ইন্দিৰা গান্ধী

ৱিকিউদ্ধৃতিৰ পৰা
ইন্দিৰা গান্ধী

ইন্দিৰা গান্ধী (ইংৰাজী: Indira Gandhi; ১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ভাই-ভনীসকল, ৰাষ্ট্ৰপতি মহোদয়ে জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে। ইয়াৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই।
    • ভাৰতৰ জৰুৰীকালীন অৱস্থা ঘোষণা সংক্ৰান্তত প্ৰধানমন্ত্ৰীৰ অনাতাঁৰ ভাষণৰ কিয়দংশ, তাৰিখ ১২ জুন ১৯৭৫[২]
  • আনকি মই ৰাষ্ট্ৰৰ সেৱাত মৃত্যুবৰণ কৰিলেও মই ইয়াৰ বাবে গৌৰৱান্বিত হ'ম। মোৰ তেজৰ প্ৰতিটো টোপালে এই ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাব আৰু ইয়াক শক্তিশালী আৰু গতিশীল কৰি তুলিব।[৩]
  • স্বাধীনতাৰ সময়ত মাথো এটা দলেই আছিল- কংগ্ৰেছ দল, যেতিয়া সময় আছিল বলিদানৰ আৰু কষ্ট সহ্য কৰাৰ। কিছুমান মানুহ আজি পথাৰত আছে, যাৰ পাৰ্টীয়ে স্বাধীনতাৰ বিৰোধ কৰিছিল। কিন্তু যেতিয়া আমি স্বাধীন হলো; পাৰ্লিয়ামেণ্ট, বিধানসভা ইত্যাদি গঠন হ’ল, কিবা লোৱাৰ সুবিধা আহিল, তেতিয়া বহুতো মানুহ পথাৰত নামিল।
    • কৰ্ণাটকত প্ৰদান কৰা নিৰ্বাচনী ভাষণ, ১৯৮২ চন[৪]
  • নেতাৰ ভুলৰ বাবে দেশ ধ্বংস হয়৷[৫]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সমীন কলিতা। ভাৰত-ৰত্ন। অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা:৫৭,৫৮,৫৯,৬০,৬১,৬২,৬৩।
  2. Know All About Emergency During Indira Gandhi's Regime. প্ৰকাশক: ABP News (11 June 2019). আহৰণ কৰা হৈছে: 7 January 2022.
  3. 10 Powerful Quotes By ‘Iron Lady of India’, Indira Gandhi. প্ৰকাশক: www.shethepeople.tv. আহৰণ কৰা হৈছে: 7 January 2022.
  4. 1982 - Then PM Indira Gandhi promises Garibi Hatao. প্ৰকাশক: Prasar Bharati Archives. আহৰণ কৰা হৈছে: 7 January 2022.
  5. ইন্দিৰা গান্ধী. "দিনটোৰ বাণী", ১৫ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১৫ মাৰ্চ ২০২৩.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: