নাহৰৰ নিৰিবিলি ছাঁ (গ্ৰন্থ)
অৱয়ব
নাহৰৰ নিৰিবিলি ছাঁ অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনৰ ডিচেম্বৰ মাহত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সময়ৰ সুগন্ধি যেতিয়া হৃদয়ত লাগি ৰয়, তেতিয়া জেঠ মাহতো ফাগুনৰ ফুল ফুলে, সময়ৰ কেলেণ্ডাৰ পুৰণি নহয়।[১]
- সুখ-আনন্দৰ সমভাগীতকৈ, দুখ-যন্ত্ৰণাৰ সংগীবোৰে অন্তৰৰ গভীৰত প্ৰৱেশ কৰে। এই সংগৰ স্থায়ীত্ব থাকে।[২]
- ৰুঢ় বাস্তৱ সদায় যেনেকৈ ভাল নালাগে,অলীক কল্পনাও সদায় ভাল নালাগে।ভাল লাগে ইয়াৰ সংমিশ্ৰণ।[৩]
- মানুহৰ ইচ্ছা আৰু স্পৃহাৰ পিয়াহ সহজে মৰিলে মনৰ অসন্তুষ্টিৰ তৃষ্ণা বাঢ়ি যায়।[৪]
- কিছুমান মানুহ অবিশ্বাসৰ দাস, বিশ্বাস তেওঁলোকৰ বাবে সৌ আকাশৰ জোনটোৰ দৰে। ধুনীয়া, চাব পাৰি কিন্তু চুব নোৱাৰি।[৫]
- নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে কিন্তু নিঃসংগতাই হতাশা আনে।[৬]
- বিবাহপাশত পুৰুষ কেতিয়াও বন্দী নহয়, বন্দী হয় নাৰী। চাৰ্কাছৰ বাঘিণীৰ দৰে বিবাহিতা নাৰী। আমৃত্যু সংসাৰ চাৰ্কাছত খেল দেখুৱাই হাত চাপৰি বুটলিব পাৰিলেহে হ'ব পাৰি আদৰ্শ পত্নী বা বোৱাৰী।[৭]
- যৌৱন এনে এক উদাৰ নীতি, যি নিৰপেক্ষভাৱে নিজৰ ভাগ সময়ত সকলোকে দি যায়।[৮]
- আনন্দ প্ৰকাশ কৰিবলৈ ক্ষণ গণিব নালাগে, কিন্তু যন্ত্ৰণা প্ৰকাশৰ ক্ষণ সদায় মন্থৰ। ই নিজস্ব সময়ত, নিজস্ব ৰীতিত আত্মপ্ৰকাশ কৰে।[৯]
- প্ৰত্যেক সংযোগ আৰু বিয়োগৰ নিৰ্দিষ্ট ক্ষণ থাকে,কেতিয়াবা ইচ্ছা কৰিলেও একো নহয়,কেতিয়াবা ইচ্ছা নকৰাকৈয়ে সকলো হয়।[১০]
- যি সম্পৰ্কত হেৰুৱাৰ ভয় নাই,বিচ্ছেদৰ ভয় নাই,সন্দেহৰ স্থান নাই সেয়াইতো প্ৰেম।[১১]
- তোমাৰ বাবে যাৰ অন্তৰৰ পৰা আপোনা-আপুনি আৱেগৰ সোঁত চকুৰে বৈ আহে— তেওঁতকৈ পৃথিৱীত কোনো আপোন নাই।[১২]
- ভৱিষ্যত বস্তটোৱেই এখন ৰঙীণ চিলা।উৰুৱাই দি ভাল লাগে।কোনো চিলা উৰাওঁতাই আশা নকৰে চিলাখন যিকোনো মুহূৰ্তত য'তে-ত'তে লাগি ফাটি-চিটিও যাব পাৰে বুলি।[১৩]