নাৰী

ৱিকিউদ্ধৃতিৰ পৰা
উৰালত চিৰা খুন্দি থকা অৱস্থাত গোৱালপাৰা, অসমৰ কেইগৰাকীমান জনজাতীয় নাৰী

নাৰী বা মহিলা (ইংৰাজী: Women) মানুহৰ স্ত্ৰী জাতি। মহিলা শব্দটো সাধাৰণতে এগৰাকী প্ৰাপ্তবয়স্কৰ বাবে ব্যৱহাৰ কৰা হয়, ছোৱালী শব্দটো শিশু বা কিশোৰীৰ বাবে ব্যৱহাৰ কৰা শব্দ।


বৰ্ণানুক্ৰম অনুসৰি উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

· · · · · · · · · ·
· · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · ক্ষ · ড় · ঢ় · য়
কিন্তু, নাৰীয়ে সেই শক্তিটো নিজেই আহৰণ কৰিব লাগিব৷ নাৰীয়ে তাৰ বিৰুদ্ধে নিজেই fight কৰিব লাগিব৷ পুৰুষে এইটো কৈছে বুলি মানি লৈ তেওঁলোকে বহি থাকিলে নহ’ব৷ I do not like that. মই সেইটোকে কৈছোঁ যে, নাৰীয়ে ভিতৰুৱা শক্তিটো আনিব পৰা নাই আজিলৈকে৷ কিমান পাৰ্ছেণ্ট আমাৰ শিক্ষিত আছে৷ ধৰা ৪০ শতাংশৰ অধিক৷ মই ভাবোঁ সেইখিনিৰে বহুত মহিলা আগুৱাই নিব পাৰিম৷ তেওঁলোক নিজে corrupt হৈছে, শোষিত হৈছে৷ তেওঁলোকে নিজেও কৰা নাই, আনকো কৰিবলৈ দিয়া নাই৷ মই দোষটো একমাত্ৰ মহিলাক দিওঁ৷ তেওঁলোকে নিজে কিয় ওলাই আহিব পৰা নাই৷[১]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • আদিতমা নাৰী ঈভৰ আচল অভিশাপটো আছিল এই যে তেওঁ সকলো সময়তে প্ৰেমৰ পাত্ৰী হৈ থাকিব বিচাৰিছিল৷
    • এলা গোৱেনডুলেন ৰিছ উইলিয়ামছ৷[৩]
  • আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা তাকে ভাল পাব পাৰে, কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে৷ চৰুক সুধি চাউল নবহায়৷ বিয়াৰ বিষয়ে আমি ছোৱালীবোৰে আই-বোপাইৰ ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰোঁ৷
    • কাৰেঙৰ লিগিৰী(নাটক)[৩]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এগৰাকী ধুনীয়া নাৰী পুৰুষৰ চকু দুটিৰ বাবে স্বৰ্গ, আত্মাৰ বাবে নৰক আৰু ধন-সোণৰ বাবে বিশাল গহ্বৰ।
    • চামফ’ৰ্ট৷[৪]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ছোৱালী বোলে কুৰিতে বুঢ়ী
  • ছোৱালীৰ গালৰ টোলটো দেখি বহুত মানুহ মুগ্ধ হয়; কিন্তু তেওঁলোকে ভুল কৰে গোটেই ছোৱালীজনীক বিয়া কৰি৷
    • ষ্টিফেন লিকক্৷[৩]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ধুনীয়া নাৰীৰ ওঁঠত চুমা খোৱাৰ ৰঙা দাগবোৰে চিত্ৰিত কৰা এনে কবিতা আওৰোৱা। কুন্তী, এগৰাকী গাঁৱলীয়া বৃদ্ধা এতিয়া কাম বিচাৰি দুৱাৰে দুৱাৰে টোকৰ মাৰিছে। তাইক নিজৰ পুত্ৰই প্ৰহাৰ কৰে।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

সমগ্ৰ জনসংখ্যাৰ আধাই হ’ল নাৰী৷ এই আধা জনসংখ্যাৰ মানুহ যদি অশিক্ষিত আৰু পৰনিৰ্ভৰ হৈ থাকে, যদি নিৰ্যাতিত আৰু অত্যাচাৰিত হৈ থাকে, সমাজৰ বাবে যদি এই বিপুল সংখ্যাৰ মেধা, বুদ্ধি, শক্তি, ক্ষমতা একো কামত নালাগে, তেন্তে সেই সমাজতো পিছুৱায়ে থাকিব৷ নাৰী পিছ পৰি থাকিলে প্ৰগতি পিছ পৰি থাকে৷ নাৰী পিছ পৰি থাকিলে সভ্যতা পিছ পৰি থাকে৷[৫]
  • নাৰী যে কেৱল পুৰুষৰ যৌন ইচ্ছা পুৰণৰ আহিলা, কেৱল যে পুৰুষৰ সুখভোগৰ বস্তু, কেৱল যে পুৰুষৰ দাসী বা ক্ৰীতদাসী- সেইকথা ইমান তীব্ৰভাৱে আন কোনোৱে নুবুজায়, যিমান বুজায় মুছলমান পুৰুষসকলে।[৫]
  • নাৰী পুৰুষতকৈ জ্ঞানী, কিয়নো, তেওঁলোকে কমকৈ জানে আৰু বেছিকৈ উপলব্ধি কৰিব পাৰে৷
    • এডৱাৰ্ড হাৰ্বাৰ্ট৷[৩]
  • নাৰীৰ সমস্যাই পুৰুষৰ সমস্যা৷ দুয়ো ডুবিবও-- উদ্ধাৰো পাব একেলগে৷
    • ক্ৰিষ্টিন দা পিছাঁ৷[৩]
  • নাৰীসকলৰ প্ৰতি যেনে কঠিন শাসন, পুৰুষৰ প্ৰতি তেনে একো নাই৷ কথাত একো নহয়, ভ্ৰষ্ট পুৰুষৰ কোনো সামাজিক দণ্ড নাই৷ এগৰাকী নাৰী তেওঁ সতীত্ব সম্বন্ধে কোনো দোষ কৰিলে তেওঁ আৰু মুখ দেখুৱাব নোৱাৰে৷
    • বংকিম চন্দ্ৰ চট্টোপাধ্যায়৷[৬]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • প্ৰতিজন কৃতকাৰ্য পুৰুষ ৰাজনীতিবিদৰ নেপথ্যত এগৰাকী নাৰী থাকে৷ ৰাজেশ পাইলটক মই ইন্দিৰা গান্ধীৰ সৈতে পৰিচয় কৰাই দিছিলোঁ৷ তাৰ পিছত বিমান বাহিনীৰ চাকৰি ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰে৷ ময়েই তেওঁৰ সফল ৰাজনৈতিক জীৱনৰ নেপথ্যৰ নাৰী৷
    • ৰমা পাইলট৷[৩]
  • পুৰুষতকৈ নাৰীসকল অধিক আৱেগিক৷ যেতিয়াই এই আৱেগিকতাৰ পাহাৰ ভাঙি নাৰীসমাজ ওলাই আহিব, তেতিয়াই নাৰীয়ে পুৰুষৰ সমানে স্থান পাব৷ তাৰ বাবে লাগিব অসীম সাহস আৰু অধ্যৱসায়৷
    • টনি মৰিছন৷[৩]
  • প্ৰতিগাৰকী নাৰীয়ে নিজৰ স্বামীৰ মাজত দুজন পুৰুষৰ স্থিতি বিচাৰে৷ এজনৰ পৰা মৰম ভালপোৱা বিচাৰে আৰু আনজনৰ পৰা আশ্ৰয় আৰু নিৰাপত্তা৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সৰহভাগ নাৰীয়ে এই দুয়োটাকে একেলগে নাপায়৷ তেতিয়াই বহুতৰ ক্ষেত্ৰত বিবাহিত জীৱনত আহি পৰে নানান বেমেজালি আৰু সংঘাত৷
    • কোৱাভাতুৰী (গল্প)৷[৩]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বিবাহপাশত পুৰুষ কেতিয়াও বন্দী নহয়, বন্দী হয় নাৰী। চাৰ্কাছৰ বাঘিণীৰ দৰে বিবাহিতা নাৰী। আমৃত্যু সংসাৰ চাৰ্কাছত খেল দেখুৱাই হাত চাপৰি বুটলিব পাৰিলেহে হ'ব পাৰি আদৰ্শ পত্নী বা বোৱাৰী।[৭]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মই বিশ্বাস কৰোঁ, নাৰীৰ কোনো দেশ নাই৷ দেশ মানে যদি নিৰাপত্তা, দেশ মানে যদি স্বাধীনতা, তেন্তে নাৰীৰ নিশ্চয়েই কোনো দেশ নাই৷ পৃথিৱীৰ ক’তো নাৰী স্বাধীন নহয়, পৃথিৱীৰ ক’তো নাৰীৰ নিৰাপত্তা নাই৷[৫]
  • মতা ছ’লি হ’লে ডাক্তৰী পঢ়িব পায়, আপী হ’লে নাপায়! কোন ভগৱানে বা বিধান দিছে৷ তই ডাক্তৰ হ’বই লাগিব, মতা মানুহবোৰক দেখুৱাই দিবই লাগিব যে সিহঁতে কৰা সকলো কাম আমিও কৰিব পাৰোঁ৷
  • মই যদি নাৰী হৈ জন্মগ্ৰহণ কৰিলোঁহেঁতেন, তেন্তে পুৰুষে নাৰীক খেলাৰ সামগ্ৰী হিচাপে গণ্য কৰি অহা ভ্ৰান্ত ধাৰণাৰ বিপক্ষে বিপ্লৱ কৰিলোঁহেঁতেন৷
    • মহাত্মা গান্ধী৷[৩]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • যদি মহিলাসকলৰ প্ৰতি বিশেষ যত্ন আৰু মনোযোগ দিয়া নহয় তেন্তে আমি বিদ্ৰোহৰ সৃষ্টি কৰিবলৈ বদ্ধপৰিকৰ, আৰু এনে কোনো আইনত নিজকে বান্ধি ৰাখিব নোৱাৰো য'ত আমাৰ কোনো কণ্ঠ, বা প্ৰতিনিধিত্ব নাই।
    • এবিগেল এডামছ, লেটাৰ টু জন এডামছ, ৩১ মাৰ্চ, ১৭৭৬ চন।এল এইচ বাটাৰফিল্ড, সম্পাদক, এডামছ ফেমিলি কৰ্ৰেচপণ্ডেন্স, ভল. ১ (১৯৬৩), পৃ. ৩৭০।
  • যেতিয়া এজন পুৰুষে নিজৰ দেৱীৰ লগত চিনাকি হয়, তেতিয়া তেওঁ সোনকালে এগৰাকী নাৰীৰ মাজত ডুব যায়।
    • যোচেফ এডিচন, দ্য স্পেকটেটৰ, মে'২৪, ১৭১১
  • যিমান দিন এগৰাকী নাৰীয়ে নিজৰ জীয়েকতকৈ দহ বছৰৰ সৰু যেন দেখুৱাব পাৰে, সিমান দিন তেওঁ সন্তুষ্টি লাভ কৰে।
    • অস্কাৰ ৱাইল্ড৷[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মামণি ৰয়ছম গোস্বামীৰ সৈতে, সমীৰ তাঁতী, অংকুৰ ডেকা, গৰীয়সী, ফেব্ৰুৱাৰী, ২০১২
  2. নাৰী আৰু নাৰীৰ অনুভৱ. আহৰণ কৰা হৈছে: 5 এপ্ৰিল 2024.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ ৩.৮ বৰা, ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণীমন্দিৰ, পৃষ্ঠা:১৬৩-১৬৪। ISBN: 81-7206-117-5
  4. ৪.০ ৪.১ নাৰীৰ বিষয়ে কিছু সাহসী মন্তব্য. আহৰণ কৰা হৈছে: 16 এপ্ৰিল 2024.
  5. ৫.০ ৫.১ ৫.২ তছলিমা নাছৰিন (২০১১)। নাৰীৰ কোনো দেশ নাই। বীণা লাইব্ৰেৰী, পৃষ্ঠা:৯, ২০, ৩৩, ৫৫, ৮৪, ১৯৪।
  6. নাৰূ সম্বন্ধে কিছু উক্তি. আহৰণ কৰা হৈছে: 8 এপ্ৰিল 2024.
  7. নাহৰৰ নিৰিবিলি ছাঁ, অনুৰাধা শৰ্মা পূজাৰী, পৃষ্ঠা ১০৯