জৰ্জ বাৰ্ণাৰ্ড শ্ব'
অৱয়ব

জৰ্জ বাৰ্ণাৰ্ড শ্ব (ইংৰাজী: George Bernard Shaw) আছিল এগৰাকী ব্ৰিটিছ-আইৰিছ নাট্যকাৰ, সমালোচক তথা ৰাজনৈতিক কৰ্মী। ইংৰাজী নাট্য সাহিত্যত উইলিয়াম শ্বেইকছপীয়েৰৰ পাছতে যিজন নাট্যকাৰৰ স্থান তেওঁ হ’ল জৰ্জ বাণাৰ্ড শ্ব। এক নতুন দৃষ্টিভঙ্গীৰে ভালেমান নাটক লিখি তেওঁ ইংৰাজী নাট্য সাহিত্যক চহকী কৰি থৈ গৈছে। শ্বৰ ভালেমান নাটক বিশ্বসাহিত্যৰ অমূল্য সম্পদ। ১৯২৫ চনত বাণাৰ্ড শ্বক সাহিত্যৰ ন'বেল বঁটা দিয়া হয়। তেখেতক ফ্ৰিডম অৱ ডাব্লিন, ফ্ৰিডম অফ দা বৰাফ অফ এচ টি পনক্ৰাচ আদি নাগৰিক সম্মান দিয়া হৈছিল। লণ্ডনত থকা এই সময়তে তেওঁ ফেবিয়ান চচাইটিৰো সদস্য হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- স্বাধীনতাৰ অৰ্থ হ'ল দায়বদ্ধতা। অধিকাংশ লোকেই স্বাধীনতাক ভয় কৰাৰ সেয়াই কাৰণ।
- কিছুমান মানুহে কিছুমান বস্তু দেখি সোধে,- এইবিলাক কিয় আছে, মই কাহানিও নথকা বস্তুৰ সপোন দেখি সোধো, কিয় নাথাকিব?[১]
- ইংৰাজসকলৰ মনত আধ্যাত্মিকতাৰ অনুভূতি খুব প্ৰবল নহয়, সেইকাৰণেই আধ্যাত্মিক অনিভূতি লাভ কৰিবলৈ তেওঁলোকে উদ্ভাৱন কৰিলে ক্ৰিকেট৷[১]
- আজিকালি পঢ়িব সকলোৱে জানে, কিন্তু কি পঢ়িব লাগে তাক কোনোৱে নাজানে৷[১]
- মানুহক ঘৃণা কৰাতকৈ মানুহৰ প্ৰতি উদাসীন হোৱাটো বেছি ডাঙৰ পাপ৷[১]
- প্ৰেমিকালৈ যচা চুমাটোৰ দৰেই উপদেশটোও বৰ উপাদেয় বস্তু৷ অকণো টকা-পইচা খৰচ নহয় আৰু দি উঠি বৰ আত্মতৃপ্তি পোৱা যায়৷[১]
- মুৰ্খইহে আনক কিতাপ ধাৰলৈ দিয়ে, কিন্তু যিজনে ধাৰলৈ কিতাপ নি ওভোতাই নিদিয়ে তাৰ সমান বুৰ্বক নাই৷[১]
- মই ইংৰাজী কবিতা, নাটক, ইতিহাস আৰু অগ্ৰগণী বিজ্ঞানীসকলৰ সকলোবোৰ বাছকবনীয়া কিতাপ উপভোগ কৰিব পাৰো, কিন্তু পঢ়াশলীয়া কিতাপবোৰ উপভোগ কৰিব নোৱাাৰো৷ কাৰণ, সেইবোৰ এনে লোকৰ দ্বাৰা লিখা হয় যিসকলে কেনেকৈ উপভোগ্য কিতাপ লিখিব লাগে নাজানে৷[১]
- সকলো মানুহ সকলো কামৰ বাবে উপযুক্ত নহয়, কিন্তু প্ৰত্যেকজন মানুহে কিবা নহয় কিবা এটা কামৰ বাবে উপযুক্ত৷[১]
- পৃথিৱীত মাত্ৰ দুবিধ গুণ আছে,- কপটতা আৰু অকৰ্মণ্যতা৷ সেইদৰে দুবিধ মানুহ আছে,- কৰ্মপটু আৰু অকৰ্মণ্য৷[১]
- জীৱন মৃত্যুতকৈ শ্ৰেষ্ঠ, ই নিৰাশা নহয়, আশা৷[১]
- গালি বা ভৰ্ৎসনাৰ আটাইতকৈ উত্তম ভাষা হ’ল নীৰৱতা[১]
- অঁকৰাটোৰ দৰে বাৰে বাৰে অনুশীলন কৰি মই বক্তৃতা দিয়াৰ বিদ্যাটো অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ৷[১]
- ক্ষমতাই মানুহক দুৰ্নীতি পৰায়ন নকৰে; মুৰ্খই যেতিয়া ক্ষমতা পায়, তেতিয়া ক্ষমতাকহে কলুষিত কৰে।[২]
- জীৱন মৃত্যুতকৈ শ্ৰেষ্ঠ, ই নিৰাশ নহয়, আশা৷[৩]
- 'সুস্থ দেহত সুস্থ মন'— এই উক্তিটোক মই এটা নিৰ্বোধ উক্তি বুলি ভাবোঁ। সুস্থ দেহ হ'ল সুস্থ মনৰ সৃষ্টি। [৪]
- যিসকলে নিজৰ মানসিকতাৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে তেওঁলোকে জীৱনত একোৱেই সলনি কৰিব নোৱাৰে৷ [৫]
- তুমি যিটো বস্তু ভাল পোৱা সেইটো পাবলৈ যত্ন কৰিবা। তাকে নকৰিলে তুমি বাধ্য হ’বা তুমি যিটো বস্তু পোৱা তাকে ভাল পাবলৈ।[৬]
- “জীৱন মানে কেৱল নিজকে বিচাৰি উলিওৱাৰ কথা নহয়; জীৱন হৈছে নিজকে সচেতনভাৱে গঢ়ি তোলাৰ এক নিৰন্তৰ প্ৰচেষ্টা।”[৭]
- “সফল মানুহে সুযোগৰ অপেক্ষা নকৰে; তেওঁ সুযোগ সৃষ্টি কৰে।”[৮]
- “আমি অভিজ্ঞতাৰ পৰা নশিকোঁ; আমি অভিজ্ঞতাৰ ওপৰত চিন্তা কৰি শিকোঁ।”[৯]
- “যি জনে কৰিব পাৰে, তেওঁ কৰে; যি জনে কৰিব নোৱাৰে, তেওঁ শিকায়।”[১০]
- জীৱনে সকলো মানুহক সমান কৰি মহটিয়াই পেলায়,আনহাতে মৃত্যুৱে চিহ্নিত কৰি দেখুৱায় মহৎ লোকসকলক।[১১]="জৰ্জ">মহৎ লোকৰ বাণী, কুবেৰ পাব্লিকেচন</ref>
- আমাক ভাল মানুহ লাগে। ভাল আইন আদালতৰ আৱশ্যক নাই।[১১]
- মানুহে তেতিয়াহে ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰে যেতিয়ি চিন্তা কৰিবলৈ ভৱিষ্যত বুলি একো বস্তু নাথাকে।[১১]
- সকলো মানুহ সকলো কামৰ বাবে উপযুক্ত নহয়। কিন্তু প্ৰত্যেক জন মানুহেই কোনো এটা কামৰ বাবে উপযুক্ত ।[১১]
- কালি পঢ়িম বুলি আজিক যাবলৈ নিদিবা।[১১]
- পৰিবৰ্তন অবিহনে প্ৰগতি অসম্ভৱ। যিসকলে নিজৰ মন পৰিৱৰ্তন কৰা নাই,তেওঁলোকৰ দ্বাৰা কোনো ভাল কাম কৰা সম্ভৱ নহয়।[১১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
- ↑ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ মহৎ লোকৰ বাণী, কলংপাৰ, পৃ:নং; ৮, ১৪ ছেপ্তেম্বৰ, ২০২২
- ↑ সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই
- ↑ দৈনিক অগ্ৰদূত,দিগ্ দৰ্শন, ৩ জানুৱাৰী
- ↑ নিয়মীয়া বাৰ্তা. প্ৰকাশক: নিয়মীয়া বাৰ্তা (১৮ জুন ২০২৫). আহৰণ কৰা হৈছে: ১৯ জুন ২০২৫.
- ↑ ‘Man and Superman’.লিখক: জৰ্জ বাৰ্নাৰ্ড শ্ব’,প্ৰকাশ: ১৯০৩ চন।
- ↑ ‘Mrs Warren's Profession’.লিখক: জৰ্জ বাৰ্নাৰ্ড শ্ব’,প্ৰকাশ: ১৮৯৩ চন।
- ↑ ‘Back to Methuselah’.লিখক: জৰ্জ বাৰ্নাৰ্ড শ্ব’প্ৰকাশ: ১৯২১ চন।
- ↑ ‘Man and Superman’.লিখক: জৰ্জ বাৰ্নাৰ্ড শ্ব’,প্ৰকাশ: ১৯০৩চন।
- ↑ ১১.০ ১১.১ ১১.২ ১১.৩ ১১.৪ ১১.৫ মহৎ লোকৰ বাণী, কুবেৰ পাব্লিকেচন
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Works by or about George Bernard Shaw at the Internet Archive]
- Works by George Bernard Shaw at Project Gutenberg
- Works by George Bernard Shaw at Project Gutenberg Australia
- International Shaw Society, includes a chronology of Shaw's works
- The Shaw Society, UK, established in 1941
- The Bernard Shaw Society, New York
- Shaw Chicago Theater A theater dedicated to the works of Shaw & his contemporaries.
- Shaw Festival Niagara-on-the-Lake, Ontario, Canada theatre that specializes in plays by Bernard Shaw and his contemporaries and plays about his era (1856-1950)
- The Nobel Prize Biography on Shaw, From Nobel Lectures, Literature 1901–1967, Editor Horst Frenz, Elsevier Publishing Company, Amsterdam (1969)
- Dan H. Laurence/Shaw Collection in the University of Guelph. Archived from the original on 30 June 2009.
- Michael Holroyd (July 19, 2006). Send for Shaw, not Shakespeare. প্ৰকাশক: The Times Literary Supplement. Archived from the original on 29 September 2006.
- Sunder Katwala. "Artist of the impossible", The Guardian, July 26, 2006.
- George Bernard Shaw Timeline. Archived from the original on 8 Jule 2008.
- Bernard Shaw papers at LSE Archives. Archived from the original on 30 June 2002.
