এমিলী ডিকিনছন

ৱিকিউদ্ধৃতিৰ পৰা
এমিলিৰ একমাত্ৰ প্ৰামাণিক আলোকচিত্ৰ, সময়: ডিচেম্বৰ ১৮৪৬ অথবা ১৮৮৭-ৰ আৰম্ভণি

এমিলি এলিজাবেথ ডিকিনছন (ইংৰাজী: Emily Elizabeth Dickinson ; ডিচেম্বৰ ১০, ১৮৩০ – মে ১৫, ১৮৮৬) এগৰাকী মাৰ্কিন কবি আছিল। জীৱনকালত খুব কম পৰিচিত আছিল। তেওঁ মাৰ্কিন কবিতাৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে পৰিগণিত। মেচাচুচেটছৰ আমহাৰ্ষ্টৰ এটা বিশিষ্ট পৰিয়ালত ডিকিনছনৰ জন্ম হৈছিল।[১] সাত বছৰ আমহাৰ্ষ্ট একাডেমীত অধ্যয়ন কৰাৰ পিছত, তেওঁ আমহাৰ্ষ্টত থকা তেওঁৰ পৰিয়ালৰ ঘৰলৈ উভতি অহাৰ আগতে কম সময়ৰ বাবে মাউণ্ট হলিওক ফিমেল চেমিনেৰীত নামভৰ্তি কৰিছিল।

বিভিন্ন সাক্ষই দেখুৱাইছে যে ডিকিনছনে তেওঁৰ জীৱনৰ বেছিভাগ সময় অকলশৰীয়াভাবে কটাইছিল। স্থানীয় লোকসকলে তেওঁৰ এই জীৱনধাৰাক উদ্ভট বুলি গণ্য কৰিছিল। বগা পোচাকৰ প্ৰতি তেওঁৰ এক আকৰ্ষণ গঢ় লৈছিল তেওঁ অতিথিসকলক সম্ভাষণ জনোৱাৰ ক্ষেত্ৰত আৰু জীৱনৰ পিছৰচোৱা শোৱনি কোঠা এৰি যাবলৈ অনিহা প্ৰকাশ কৰিছিল। ডিকিনছনে কেতিয়াও বিয়া কৰা নাছিল, আৰু বন্ধুসকলৰ সৈতে তেওঁৰ সম্পৰ্ক সম্পূৰ্ণৰূপে চিঠিপত্ৰৰ ওপৰত নিৰ্ভৰশীল আছিল।[২]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সকলো মানুহে কয় ঈশ্বৰ সৰ্বব্যাপী; কিন্তু আমি ঈশ্বৰক বিচাৰি ফুৰোঁ এখন নিৰ্দিষ্ট ঠাইত।[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Emily Dickinson (en ভাষাত). প্ৰকাশক: Poetry Foundation (September 5, 2020).
  2. Emily Dickinson biography. প্ৰকাশক: Biography.com.
  3. ক্ৰিষ্টি ব্ৰাউন আৰু মই, জুলী বৰুৱা

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: