জে. কে. ৰাউলিং

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
২০১০ চনত ৰাউলিং।

জে. কে. ৰাউলিং এগৰাকী ইংৰাজ লেখিকা। ৰাউলিঙৰ জন্ম হয় ১৯৬৫ চনৰ ৩১ জুলাইত। তেওঁৰ প্ৰকৃত নাম জোৱান ৰাউলিং। তেওঁক ঘাইকৈ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে জনা যায়। এই গ্ৰন্থসমূহে বিভিন্ন বঁটাৰ উপৰিও ৪০০ মিলিয়নতকৈয়ো অধিক কপিৰ বিক্ৰীৰে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ শৃংখলাৰ অভিলেখ স্থাপন কৰে। শৃংখলাটোৰ আধাৰত হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাও ইতিমধ্যে নিৰ্মিত হৈছে আৰু ইয়াৰ শেষৰ ফালে ৰাউলিঙে প্ৰযোজকৰ ভূমিকাও পালন কৰিছে। এই গ্ৰন্থ শৃংখলাটোৱে লেখিকাগৰাকীক জনপ্ৰিয়তাৰ শীৰ্ষলৈ তুলি নিয়ে আৰু পাঁচ বছৰৰ ভিতৰতে কোটিপতিৰ শাৰীত থিয় কৰোৱায়। ২০১১ চনৰ মাৰ্চ মাহৰ ফৰ্বছ আলোচনীৰ এক সমীক্ষা মতে ৰাউলিঙৰ মুঠ সম্পত্তিৰ মূল্য ১ নিযুত আমেৰিকান ডলাৰ। ২০০৮ চনত ছানডে টাইমছ ৰিচ্চ্ লিষ্টে ৰাউলিঙক ইংলেণ্ডৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত দ্বাদশ স্থান (৭৯৮ মিলিয়ন ডলাৰ মূল্যৰ সম্পত্তিৰে) দিয়ে। ২০০৭ চনত ফৰ্বছ আলোচনীয়ে লেখিকাগৰাকীক বিশ্বৰ ৪৮তম প্ৰভাৱশালী চেলিব্ৰিটীৰূপে চিহ্নিত কৰে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]