নৱকান্ত বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

নৱকান্ত বৰুৱা (ইংৰাজী: Nabakanta Barua; ১৯২৬-২০০২) অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল 'মনত পৰেনে অৰুন্ধতি', 'ইয়াত নদী আছিল', 'পলস', 'ৰাৱন', 'মহাকাব্যৰ পাণ্ডুলিপি', 'ক্ৰমশঃ' আদি।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অসমত লিখি খোৱা মানুহ তেনেকৈ নাই৷ সাহিত্য অতি কম মানুহৰহে জীৱিকা৷ প্ৰায়বোৰ ক্ষেত্ৰতে সি উপজীৱিকা৷ কিন্তু সাহিত্যক পণ্য সামগ্ৰী হিচাবে গণ্য কৰাৰ প্ৰৱণতা এটা দেখা গৈছে৷[১]
  2. কবিতা যেন ৰসায়নসিক্ত এডাল সূতাৰ পৰা ওলমি থকা আঙঠি৷ সূতাডাল পুৰি পেলোৱাৰ পিছতো ওলমি থাকিব পৰা যাদুবিদ্যাৰ আঙঠি৷[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সাহিত্যৰত্ন, এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: