰ্দ্দন)[২]


"সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা
সমতাক প্ৰৱৰ্তাই।
তোমাৰ চৰণে পশিলোঁ শৰণে
তুমি বিনে গতি নাই॥"
  1. ভকতি যে মাতা ভকতি যে পিতা
    ভকতি যে বন্ধুজন।
    ভকতি সুহৃদ সোদৰ বিধাতা
    ভকতি যে মহাধন।
    ভকতি যে গতি ভকতি যে মতি
    ভকতি যে দেৱ দ্বিজ।
    ভকতি যে চিত্ত ভকতি যে বিত্ত
    ভকতি মোক্ষৰ বীজ। (দশম)[৩]
  2. ক্ষণিক সংসাৰ বিলম্বত কাৰ্য্য নাই।
    চিন্তামণি জন্ম হেৰা হাততে হৰাই॥
    নাহিকে চেতন কাল অজগৰে গিলে।
    ধনজন জীৱন যাইবেক এক তিলে॥
    যত দেখা ভাৰ্য্যা পুত্ৰ সবে অকাৰণ।
    চাই মাত্ৰ ধৰে থাকে কালে ধৰে তেতিক্ষণ॥
    বিষয়ত সুখ একে তিলে কৰি চুৰ।
    যমৰ কিঙ্কৰে ধৰি নিব যমপুৰ। (১০৬৯৫ আদি দশম)
  3. সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা
    সমতাক প্ৰৱৰ্তাই।
    তোমাৰ চৰণে পশিলোঁ শৰণে
    তুমি বিনে গতি নাই॥
    প্ৰকৃতি আশ্ৰয় আছে আদি বৃক্ষ
    সুখ-দুখ দুই ফল।
    তিনি গুণে মূল অৰ্থ চাৰিি ৰস
    শিপায়ে ইন্দ্ৰিয় বল॥
    ছয় উৰ্ম্মি আত্মা সাত ধাতু ছাল
    শাখায়ে অষ্ট প্ৰকৃতি।
    দশ বায়ু পাত ঈশ জীৱ দুই
    পক্ষী থাকৈ আত নিতি॥ (আদি দশম ১০৭১২)
  4. যিটো শৰীৰৰ অৰ্থে অনেক প্ৰবন্ধ কৰি
    ইয়ো মহা আপদৰ ঘৰ।
    যতেক বাঢ়য় ধন ততেক মৃত্যুসে বাঢ়ে
    আপদ নাহিকে আতপৰ।
    যতেক আছয় লোক সবাৰো আগত শোক
    দুখময় সকলো সংসাৰ।
    যতেক সুন্দৰী নাৰী পৰম অনৰ্থকাৰী
    আতপৰে নাহিকৈ বিকাৰ। ( ১০৭৭৮, আদি দশম)
  5. জীৱন চঞ্চল পদ্মপত্ৰ জল
    পৰি যেন থিৰ নুই।
    তিলেকে সংযোগে তিলেকে বিয়োগ
    যেন আদু মুৰি জুই। (১০৮৬৮, আদি দশম)
  6. যিটো দেৱ ভগৱন্ত নাই যাৰ আদি অন্ত
    বেদেয়ো নপান্ত যাৰ সীমা।
    তেন্তে বৈশ্য ভকতিত হেনসে ভকতি হিত
    ভকতিৰ কি কৈবো মহিমা॥
    জানি এৰা আন মতি ভকতিত কৰা ৰতি
    ভকতিসে সাধিব কল্যাণ।
    ভকতিত দিয়া মন ভকতিসে মহাধন
    নাহি আন ভকতি সাধন॥ (১০৯২৫, আদি দশম)
  7. ক্ষণে ক্ষণে আয়ু যায় তথাপি চেতন নাই
    কিনো বিপৰীত ভৈল মায়া।
    একেতিলে মৰি যায় এই আছে এই নাই
    সম্যকে মেঘৰ যেন কায়া॥
    জানিয়া একান্ত মতি ভকতিত কৰা ৰতি
    ছাৰা চাৰ ভাষভুষ কাম।
    সমস্তে দুখক বঞ্চা অক্ষয় পুণ্যক সাঞ্চা
    নিৰন্তৰে বোলা ৰাম ৰাম॥ (১১০০৪, আদি দশম)
  8. মাধবক মধ্য কৰি কৰে সবে খেড়ি।
    পদ্মৰ চকাক যেন পত্ৰে আছৈ বেঢ়ি।
    পদ্মৰ কৰ্ণিকা ভৈল নন্দৰ তনয়।
    গোপশিশুগণ পদ্মপত্ৰৰ আন্বয়॥(১১০৪৮, আদি দশম)
  9. সত্য যুগে যেন ফল পাৱৈ ধ্যান কৰি।
    মহা মহা যজ্ঞে ত্ৰেতা যুগে যজি হৰি॥
    যেন ফল পাৱৈ পূজা কৰি দ্বাপৰত।
    পাৱে সব ফল কলিযুগে কীৰ্তনত॥ (১১০৬৩, আদি দশম)
  10. কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্বজন।
    জল বুদ্ বুদ্ যেন অথিৰ জীৱন॥
    ধনজন বন্ধু যত সবে অকাৰণ।
    এই আছে, এই নাই সম্যকে সপোন॥
    আৰ অৰ্থে নৰতনু নকৰিয়ো বৃথা।
    একচিত্ত মনে শুনা মাধবৰ কথা॥
    লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছনী।
    নিবিকা কাচৰ মোলে মৃত্যু সঞ্জীৱনী॥(১১১৩৩, আদি দশম)
  1. উদ্ধৱৰ আগে মাধৱে বোলন্ত
    আতি শ্ৰেষ্ঠ নৰতনু।
    দেৱৰ বাঞ্ছনী পৰম দুৰ্লভ
    নপায় জানা আক পুনু। [৪]
  2. নৰদেহা বিনে জ্ঞান ভক্তি দুইকো
    সাধিবাক নপাৰয়।
    এতেকে নাৰকী স্বৰ্গীয়ো ইহাক
    সদায় বাঞ্ছা কৰয়॥[৫]
  1. নাৰদ-- হা হা হে মাৱ, কি কহব? এসব কথা কহিতে দোষ। হামু দেৱদুৰ্লভ পাৰিজাত পুষ্প স্বৰ্গ হন্তে আনি কৃষ্ণক হাতে দেলো। সে পাৰিজাত যে কুমাৰী পৰিধান কৰে যে পুষ্পক মহিমায়ে পৰম সৌভাগিনী হয়। ইহা জানি হামু বোলল, ওহি পাৰিজাতক যোগ্য সত্যভামা। তথি কৃষ্ণে কয়লি কি? তোহাক কটাক্ষ কৰিয়ে আপুন হাতে প্ৰিয়া ৰুক্মিণীক মাথে পৰম সাদৰে সে দিব্য পাৰিজাত পিন্ধাৱল। আঃ তোহাক জীৱন ধিক ধিক! সতিনীক অভ্যুদয় দেখি কি নিমিত্ত প্ৰাণ ধৰহ? মাৱ, তুহু জীৱন্তে মৰল! হা হা বিস্তৰ কি কহব?(পাৰিজাত হৰণ নাট)[৬]
  1. সূত্ৰ॥ পৰশুৰাম মহা কোপে দণ্ড ধৰল বিশ্বামিত্ৰো দণ্ড ধাৱলঃ দুহুঁ দণ্ড প্ৰাহৰক চোটে চূৰ ভেল। তদনন্তৰ চয়ড়ি ধৰিয়ে যুদ্ধ কয়ল। প্ৰাহৰ চোটে দুহুঁ চয়ড়ি চিৰি পৰলঃ তদনন্তৰ বাহু যুদ্ধ কয়ল। দুহুঁ দোহাক ধৰিয়ে পৰি বাগৰয়। দুহুঁ ঋষিক পৰিধান চৰ্ম খসি পৰিল। বিষ্ণুক অংশ অজয় বীৰ্য পৰশুৰাম, তাহেৰ পৰাক্ৰম সহিতে নাপাৰি, বিশ্বামিত্ৰ ভঙ্গ মানি, প্ৰাণৰক্ষা কৰি পলাৱলঃ পৰশুৰাম পুনৰ্বাৰ কুঠাৰ তুলি শ্ৰীৰামক গৰ্জয়॥ (ৰাম বিজয় নাট)[৭]
  1. সূত্ৰ-- ঐছন লীলা কৌতুক নৃত্য কৰিতে, গোপাল সহিতে শিশুসৱ কালি হ্ৰদক সমীপ পাৱল। সে বিষময় পানী নজানি পৰম পিপাসে পীড়িত হুয়া সবহু হ্ৰদক জল উদৰভৰি পাণ কৰল। ততকলে দুৰ্ঘোৰ বিষজ্বালা লাগিএ চেতন হৰল, শৰীৰ কম্পি কম্পি প্ৰাণ ছাড়ি, বৎস বৎসপালসৱ, কালিন্দী তীৰে পৰল। (কালীয় দমন)[৮]
  1. ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল
    ধন্য ধন্য ভাৰতবৰিষে।
    তপ জপ যজ্ঞ ত্যজি তোমাৰ চৰণ ভজি
    তুৱা নাম ঘুষিয়ো হৰিষে॥[৯] (বৰগীত)
  2. নাৰায়ণ, কাহে ভকতি কৰোঁ তেৰা,
    যত জীৱ জংগম,
    কীট পতঙ্গম,
    অগ-নগ-জগ তেৰি কায়া। (বৰগীত)[২]
  3. অথিৰ ধনজন জীৱন যৌৱন
    অথিৰ এহু সংসাৰ।
    পুত্ৰ পৰিৱাৰ সবহি অসাৰ
    কৰবো কাহেৰি সাৰ॥
    কমল দল জল চিত্ত চঞ্চল
    থিৰ নোহে তিল এক।
    নাহি ভৱ ভয় ভোগে হৰি হৰি
    পৰম্পদ পৰতেক॥[১০]
  4. হাট ঘাট বহু বাট বিয়পি
    চৌগড়ে বেঢ়লি লঙ্কা।
    গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন
    শ্ৰৱণে জনময় শঙ্কা॥
    ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
    ৰাৱণ তুৱা পৰি ঝম্পে॥
    সুৰ নৰ কিন্নৰ ফণধৰ থৰ থৰ
    মহীধৰ তৰসি প্ৰকম্পে॥[১১]
“নানা কৰ্ম কৰিবাক কৰে আলোচনা একো কৰ্ম স্থিৰ নোহে তাক বুলি মন।
সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয়।
বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়।
সমস্ত কাৰ্যক মই কৰোঁ বুলি মানে।
অহংকাৰ বুলি তাক জানিবা আপুনে।”
  1. “পৰৰ ধৰ্মক নিহিংসিবা কদাচিত।
    কৰিবা ভূতক দায়। সকৰুণ চিত্ত॥
    হুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল।
    এহি ভাগৱত ধৰ্ম জানা মহাবল॥’’( ভক্তি-প্ৰদীপ )[২]
  2. নানা কৰ্ম কৰিবাক কৰে আলোচন।
    একো কৰ্ম স্থিৰ নোহে তাক বুলি মন। ৬৩
    সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয়।
    বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়।
    সমস্ত কাৰ্যক মই কৰোঁ বুলি মানে।
    অহংকাৰ বুলি তাক জানিবা আপুনে। ৬৪ (অনাদি পাতন)[১২]
  3. জাতি কুল বিচাৰিয়া বৈৰীও নিন্দয়।
    পঞ্চম পাতকি হুয়া নৰকে পৰয়॥ (ভক্তি-প্ৰদীপ)[২]
  4. পিতৃ-মাতৃ আসিলে পুত্ৰৰ যেন সুখ।
    সন্ত আগমনত দুখীৰ গুছে দুখ॥ ১০
    সেহিমতে ভগৱন্ত তযু আগমনে;
    সমস্তৰে কুশল হোৱয় তাৱক্ষণে॥
    দেৱতাতো কৰি শ্ৰেষ্ঠ হোন্ত সাধুজন।
    সাধু হন্তে সৰ্ব্বসুখ হোৱে অনুক্ষণ॥ ১১ (নিমি-নৱসিদ্ধ সংবাদ)[১১]
  5. কোন আত্যন্তিক সুখ কহিয়ো আমাতে॥ ৩৮
    অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি।
    ভকতৰ সঙ্গ অৰ্দ্ধক্ষণে নৱনিধি॥
    কোনবা ৰহস্য ধৰ্ম্ম কহিয়োক তাক।
    যাত তুষ্ট হৈয়া কৃষ্ণে দেন্ত আপোনাক॥ ৩৯
    তাক জানিবাক যদি যোগ্য হওঁ আমি।
    তেবে কহিয়োক বোলো সবাকো প্ৰণামি॥
    কোন ভাগৱত ধৰ্ম্ম ভক্ত বুলি কাক।
    কোন মায়া কোনবা উপায়ে তৰে তাক॥ ৪ (নিমি-নৱসিদ্ধ সংবাদ)[১১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

“যথা তৰুৰ্মূলনিষেচনেন তৃপ্যন্তি তৎস্কন্ধ ভূজোপশাখাঃ”
  1. হংস ছাগ মাৰি যিটো
    ৰুধিৰে কৰ্দম কৰে।
    সি যেন স্বৰ্গে যায়
    নৰ্কে নো কোন পৰে॥[১৩]
  2. যথা তৰুৰ্মূলনিষেচনেন তৃপ্যন্তি তৎস্কন্ধ ভূজোপশাখাঃ[১৩]
  3. বৃক্ষৰ গুৰিত পানী ঢালিলেহে বৃক্ষৰ পাত আৰু ফুল জাতিষ্কাৰ হয়, কিন্তু পাত আৰু ঠাল-ঠেঙুলিত পানী ঢালিলে বৃক্ষৰ কোনো অংশই নিটিকে। সকলো অংগ সতেজ স্বস্থ্যবান কৰিবলৈ হ’লে আহাৰ গ্ৰহণ কৰি স্বাস্থ্যবান হৈ থকিব লাগিব, কিন্তু সকলো অংগত অলংকাৰ পৰিধান কৰিলেও অনাহাৰে থাকিলে কেতিয়াও সন্তুষ্টি আহিব নোৱাৰে। একেদৰে এগৰাকী পৰম পুৰুষ ঈশ্বৰক সেৱা-ভক্তি কৰিলে তেওঁৰ অধীনস্থ সকলোদেৱ-দেৱী তুষ্ট হয়, কিন্তু সেই দেৱ-দেৱীসকলৰ এজন সন্তুষ্ট হ’লে অইনসকল সন্তুষ্ট নহয়।[১৪]
  4. ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত দৃষ্টি সমতুল। নীচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকেসে পণ্ডিত বোলয় সৰ্বজান। (কীৰ্ত্তনঘোষা)[২]
  5. স্ত্ৰী শূদ্ৰ কৰৈ যদি আমাত ভকতি। তাহাতো কহিবা এহি জ্ঞান মহামতি॥ নাৰীয়ে পুৰুষে হৈবা একমতি। তেবেসে সিজিব হৰিত ভকতি॥ (কীৰ্ত্তনঘোষা)[২]
  6. সকলো প্ৰাণীক দেখিবাহা আত্মসম।
    উপায় মধ্যত ইটো অতি মুখ্যতম।[১৫]
  7. নামাৰিবে পশুক এৰিবে মাংস আশা।
    দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা।[১৬]
  8. হৰিনাম প্ৰেমৰসে অমৃত নিৰিক বান্ধি
    গুপ্ত কুৰি থৈলা দেৱগণে।
    দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা
    সুখে পান কৰা সৰ্ব্বজনে॥১০১ (নামঘোষা)[১৭]
  9. তীৰ্থ-ব্ৰত, তপ-জপ, যাগ-যোগ, মন্ত্ৰ একোৱেই মুক্তি দিব নোৱাৰে৷ সেইকাৰণে, বিষয় বাসনাৰ পৰা দূৰত থাকি ৰামৰ চৰণত শৰণ লৈ সততে গোবিন্দৰ নাম জপ কৰিব লাগে৷ (বৰগীত: নাহি নাহি ৰময়া.....)[১৮]
  10. ঘোৰ আপদীয়া মৰণ ওচৰতে আছে৷ নৰকৰ নিকাৰ শুনিলেই ধাতু যায়৷ দিনে দিনে কেনেকৈ আয়ুস টুটি আহিব৷ কেতিয়া যমদূতে ধৰিবহি, তাক কোনেও গমেই নাপাব৷ সেয়ে পাপ সাগৰৰ পৰা উদ্ধাৰ পাবলৈ ৰাম-নাম লোৱাটোৱেই একমাত্ৰ উপায়৷[১৮]

শংকৰদেৱৰ বিষয়ে বিভিন্নজনে দিয়া মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • জগজন তাৰণ দেৱ নাৰায়ণ
    শঙ্কৰ তাকেৰি অংশ৷
  • শংকৰদেৱ অক্ষৰ জগতেৰ অব্যয় পুৰুষ, দিব্য জীবনেৰ প্ৰমূৰ্ত্ত বিগ্ৰহ.....। পৃথিৱীৰ মৃত্তিকা তাৰ চৰণ স্পৰ্শে পবিত্ৰ হয়েছে এক তাৰ মৃত্যুঞ্জয়ী জীবন মানুষকে মনুষ্যতেৰ পৰিপন্থী শক্তিৰ সবলথেকে আলোকিত জগতে নিয়ে এসেছে।
    • বঙ্গ সাহিত্যিক আৰু চিন্তাবিদ সুবোধ চন্দ্ৰ দাস[২]
  • ষোল্ল শতিকাত গঢ়ি তোলা এক মহৎ বৈষ্ণৱ পুনৰুত্থানৰ মাজেৰে শংকৰদেৱে অসমীয়া জনসাধাৰণক দয়াশীল, সহনশীল আৰু মানৱতাবাদী কৰি গঢ়ি তুলিছিল। মই ভাৰতবৰ্ষত ৰামৰাজ্য সৃষ্টিৰ বাবে দেশৰ চুকে-কোণে ঘূৰি ফুৰি যি বাণী বিলাই ফুৰিছোঁ, সেই কাম মহাপুৰুষ শংকৰদেৱে আজিৰে পৰা প্ৰায় চাৰিশ বছৰ পূৰ্বতে সমাপন কৰি থৈ গৈছে। গতিকে, আজি মোৰ অসমত কৰিবলগীয়া একো নাই।
  • যেতিয়া সমগ্ৰ দেশখন বহু বৰ্ণ আৰু গোত্ৰত বিভক্ত হৈছিল, তেতিয়া তেওঁ (শংকৰদেৱ) তেওঁৰ সৃষ্টি কৰ্মৰ মাজেৰে এক ভাৰত আৰু এক ভাৰতীয় সংস্কৃতিৰ বাবে আহ্বান জনাইছিল।
    • বিনোৱা ভাৱে[২]
  • শংকৰদেৱ পৃথিৱীৰ ভিতৰত মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ জন্মদাতা।
    • অধ্যাপক ফাৰ্লি ৰিচমণ্ড, আমেৰিকা[২]
  • মহৎ আৰু সু-সংস্কৃতিসম্পন্ন ধৰ্মীয় সংস্কাৰক শংকৰদেৱ সমগ্ৰ জীৱনজুৰি মানুহৰ মাজত শান্তিৰ মাজেৰে বিপ্লৱী দৃষ্টিভঙ্গী প্ৰচাৰ কৰিছিল। .... বিশ্বভাতৃত্বৰ মহৎ বাণীৰে দেশবাসীৰ মাজত শ্ৰদ্ধা ভক্তি আৰু সততাৰ দীক্ষা দিছিল।
    • ষ্টিফেন ফাকচ্, অষ্ট্ৰেলিয়া[২]
  • সম্পূৰ্ণ জাতীয় গৌৰৱেৰে মই অসমৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি মূৰ দোৱাওঁ। তেওঁ নতুন যুগৰ পথ দেখুৱাওতা। ...... তেওঁ ভাৰতৰ প্ৰতি আগবঢ়োৱা চাৰিটা দানৰ কথা আমি প্ৰতিবছৰে সোঁৱৰণ কৰোঁ।
    • ড° মোহন সিং তাবেৰয়[২]
  • It is Sankardeva who introduced Assam to India And India to Assam.
    • পণ্ডিত চৰ্দাৰ কে এম পাৰিকৰ[২]
  • আটাইতকৈ উল্লেখযোগ্য কথা হৈছে, সৰ্বভাৰতৰ এতিয়াও অভাৱ হৈ থকা অস্পৃশ্যতা বৰ্জন কৰি শংকৰদেৱে ষোড়শ শতিকাতে সৰ্বমানৱৰ এখন সমস্বত্বৰ সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁ কেৱল পূৰ্বৰে নহয়, সৰ্বভাৰতৰ এজন মহাপুৰুষ।
    • কাকাচাহেব কানেলকাৰ[২]
  • In Assam, Sankardeva was an apostle of Vaisnavism who taught the worship of Krishna, denounced idoletry, sacrificed deity and cast structure of society.
    • ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন[২]
  • The greatest name in early Assamese literature is that of Sankardeva and he has left his stand on Assamese literature and culture on Assamese religion and way of life. He was a poet and saint, religious leader and social reformer all in one, and his influence on Assamese life and literature is comparable to that of Tulsi Das for the people of the Upper Gangeitiv Velley.
    • সুনীতি কুমাৰ চেটাৰ্জী[২]
  • Sankardeva was the like the glorious sun under whose warmth of mind, Assam blossomed like a lotus of thousand petals. It is difficult to imagine how deep and wide spread was the influence of Sankardeva on the Cultural renaissance that bust forth in the mediaval Assam.
    • ড° বাসুদেৱ চৰণ আগৰৱাল[২]
  • মহাপুৰুষ শংকৰদেৱে জনতাক পুৰোহিতৰ অধিপত্যৰ পৰা মুক্ত কৰে। শংকৰদেৱ তেওঁৰ জিৱন চৰিত অবিহনেও অমৰ।
    • নৱলপুৰী, ’ভাৰত কে গৌৰৱ’[২]
  • অসমত যদি শংকৰদেৱৰ আৱিৰ্ভাৱ নহ’লহেঁতেন, অসমৰ বিভিন্ন ভাষাভাষীৰ ঠেলা-হেঁচাত হয় অসমীয়া ভাষা বুৰ গ’লহেঁতেন, নহয় ই বিকৃতাকাৰৰ হ’লহেঁতেন। বৈষ্ণৱ কবিসকলে অসমীয়া ভাষাক আশ্ৰয় কৰি সৰ্বজনীন শিক্ষা দিয়াৰ ব্যৱস্থা কৰাত অসমীয়া ভাষা জাতীয় ভাষাৰূপত পৰিগণিত হ’ল।
    • ড° বাণীকান্ত কাকতি[২]
  • শংকৰদেৱ যে অকল ধৰ্ম প্ৰচাৰক আছিল এনে নহয়, তেওঁ এগৰাকী দূৰদৰ্শী ৰাজনৈতিক পুৰুষো আছিল।
    • সূৰ্য্য কুমাৰ ভূঞা[২০]
  • শংকৰদেৱৰ সাহিত্য প্ৰকৃত জনসাহিত্য। এই সাহিত্যই অজ্ঞলোকক যিদৰে আকৃষ্ট কৰে মহা পণ্ডিত লোককো সেইদৰে আকৃষ্ট কৰে।
    • ড° উপেন্দ্ৰ চন্দ্ৰ লেখাৰু[২১]
  • বিশ্বৰ পণ্ডিত মণ্ডলীয়ে শংকৰদেৱৰ বিচিত্ৰ ৰচনাৱলী অধ্যয়ন কৰা উচিত। তাৰ বাবে তেৰাৰ সমগ্ৰ ৰচনাৰাজি ইংৰাজীলৈ অনুবাদ হোৱা বাঞ্ছনীয়। বিশ্বতহে নালাগে, ভাৰতৰ ভিতৰতে এইগৰাকী মহান মনিষীৰ বিষয়ে এতিয়াও ভালদৰে প্ৰচাৰ হোৱা নাই।
    • ড° উইলিয়াম নিয়নাৰ্ড স্মিথ। [২২]
  • মহাপুৰুষীয়া ধৰ্ম, মহাপুৰুষীয়া সমাজ ব্যৱস্থা আৰু নামঘোষাৰ দৰে শাস্ত্ৰ পৃথিৱীত বিৰল। পৃথিৱীৰ সাহিত্যত নৱৰসৰ সমাৱেশ, কিন্তু শঙ্কৰ-মাধবৰ সাহিত্যত আৰু এটি ৰস আৱিষ্কৃত হ’ল, - “সেৱা ৰস’’।
    • আচাৰ্য বিনোৱা ভাৱে।[২২]
  • মহান বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱে ১৬০০ শতিকাত অসমীয়া জাতিক দয়ালু, সহিষ্ণু আৰু মানৱতাবাদী কৰি গঢ় দিছিল।
    • মহাত্মা গান্ধী। [২২]
  • মধ্য যুগৰ অসমে সমগ্ৰ ভাৰতীয় পৰম্পৰা ৰক্ষা কৰা দুজন মহৎ কবিৰ জন্ম দিলে,- শংকৰদেৱ আৰু মাধবদেৱ। অসমৰ জাতীয় জীৱন আৰু সাংস্কৃতিক জীৱনত এই দুজন মহাপুৰুষৰ প্ৰভাৱ আৰু গুৰুত্ব আটাইতকৈ বেছি। অনাৰ্য যুগৰ সংস্কাৰাচ্ছন্ন এখন দেশ, য’ত পৰৱৰ্তীকালত তান্ত্ৰিক, শৈৱ আৰু শাক্ত ধৰ্ম প্ৰৱৰ্তিত হয়,- সেই দেশক শংকৰদেৱ আৰু মাধবদেৱে মানৱতাবোধৰ শিখৰলৈ আগবঢ়াই নিয়ে।
    • ড° সুনীতি কুমাৰ চট্টোপাধ্যায়। [২২]
  • শ্ৰীমন্ত শংকৰদেৱ অসমৰ এজন যুগসিদ্ধ ধৰ্মগুৰু। তেওঁ কেৱল অসমৰে কিয়, জগতৰ ধৰ্মগুৰু, সাহিত্যৰ গুৰু, কলা-সংস্কৃতিৰ গুৰু। তেওঁৰ প্ৰৱৰ্তিত ধৰ্মত জগতৰ কল্যাণৰ পথ পৰিষ্কাৰক।
    • বিজয় হান্সাৰিয়া।[২২]
  • অনুপম উপমা ঘৰুৱা যোজনা পটন্তৰযুক্ত অবাধ গতিৰ ভাষাৰে চৰিত্ৰসমূহৰ স্বাভাৱিক জাতীয়তা, আদৰ্শত্ব ফুটাই তোলা হৈছে। স্বভাৱৰ স্বৰূপ বৰ্ণনা, যুদ্ধাদিৰ হুবহু বৰ্ণনা আদিয়ে কবিৰ বৰ্ণনা শক্তিৰ বিজয় ঘোষণা কৰিছে। (ৰুক্মিণীহৰণ কাব্য সম্পৰ্কে দিয়া মন্তব্য)
    • বাণীকান্ত কাকতি [২৩]
  • তেৰাই কিনো নাজানিছিল, কিনো নিলিখিছিল। অসমীয়াক তেৰাই সকলো দি গৈছিল। অসমীয়াৰ গীত, বাদ্য, নৃত্য, সুৰ, সঞ্চৰাগ, সাহিত্য, ভাৱনা, নাম-কীৰ্তন, ঘোষা, বৰগীত, অংক, নাট, নামঘৰ, খোল, মৃদংগ, তাল, ভাঁজঘৰ, দৌলযাত্ৰা, হাটী, ধনপূঁজি, সমাজ, ধৰ্ম, বিচাৰনীতি, আইন, নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ, বৈৰাগ্যম সমাধি সকলো শ্ৰীশ্ৰীশংকৰদেৱেহে অসমীয়াক দি গৈছিল। কেৱল অসমীয়াইহে সেইবিলাক ভালদৰে আয়ত্ত কৰিব পৰা নাই।
    • বিষ্ণুপ্ৰসাদ ৰাভা[২৪]
  • অসমীয়া সমাজৰ প্ৰকৃত বুৰঞ্জী, অসমীয়া জাতীয়তাৰ স্বৰূপ ইতিহাস, বাস্তৱতে শঙ্কৰদেৱৰ জীৱনী মাত্ৰ৷..... অকল অসমীয়া আধ্যাত্মিক জীৱনতে নহয়, অসমীয়া জাতিৰ বহুমুখী কৰ্মপ্ৰতিভা আৰু কাৰ্যশক্তিৰ অন্ত নপৰা একোটি উহ মাত্ৰ শঙ্কৰদেৱ; জাতীয় প্ৰাণ স্পন্দনৰ একেটি কম্পন কেন্দ্ৰ কেৱল শঙ্কৰদেৱ৷ (যুগনায়ক শঙ্কৰদেৱ)
    • ডিম্বেশ্বৰ নেওগ৷[১৯]
  • শঙ্কৰদেৱক বাদ দি শঙ্কৰ-প্ৰেমী আৰু শঙ্কৰ-বিদ্বেষী কাৰো কোনো পৰিচয় নাই -- এই সত্যটো অসমীয়া মানুহে যিমান সোনকালে বুজিব পাৰে সিমানেই মংগল৷
    • ড° নগেন শইকীয়া৷[১৯]
  • ভগৱানৰ দৃষ্টিত মানুহৰ লগত মানুহৰ কিম্বা জীৱৰ লগত জীৱৰ কোনো পাৰ্থক্য নাই - শঙ্কৰদেৱৰ প্ৰৱৰ্তিত নামধৰ্মৰ বিশেষ মৰ্মপুষ্ট বাণী এয়েই৷
    • গোপীনাথ বৰদলৈ[২৫]
  • শ্ৰীশ্ৰীশংকৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্যক বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব৷ শ্ৰীশ্ৰীশংকৰদেৱ নাথাকিলে অসমীয়াৰ একোৱেই নাথাকে৷[২৬]
    • বিষ্ণু প্ৰসাদ ৰাভা৷

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কীৰ্তন আৰু নামঘোষা, শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধবদেৱ, দত্তবৰুৱা পাব্লিচিং কোম্পানী, ১৯৫০
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ ২.১২ ২.১৩ ২.১৪ ২.১৫ ২.১৬ ২.১৭ ২.১৮ ২.১৯ যোগেশ্বৰ মৰাণ, মৃদুল কুমাৰ দহোটীয়া, সুৰজিৎ বড়া বুঢ়ীদিহিং, অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থ। অসম সাহিত্য সভা, পৃষ্ঠা:২৬৮, ২৬৯, ২৬৪, ২৬৬।
  3. মহাপুৰুষীয়া ধৰ্ম: সাম্প্ৰতিক সময় আৰু সমাজ, থগিত মহন্ত, কল্পতৰু, একশৰণ ভাগৱতী সমাজ, নগাঁও, ২০২২
  4. ভক্তি-ৰত্নাকৰ, সম্পাদক: তীৰ্থনাথ গোস্বামী ১৮৫৮ শক, ধলৰ সত্ৰ
  5. ভক্তি-ৰত্নাকৰ, সম্পাদক: তীৰ্থনাথ গোস্বামী ১৮৫৮ শক, ধলৰ সত্ৰ
  6. পাৰিজাত হৰণ নাট, ৱিকিউৎস
  7. ৰাম বিজয় নাট, ৱিকিউৎস
  8. কালীয় দমন, ৱিকিউৎস
  9. বেজবৰুৱা, লক্ষ্মীনাথ। তত্ত্ব-কথা। বনলতা।
  10. পাৱে পৰি হৰি কৰহোঁ কাতৰি, বৰগীত, ৱিকিউৎস
  11. ১১.০ ১১.১ ১১.২ নিমি-নৱসিদ্ধ সংবাদ, ৱিকিউৎস
  12. শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শনত ’মন’ৰ ধাৰণা, ড° সোণালী বৰা হাজৰিকা, কল্পতৰু, একশৰণ ভাগৱতী সমাজ, নগাঁও, ২০২২
  13. ১৩.০ ১৩.১ কথা গুৰু চৰিত
  14. বৰুৱা, কনকলাল। প্ৰাচীন কামৰূপৰ ইতিহাস, পৃষ্ঠা:২৮৪।
  15. মহাপুৰুষ শঙ্কৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্মত বিশ্বমানৱতাবাদ, ৰতিমোহন নাথ, কল্পতৰু, একশৰণ ভাগৱতী সমাজ, নগাঁও, ২০২২
  16. মহাপুৰুষ শঙ্কৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্মত বিশ্বমানৱতাবাদ, ৰতিমোহন নাথ, কল্পতৰু, একশৰণ ভাগৱতী সমাজ, নগাঁও, ২০২২
  17. শ্ৰীমন্ত শঙ্কৰদেৱ
  18. ১৮.০ ১৮.১ তামুলী, শ্ৰী মহেন্দ্ৰ (২০০৯)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণী। কিৰণ প্ৰকাশন, ধেমাজী।
  19. ১৯.০ ১৯.১ ১৯.২ শইকীয়া, ড° নগেন (অক্টোবৰ ২০০৮). "মহাপুৰুষ শঙ্কৰদেৱ অসমৰ সকলো কালৰ মহত্তম পুৰুষ". নিৰ্মালি শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৬০তম আৱিৰ্ভাৱ মহোৎসৱ, বৰপেটাৰোড. 
  20. শ্ৰীমন্ত শঙ্কৰদেৱৰ পঞ্চশততম জন্মোৎসৱ, ভাষণাৱলী, বৰপেটা, সম্পা: গোবিন্দ তালুকদাৰ, কবীন্দ্ৰ নাথ দাস, লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা
  21. শ্ৰীমন্ত শঙ্কৰদেৱৰ পঞ্চশততম জন্মোৎসৱ, ভাষণাৱলী, বৰপেটা, সম্পা: গোবিন্দ তালুকদাৰ, কবীন্দ্ৰ নাথ দাস, লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা
  22. ২২.০ ২২.১ ২২.২ ২২.৩ ২২.৪ পাটবাউসী, শ্ৰীশ্ৰীশঙ্কৰদেৱ থান, (১৯৯৯)। বাউসী বিলায়েত। অসম সাহিত্য সভা, পৃষ্ঠা:গ-২১।
  23. কল্পতৰু, পৃ: নং ৫৭ একশৰণ ভাগৱতী সমাজ, নগাঁও, ২০২২
  24. নিৰ্মালি,শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ স্মৰণিকা, পৃ:নং ৬২, বৰপেটা ৰোড, ২০১৬
  25. তালুকদাৰ, গোবিন্দ; দাস, কবীন্দ্ৰ নাথ (১৯৪৮ (পুনৰ মুদ্ৰণ ২০০৬))। শ্ৰীমন্ত শঙ্কৰদেৱৰ পঞ্চশততম্ জন্মোৎসৱ, বৰপেটা সত্ৰ। লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা, পৃষ্ঠা:৯।
  26. মহন্ত, দিগন্ত (সম্পাদনা) (২০১৮)। মুক্তি দেউল। সদৌ অসম ছাত্ৰসন্থা, কলিয়াবৰ, পৃষ্ঠা:১৩৯।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: