ৰুডয়াৰ্ড কিপলিং

ৱিকিউদ্ধৃতিৰ পৰা
ৰুডয়াৰ্ড কিপলিঙৰ আলোকচিত্ৰ

জোচেফ ৰুডয়াৰ্ড কিপলিং (ইংৰাজী: Joseph Rudyard Kipling) ১৮৬৫ চনৰ ৩০ ডিচেম্বৰত ভাৰতত জন্মগ্ৰহণ কৰা এজন ইংৰাজী সাংবাদিক, চুটিগল্প লেখক, কবি আৰু ঔপন্যাসিক আছিল। ১৯৩৬ চনৰ ১৮ জানুৱাৰীত ইংলেণ্ডত তেওঁৰ মৃত্যু হয়৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সকলোৰে আটাইতকৈ শ্ৰেষ্ঠখিনিত বিশ্বাস ৰাখিবা।
  2. যি মানুহে অকলে খোজ কাঢ়ে তেওঁ আটাইতকৈ বেগাই খোজ কাঢ়ে৷[১]
  3. তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা৷ তোমাৰ জয় অৱশ্যম্ভাৱী৷[২]
  4. মোৰ ছজন বিশ্বস্ত লগুৱা আছে৷ মই জনা আটাইখিনি কথা সিহঁতৰ পৰাই শিকিছোঁ৷ মোৰ লগুৱাকেইজনৰ নামকেইটা হ’ল: কি, কিয়, কেনেকৈ, কেতিয়া, ক’ত আৰু কোনে৷[৩]
  5. কেৱল ৰূপে একো কাম কৰিব নোৱাৰে৷ কেৱল বাক-পটুতায়ো নোৱাৰে৷ এনে কিছুমান তিৰোতা আছে, যিসকলে আন একো নকৰি কেৱল বাটেদি খোজকাঢ়ি গৈ থাকিলেই হ’ল৷ তেওঁলোকক দেখামাত্ৰকে পুৰুষৰ হৃদয়ত কিবা এটা হয়৷ সেইসকল তিৰোতাক পুৰুষে কেতিয়াও পাহৰিব নোৱাৰে৷[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ৯৩, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ৩০, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ৬২, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ
  4. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ নং, ১৩৯, প্ৰকা: উৎপল হাজৰিকা, বাণী মন্দিৰ

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: