অভিযাত্ৰী (উপন্যাস)

ৱিকিউদ্ধৃতিৰ পৰা

অভিযাত্ৰী (ইংৰাজী: Ovijatri) হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি আত্মজীৱনীমূলক উপন্যাস। এই উপন্যাসখনত অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ খতিয়ান দাঙি ধৰা হৈছে। চন্দ্ৰপ্ৰভা শইকীয়ানী বিষয়ক প্ৰথমখন অসমীয়া উপন্যাস।[১] গ্ৰন্থখনে ১৯৯৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[২]১৯৯৭ চনত ‘অভিযাত্ৰী’ ইংৰাজী ভাষালৈ অনুবাদ কৰে প্ৰদীপ্ত বৰগোহাঞিয়ে।[৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • কষ্ট নকৰিলে জীৱনত ডাঙৰ মানুহ হ’ব নোৱাৰি৷ তোকতো মই সদায় কৈছো, আমি যদি লেখা-পঢ়া নিশিকোঁ, গাঁৱৰ অন্য তিৰীবোৰৰ দৰেই আমাৰো গৰু পশুৰ দৰেই জীৱন হ’ব৷ কেৱল ঘৰ সৰা, বাচন ধোৱা, কাপোৰ ধোৱা, ঢেঁকী দিয়া, ভাত ৰন্ধা, তাঁত বোৱা এইবোৰ কৰি জীৱনটো শেষ কৰি দিব নোৱাৰি৷
    • ভনী ৰামেশ্বৰী(ৰজনীপ্ৰভা)ক উদ্দেশ্যি চন্দ্ৰপ্ৰভা(চন্দ্ৰপ্ৰিয়া)[৪]
  • মতা ছ’লি হ’লে ডাক্তৰী পঢ়িব পায়, আপী হ’লে নাপায়! কোন ভগৱানে বা বিধান দিছে৷ তই ডাক্তৰ হ’বই লাগিব, মতা মানুহবোৰক দেখুৱাই দিবই লাগিব যে সিহঁতে কৰা সকলো কাম আমিও কৰিব পাৰোঁ৷
    • ভনী ৰামেশ্বৰী(ৰজনীপ্ৰভা)ক উদ্দেশ্যি চন্দ্ৰপ্ৰভা(চন্দ্ৰপ্ৰিয়া) [৪]
  • কোনো মানুহেই কেৱল ভাগ্যৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব নাপায়৷ চেষ্টাৰ অসাধ্য একো নাই বুলিওতো মানুহে কয়৷ আৰু মই এতিয়া গুটিটো ৰুইছোহে মাত্ৰ৷ মোৰ কিন্তু আশা আছে যে এদিন এডাল ভাল গছেই গজি উঠিব৷
    • ভিনিহীয়েক দণ্ডী পিয়াদাক উদ্দেশ্যি চন্দ্ৰপ্ৰভা [৪]
  • ভিনিহি, আপুনি কেৱল বাঁহৰ খুঁটাৰ চালি ঘৰ এটা বুলি মোৰ স্কুলখনক তুচ্ছ নকৰিব দেই৷ যি বাঁহে মূৰৰ ওপৰত খেৰৰ চালিখন ধৰি ৰাখি আমাক ৰ’দ-বৰষুণৰ পৰা ৰক্ষা কৰি আছে, সেই বাঁহ কিন্তু এলাপেচা বাঁহ নহয়, আমাৰ বজালীৰ বিখ্যাত বাঁহ৷ আপুনি জানো এই কথা নাজানে যে বৰপেটাৰ বিখ্যাত কীৰ্তন ঘৰটো সাজোতে মহাপুৰুষ মাধৱদেৱে বজালীৰ বাঁহেই নিছিল?
    • চন্দ্ৰপ্ৰভা ভিনিহীয়েক দণ্ডী পিয়াদাক উদ্দেশ্যি [৪]
  • মই কিন্তু মহোদয়, দেহাটোৰ বাহিৰে আন কথাত ল’ৰা-ছোৱালীৰ কিবা প্ৰভেদ আছে বুলি নাভাবো৷ ঈশ্বৰে আমাক সৃষ্টি কৰাৰ সময়ত এই কথা কৈ পঠিওৱা নাই যে ল’ৰাইহে পঢ়া-শুনা কৰিব পাৰিব, ছোৱালীয়ে নোৱাৰে৷
    • বিদ্যালয় উপ-পৰিদৰ্শক নীলকান্তৰ বৰুৱাক উদ্দেশ্যি চন্দ্ৰপ্ৰভা [৪]
  • আপুনি অইন দেশৰ পৰা আহি আমাৰ নিজৰ দেশতে আমাক ইমান অপমানজনক কুবাক্য শুনাইছে? আমাৰে ভাৰতবৰ্ষত থাকি, আমাৰে বায়ু-পানীৰে পুষ্ট হৈ, আমাৰে পথাৰৰ শস্য উদৰস্থ কৰি, আমাৰে মাটিত আশ্ৰয়স্থল সাজি আমাকে ওলোটাই ইমান ব্যঙ্গ-বিদ্ৰূপ ইমান তুচ্ছ-তাচ্ছিল্য কৰিছে! মেডাম, আপোনাৰ এই অপমানজনক কথাবোৰ প্ৰত্যাহাৰ নকৰিলে আমি কিন্তু ইমান ডাঙৰ আন্দোলন কৰিম যে তাৰপিছত আৰু আপোনালোকে সুখেৰে ইয়াত মিছন স্কুল চলাই যাব নোৱাৰিব, নিজৰ দেশলৈ পলাই যাবলৈ বাধ্য হ’ব৷
    • নগাঁও মিছন স্কুলৰ শিক্ষয়িত্ৰী মিছ লঙক উদ্দেশ্যি চৌধ্য বছৰীয়া চন্দ্ৰপ্ৰভা[৪]
  • আমি নাৰী জাতি যে পিছ পৰি আছোঁ, তাৰ এটা কাৰণ এই সাহসৰ অভাৱ৷ সাহ কৰিব নোৱাৰিলে সকলো বিষয়তে আমি পিছ পৰিয়েই থাকিব লাগিব৷ আৰু আমিতো সমাজৰ আধা অংশ, এই আধা অংশ যদি আগবাঢ়িব নোৱাৰো, আমাৰ সমাজখনো এখন ভৰিৰ এই দুৰ্বলতাৰ বাবে লেঙেৰাই লেঙেৰাইহে আগবাঢ়িব লাগিব৷
    • দণ্ডীনাথ কলিতাক উদ্দেশ্যি চন্দ্ৰপ্ৰভা [৪]
  • ৰাজহুৱা কামত অৱশ্যে নানা প্ৰতিবন্ধকতা থাকেই৷ বিশেষকৈ তিৰোতাৰ ক্ষেত্ৰত৷ কিন্তু তিৰোতাই আত্মৰক্ষা কৰিবলৈও শিকিব লাগিব৷ ভয় কৰি ঘৰৰ চাৰিবেৰৰ ভিতৰত সোমাই থাকিলে দেশৰ উন্নতি নহয়৷
    • কালজিলাপাৰৰ বৃদ্ধক উদ্দেশ্যি চন্দ্ৰপ্ৰভা [৪]

তথ্যউৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অনামিকা বড়া (১৭ ডিচেম্বৰ ২০২০). সোণসেৰীয়া এক বিদ্ৰোহৰ নাম — ‘অভিযাত্ৰী’. ই আলোচনী. প্ৰকাশক: সাহিত্য ডট অৰ্গ. আহৰণ কৰা হৈছে: 20 December 2020.
  2. শান্তনু কৌশিক বৰুৱা (২০২০)। “কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি- অভিযাত্ৰী”, অসম ইয়াৰ বুক ২০২১। গুৱাহাটী। জ্যোতি প্ৰকাশন, পৃষ্ঠা:৫৯৩। ISBN: ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
  3. কুশল হালৈ (১৪ এপ্ৰিল ২০১৩). চন্দ্ৰপ্ৰভা শইকীয়ানীঃঃ দেশৰ মুক্তি সংগ্ৰামৰ এগৰাকী পূজনীয় নেত্ৰী. ই আলোচনী. প্ৰকাশক: সাহিত্য ডট অৰ্গ. আহৰণ কৰা হৈছে: 20 December 2020.
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ৪.৭ পৃষ্ঠা ১২, ৫৭, ৬৯, ৮৩, ১১১ আৰু ১৫৮। প্ৰকাশক: ষ্টুডেণ্টছ ষ্ট’ৰচ, নৱেম্বৰ ২০১৯, নিৰুপমা বৰগোহাঞি, অভিযাত্ৰী